মানুহে বাটে-ঘাটে লগ পালে আজিকালি প্ৰায়ে সোধে-‘কি হ’ল,টেনছন বেছি হৈছে নেকি ? আঁতৰৰ পৰা দেখিলে জেওৰা খৰি এডালে ৰাস্তাত ‘কেটৱাক’ কৰি থকা যেনহে লাগে৷’ হয়৷ কথাটো একেবাৰে সত্য৷ অৱস্থা একেবাৰে নাজল-নাথল৷ মোৰ টেনছন বাঢ়িছে,তাকো দ্ৰুতগতিত৷ আৰু এই যে তেওঁলোকে উনুকিয়াই দিলে-জেওৰা খৰিৰ কথাটো; কৈ থোৱা ভাল যে মোক জেওৰা খৰি হিচাপে গঢ় দিয়াত মোৰ অধঃপতনে যোৱা ল’ৰা-ছোৱালীহালৰ সম্পূৰ্ণ হাত আছে৷ পঢ়া-শুনাত ধান্দা নাই,সুমধুৰ গীত এটা শুনাত ৰাপ নাই,ভাল এখন কিতাপ-আলোচনী পঢ়াত মতি নাই৷ শান্তি-নিৰৱতা-নিৰ্জনতাৰ লগত সিহঁতৰ ৰাহি-যোৰা নাহে৷ চৌবিশ ঘণ্টাই কেৱল ধূৰ্তালি,ধিতিঙালি আৰু বান্দৰামি ৷ বাপেক বুলি ভাল উপদেশ এটা দিবলৈ যাবা,দুয়োটাই যেনেকৈহে ফিচিঙা-ফিচিঙি কৰিব ! একেবাৰে চূড়ান্ত অঘাইতং,সাতঘাটৰ সৈয়াকণী ৷

পুৱা ভাত এগাল খাই স্কুললৈ যায়, স্কুলত গৈ খন্তেক জিৰাই পুনৰ খিচিৰি একাঁহী খায়,কেতিয়াবা সিদ্ধ কণী পালে খাইছে,নাপালে খিচিৰিত দিয়া আলুৰেই সুন্দৰকৈ কাম চলাই দিছে৷ তাৰপিছত বেঞ্চতে মূৰ থৈ ফস্তি মাৰি শুইছে৷ আবেলি টেকেলিসদৃশ পেটকেইটা নচুৱাই নচুৱাই হালেই ঘৰলৈ ঘূৰি আহিছে৷ বেগটো নমায়েই চিধাই গৈ পাকঘৰত প্ৰৱেশ কৰিছে৷ মাকৰ কাষত গৈ তাৰপিছত গগনফলা চিঞৰ মাৰিছে-

-‘মা,ভাত দিয়া৷ তামাম ভোক লাগিছে৷’

সেইদিনা দিনটোৰ তৃতীয়সাঁজ ভাত খাবলৈ যো-জা চলাই থাকোঁতেই মই সিহঁতৰ মাজত সোমাই ক’লোঁগৈ-

“ঐ,স্কুলত অতসোপা খিচিৰি খাই হেঁপাহ নপলাল ? এইকেইটা পেট নে কুঁৱা অ’! তহঁতৰ বয়সত মই এসাঁজ ভাত খায়েই দিনটোলৈ লৰা-ধপৰা কৰি ফুৰিছিলোঁ,জাননে?”

“দেতা,তোমাৰ একো নৌলেজ নাই দেই !”- মোৰ লগত প্ৰত্যক্ষ আক্ৰমণৰ বাবে ছোৱালী সদায় প্ৰস্তুত হৈ থাকে ৷ এইবাৰো ব্যতিক্ৰম নহ’ল ৷ বিপদৰ আগজাননী পাই মই দুখোজ পিছুৱাই আহিলোঁ৷

তাই উদাত্ত কণ্ঠেৰে আৰম্ভ কৰিলে – “সেইদিনা গুণোৎসৱত শৰ্মা ককাই কি ক’লে নুশুনিলা ! ভালদৰে নাখালে ল’ৰা-ছোৱালীয়ে ভালদৰে পঢ়িব নোৱাৰে৷ গতিকে খোৱাটো মেইন বুজিছা দেতা ! আগতে খোৱা,তাৰপিছতহে পঢ়া৷ আমাৰ এতিয়া বয়স ‘মধ্যাহ্ন ভোজন’ খোৱাৰ ৷ যিমান পাৰি সিমান খাব লাগে৷ দুদিনমানৰ পিছত শৰ্মা ককাই স্কুলত চাহ আৰু দুখনমান ৰেডিমেড বিস্কুটো খুউৱাৰ কথা ভাবিছে৷ ইমান যে মজ্জা লাগিব!”-বহুমূলীয়া বক্তব্যভাগ ৰাখি,পৰম উচ্ছসিত হৈ ছোৱালীয়ে ভাতৰ কাঁহী দাঙি খোৱাৰ টেবুল পালেগৈ৷ আন এখন কাঁহী দাঙি পিছে পিছে ক্ষুধাতুৰ ভায়েকটোও লৰি গ’ল৷

