‘বহুত কথা লিখি পেলাব পৰা যায়’ অংকুৰে লিখাৰ বিষয়বস্তুৰ ওপৰত মোক পৰামৰ্শ দি ক’লে,’এটা এৰি অহা বছৰৰ ওপৰত চাবলৈ গ’লে,যিটোৰ পৰিসৰ কম নহয়,৩৬৫ টা দিনৰ সমাহাৰ,তেনে এটা বছৰত ঘটি যোৱা বিভিন্ন ঘটনাৰ ওপৰতে তই টিপ্পনী মাৰিব পাৰ’
মোৰ ভাবৰ সোঁতৰ অনাবিল গতিত বাধা দি অংকুৰে ক’লে,’নহ’লে নতুন বছৰৰ সংকল্পৰ তালিকা এখনকে বনাই দে আৰু দুই-এজনৰ স্বাক্ষৰ ল।সেইখনকে দলিমাৰি দে কাকতৰ গোষ্ঠীলৈ,প্ৰকাশ হৈ যাওক নতুন আশা বিচাৰি বুদ্ধিজীৱীৰ আবেদন বা তেনে কিবা সুখদায়ক লেখা হৈ।’সি নৰ’ল,কৈ গ’ল,’তেনে আবেদন -নিবেদনতে আমাৰ ইয়াত হয়তো ঘটি যাব পাৰে বহুত কিবাকিবি ভাল কাম-এই ধৰ,বোমা-চোমা বন্ধ হৈ শান্তি আহিল,ক’ৰবাত কিবা নিৰ্ধাৰিত সময়ত ফুটিব লগা বিস্ফোৰকবোৰো দুৰ্বৃত্তই আঁতৰাই পেলালে,বা অন্যান্য ভাল কামবোৰ,যেনে–মথাউৰি বান্ধোতে কলগছ সুমুৱাই দিয়া নহ’ল,ৰাস্তাৰ ওপৰত বিজ্ঞানসন্মত হাৰত বালি-শিলগুটি পৰিল,আন্ধাৰ বাৰাণ্ডাত পৰি থকা বিভিন্ন সমিতিৰ তদন্তৰ প্ৰতিবেদনলৈ পোহৰ নামিল,বাবুৰ টেবুলৰ খোল নোখোৱা ফাইলবোৰ খোল খালে,ৰঙা লাইট জ্বলাই ছাইৰেন বজাই লগুণদানিৰ বা অন্নপ্ৰাসনৰ ভোজৰ ইমাৰ্জেন্সিৰ ডিউটিৰ বাবে ধাৱিত হোৱা ব্যক্তিসকলে প্ৰথমবাৰৰ বাবে ঠাই এৰি দিলে মুমূৰ্ষ ৰোগী কঢ়িয়াই অনা এম্বুলেন্সখনৰ বাবে,বা সঁচাকৈয়ে গ্ৰেপ্তাৰ হৈ গ’ল নামজাদা ডাঙৰ ডাঙৰ অপৰাধীবোৰ–কি কৱ?এনেধৰণৰ ভাল কামবোৰ যদি হৈ যায়,অন্তত: নতুনকৈ আৰম্ভ হোৱা বছৰটোত…’,বুজিলো যে এঢোক ডিঙিত নতুনকৈ ঢালি দিয়াৰ প্ৰস্তুতিৰে সি ক্ষণিকৰ বাবে স্তব্ধ হ’ল আৰু ক’লে,’হৈয়ো যাব পাৰে এনেধৰণৰ আজব ঘটনাবোৰ!’কোনোবাই মানুহে ‘মাউচ’ বা নিগনি হাতেৰে চুই চোৱাৰ কথা ভবা নাছিল,এতিয়া কম্পিউটাৰ চলোৱা হয় ‘মাউচ’ত হাত থৈ,আগতে নিযুক্তিৰ প্ৰতিযোগিতা আছিল শ্ৰেষ্ঠ প্ৰাৰ্থী বিচাৰি উলিওৱা,এতিয়া আটাইতকৈ নিকৃষ্টজনক বিচাৰি উলিওৱাৰ প্ৰতিযোগিতা হ’ল,আগতে কৈছিল লীডাৰশ্বিপ কোৱালিটি লাগে।এতিয়া ডীলাৰশ্বিপ হ’লেই হ’ল।

