ফটাঢোল

লটিঘটি – উৎপলা কৌৰ

জীৱনত ঘটা কিছুমান ঘটনা পাহৰো বুলিও পাহৰিব নোৱাৰি। সেইবোৰ য’তেই মনত পৰে ত’তেই স্বতঃস্ফুৰ্ত হাঁহি এটি ওঁঠেৰে বাগৰি যায়। তেতিয়া মই হাইস্কুলৰ ওপৰৰ শ্ৰেণীত আৰু সৰু বাইদেউ কলেজত। আমাৰ ঘৰৰ পৰা নগাওঁ টাউনখনলৈ প্ৰায় পঁচিশ কিলোমিটাৰ দূৰ। নিজৰ গাড়ী নিনিলে লাইন বাছ নহ’লে ‘ফ’ৰ জিৰ’ চেভেন’ বা ‘চেভেন জিৰো নাইন’ আদি ব্যক্তিগত বাছবোৰত অহা-যোৱা কৰিব লাগে। আমাৰ ঘৰৰ সন্মুখতে উঠিব পাৰি, নামিবও পাৰি ঘূৰি আহি।
এবাৰ মই আৰু বাইদেউ দেউতাৰ সৈতে পুৱাই বাছতে টাউনলৈ কোনোবা সম্পৰ্কীয় মানুহৰ বিয়া খাবলৈ গ’লোঁ। দেৰিকৈ সৰু দাদাও গৈ লগ লাগিল আমাৰ লগত। মাৰ গা বেয়া আছিল কাৰণে যাব নোৱাৰিলে। দিনটো বিয়া ঘৰত থাকি গধূলি ঘৰলৈ ঘূৰি আহিবলৈ নগাওঁৰ খুটিকটীয়াৰ বাছষ্টেণ্ডলৈ আহিলোঁ। সন্ধিয়া ঘৰমুৱা বাছবোৰত বিৰাট ভিৰ হয়। আগতীয়াকৈ গৈ বাছত ছীট দখল কৰি থ’ব লাগে। পুৰুষ সকলে ফুটব’ৰ্ডটো ওলমি আহিবলৈ অসুবিধা নহয়। কিন্তু মহিলাৰ বাবে অলপ অসুবিধা।
সেয়ে সোনকালে আহি ফ’ৰ জিৰো চেভেন এখনত দুটা চীট দখল কৰি বহি পৰিলোঁ বাইদেউ আৰু মই। দেউতা আৰু দাদাই পুৰুষালি দেখুৱাই বাহিৰত টহল দি থাকিল। তেওঁলোকৰ মনোভাৱ, কোনে ইমান আগৰ পৰা বোন্দাপৰ দি ভিতৰত বহি থাকিব? কাৰণ সকলোবোৰ ছীট ভৰ্তি হৈ, দুইলানি ছীটৰ মাজৰ ঠাইকণত ঠেলা-হেঁচাকৈ মানুহ সোমোৱাই দুই এজন ফুট বোৰ্ডত থিয় হোৱাৰ পাছতো চলিবলৈ ধৰা গাড়ীখনৰ লগে লগে হেণ্ডিমেনজন দৌৰি দৌৰি মন্ত্ৰৰ দৰে গন্তব্যস্থানবোৰৰ নাম মাতি মাতি যাত্ৰী আহ্বান কৰা প্ৰক্ৰিয়াটো চলিয়েই থাকে কিছুদূৰলৈ। তাৰ পাছত সি জাপ মাৰি এখন ভৰিৰে উঠে আৰু দেহৰ অৰ্ধাংশ বাছৰ আয়তনৰ বাহিৰলৈ নি শূন্যত ওলমাই গৈ থাকে। তাৰ আগতে এসময়ত ড্ৰাইভাৰজন সকলোৰে ‘ত্ৰাণকৰ্তা’ যেন গহীন মুখ এখন লৈ আহি বাছখন ষ্টাৰ্ট দি বাহিৰত ৰৈ থকা পুৰুষ বা শেষ সময়ত আহি পোৱা অন্যান্য যাত্ৰীলৈ সাৱধানবাণী শুনোৱাৰ দৰে ‘ৰেচ’ দি ৰৈ থাকে।
….ঠিক তেনেকৈয়ে আমি উঠি থকা গাড়ীখনো এসময়ত চলিবলৈ আৰম্ভ কৰিলে। দেউতা আৰু দাদাক দেখা নাপালোঁ যদিও ভাবিলো ভিৰৰ মাজতে আছে বাছখনতে। এসময়ত পদূলিয়ে পদূলিয়ে যাত্ৰী নমাই দি আহি বাছ আমাৰ পদূলি পালেহি আৰু আমি ঘৰ সোমালোহি। দেউতা আৰু দাদা দেখোন নাই নমা গাড়ীৰ পৰা! আমাক দেখাৰ লগে লগে মায়ে সুধিলে তেওঁলোকৰ কথা। আমি দুইজনীয়ে মুখলৈ চোৱা চুই কৰি কাপোৰ-কানি সলাই দেউতাহঁত আহি কি বিহু দেখুৱাই চাবলৈ ৰৈ থাকিলোঁ। আমি আহি পোৱাৰ দুই ঘণ্টামানৰ পাছত তেওঁলোক আহি ওলালহি। খঙত দেউতা ‘সিং’ নহয় যেন ‘অগ্নিশৰ্মা’ হৈ আহিছে!!
আহিয়েই আমাক দাঁত কৰচি উধাই-মুধাই গালিবৰ্ষণ। আনকি মোক সহজে গালি এটাও নিদিয়া দেউতাই সেইদিনা তীব্ৰবেগে ঘোচা এটা আনি হাতখন মোৰ গালৰ পৰা এক ইঞ্চি দূৰত ব্ৰেক মৰাৰ নিচিনা ঘটনাও ঘটিল। দেউতাক উচটাই আমাৰ ফালে চাই হাঁহি থকা দাদাই “তোক টেনচ্যন দি ভাল পাই ইহঁতে” বুলি জ্বলা জুইত ঘিউ দিয়া তাৰ স্বভাৱজাত কামফেৰা ভালদৰে কৰিছিল সেইদিনা। ‘আমাক কোনোবাই ফুচুলাই লৈ গ’ল, খোৱাবস্তুত নিচাজাতীয় বস্তু মিলাই আমাক কিডনেপ কৰিলে বা আমাৰ কোনোবা অজ্ঞাত প্ৰেমিকলৈ দুইজনী পলাই গ’লো’ ইত্যাদি বিভিন্ন কাৰণ
অনুমান কৰি গোটেই বাছষ্টেণ্ডত আমাক বিছাৰি চলাথ কৰা দেউতা, দাদাই এসময়ত নিৰাশ হৈ ঘৰলৈ উভটি আহিছিল। একেবোৰ সম্ভাব্য কাৰণ কল্পনা কৰি ভয় খোৱা মায়েও দেউতাৰ খং দেখি নিতাল মাৰিলে। আচলতে বাছখন চলিবলৈ ধৰোঁতে আমি বোলে ড্ৰাইভাৰক ৰ’বলৈ ক’ব লাগিছিল। খুটিকটীয়া অঞ্চলটোত বহুত মটৰ পাৰ্টচৰ দোকান
আছিল কাৰণে আমাৰ বেয়া হৈ থকা এম্বেচাদৰখনৰ কিবা ‘পাৰ্টচ’ কিনিবলৈ দুয়ো নোহোৱা হৈছিল। আমি ভাবিলোঁ আকৌ তেওঁলোক আমাৰ লগতে গাড়ীত আহি আছে। মুঠতে মই সৰু বুলি বাচি গলো যদিও খং উঠাৰ সময়ত দেউতাই বাইদেউক দেখিলেই গালিৰ গোলা-বাৰুদ তাইক উদেশ্য কৰি বৰষি থাকিল বহুদিনলৈ!