“এইজনী ডাঙৰ হৈ স্মৃতি ইৰাণীয়ে নহয়গৈতো ! চকুৰ পাক,কথা কোৱাৰ ধৰণ-কৰণ, এক্টিং স্কিলছ্- আটাইবোৰ গুণেই দেখোন তাইৰ আছে৷” ছোৱালীৰ ৰেহ-ৰূপ গভীৰভাৱে লক্ষ্য কৰি থকা মাকে মাজে-মাজে এইবুলি কয়৷ মোৰ পিছে সিহঁতহালৰ ক্ৰমবৰ্ধমান শাৰিৰীক অৱয়বলৈহে আজিকালি বৰকৈ চকু যায়৷ কোনে ক’ব বাৰু; বিৰাট-বিপুলাকৃতিৰ চেহেৰা লৈ ফুৰা এই দুটা মোৰ নিচিনা ছাল ছিগা ভিকহুৰ সন্তান বুলি ? মাজে মাজে মোৰ অমূল্য বৰুৱালৈ মনত পৰে৷ তেওঁ প্ৰখ্যাত ‘কুকুৰ’ কবিতাত উত্থাপন কৰা সেই বিশেষ প্ৰশ্নটোলৈ-“আমি জীয়াই থাকিবৰ বাবে খাইছোঁ নে খাবলৈ জীয়াই আছোঁ?” ইয়াৰ উত্তৰ বিচাৰি বহু দিন ঘূৰিলোঁ,বহু ঠাই ভ্ৰমণ কৰিলোঁ৷ কিন্তু এতিয়া ইহঁত দুটাৰ ‘খিচিৰিসৰ্বস্ব জীৱন-প্ৰণালী’ দেখি সেই প্ৰশ্নটোৰ উত্তৰ পাই গ’লোঁ যেন ভাৱ হয়-“কবি অমূল্য বৰুৱা,আন মানুহৰ কথা নাজানো৷ পিছে আমাৰ ঘৰৰ চাৰিওটা প্ৰাণী যে খাবলৈকে জীয়াই আছোঁ,সেইয়া ধ্ৰুৱ সত্য৷”

বন্ধৰ দিনত সিহঁতৰ উৎপাতত ঘৰত থাকিব নোৱাৰা অৱস্থা হয়৷ ৰাতিপুৱাৰে পৰা মাজনিশালৈকে দুয়োটাৰে মাজত ঠেলা-ঠেলি,চুলিয়া-চুলি,দবৰা-দবৰি,ঘুচিয়া-ঘুচি৷ অন্তহীন এই ৰণ চলি থকাৰ মুহূৰ্তত সিহঁতে ব্যৱহাৰ কৰা সংলাপৰ গভীৰতালৈ মন কৰিলেই গম পোৱা যায়-কাজিয়াৰ কাৰণ কি-

“তোক আজি সুদাই নেৰোঁ৷ মোৰ লালমোহনটো তই কিয় খালি?”

“ভালে ভালে কৈছোঁ,কুহুমটো মোক দে৷ নহ’লে তোৰ চুলি চিঙিম৷”

“তই মোৰ ‘লে’গ পিচ’টো কিয় খালি? বাঘঢকা চিনি পাৱ?”

“‘চিপছ্’বোৰ খাই পেকেটটো সি মোৰ টেবুলত সুমুৱাই থৈছে ! আহচোন আজি,তোৰ বাৰ বজাম৷”

সিহঁতৰ ভাৱ-ভাষাৰ এইয়া হ’ল সামান্য আভাস৷ সিহঁতৰ অবিৰত মানসিক নিৰ্যাতনত মাক প্ৰায়েই অচেতন হোৱাদি হয়৷ মুখৰ মাত শুকাই আহে৷ মূৰত কেতিয়াবা পানী দিবলগীয়া হয়৷ আচাৰ্য পাঠকে লিখা হাতপুথিখন মাজতে কিনি আনি উধৰ পৰা মূধলৈ পঢ়িলোঁ৷ মাককো পঢ়িবলৈ দিলোঁ৷ কিজানি ‘অঘাইতং সন্তানক দিহা লগোৱাৰ বিধান’ ক’ৰবাত পাওঁৱেই৷ পিছে নাই, সেইটো দিশত দেখিছোঁ;আচাৰ্যজনাও জ্ঞানশূন্য৷

কুৰুক্ষেত্ৰ ৰণখন সন্ধ্যা শাম কটাৰ পাছত সেইদিনা দুয়োটাকে কাষলৈ মাতি আনিলোঁ৷ কিতাপ এখনৰ পাত লুটিয়াই সিহঁতক সুধিলোঁ-

“এওঁক চিনি পাইছনে?”

