হাঁহি! তেতিয়াৰ আৰু এতিয়াৰ:

বিশ্ববিখ্যাত অভিনেতা চাৰ্লি চ্যাপলিনৰ ভাষাত দুখ উপশমৰ মহৌষধ হৈছে হাঁহি (Laughter is the tonic, the relief, the surcease for pain. – Charlie Chaplin)৷ হাঁহিয়েই জীপাল কৰিব পাৰে জীৱন, ঘূৰাই দিব পাৰে হেৰাই যাব ধৰা জীৱনৰ ৰং, জীৱনৰ মাদকতা৷ শ্বেক্সপীয়েৰৰ ভাষাত যি হাঁহিব নোৱাৰে বা নাজানে সি চয়তান৷ কৃপাবৰ বৰবৰুৱাই কৈছিল, “মোৰ বোপাইহঁত! তহঁতে হাঁহ৷ ভয় নকৰিবি৷ পূব, পশ্চিম, উত্তৰ, দক্ষিণ, য’ত যি আছহঁক হাঁহ৷ হাঁহ আৰু হাঁহ৷ ল’ৰাই হাঁহ, বুঢ়াই হাঁহ, আদহীয়াই হাঁহ! আনকি দাঁত নাইকিয়া সোলা লাপুং বুঢ়ায়ো নাতি-নাতিনীয়েকেৰে সৈতে হাঁহক৷”

ঊনবিংশ শতিকাৰ শেষভাগৰ পৰা বিংশ শতিকাৰ প্ৰথমটো দশকলৈ বেজবৰুৱাদেৱে অসমীয়া মানুহক হাঁহিবলৈ শিকাই থৈ গৈছিল যদিও আজিও এই অসম মুলুকত যেন বেজবৰুৱাদেৱে বিচৰা হাঁহিটোৱে পূৰ্ণৰূপ পোৱা নাই৷ এশ বছৰ পিছতো অতি নগণ্য সংখ্যক মানুহৰ মুখতহে অন্তৰখোলা হাঁহি এটি কদাচিতহে দেখিবলৈ পোৱা যায়৷ আমি আধুনিকতাৰ ফালে যি তড়িৎ গতিত ধাৱমান হৈছো সিমানেই যান্ত্ৰিকতা বাঢ়িছে, নতুন নতুন সমস্যাৰে ভাৰাক্ৰান্ত হৈছো৷ অত্যধিক মানসিক চাপত সমাজৰ প্ৰায়ভাগ লোকেই নিজৰ হাঁহিটোকেই পাহৰি গৈছে, নতুবা হাঁহিবলৈ পাহৰি অত্যধিক চাপগ্ৰস্ত হৈছে৷ কি বুঢ়া, কি ডেকা, কি আদহীয়া যাৰ ফালেই চাব কোনোবাজন যদি অৱসাদগ্ৰস্ত, অন্যজন বিষাদগ্ৰস্ত৷ সমাজৰ প্ৰতিটো স্তৰৰ মানুহৰ মুখমণ্ডলত চাপ বিৰাজমান, কোনোবাই হাঁহিছে যদিও সেইটো নিতান্তই সৌহাদ্যপূৰ্ণ৷ বহু কমসংখ্যক মানুহৰ মুখতহে আন্তৰিকতাপূৰ্ণ হাঁহি দেখা পোৱা যায়৷ প্ৰতিযোগিতাসৰ্বস্ব সমাজ ব্যৱস্থাত নিজৰ ব্যক্তিগত স্থিতি মজবুত কৰাৰ স্বাৰ্থত সকলোৱে নিজৰ হাঁহি বিসৰ্জন দি তীব্ৰ মানসিক চাপক আকোৱালি লৈছে৷ চাইকেল চলাই সুখী হৈ থকাজনক মটৰ চাইকেলৰ হেঁপাহে যদি চাপগ্ৰস্ত কৰিছে তেনেহলে মটৰচাইকেলৰ সহায়ত স্বাচ্ছন্দ্যৰে জীৱন যাপন কৰাজনক চাৰিচকীয়াৰ ভূতে লম্ভিছে৷ প্ৰয়োজনীয়তাবোৰ বিলাসিতালৈ পৰিৱৰ্তন হৈছে যাৰ পৰিণতিত চকুৰ সন্মুখতে একোটা সুন্দৰ জীৱন, একোখন সুখৰ সংসাৰ ভাগি থানবান হৈছে৷

এতিয়া পৰিস্থিতি এনেকুৱা পৰ্য্যায় পাইছে যে বৰ্তমান সময়ত হাঁহিৰ কাৰণে মানুহে লাফিং ক্লাৱ খুলিব লগা হৈছে৷ ৰাতিপুৱা গধূলি দহ বিশজন মানুহ গোট খালেহে আপুনি হাঁহিব পাৰিব৷ ৰ’ব, তাতো নিয়ম আছে, হাঁত দুখন ওপৰলৈ দাঙি দিয়ক, এজনে আনজনৰ মুখলৈ চাওঁক, এতিয়া যিমান পাৰে সিমান উচ্চস্তৰত হাঁহক, প্ৰথম পৰ্যায়ত নিতৌ দহ বাৰকৈ, লাহে লাহে বঢ়াই গৈ ত্ৰিশ চল্লিশ বাৰ৷ আপোনাৰ বেমাৰ আজাৰ কমিব, শৰীৰ নিৰোগী হব, আপুনি মানসিক চাপমুক্ত হব, নিজৰ হেৰোৱা হাঁহিটো ঘূৰাই পাবলৈ মাত্ৰ মাহিলী ২-৩ হাজাৰ টকা লাফিং ক্লাৱক পৰিশোধ কৰক৷ সময়ৰ কি বিড়ম্বনা!