অসমৰ শিল্পীজগতৰ ভোটা তৰা এটি সিদিনা অকালতে হেৰাই গ’ল। আমাৰ বয়সৰ সকলোৰে জীৱনত হয়তো সেইজনা শিল্পী, প্ৰয়াত বিজু ফুকনৰ অভিনীত ছবিকলৈ কিবা নহয় কিবা স্মৃতি আছেই। মোৰো ‘অগ্নিস্নান’ৰ সেই অহংকাৰী আৰু মতগৰ্বী ‘মুহিকান্ত’ৰ চেহেৰাটো মনত পৰে মাজে মাজে। তেওঁ ঢুকুৱাৰ দিনা মোৰ ডাঙৰ বাইদেউৰ লগত কথা পাতিছিলোঁ ফোনত। তাই কৈছিল ‘বোৱাৰী’ চাবলৈ য়োৱাৰ কথা, সেই নগাওঁৰ অদিতি হলত। নতুন চিনেমাবোৰ প্ৰথমে সেইটো হলতে লাগিছিল। মানুহে বাছ ভাৰা কৰি কৰি গাঁৱৰ পৰা অসমীয়া চিনেমা চাবলৈ যায়। মোৰ বাইদেউ দুজনী আৰু ডাঙৰ দাদা গৈছিল। দিনত চিনেমা চালে, বজাৰ কৰিলে। গধূলি বাছষ্টেণ্ডত সিহঁতক থৈ দেউতাই দৰকাৰী কিবা কামত অলপ দেৰিৰ কাৰণে আঁতৰি গ’ল।