“নাই পোৱা৷”

“নাপাবিতো৷ এইয়া হৈছে খগেন মহন্ত৷”

“অ’অ’অ’..”

“দীপালি বৰঠাকুৰৰ নাম শুনিছ?”

“নাই শুনা৷”

“খাই দিলি,খাই দিলি? উদ্ধৱ ভঁৰালীক চিনি পাৱ?”

“নাপাওঁ৷”

“যাদৱ পায়েঙ?”

“নৌ৷”

“”হেৰৌ গাধহঁত,তহঁতক স্কুলত একোৱেই নিশিকাই নেকি ?”

“শিকায়৷ শিকিয়৷ কিয় নিশিকায় ! মধুস্মিতা বাইদেৱে আমাক দুটা আঙুলিৰে খিচিৰি কেনেকৈ খাব লাগে,সেইয়া শিকায়৷ ৰমেন ছাৰে ভাতৰ লগত মুৰ্গীৰ কণীটো ধুনীয়াকৈ কেনেকৈ সানি ল’ব লাগে-সেইয়া শিকায়৷ হেডছাৰে ভাত খাওঁতে কথা পাতিব নাপায় বুলি শিকায়..”

“গৈ গৈ তহঁত দুটা আকৌ খিচিৰি-কণীৰ ওচৰেই পালিগৈ৷ ক’ৰপৰা যে এই খাৱৰীয়া দুটা আমাৰ ঘৰলৈ আহিল পৰভু!”

মূৰটো গৰম হ’ল৷ ঠাণ্ডা পানী অকণ মূৰত ছটিয়াই ল’লোঁ৷ ভাৱ হ’ল-এনেকৈ নহ’ব৷ এইকেইটাক অসমৰ কলা-সংস্কৃতি-সাহিত্যৰ লগত কিবাপ্ৰকাৰে হ’লেও পৰিচয় কৰাই দিয়াব লাগিব৷ নহ’লে ইহঁতকেইটাই পৰহিলৈ গৈ তাছা আৰু চক্ৰৱৰ্তীৰ নিচিনাকে আবোল-তাবোল বকিব৷ ৰাইজে আহি তাৰপিছত মোৰ পিঠি বখলিয়াই পেলাব৷

সেয়েহে সামান্য সাহস গোটাই সিহঁতক ক’লোঁ-“কাইলৈ সন্ধ্যা ৰেডি হৈ থাকিবি৷ তহঁতক মই অসমৰ কলা-সংস্কৃতি দেখুৱাম৷”

ফুৰিবলৈ যাবলৈ পালে সিহঁতে বেয়া নাপায়৷ কিন্তু কলা-সংস্কৃতি শব্দ দুটা শুনি দুয়োটাৰে মুখ শুকাল৷ মই সিজোৱা কণী আৰু ঘুগুনি খোৱাম বুলি প্ৰতিশ্ৰুতি দিলোঁ৷ সিহঁত যাবলৈ মান্তি হ’ল৷ বকাসুৰ দুটা !

যা হওক, কালি সন্ধ্যা দুয়োটা আহি মোৰ ওচৰত হাজিৰ হ’লহি৷ মাকো পিছে পিছে সাজি-কাচি আহিল৷

এতিয়া ৰাসৰ বতৰ৷ আজিকালি অসমত যি-কোনো উৎসৱৰেই মিনিমাম ভেলিডিটি পোন্ধৰ দিন আৰু মেক্সিমাম হৈছে তিনি মাহ৷ ৰাসো তাৰ ব্যতিক্ৰম নহয়৷ ৰাইজৰ উছাহ-উদ্দীপনাই কৃপণালি নকৰিলে ৰাসোৎসৱে ত্ৰিশ দিনীয়া ভেলিডিটি পাৰ কৰিবই খাটাং৷ ঘৰৰ পৰা নাতিদূৰৈত দুখন ৰাস৷ এঠাইত দিহা নামৰ প্ৰতিযোগিতা চলি আছে৷ তাৰ পৰা এক কিলোমিটাৰ আঁতৰত ভাওনা চলি আছে-‘ৰামৰ বনবাস’৷ আমি দুয়ো ঠাইতে এটা এটা পাক মৰাৰ সিদ্ধান্ত ল’লোঁ৷

