অসমীয়া সাহিত্য জগতৰ পৰিচিত নামসমূহৰ ভিতৰত অন্যতম হ’ল ড: লীলা গগৈ৷ নৈ বৈ যায় উপন্যাস যোগেদি অসমীয়া গ্ৰাম্য জীৱনটোক সামগ্ৰিকভাৱে প্ৰতিফলিত কৰা গগৈদেৱে আৰু ভালেখিনি মননশীল ৰচনাৰে অসমীয়া সাহিত্যৰ বৰ ভঁৰালটো চহকী কৰি থৈ গ’ল৷ বিশেষকৈ অসমৰ লোক-সংস্কৃতিৰ সমলসমূহ আৰু হেৰাই যাব ধৰা বুৰঞ্জীৰ বিভিন্ন সমলসমূহ যি ঐকান্তিক প্ৰচেষ্টাৰে সংগ্ৰহ কৰি উত্তৰ প্ৰজন্মৰ বাবে সংৰক্ষিত কৰি গ’ল তাৰ বাবে তেওঁ চিৰদিন অসমবাসীৰ স্মৰণীয় হৈ ৰ’ব৷

লীলা গগৈয়ে ১৯৫৬-৫৭ চনৰ পৰাই ‘অসম বাণী’ৰ লগতে সেই সময়ৰ ভালেকেইখন কাকত-আলোচনীত সমসাময়িক সময়ছোৱাক লৈ এলানি ৰস ৰচনা প্ৰকাশ কৰি উলিয়াইছিল, যাৰ শিৰোনাম আছিল ‘কপলিং ছিগা ৰেল’৷ অসমৰ বিভিন্ন প্ৰান্তত ৰেলযাত্ৰাৰ মাজেদি হোৱা নানা অভিজ্ঞতাৰে তেওঁৰ এই ৰচনাৰাজি সমৃদ্ধ৷ কপলিং ছিগা ৰেলত বৰ্ণিত কাহিনী সমূহে পাঠকক বিমল আনন্দৰ যোগান ধৰে৷ ‘গাৰ্ড বাবু মতা মানুহ’, ‘দাড়ি বনাম গাড়ী’, ‘শিয়ালৰ স্বৰ্গাৰোহণ’, ‘শোত মোচ ধুমুচ’ আদি কেইবাটিও ৰচনাত এনে বিমল হাস্যৰস ফুটাই তুলিবলৈ লেখক সক্ষম হৈছে৷ ‘শিয়াল স্বৰ্গলৈ গ’ল’ নামৰ প্ৰবন্ধটিত লেখকে চেপন ষ্টেচনত ৰেলৰ ডবা পৰি এটা শিয়াল মৃত্যুমুখত পৰা ঘটনাটোক লৈ বিভিন্ন মহলত উঠা চিন্তাক প্ৰতিফলিত কৰিছে এনেদৰে ‘ষ্টেচন-মাষ্টৰৰ মতে– শিয়ালটোৱে তপস্যা কৰিছিল, গাৰ্ডে কয় যে সি বিনা টিকটে মৰাণহাটলৈ যাবলৈ আহিছিল, পইণ্টমেনে কয় শিয়ালটোৱে ব্ৰেকভানত থকা হাঁহ-কুকুৰা জোপ লৈ আছিল৷’ অৱশেষত শিয়াল মৰিল কেনেকৈ তাৰ তদন্ত কৰিবৰ বাবে যুটীয়া তদন্ত কমিটি পৰ্যন্ত গঠিত হৈছে৷ লেখকৰ মতে য’ত মানুহ মৰিলেও সামান্যতম বিচাৰো নহয়, সেই দেশত শিয়াল মৰিলে যুটীয়া তদন্ত হয়! কি চমৎকাৰ!