৮০-৯০ দশকত, মানে আমি সৰু থাকোতে বেজবৰুৱাদেৱে কোৱাৰ নিচিনাকৈ কিছুমান দাঁত নোহোৱা সোলা লাপুং বুঢ়া বুঢ়ীৰ মুখত আপোনভোলা হাঁহি দেখিছিলো আৰু হাঁহিয়ে কেনেদৰে মানুহক সুখী কৰি তুলিব পাৰে সেয়া দেখি দেখিয়েই শিকিছিলো৷ সেই সময়ত মানুহবোৰৰ সমস্যা নাছিল বুলি ভাবি ভুল নকৰিব৷ অসমৰ জ্বলন্ত সমস্যাবোৰ সেই সময়চোৱাতেই আছিল, অসম আন্দোলনৰ পৰা আলফালৈকে সকলোবোৰৰ আৰম্ভণিৰ সময় সেইখিনিয়েই৷ গাওঁবোৰ আৰ্থিকভাবে উন্নত নাছিল কিন্তু তেতিয়া আজিৰ দৰে লাহ বিলাসৰ প্ৰতিযোগিতাও নাছিল৷

আমি আমাৰ আইতাহঁতৰ লগতেই হাঁহিছিলো৷ সৰু সৰু কথাতে ৰসবোধ পাইছিলো৷ সেইসময়ত গাঁৱৰ বুঢ়ী আইতাবোৰৰ প্ৰকৃত নামবোৰ জনাটো আমাৰ কাৰণে প্ৰায় অসম্ভৱ আছিল, কিয়নো প্ৰচলিত নামবোৰ আইতাহঁতে বিয়াৰ সময়ত এৰি অহা নিজৰ নিজৰ গাওঁ বা চহৰবোৰৰ পিছফালে একোটাকৈ “নী” লগাই দিয়া নামহে আছিল৷ যেনে ধৰক যদি আইতা এজনীৰ ঘৰ নলবাৰীত তেন্তে আমাৰ গাঁৱত আইতাৰ নাম নলবেইৰেনী৷ ঠিক তেনেদৰে কোনোবাজনী হাজেলনী, কোনোবাজনী বেজৰেনী৷ কোনোবাজনী যদি বৰপেটেনী আন এজনী আকৌ সৰুপেটেনী৷ ধৰক বৰপেটেনী বুঢ়ী ক্ষীণ-মীন আৰু সৰুপেটেনী বুঢ়ী শকত-আৱত, আমাৰ ফূৰ্তিৰ ৰহস্য তাতেই৷

যিকোনো এজনী বুঢ়ী-আইতাক দেখিলেই জোকাওঁ- “বৰপেটেনীৰ সৰু পেট, সৰুপেটেনীৰ মস্ত পেট!” আইতাহঁতেও মৰমতে আমাক খেদে, আমিও দৌৰ মাৰো৷আগে আগে আমি দৌৰি থাকো, পিছে পিছে আইতা৷ ঘৰ নোপোৱালৈকে জোকাই থাকো৷ দাঁত সোলা লাপুং বুঢ়ীয়েওঁ হাঁহে, আমিও হাঁহো, বুঢ়ীআইতাহঁতক কেতিয়াও লাফিং ক্লাৱৰ প্ৰয়োজন নহ’ল৷ সেই সময়ৰ বুঢ়া-বুঢ়ীসকলৰ লাফিং ক্লাৱ আমি সৰু সৰু ল’ৰা ছোৱালীবোৰেই আছিলো৷