প্ৰথমখন ৰাসথলীত আমি গৈ পাওঁ মানে দুৰন্ত গতিত দিহানাম চলি আছে৷ আমি পোনে পোনে খোজকাঢ়ি নামঘৰৰ কাষে কাষে পাৰি থোৱা প্লাষ্টিকৰ চকীতে বহাৰ যো-জা চলালোঁ৷

“কালি ৰাতি বুজিছ-সপোনত মস্ত হাতী এটা দেখিলোঁ নহয়৷”-গৈ বহিছোঁহে;আমাৰ কাষতে বহি থকা দুটা চেঙেলীয়াৰ লেকচাৰ আৰম্ভ হ’লেই নহয়৷ ‘হাতী’ শব্দটো শুনিয়েই ইহঁতদুটাৰ মনে সেইফালে ঢাপলি মেলিলে৷

“হাতী মানে চাৰিখন ঠেং৷ ফ’ৰ৷ আচ্চা লগত কিবা দেখিছিলিনে?”-লগৰজনে বৰ উৎসাহেৰে সুধিলে৷

“দেখিছিলোঁ৷ মানুহ এটাই বিলাহী পাঁচটা কিনি বজাৰৰ পৰা আহি আছিল৷ বাটতে পৰি এটা বিলাহী চেপেটা লাগিল৷”

“পকা বিলাহীনে?”

“একদম তেজাল বিলাহী৷”

“আচ্ছা৷ পাঁচটা তেজাল বিলাহী মানে ফাইভ৷ এটা মানুহ মানে ‘ওৱান’৷ এটা বিলাহী চেপেটা লাগিল৷ থাকিল চাৰিটা৷ অৰ্থাৎ ফ’ৰ৷ এহ পাই গ’লোঁ বুজিছ,পাই গ’লোঁ৷”

“কি পালি?”

“ফ’ৰ ফাইভ ওৱান ফ’ৰ৷ কাইলৈ চাবি এইটো নাম্বাৰকে মাৰিব৷ দীপেনক এইটো নাম্বাৰ কাটিবলৈ কৈ দে৷”

“দেতা,দেতা৷ নাম্বাৰ কেনেকৈ কাটিব,মাৰিব পাৰি?”-চেঙেলীয়াহালৰ চিন্তা-উদ্ৰেককাৰী কথোপকথনে মোৰ ল’ৰাটোৰ মনত এটা স্বাভাৱিক প্ৰশ্নৰ জন্ম দিলে৷

মোৰ মুখৰ পৰা হঠাতে ওলাই গ’ল-“এইটো অসমৰ জাতীয় খেল৷ তহঁতে বুজি নাপাবি৷ পাছত ক’ম৷ এতিয়া দিহা নাম চা৷”

“পাতিছে দিহা নাম৷ আলোচনা কৰিছে তিৰ খেলৰ কথা৷ এইসব বহুৱা৷” শ্ৰীমতী ভোৰভোৰাই উঠিল৷

“হ’ৰা ৷ সৌফালে নোচোৱা কিয়?”

দিহা নাম গাই থকা দলটোৰ পৰা দুজনী গাভৰু বহাৰ পৰা উঠি আহিছে, চাপৰি বজাই বজাই ৷ উৎসাহৰ জোৰতেই নে অইন কিহবাৰ জোৰত,তাক ধৰাটো মস্কিল৷ তাৰপিছত দুয়োগৰাকীয়ে বিচিত্ৰ ভংগীমাৰে নাচিবলৈ ধৰিলে৷ বাপৰে! কি নৃত্য ! ঠিক ভাংৰাৰ দৰে৷ মাইকটো হাতত লৈ এজনী ছোৱালীৰ যিহে নৃত্য ! দিহানামত এই নতুন চমক দেখি ৰাইজ স্বাভাৱিকতে অতি উত্ৰাৱল হৈ পৰিল৷ হাৰে নহৈ পাৰেনে ! এনেও আমাৰ আছামীজ পিপ’ল ফূৰ্তি কৰাত ভালেই৷ ইয়াৰপিছত প্ৰতিযোগীবৃন্দই দিহানামত অন্য এক অভিনৱত্বৰ সংযোজন ঘটালে ৷ দিহানামৰ মাজে মাজে ‘টেক্সী গাড়ী’ নে ‘ট্ৰাক গাড়ী’-গানটোৰ কলি দুটা সুমুৱাই সিহঁতে এক নতুন সাংগীতিক লহৰৰ সৃষ্টি কৰিছে৷ হৰি বিষ্ণু ! এইবোৰ কি ! ‘ফিউজন’ নামৰ বস্তুফেৰা আহি এতিয়া দিহানামতো সোমালহি নেকি ! মই আৰু শ্ৰীমতী বিচূৰ্তি খালোঁ৷ ইহঁত দুটাই পিছে বৰ ৰস পাইছে৷ বান্দৰৰ দৰে জপিয়াই জপিয়াই নাচিবলৈ আৰম্ভ কৰিছে৷ অথনি যে হাতী আৰু তেজাল বিলাহীৰ কথা পাতি আছিল,সেই দুজনা মহাপুৰুষ খাই-বৈ এতিয়া আনন্দত মচগুল৷ মাটিত বাগৰি বাগৰি দুয়োটা এতিয়া ‘নাগিন ডান্স’ত মত্ত৷ ইহঁতকেইটাই কৈছে –“দেতা,দেতা-আমিও নাগিন ডান্স কৰিম৷”

“চুপ থাক৷” মোৰ খঙে চুলিৰ আগ পালেগৈ৷

“হ’ৰা যাওঁ ব’লা৷ ছিছিঃ এইবোৰনো দিহা নাম হ’লনে?এনেকৈ অসমীয়া সংস্কৃতি বিশ্বদৰবাৰলৈ যাবনে?”-শ্ৰীমতীয়ে বৰ বিষাদেৰে ক’লে৷

দুখ-ব্যথাৰে মন ভৰি পৰিল৷ লগতে এসোপা খঙ৷ টানি-আজুৰি ইহঁতকেইটাক বাহিৰলৈ উলিয়াই আনিলোঁ৷

“হেৰা,ভাওনা চাবলৈ যাবা জানো? তাতবা আকৌ কিহৰ ফিউজন চলিছে !”-ল’ৰা-ছোৱালীক কলা-সংস্কৃতি দেখুউৱাৰ নামত নতুন ‘ৰিস্ক’ এটা ল’বলৈ মোৰ আৰু মন নগ’ল৷

“যাওঁ ব’লাচোন৷ কিজানি ভাল কিবা এটা দেখি মনটো ভাল লাগেই৷”

শ্ৰীমতী এতিয়াও ভীষণ আশাবাদী হৈ আছে৷ মোৰ পিছে আশাৰ চাকিটো কেতিয়াবাই নুমাল৷ তথাপিও মৰণত শৰণ দি এইবাৰ ভাওনাথলীৰ ফালে আগবাঢ়িলোঁ৷

ভাওনাথলী লোকে লোকাৰণ্য৷ একেবাৰে বিৰ দি বাট নোপোৱা অৱস্থা৷ তথাপিও আগবাঢ়িছোঁ৷ ইহঁতহালক ‘ভাল’ কিবা এটা দেখুওৱাৰ আশাত৷

পিছে মানুহ ঠেলি ঠেলি আগবাঢ়ি গৈ থাকোঁতেই সেই চিৰপৰিচিত গোন্ধটোৰ লগত ভেটাভেটি হ’লোঁৱেই নহয়৷ গোন্ধৰ আতিশয্য চম্ভালিব নোৱাৰি ছোৱালীজনীয়ে মুখখন বিকটাই দিলে-

“ছিঃ ইমান গেলা গোন্ধাইছে !”

গোন্ধাবই৷ এনেই বুঢ়ী নাচনী,তাতে আকৌ নাতিনীয়েকৰ বিয়া৷ ৰাইজ ৰঙাপানী খাই একেবাৰে ৰঙীয়াল হৈ আছে৷ এক অদ্ভুত প্ৰাণ-চাঞ্চল্যই সকলোকে গ্ৰাস কৰিছে৷ ডেকাহঁতৰ মন-প্ৰাণ ৰঙীন হৈ উঠিছে৷ সৌটো বুলেনৰ পুতেক৷ সি ক্লাছ নাইনত পঢ়ে৷ বাপেকে কোন কেতিয়াবাই মেট্ৰিকত পজিছন পাই থৈছিল৷ এতিয়া পুতেকে ৰঙাপানী গিলি সৌৱা ‘ছেল্‌ফি’ উঠিছে৷ সুযোগ বুজি কাষেৰে যোৱা জীয়ৰী-বোৱাৰীক দুই-তিনিটা মনৰ কথা শুনাইছে৷ তাৰপিছত নিজৰ কথাত নিজেই ৰস পাই ‘হেঃহেঃহেঃ’কৈ হাঁহিছে৷

“ই জহন্নামলৈ গ’ল যেনেই পাওঁ৷”