আমাৰ সম্পৰ্কীয় মামা এজন আছিল সেই সময়ত নগাঁৱৰ আন এটা হল ‘জয়শ্ৰী’ৰ মেনেজাৰ। মামা জয়শ্ৰী হলৰ সন্মুখতে থকা হোটেল এখনৰ পিছফালে ৰুম এটা ভাৰা কৰি থাকিছিল। আমাক হোটেলৰ কৰ্মচাৰীবোৰে বৰ মৰম কৰিছিল। আমিও গ’লে তাতেই ভাত খাওঁ। সেই মামাই আগন্তুক শুক্ৰবাৰে হলত লগাবলগীয়া চিনেমাৰ ৰিলবোৰ
নিবলৈ সেই সপ্তাহৰ সোমবাৰে গুৱাহাটী আহিছিল টেক্সী লৈ। কেতিয়াবা আগৰাতি আমাৰ ঘৰলৈ আহিছিল, ৰাতি থাকি পুৱাই গুৱাহাটী গৈছিল বেলেগ টেক্সী লৈ। সেই যে দেউতাই সিহঁতক বাছষ্টেণ্ডত থৈ কিবা কামত গ’ল তেতিয়াই সিহঁতৰ মনত পৰিল মামাই সেইৰাতি আমাৰ ঘৰলৈ টেক্সী লৈ অহাৰ কথা। সেয়ে গোটেইকেইটাই মামাক বিচাৰি আকৌ জয়শ্ৰী হলৰ ওচৰ পালেগৈ আৰি মামাৰ লগত টেক্সিত ঘৰলৈ আৰামত আহিব ৰৈ থাকিল। দেউতাই সিহঁতক বাছষ্টেণ্ডত বিচাৰি নাপায় ইতিমধ্যে ঘৰ পালেহি বুলি নিজেও বেলেগ বাছত আহি ঘৰ পালেহি। ঘৰ আহি যেতিয়া গম পালে বাইদেউহঁত আহি পোৱা নাই আচৰিত হৈ গ’ল। তেতিয়া এনেকুৱা অৱস্থাত যোগাযোগৰ বাবে অইন কোনো ব্যৱস্থা নাই। শেষত ৰৈ ৰৈ এঘাৰ বজালৈ যেতিয়া সিহঁত আহি নেপালে ভাৱিলে দাদাই কোনোবা লাইন ট্ৰাকত সিহঁতক লৈ ঘৰলৈ আহিছিল আৰি ট্ৰাক ড্ৰাইভাৰে গোটেইকেইটাকে কোনোবা ধুবুৰী পোৱালেগৈ। মূৰে কপালে হাত দি বহি
বহি থাকোঁতে এসময়ত নাইট শ্ব’ শেষ হোৱাৰ পাছত মামাহঁতৰ টেক্সী আমাৰ চোতালত ৰ’লহি। তেতিয়াহে মাহঁতৰ মুখলৈ পানী আহিল যদিও দেউতা দুৱাৰমুখতে ৰৈ আছিল সিহঁতক স্বাগতম জনাবলৈ। সিহঁত তিনিওটাক আগফালৰ মূল দুৱাৰৰ ওচৰত ডিঙিত ধৰি গতা একোটা দিছে আমাৰ দহফুটীয়া মাজৰ ৰুমটোৰ সিফালে থকা পিছফালৰ কোঠালৈ যোৱা দুৱাৰৰ ওচৰতহে বোলে সিহঁতৰ গতি থমকিছিলগৈ। মামাও খং উঠাৰ সময়ত উচটাই জোল খোৱা মানুহ! গতাকেইটা দিয়াৰ পাছতো বোলে মুখ টিপি টিপি হাঁহি দেউতাক কৈ আছিল, “মই ইমান কৈছো সিহঁতক বোলো বাইদেউ-ভিনদেউৱে চিন্তা কৰিব, তহঁত বাছতে যাগৈ; মোৰ যোৱা দেৰি হ’ব। নাই! নেমানে সিহঁতে, টেক্সীতহে আহে!”
এনেকুৱা কথা শুনি বহুত দেৰিলৈ সিহঁতক বোলে দেউতা মায়ে গালি দি আছিল।

যেতিয়াই অসমীয়া চিনেমা চোৱাৰ কথা বা প্ৰয়াত দেউতাৰ কথা ওলায় এই ঘটনাটোৰ ৰোমন্থন কৰা হয়। দ’কৈ ভাবিব গ’লে ‘বোৱাৰী’ চিনেমাখনে মুক্তি পোৱাৰ সময়ত যোগাযোগ, যাতায়ত আৰু সামাজিক যি অৱস্থা আছিল তাত ৰাতি চাৰে এঘাৰ বজালৈ দুজনী গাভৰু ছোৱালী ৰাতি চাৰে এঘাৰ বজালৈ ঘৰ আহি নোপোৱা সৰু কথা নাছিল। মই সৰু আছিলো বাবে মোৰ মনত নাই, কিন্তু কথাবোৰ শুনি কল্পনা কৰিব পাৰো দেউতাই খঙত দিয়া গতাকেইটা আৰু অকলে অকলে হাঁহো!

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *