আমাৰ উপ-মহাদেশত ব্যংগ সাহিত্যৰ ধাৰাটো শতিকাৰ হিচাবত পুৰণি৷ ভাৰতত মোগল শাসনৰ মধ্যভাগৰে পৰা ব্যংগ সাহিত্যৰ লেখা-মেলাৰ চিন্তন এটা আৰম্ভ হৈছিল৷ তেতিয়া সম্ৰাটৰ লগতে কৰতলীয়া ৰজাসকলৰ নিৰ্দেশমতে হাস্য-ব্যংগ ৰচনা কৰি ৰজাঘৰীয়াক মেহফিলত সন্তুষ্ট কৰিলে পুৰস্কাৰ দিয়াৰ ব্যৱস্থা আছিল৷ বৃটিছৰ সময়চোৱাত ব্যংগ সাহিত্য কিছু বিকশিত হয় যদিও প্ৰচাৰ আৰু প্ৰসাৰৰ দৈন্যতাত পাঠকৰ মাজলৈ যাবলৈ অক্ষম হয়৷ বিংশ শতিকাৰ আৰম্ভণিৰে পৰা কিছু পৰিমানে পট পৰিৱৰ্তন ঘটে আৰু ব্যংগ সাহিত্যৰ বহু লেখা বিভিন্ন মাধ্যমত প্ৰকাশিত হয়৷

ভাৰতৰ হাস্য-ব্যংগাত্মক লেখাৰ ধাৰাটোক সাহিত্যৰ আওতালৈ অনাত যিসকল আধুনিক চিন্তাপুষ্ট লোকে আহোপুৰোষাৰ্থ কৰিছিল সেইসকলৰ মাজত উল্লেখযোগ্য এটা নাম হ’ল আবুল মনচুৰ আহমদ৷ ১৮৯৭ খৃষ্টাব্দৰ ৩ চেপ্টেম্বৰ তাৰিখে বৰ্তমানৰ বাংলাদেশৰ মৈমনসিংহৰ ধনীখোলা গাঁৱত আহমেদে জন্ম লাভ কৰে৷ একেধাৰে আইনজীৱি, ৰাজনীতিবিদ তথা সাহিত্যিক আবুল মনচুৰ আহমদৰ ব্যংগ সাহিত্যৰ মুল বিষয় আছিল তেতিয়াৰ ৰাজনৈতিক ব্যৱস্থা আৰু তেওঁ চেটায়াৰধৰ্মী লেখাৰে ব্যংগ সাহিত্যৰ প্ৰতি অভুতপূৰ্ব অৱদান যোগাইছিল৷

কলিকতা বিশ্ববিদ্যালয়ৰ অধীনৰ ৰিপন আইন মহাবিদ্যালয়ৰ পৰা আইনৰ স্নাতক ডিগ্ৰীধাৰী আহমদে প্ৰাৰম্ভিক কালছোৱাত উকালতি কৰে যদিও সমান্তৰালকৈ কৃষক, নৱযোগ, ইট্টেহাদ, ড্যা মুচলমান ই্ত্যাদিবোৰ কাকতৰ যোগেদি সংবাদসেৱাত ব্ৰতী হয়৷ ইয়াৰ পাছৰ সময়খিনিত তেওঁ ৰাজনৈতিক ক্ষেত্ৰত ভৰি থয় আৰু অসহযোগ আন্দোলনত ব্ৰতী হয়৷ ৰাজনৈতিক জীৱনত তেওঁ স্বৰাজ্য পাৰ্টী, কৃষক পুজা সমিতি আৰু কংগ্ৰেছৰ সৈতে জড়িত হয়৷ আৱামী মুচলিম লীগৰ পুৰোধা ব্যক্তি আহমদ ১৯৫৪ চনত পূব পাকিস্তান প্ৰভিন্সৰ স্বাস্থ্যমন্ত্ৰী হোৱাৰ লগতে পাছলৈ শিক্ষা আৰু বাণিজ্যৰ দপ্তৰো চম্ভালিছিল৷

আহমদৰ ৰাজনৈতিক জীৱনৰ উৰ্ধত আছিল তেওঁৰ দ্বাৰা সৃষ্ট সাহিত্যাৱলী৷ সঁচা অৰ্থত ইতিহাসে তেওঁক এজন ব্যংগ সাহিত্যিক হিচাবেহে চিনি পাইছে৷ স্কুলীয়া দিনৰে পৰা লিখামেলা কৰা আহমদৰ সৃষ্টিৰাজীৰ ভিতৰত আইনা, ফুড কনফাৰেন্স, সত্য-মিথ্যা, জীৱন ক্ষুধা, আব-এ-হায়াট, আমাৰ দেখা ৰাজনীতিৰ পঞ্চাশ বছৰ আৰু শ্বেৰ এ বাংলা থেকে বংগবন্ধু উল্লেখযোগ্য৷ আহমদৰ আত্মজীৱনী “আত্মকথা”ত পোৱা যায় সমকালীন সময়ৰ সমাজ তথা ৰাজনৈতিক জীৱনৰ কিছু দস্তাৱেজ৷ সাহিত্য; বিশেষকৈ ব্যংগ সাহিত্যলৈ তেওঁ আগবঢ়াৱা অৱদানৰ বাবে তেওঁ নিজৰ জীৱনকালত বাংলা অকাডেমী বঁটা লাভ কৰাৰ উপৰিও মৃত্যৰ পাছত স্বাধীনতা দিৱস বঁটা আৰু নাচিৰুদ্দিন স্বৰ্ণ পদকেৰে সন্মানিত হৈছিল৷

আহমদৰ ব্যংগ সাহিত্যৰ মুল শিতান আছিল চেটায়াৰ আৰু এই চেটায়াৰৰ মাধ্যমেৰে তেওঁ বাংলাদেশৰ ৰাজনীতিৰ লগতে সমাজৰ ব্যাধিসমূহ সুচাৰুৰূপত তুলি ধৰিবলৈ সক্ষম হৈছিল৷ এক অৰ্থত তেওঁ অবিভক্ত ভাৰত-পাকিস্তানৰ প্ৰথমজন আধুনিক চিন্তাশীল চেটায়াৰ লেখক আছিল৷ ১৯৭৮ চনৰ ১৮ মাৰ্চ তাৰিখে এইজনা সাহিত্যিকৰ জীৱন বন্তি অস্তমিত হয়৷

☆★☆★☆

Comments

Leave a Reply

Your email address will not be published. Required fields are marked *