“লোকৰ ল’ৰা জহন্নামলৈ যায়,আমেৰিকালৈ যায়-আমাৰনো কি দৰকাৰ! আমি ভাওনা চাবলৈ আহিছোঁ৷ ভাওনা চাওঁ আৰু যাওঁ৷”-মোৰ কথাৰ প্ৰত্যুত্তৰত শ্ৰীমতীয়ে তেনেকৈ ক’লে৷ মই তাপ মাৰিলোঁ৷ এফালৰ পৰা চাবলৈ গ’লে কথাটো নোহোৱাও নহয়৷ আগৰ দিন নাই৷ আগতে মাষ্টৰে ছাত্ৰক গৰুৰ দৰে কোবাইছিল৷ মাৰ খোৱা ছাত্ৰৰ অভিভাৱকে বাটত লগ পাই মাষ্টৰক কৈছিল-“ইয়াক আপুনিহে বলে পাৰিব ককাইদেউ৷ কাইলৈ আৰু দুডালমান চেকনি আপোনাক দি থৈ আহিমগৈ৷ একদম তাক চিধা কৰি দিব৷” আজিকালি ইয়াৰ ওলোটাতো হয়৷ মাষ্টৰে ল’ৰা-ছোৱালীক গাত হাত দিয়াটো দূৰৈৰে কথা,ধমক এটা দিবলৈও সাতবাৰ ভাবিব লগা হয়৷ ল’ৰা-ছোৱালীৰ ওপৰত মানসিক আৰু শাৰীৰিকভাৱে নিৰ্যাতন চলোৱাৰ অপৰাধত মাক-দেউতাকে নি মাষ্টৰক লক-আপত সুমুৱাই থৈ আহিবগৈ পাৰে৷ সিপিনে টেলিভিছনৰ পৰ্দাত ৰঙা বৃত্তৰ মাজত মুখখন ভৰাই ওৰে দিনটো দেখুৱাই থাকিবলৈ মিডিয়াতো আছেই৷ গতিকে আনৰ ল’ৰা-ছোৱালীক নিজৰ বুলি ভাবি সদোপদেশ দিয়াৰ চিন্তাটো এতিয়াৰ দিনত পৰাপক্ষত ত্যাগ কৰায়েই মংগল৷

সদোপদেশ দিয়াৰ চিন্তা সেই ঠাইতেই বিসৰ্জন দি আমি চাৰিওটা জীৱ নামঘৰৰ নিচেই কাষ পালোঁ৷ বহিবলৈ চকী নাই৷ গতিকে থিয় হৈয়েই থাকিবলগীয়া হ’ল৷ আমাৰ কাষতে শুষ্ক চেহেৰাৰ বেঞ্চ এখন পৰি আছিল৷ বেঞ্চখনৰ সিটো মূৰে দুটা কণমানি বহি আছে৷ এইটো ফাল খালী৷ ইহঁত দুটাক তাতেই বহুৱাই দিলোঁ৷ আমাৰ ইহঁত দুটাৰ যিহে চেহেৰা,বেঞ্চ ভাগি দুয়োটা সৰি পৰি বুলি ভয়ো লাগে৷ ভাওনাৰ মাজে-মাজে এইফালেও নজৰ দি থাকিব লাগিব৷

“ভাওনা নোচোৱা কিয়?”-বেঞ্চখনলৈ চাই থকা দেখি শ্ৰীমতীয়ে মোৰ গাটো জোকাৰি দিলে৷ মই থতমত খাই ভাওনাত মনোনিৱেশ কৰিলোঁ৷

দশৰথ-পত্নী কৈকয়ী তেতিয়া ৰোহঘৰত সোমাইছে৷ কৈকয়ী চৰিত্ৰটো নাৰীৰ ৷ পিছে ৰূপায়ণ কৰিছে এজন পুৰুষেই৷ অকল কৈকয়ীয়েই নহয়,নাটখনৰ সমূহ চৰিত্ৰতেই পুৰুষে অভিনয় কৰিছে৷ কথাটো ইহঁত দুটাক কোৱাত বৰ আমোদ পালে৷ খিক্‌খিকাই দুয়োটাই হাঁহিলে৷

তেনেতে পত্নীক বিচাৰি ৰজা দশৰথেও ৰোহঘৰত প্ৰৱেশ কৰিলে৷ কৈকয়ীক তেওঁ শুই থকা দেখিলে৷ দেখি তেওঁৰ মন-প্ৰাণ বিষাদেৰে ভৰি পৰিল৷ অতিশয় আৱেগিক হৈ সেয়ে কৈকয়ীক উদ্দেশি ৰজা দশৰথে বচন মাতিলে-

“আহেএএএ প্ৰিয়ে ! তোহাৰ কি হৈল,আমি কিচু বুজয় নাহি ! হামাৰ প্ৰিয়তমা,কি কাৰণে তোহাৰ মলিন বদন থিত৷ হামাক সত্ত্বৰে কহ৷”