মই তাৰ বিৰোধিতা কৰাৰ সাহস কৰিব নোৱাৰিলো,ক’লো যে কেতিয়াবা আজব কাণ্ড ঘটি যায়,তাকে আমি নিয়ম বুলি ল’ব নোৱাৰো আৰু ক’লো,’আজি কিছুদিন আগতে নিউজিলেণ্ডৰ গ্ৰাহাম গ্ৰাছ নামৰ মানুহজনৰ ঘৰত চোৰ সোমাল।ঘৰত মালিক নথকাৰ সুযোগত লেপটপ,কম্পিউটাৰ,কেমেৰা আৰু তেওঁৰ ক্ৰেডিট কাৰ্ড থকা টকাৰ বেগটো লৈ চোৰজন উধাও হ’ল।কিন্তু পাছত মালিকে আহি দেখিলে যে চোৰজনে সকলো বস্তু ওলোটাই থৈ গৈছে।এখন কাগজত টোকা লিখিছে যে চুৰি কাৰ্য কৰি সি অনুতপ্ত হৈছে,ক্ষমা মাগিছে,লগতে প্ৰতিজ্ঞা কৰিছে যে ঘৰত সোমাওঁতে ভাঙি পেলোৱা খিৰিকীৰ আইনাৰ দামো সি ফিৰাই দিবহি—!মহান চোৰৰ সঁচা বাতৰিত অংকুৰ নিশ্চয় উদ্বুদ্ধ হ’ল।তাৰ আঙুলিয়ে পকাই পেলালে আধাপকা মোচখিনি আৰু ক’লে—‘আমাৰ ইয়ালৈ যদি আনিব পৰা যায় এনেধৰণৰ দুৰ্বৃত্তক।ধৰ,তোৰ গাড়ী চুৰি হ’ল আৰু দুইঘণ্টা পাছতে ঘৰৰ আগত চোৰে থৈ গ’লহি গাড়ীখন আৰু ক্ষমা-ভিক্ষাৰ এটা টোকা।না চুৰি গাড়ী উদ্ধাৰৰ বাবে চলি থকা পুলিচৰ অন্তহীন অভিযান,না পুলিচৰ লেঠা।বা ধৰ,এনেকুৱাও হ’ল যে তোৰ ঠিকা-ঠুকুলিৰ বিল পাছ কৰোতে কাটি ৰখা হিচাপৰ পইচাখিনি ওভতাই লৈ আনি বিষয়াজনে তোক কৈ গ’লহি—‘এতিয়াৰ পৰা আৰু…হা: হা:…।’
পানীয়ৰ জোৰতে হ’বলা অংকুৰে লগাতকৈ জোৰকৈ হাঁহিলে।সি সুধিলে,’নতুন বছৰৰ কিবা পৰিকল্পনা?’

‘না,একো নাই,থাকিলেও কি বস্তুবোৰ ভবাৰ দৰে হয়?কোনো পৰিকল্পনা মই নকৰো।’মাথো তাক ক’লো,’চা টিভিৰ পৰ্দাত এতিয়া আহি পৰিছে নতুন বছৰৰ পোহৰ।পৃথিৱীৰ বিভিন্ন ঠাইত আহি পৰা নতুন বছৰৰ প্ৰথম সূৰ্যোদয়ৰ ফটোৰে ভৰি পৰিছে টিভিৰ পৰ্দা।বাহিৰতো চাচোন,কিজানি নৱ বছৰটো আমাৰ ইয়ালৈকো আহিল,নে সকলো কথাই লাহে লাহে হয় বুলি ইয়াতো……’
মোৰ কথা শেষ নৌহওতেই বাহিৰত ফুটি উঠিল ফটকাৰ শব্দ—-নতুন বছৰ অহাৰ এক সশব্দ ঘোষণা!

☆★☆★☆

Comments

  1. আপোনাৰ লেখা ইয়াত পঢ়িবলৈ পাই আমি গৌৰৱান্বিত চাৰ। গল্পটোৰ ওপৰত মন্তব্য দিয়াৰ ধৃষ্টতা নকৰো, সদাইয়েই আপোনাৰ লিখনীৰ গুণমুগ্ধ পাঠক

Leave a Reply

Your email address will not be published. Required fields are marked *