ফটাঢোল

লিমাৰিক – ইন্দিমা বৰুৱা

আমাৰ গাঁওৰ লভিতা পেহী ফুৰি আহি চাৰি ধাম
বয়স হৈছে হেনো আজিকালি লয় হৰিনাম

কোনঘৰত পৰকীয়া প্ৰেম
কোনঘৰত বিলাতী মেম

বিয়নী সকলৰ মাজত তেঁওৰ সেইয়াও এক কাম ৷

বয়স হৈছে যদিও দামোদৰ টকা পইচাই ধনী
ছোৱালী চাবলৈ পালেগৈ গুৱাহাটীৰ ৰাণী

বহুতবাৰ ছোৱালী চালে
লুচি ভাজিৰ সোৱাদ ললে

চাহ দিবলৈ অহা শাহুয়েকক মাতি পালে ভনী ৷

ছোৱালী নহয় তেওঁৰ পিছপৰা নাই একো গম
এইবুলি শইকীয়াই দি ফুৰে সকলোকে দম

কৰাবই জীক চাকৰি
পঢ়ি শুনি হৈ আজৰি

বোৱাৰী কিয় ওলাই যাব লাগে পোৰ কি ধন ধান কম ?

কোটি কোটি টকাৰ দূৰ্নীতি
আমাৰ দেশৰ এইয়াই নীতি

চাকৰিৰ দৰ দাম
বিষয়াৰ নীচ কাম

সৰ্বহাৰা অবাক হয় দেখি এনে ৰীতি ৷

☆★☆★☆

Leave a Reply

Your email address will not be published. Required fields are marked *