দশৰথৰ অভিব্যক্তিত পৰম উৎকণ্ঠা৷ মৰমৰ পত্নীৰ দুখ তেওঁনো কোনসতেৰে সহে ! যেন-তেন-প্ৰকাৰেণ তেওঁ পত্নীৰ দুখ মোচন কৰিবই লাগিব৷ নহ’লে জগতে নাহাঁহিবনে? ব্যাকুলচিত্তে তেওঁ কৈকয়ীৰ ওচৰ চাপি গৈছে৷ কৈকয়ীৰ ওপৰত তেওঁৰ দৃষ্টি নিবদ্ধ হ’ল৷ ঠেহ ধৰি শুই থকা কৈকয়ীক জগাবলৈ দশৰথে মোলায়েম সুৰত আকৌ একেটা বচনকে আওৰালে-

“আহে প্ৰিয়ে৷ তোহাৰ কি হৈল,আমি কিচু বুজয় নাহি ! হামাৰ প্ৰিয়তমা,কি কাৰণে তোহাৰ মলিন বদন থিত৷ হামাক সত্ত্বৰে কহ৷”

নিয়মমতে এতিয়া শেতেলীৰ পৰা কৈকয়ী উঠিব লাগে আৰু নিজৰ দুখৰ কথা ৰজা দশৰথৰ আগত ক’ব লাগে৷ পিছে কৈকয়ীৰ ঠেহৰ গভীৰতা বেছি যেন পাইছোঁ৷ কৈকয়ীয়ে লৰচৰেই কৰা নাই৷

কৈকয়ীয়ে ভালদৰে নুশুনিবও পাৰে৷ গতিকে অযোধ্যানৃপতি দশৰথ প্ৰিয়তমা কৈকয়ীৰ আৰু অলপ কাষলৈ গ’ল৷ এইবাৰো একেটা বচনকে মাতিলে-

“আহে প্ৰিয়ে৷ তোহাৰ কি হৈল,আমি কিচু বুজয় নাহি ! হামাৰ প্ৰিয়তমা,কি কাৰণে তোহাৰ মলিন বদন থিত৷ হামাক সত্ত্বৰে কহ৷”

পিছে নাই,দশৰথৰ বিষাদভৰা কণ্ঠস্বৰে এইবাৰো কৈকয়ীক লৰাব পৰা নাই৷

“চি ইজ এ হাৰ্টলেছ অ’মেন৷”-মোৰ বাওঁকাষে থিয় হৈ থকা পিটকলি এটাই বৰ উষ্মাৰে ক’লে৷

ৰাইজৰ মাজত বুবু-বাবা ইতিমধ্যেই আৰম্ভ হৈ গৈছে৷

“ইমানপৰ কৈকয়ীয়ে ঠেহ ধৰি নাথাকে৷ ক’ত দেখিছা,ক’ত শুনিছা ! ৰামানন্দ সাগৰৰ ৰামায়ণতো কৈকয়ীয়ে ইমান পৰ ঠেহ ধৰি থকা নাছিল৷ গতিকে কৈকয়ী; পটাপট উঠা,কি ক’ব লগা আছে ধুমাধুম কোৱা৷ ৰামক বনবাসলৈ পঠিওৱা আৰু আমাকো বিদায় দিয়া৷ এনেকৈ ৰাতিটো ইয়াত পৰ দি থাকিব নোৱাৰোঁ নহয়৷ কিমান কাম আছে ঘৰত !” ৰাইজে আলোচনা কৰিছে৷ পিছে কৈকয়ী অলৰ-অচৰ৷ শিলটোৰ দৰে একে ঠাইতে অথনিৰে পৰা পৰি আছে৷

“হেৰৌ,ব্ৰজাৱলী ভাষা বুজি পোৱা নাই কৈকয়ীয়ে৷ খাঁটি অসমীয়াতে ডায়লগ মাত৷”-দৰ্শকৰ ফালৰ পৰা কোনোবা এটাই চিঞৰিলে৷

কথা গৈ দশৰথৰ গাত লাগিল৷ নাৰ্ভাছনেছৰ বলি হৈ ৰজা দশৰথে এইবাৰ খাঁটি অসমীয়া ভাষাতে বচন মাতিলে,একদম পাৰিবাৰিক ভাষাত-

“হে প্ৰাণেশ্বৰী৷ তোমাৰ হৈছে কি ! অথনিৰে পৰা ইমান মৰমৰে মাতি আছোঁ তোমাক৷ তুমি দেখোন কেটকুটেই নকৰা৷ ঠেহ-পেচবোৰ সোনকালে ভাঙাচোন৷ কি হৈছে মোক কোৱা৷ তেতিয়াহে বুজিম৷”