আনহাতে ‘দাড়ি বনাম গাড়ী’ নামৰ প্ৰবন্ধটিত দুজন দাড়িৱালা শিখ লোকক লৈ হোৱা লটিঘটিৰ সৰস বৰ্ণনা আছে৷ এজনে গাৰ্ডক এটি অৰিহণা দি ক’লে যে ৰাতি তেওঁক এটা নিৰ্দিষ্ট ষ্টেচনত জগাই দিবলৈ৷ যদি জগাই দিওঁতেও সাৰ নাপায় তেন্তে তেওঁক জোৰকৈ হ’লেও ৰেলৰ পৰা ষ্টেচনত নমাই দিবলৈ ৰেল কৰ্মচাৰীজনক অনুৰোধ কৰিলে৷ ৰাতি পুৱাল৷ সেই শিখ লোকজনে সাৰ পাই দেখিলে যে তেওঁ নামিব লগা ষ্টেচনৰ পৰা ৰেলখন বহু দূৰ আগুৱাই গ’ল৷ তেওঁ ৰেল কৰ্মচাৰীজনৰ লগত কাজিয়া কৰিবলৈ ধৰিলে- “মোৰ টকাকেইটাও খালা, নমাই দিম বুলি নমায়ো নিদিলা৷” কাজিয়া শুনি মানুহ গোট খালে৷ কিন্তু গাৰ্ডজন কিবা চিন্তাত বিভোৰ৷ শেষত কোনোবা এজনে মন্তব্য কৰিলে, ‘কি ভাবিছে? তেখেতক টকা দহোটা ঘূৰাই দিয়ক আৰু শিৱসাগৰত নমাই দিব নোৱাৰাৰ বাবে ক্ষমা খোজক৷’ কিন্তু গাৰ্ডৰ দাৰ্শনিক উত্তৰ- ‘মই সেইবোৰ একো ভবা নাই৷ আন এটা কথাহে ভাবিছোঁ৷ যিটোক নমাই থৈ আহিলোঁ, সেইটোৰ বা কি হৈছে৷’ অৰ্থাৎ দাড়িয়ে গোঁফে একে দেখি গাৰ্ডে আচল মানুহজনক ননমাই আন এজনকহে নমাই থৈ আহিল৷ এনেবোৰ সৰু সৰু অথচ ৰসাল কথাৰে তেওঁৰ কপলিং ছিগা ৰেল ভৰি আছে৷ ১৯৫৯ চনত এই ৰচনাৰাজি গ্ৰন্থাকাৰে প্ৰকাশিত হয়৷ গ্ৰন্থখনিৰ শেষৰ ফালে কেতবোৰ সানমিহলি বিষয়ো সন্নিৱিষ্ট কৰা হৈছে৷ দেশকৰ্মীসকলৰ প্ৰকৃত স্বৰূপটো উদঙাই লিখা ‘দেশকৰ্মীৰ উক্তি’ শীৰ্ষক ব্যংগ কবিতাটি উল্লেখযোগ্য৷

বিয়ালিছত কিমান খাটিলোঁ

হাড়ক কৰিলো মাটি,

জেলত থাকিলো নগদ দুদিন

এটা দীঘল ৰাতি৷

শাসন পাওঁতে সুবিধা পাওঁতে

যদিহে নকৰোঁ ধন,

যদিহে নকৰোঁ মাটি চাৰি ডৰা

কিহেৰে পোনাম মন৷

ইয়াৰ পাছত প্ৰকাশিত ‘বিয়েৰিং চিঠি’ৰ প্ৰবন্ধৰাজিত স্থানীয় সভাৰ সভাপতিৰ আসন শুৱনি কৰিবলৈ গৈ হোৱা অভিজ্ঞতাৰ ভিত্তিত সভাপতি ভঙ্গ আৰু বাহী সভাপতিৰ ৰথ আৰোহণ নামৰ প্ৰবন্ধ কেইটি উল্লেখযোগ্য৷ এবাৰ লেখক আৰু তেওঁৰ এজন অধ্যাপক বন্ধু গৈছিল স্থানীয় ফুটবল খেল এখনলৈ৷ তেওঁৰ বন্ধুজন সেই খেলখনৰ লগত সংগতি ৰাখি পতা মুকলি সভাখনৰ সভাপতি৷ কিন্তু ভাগ্যৰ ফেৰ! খেল শেষ নহয়হে নহয়৷ সন্ধ্যা নামি আহিল৷ শেষত খেল ড্ৰ হ’ল৷ খেলৰ আয়োজকে সেমেনা সেমেনিকৈ আহি প্ৰস্তাৱিত সভাপতিক ক্ষমা খুজি সেই দিনা সভাখন নহ’ব বুলি বতৰা দিলেহি৷ সেই বতৰা শুনি লেখকে সভাপতি বন্ধুলৈ চাই মাত লগালে “বলক এতিয়া, সভা ভঙ্গ নহ’ল, সভাপতিহে ভঙ্গ হ’ল৷” আনহাতে বিয়েৰিং চিঠিত বৰ্ণনা কৰা ‘প্ৰেমৰ বিষয়ে’, ‘অচমিঞা জাতি’, ‘ভূত! ভূত! ভূত!’ আদি প্ৰবন্ধতো পাঠকৰ বাবে হাস্যৰসৰ অনেক সমল নিহিত হৈ আছে৷ ‘লেডিজ কম্পাৰ্টমেণ্ট’ নামৰ ৰচনাটিত লেখকৰ শিৱসাগৰৰ পৰা গুৱাহাটীমুখী ৰেল যাত্ৰাৰ অভিজ্ঞতাৰ এক সৰস বৰ্ণনা পোৱা যায়৷ ৰেলৰ উঠিব পৰা খালী ডবা বিচাৰি বিচাৰি লেখক আৰু তেওঁৰ এজন অধ্যাপক বন্ধু আহি এটি মহিলাৰ ডবা এটাৰ ওচৰত ৰ’লহি৷ ভিতৰলৈ জুমি চাই দেখিলে ডবাটোত কোনো মহিলা নাই, বৰঞ্চ এজন বৃকোদৰ পুৰুষহে ফষ্টি জুৰি শুই আছে৷ দুই বন্ধুৱে সেই ডবাটোতে যাবলৈ ঠিক কৰি মানুহজনক চিঞৰি চিঞৰি জগাব খুজিলে৷ মানুহজনে চিঞৰ শুনিও ইচ্ছা কৰিয়েই মাত দিয়া নাছিল৷ ইফালে এই দুজনো এৰি দিয়া ভকত নহয়৷ চিঞৰৰ পৰিমাণ লাহে লাহে বাঢ়ি অহাত ভিতৰৰ ব্যক্তিজনে আমনি বোধ কৰি উত্তৰ দিলে- “এইটো লেডিজ কম্পাৰ্টমেণ্ট৷ ইয়াত পুৰুষৰ স্থান নাই৷” তেতিয়া এই দুজনৰ পৰা উত্তৰ আহিল- “সেইটো বুজিছো৷ আপোনাক ৰিহা-মেখেলা এযোৰ দিবলৈ বুলিহে আহিলো৷” চুঙা চাই সোপা দি তেওঁলোকে উক্ত স্থান পৰিত্যাগ কৰিলে৷

লীলা গগৈৰ ‘হাঁহি আৰু বাঁহী’ৰ ৰচনাৰাজিও বিমল হাস্যৰস আৰু নিৰ্দোষ ধেমালিৰে ভৰপূৰ হৈ আছে৷ এই সংকলটিত সন্নিবিষ্ট হোৱা প্ৰবন্ধৰ লগতে কবিতাৰাজিও মন কৰিব লগীয়৷ দেৱকান্ত বৰুৱাৰ ‘সাগৰ দেখিছা’ কবিতাৰ আলমত ৰচিত ‘মন্ত্ৰিত্ব কৰিছা’ নামৰ ব্যংগ কবিতাটো এইক্ষেত্ৰত বিশেষ ভাৱে উল্লেখযোগ্য-

“মন্ত্ৰিত্ব কৰিছা?

কৰা নাই কেতিয়াও,

ময়ো কৰা নাই,

দেখিছো তথাপি,

অসীম ক্ষমতাৰাশি সীমাহীন অহংকাৰ,

আছে দূৰ দিগন্ত বিয়াপি৷ ”

ব্যংগ ৰচনাৰ মাজেদি প্ৰকাশিত এই কবিতাৰ অন্তৰ্নিহিত ভাবটোৱেই হয়তো আজিৰ সময়ছোৱাৰ পৰম সত্য৷ আনহাতে হাঁহি আৰু বাঁহীত সন্নিবিষ্ট হৈছে ‘নতুন ফকৰা-যোজনা’ নামৰ এলানি লেখা৷ অসমীয়া ফকৰা-যোজনাৰ আৰ্হিত ৰচনা কৰা এই ৰসৰচনা কেইটিয়েও পাঠকক হাস্যৰসৰ যোগান ধৰাৰ লগতে আমাৰ সমাজত আজি চলি থকা কেতবোৰ বাস্তৱিক সত্যও উন্মোচিত কৰিছে৷ তাৰে কেইটিমানৰ উদাহৰণ-

চোৰে নেৰে চুৰ প্ৰকৃতি

শহাই নেৰে শৰ,

ইংৰাজী মাধ্যমত ল’ৰা নপঢ়ুৱালে

থিয়ৈ থিয়ৈ মৰ৷

——-

কালৰো কাল বিপৰীত কাল

চোৰেহে চেলেকে নেতাৰ গাল৷

———

চোৰৰ মুখত ৰাম নাম

আধাৰশিলাই ডাঙৰ কাম৷

লীলা গগৈৰ হাস্যৰসাত্মক ৰচনাৰাজিৰ মাজত ‘বৃকোদৰ বৰুৱাৰ বিয়া’ই শ্ৰেষ্ঠতম আসন দখল কৰি আছে৷ বৃকোদৰ বৰুৱা দেখনিয়াৰ থুলন্তৰ পুৰুষ৷ পিছে অনেক চেষ্টাৰ পাছতো বিয়া নহয়হে নহয়৷ যৌৱন কাল গুচি আদহীয়া কাল পালেহি তথাপি বৃকোদৰৰ বিবাহৰ যোগ নিমিলে৷ অৱশ্যে বৃকোদৰলৈ যে কইনাৰ অভাৱ আছিল এনে নহয়৷ ভালেসংখ্যক গাভৰুৱে বৃকোদৰক প্ৰাণনাথ হিচাপে পাবলৈ আঙুলিৰ মূৰত ক্ষণ গণি আছিল৷ বৃকোদৰৰ ফালৰ পৰাও সঁহাৰি আহিছিল৷ কিন্তু কিবা এক দৈৱ দুৰ্বিপাকত বাৰে বাৰে বৃকোদৰ বৰুৱাৰ বিয়া ভাগে৷ ইফালে বৃকোদৰৰ মূৰৰ চুলিয়ে মেলানি মাগিব ধৰিল৷ শেষত মূৰৰ চক্ৰটোৰ দক্ষিণে মাত্ৰ সেৰেঙা-সেৰেঙকৈ দুই চাৰিডাল চুলি বাকী ৰ’ল৷ সেইকেইডাল চুলিও হেৰুৱাৰ ভয়ত বৃকোদৰে নাপিতৰ ফালে মু কে নকৰা হ’ল৷ সেই সুযোগতে চুলিয়েও চল চাই লতা বগাই গলধন পালেহি৷ এনেতে বৃকোদৰলৈ এটা বিয়াৰ প্ৰস্তাৱ আহিল৷ বন্ধুবৰ্গৰ পৰামৰ্শমতে চুলি-দাঢ়ি কাটি টপতিয়াৰ হৈ ল’বৰ মনেৰে বৃকোদৰ শুভ প্ৰভাততে গৈ চেলুন পালেগৈ৷ চেলুনত চুলি কটাই থকাৰ মাজতে বৃকোদৰে নাপিতক ক’লে, “মিস্ত্ৰী, চোৱা মোৰ মূৰত চুলি নায়েই৷ গতিকে মই তোমাক তোমাৰ নিৰিখৰ আধা পইচাহে দিম৷” মিস্ত্ৰীয়ে কথাটো তৎ ধৰিব নোৱাৰি সুধিলে, “কি ক’লে ছাৰ?” “চোৱা, মোৰ মূৰত চুলি নায়েই, গতিকে মই তোমাক তোমাৰ নিৰিখৰ আধা পইচাহে দিম৷” মিস্ত্ৰীয়ে একপ্ৰকাৰে জাপ মাৰি উঠিয়েই উত্তৰ দিলে “ছাৰ, সেইটো কেনেকৈ হ’ব? আপুনি মোৰ নিৰিখৰ দুগুণ পইচা দিব লাগিব৷ মই আনৰ পৰা এটকা লওঁ, কিন্তু আপুনি দুটকা দিব লাগিব৷” হাতৰ মাজেদি পানী নসৰকা বৃকোদৰ বৰুৱাই দুগুণ পইচা দি চুলি কটাবলগীয়া হোৱাত বিপ্লৱ কৰি উঠি ক’লে, “কিয়?” মিস্ত্ৰীয়ে ক’লে, “ছাৰ, মই আপোনাৰ মূৰত চুলি বিচাৰি বিচাৰিহে কাটিছোঁ৷ গতিকে দুগুণ দিবই লাগিব!”