ডায়লগ শুনি ৰাইজৰ মাজত বিপুল আনন্দ৷ সকলোৱে মাটিয়ে-বালিয়ে বাগৰি বাগৰি হাঁহিছে৷ কিন্তু কৈকয়ী, কৈকয়ীৰ জেগাতেই আছে৷

এইবাৰ ৰজা দশৰথৰ ধৈৰ্যৰ বান্ধোন চিঙি গ’ল৷ ক্ৰোধান্বিত দশৰথৰ মাজৰ পৰা আচল পুৰুষজন ওলাই আহিল-

“ঐ মৃগেন,মৃগেন ! হেৰৌ মৰিলিনে আছ? বচন মাত হেৰৌ !”- এইবুলি দশৰথৰূপী গজাননে কৈকয়ীৰূপী মৃগেনৰ দেহত মৃদু গোৰ এটা শোধালে৷

“ঐ ধুমকলা ! মৃগেন ! ঐ মৃগেন ! এইডাল সঁচাই মৰিল নেকি অ’?”-মৃগেনৰ দেহত আৰু এটা গোৰ পৰিল৷ আগৰটোতকৈ শক্তি বেছি৷

হাৰে,কথাটো কি! ইমাননো ধুমকলা হ’লনে কৈকয়ীজনী !

আঁতৰত ৰৈ থকা সূত্ৰধাৰজন লৰি-ধাপৰি আহিল৷ কি ঠিক,প্ৰেচাৰ-চ্ৰেচাৰ উঠি কৈকয়ীৰ কিজানি…

সূত্ৰধাৰ ওচৰ চাপিয়েই কৈকয়ীক লুটিয়াই দিলে৷ এইবাৰহে কৈকয়ীৰ মুখখন ৰাইজে দেখা পালে৷ অথনিৰে পৰা মুখখন তলৰফালেই আছিল৷ পিছে,এয়া কি- সূত্ৰধাৰে হলহলকৈ বমি কৰিবলৈ ধৰিলে যে !

গায়ন-বায়ন সকলো দৌৰি আহিল৷ ৰাইজৰ মাজৰপৰাও একাংশ উঠি সূত্ৰধাৰৰ কাষ পালেগৈ৷ আমি চাৰিওটাই মুখ মেলি সেইফালে চাই থকাত লাগিলোঁ৷ কথাটোনো কি!

তেনেতে কৈকয়ীৰ কাষত গৈ উপস্থিত হোৱা এজন দৰ্শকে ৰাইজক উদ্দেশি চিঞৰি ক’লে-

“মদ খাই কৈকয়ী ফিটিং৷ একদম বেহুচ৷ ইয়ালৈ অহাৰ আগত মদেৰে গা ধুই আহিছিল হ’বলা ! গোটেই গাটোতেই মদৰ গোন্ধ৷ ধুইইইৎ!!”

“ভাঙো খাইছিল হ’বলা ৷ ভাঙৰ গোন্ধ এটাও আহিছে ৷”-আন এজন গোন্ধ-বিশাৰদে ক’লে৷

“ৰাইজ,আপোনালোক ঘৰাঘৰি যাওকগৈ৷ আজি আৰু কৈকয়ী নুঠে৷”-বায়নৰ মাজৰ পৰা কোনোবা এজনে তেনেতে শেষ কথা শুনাই দিলে৷

পৰীক্ষাত ফেইল মৰা ছাত্ৰীয়ে লাজে-ভয়ে যেনেকৈ শিক্ষকলৈ চায়,ঠিক তেনেকুৱা চাৱনিৰে পত্নীয়ে মোলৈ চালে৷ মই উদাস-বিষণ্ণ দৃষ্টিৰে ল’ৰা-ছোৱালীহাললৈ চালোঁ৷

“দেতা,কি হ’ল! কৈকয়ী নুঠে নেকি আজি?”-ছোৱালীজনীয়ে বৰ আগ্ৰহেৰে সুধিলে৷

“নুঠে৷ মদ খাই কৈকয়ী ফিটিং ৷”

মই মুখ মেলিবলৈকে নাপালোঁ৷ ভায়েকেই তপৰাই উত্তৰটো দি দিলে৷

☆★☆★☆

 

Comments

  1. দিহানামত টেক্সী গাড়ী,কৈকেয়ী মাল খাই ফিটিং, মজ্জা লাগিল দেই ঈশান৷ ফাটাফাটী৷

  2. আপোনালোক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনালোঁ। ☺☺☺☺☺

  3. বৰ সুন্দৰ হৈছে। ভাষা আৰু ভাৱৰ লগত পৰিৱেশ সচেতনতা শলাগিবলগীয়া ।ধন্যবাদ।

Leave a Reply

Your email address will not be published. Required fields are marked *