বৃকোদৰ বৰুৱাৰ মুখৰ মাত হৰিল৷ আকৌ গাখীৰ বন্দোবস্ত কৰিবলৈ গৈ দোকানীক কৰা লটিঘটিৰ বৰ্ণনাইয়ো পাঠকক যথেষ্ট আমোদ দিয়ে৷ বিয়াৰ যো-জা হোৱাৰ পাছতো বৃকোদৰৰ ভালেকেইবাৰ বিয়া ভাগিল৷ এবাৰ নিজৰ বিবাহ উপলক্ষে বৃকোদৰে কাৰ্যলয়ৰ পৰা ছুটি লৈ ঘৰলৈ গৈছিল৷ পিছে জোৰোণৰ আগদিনাই কইনাই অন্য এজন ডেকাৰ লগত ৰাতিয়েই পলাই গ’ল৷ বৃকোদৰে বিবাহৰ দিনাই পুনৰ কৰ্মত যোগদান দিলেহি৷ তেওঁৰ দুৰ্ভাগ্যত সকলোৱে সমবেদনা জনালে৷ কিন্তু বৃকোদৰৰ মুখত বেজাৰৰ চিন নাই৷ বন্ধুবৰ্গৰ আগত স্বস্তিৰ নিশ্বাস পেলাই কৈছিল, “ভালেই হ’ল জোৰোণৰ আগদিনাই পলাই গ’ল৷ জোৰোণৰ আগদিনা নপলাই জোৰোণৰ পাছদিনা পলাই যোৱা হ’লে সোণৰ আ-অলংকাৰ, দামী কাপোৰ কানি সোপাই গ’লহেঁতেন৷”

বিবাহৰ নামত বিভিন্ন তিতা কেঁহা অভিজ্ঞতাৰে অভিজ্ঞ বৃকোদৰ বৰুৱাৰো অৱশেষত বিবাহ সম্পন্ন হ’ল৷ কইনা আহি ঘৰ সোমালহি৷ সাধাৰণতে বিয়া এখনত কিবা নহয় কিবা এটা খুঁত উলিওৱা দদাই চকুচৰহা বৰুৱাক বৃকোদৰৰ বন্ধু এজনে ক’লে, “দদাই, বৃকোদৰৰ বিয়াখন ভালে ভালে হৈ গ’ল৷ সকলো ভাল৷ কন্যা ভাল, যৌতুকতো ভাল বস্তুৱেই দিছে৷ মাক-দেউতাক ভাল, মানুহঘৰ ভাল৷ বিয়াখনো বৰ ভালকৈ হৈ গ’ল……৷ বৰ ভাল কথা, দদাই কি বোলে?” দদাই অৰ্থাৎ চকুচৰহা বৰুৱাই উত্তৰ দিলে, “সিমান ভালো ভাল নহয় একা!”

বৃকোদৰ বৰুৱাৰ সমগ্ৰ ঘটনাৰাজিৰ মাজত আমাৰ চিনাকি সমাজখনৰ কেতবোৰ খণ্ডচিত্ৰকে যেন দেখিবলৈ পাওঁ৷ এই নিৰ্মল হাস্যৰসৰ মাজতো লেখকে মানুহৰ মনস্তত্ত্বৰ আভাস দিবলৈ পাহৰা নাই৷ কোনোবা গৰাকী যদি আপোনভোলা, আনগৰাকী আকৌ জটিল মানসিকতাৰে ভৰা, কোনোবা যদি মৰমিয়াল কোনোবা কাঠকঠুৱা, কোনোবা আকৌ অত্যন্ত স্বাৰ্থপৰ৷ এই বিচিত্ৰ মানৱ মনৰ বৃহৎ পৰিমণ্ডলৰ মাজত বৃকোদৰ বৰুৱা যেন এখন পালতৰা নাও, যিফালেই বতাহে ঠেলি নিয়ে তেওঁ সেইফালেই গতি কৰে৷

কপলিং ছিগা ৰেলৰ দৰে ‘ঘেৰঘেৰী বাছ’তো তেওঁ ট্ৰান্সপৰ্টৰ ৰঙা বাছত কৰা ভ্ৰমণৰ দুৰ্গতিৰ মনোৰম বৰ্ণনা পোৱা যায়৷ চৰকাৰী বাছৰ টেঙ্কি ফুটি বাটে বাটে তেল পৰি যায়, ড্ৰাইভাৰে চকাৰ অভাৱত তিনি চকাৰেই বাছ চলাব খোজে- এনে এশ এবুৰি হাস্যৰসাত্মক মুহূৰ্ত সংৰক্ষিত হৈ আছে তেওঁৰ ঘেৰঘেৰী বাছ নামৰ ৰচনাৰাজিৰ মাজত৷

লীলা গগৈৰ হাস্যৰসাত্মক ৰচনাসমূহৰ একত্ৰ সংকলনখন ‘হাস্যৰসৰ সঁফুৰা’ নাম দি প্ৰকাশক গোষ্ঠী বনলতাই প্ৰকাশ কৰি উলিওৱা দৃষ্টিগোচৰ হৈছে৷ ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে গগৈ দেৱৰ হাস্যৰসাত্মক লেখা সমূহৰ মাজত সমসাময়িক সমাজৰ কেতবোৰ চৰকাৰী বিষয়াৰ প্ৰকৃত স্বৰূপটো তেওঁ ৰাইজৰ আগত দাঙি ধৰিব বিচাৰিছে৷ সমসাময়িক সমাজখনৰ নৱপ্ৰজন্মৰ ধ্যান ধাৰণা, আচাৰ আচৰণো তেওঁৰ এই ৰচনাত সন্নিবিষ্ট নোহোৱাকৈ থকা নাই৷ আনহাতে অসমীয়া ভাষা-সংস্কৃতিৰ দুৰৱস্থাৰ দৰে বিষয়মূহো তেওঁ হাস্য-ব্যংগৰ মাজেদি ফুটাই তুলিবলৈ ভালেকেইটি লেখনিত চেষ্টা কৰা পৰিলক্ষিত হয়৷ এইক্ষেত্ৰত তেওঁৰ সমাজসংস্কাৰী মনোভাৱ কিমান আছিল তাক জনা নাযায়, কিন্তু বেজবৰুৱাৰ দৰেই লীলা গগৈৰ ৰচনাসমূহেও অসমৰ ৰাইজৰ মাজলৈ কেতবোৰ ইতিবাচক বাৰ্তা বহন কৰিবলৈ সক্ষম হৈছিল৷ আশা কৰোঁ অসমীয়া সমাজ তথা সাহিত্যৰ জগতত লীলা গগৈৰ নাম চিৰদিন জিলিকি ৰ’ব৷

☆★☆★☆

 

Comments

  1. পৰ্যালোচনাটো পঢ়ি উপকৃত হৈছোঁ। গগৈদেৱৰ হাস্যৰসধৰ্মী লেখাবোৰৰ প্ৰতি এতিয়া কৌতূহল বাঢ়িছে।

Leave a Reply

Your email address will not be published. Required fields are marked *