অন্য এটা ঘটনা কওঁ, গাঁৱৰ গোসাঁই ঘৰত বিভিন্ন পুণ্য তিথিবোৰত আবেলি সময়ত আইতাহঁতে নাম ধৰিছিল, আমি গোসাঁইঘৰৰ সন্মুখৰ চোতালখনতে নাম শেষ নোহোৱালৈকে খেলি থাকো, সন্ধিয়া নাম ভাগিলে সকলোৱে নিজৰ নিজৰ আইতাৰ হাতত ধৰি ঘৰমুৱা হওঁ৷ এজনী আইতা আছিল সোণাপুৰেনী, যাৰ গিৰীয়েকৰ নাম আছিল ৰঘুনাথ৷ নাম ধৰি থাকোতে এটা বিশেষ পংক্তিৰ সময়ত আইতাজনী চুপ চাপ থাকে, আমি সেই কথাটো লক্ষ্য কৰি থাকো৷ পিছতহে ৰহস্যৰ ওৰ পৰিল, যে দিহানামৰ সেই বিশেষ পংক্তিটোত গিৰীয়েকৰ নাম সোমাই আছে৷ সেই সময়চোৱাত গিৰীয়েকৰ নাম নিজ মুখে উচ্ছাৰণ কৰা মহাপাপৰ দৰে আছিল৷ “এ পাৰ কৰা ‘ৰঘুনাথ’ ঐ, জীৱন বৈতৰণী”… পিছদিনাৰ পৰা আইতাহঁতে সেই নামফাকি গাব ধৰিলেই আমিবোৰে “এ পাৰ কৰা ‘আমাৰ এওঁ’ ঐ, জীৱন বৈতৰণী” বুলি চিঞৰি চিঞৰি নাম ধৰো৷ হাঁহি হাঁহি আইতাহঁতৰ নাম বন্ধ হৈ যায়, সোণাপুৰেনী উঠি আহি আমাক খেদে, আমি “এ পাৰ কৰা ‘আমাৰ এওঁ’ ঐ….” বুলি চিঞৰি চিঞৰি দৌৰো৷ দাঁত সোলা লাপুং সোণাপুৰেনীওঁ হাঁহে, আমিও হাঁহো, বাকী আইতাহঁতেও হাঁহে৷ সেই বুঢ়ী-আইতাহঁতক কেতিয়াও লাফিং ক্লাৱৰ প্ৰয়োজন নহ’ল৷

সেয়েহে সকলোকে অনুৰোধ কৰিছো নিজেও হাঁহক, অন্যকো হহুৱাওক, ক্ষন্তেকীয়া জীৱনৰ ভৰপুৰ ৰস লওঁক, আজিৰ ভোগবাদী জীৱনত বিনামূলীয়াকৈ দিব পৰা বস্তু একমাত্ৰ হাঁহিটোৱেই আছে।

বাকী অমিতাভ বচ্চন অভিনীত নৱৰত্ন তেলৰ বিজ্ঞাপনৰ ভাষাৰে কওঁ “টেনচন যাব পেঞ্চন লবলৈ”।

আহকচোন, আগন্তুক নতুন বছৰটোত সকলোৱে মিলি পণ লওঁ যে যিমানেই সমস্যা নহওক জীৱনত হাঁহিবলৈ কেতিয়াও নেৰো।

 

মৰম আৰু শুভেচ্ছাৰে৷

 

সঞ্জীৱ কুমাৰ ভট্টাচাৰ্য
সম্পাদক,
সপ্তম সংখ্যা, প্ৰথম বৰ্ষ
জানুৱাৰী, ২০১৮

Comments

  1. মিঃ ভট্ট, খুৱ ভাল লাগিল সম্পাদকীয়… নতুন বছৰৰ শুভেচ্ছা জনালো..

    1. ধন্যবাদ কৌশিক।সকলোকে পঢ়িব দিবা আমাৰ মেগাজিনখন।

    1. ধন্যবাদ দাদা।প্ৰচাৰ কৰিব অলপমান আমাৰ মেগাজিনখন।

    1. বহুত ধন্যবাদ আপোনাক দিহা পৰামৰ্শ দি সহায় কৰাৰ বাবে।

    1. ধন্যবাদ কৃষ্ণা।তোমালোকৰ সহায় কেতিয়াও নাপাহৰো।

  2. সুন্দৰ সম্পাদকীয়। ভাল লাগিল। বহু কথাই মনত পৰিল।

    1. ধন্যবাদ বিকাশ।তোমালোকৰ সহায় সহযোগতহে সম্ভৱ হ’ল।

  3. বৰ সুন্দৰ হৈছে সম্পাদকীয়টো৷আজিহে পঢ়িলো৷

  4. সুন্দৰ সম্পাদকীয় ছাৰ ৷ Nostalogic হৈ গ’লো ৷ পাৰ্টি এটা দিয়ক ৷

    ধেমালী বাদ দি এটা কথা কওঁ – মোৰ তোমাৰ লিখন শৈলী আৰু প্ৰকাশভংগীৰ ওপৰত সদায় হিংসা হয় ৷ ইমান সুন্দৰ আৰু সাৱলীল ভাৱে মনৰ কথাবোৰ লিখি দিয়া যে পঢুৱৈয়ে সেইবোৰৰ লগত একাত্মবোধ কৰিব পাৰে ৷ সেইখিনিতেই এজন ভাল লিখকৰ সফলতা লুকাই থাকে ৷

    ( বাৰু এতিয়া সেইবোৰ বাদ দিয়া ৷ আটাইতকৈ প্ৰয়োজনীয় কথাটোলৈ আহা ৷ পাৰ্টি কেতিয়া? সম্পাদক হোৱাৰ পৰা দেখাই নোপোৱা হ’লো ৷ )

  5. সম্পাদকীয় সুন্দৰ হৈছে সঞ্জুবাবা৷ আগতে এবাৰ পঢ়িলো যদিও, আজি আকৌ এবাৰ চকু ফুৰালো৷ সৰ্বাংগসুন্দৰ মেগাজিন এখন উপহাৰ দিয়া বাবে পুনৰ ধন্যবাদ আৰু অভিনন্দন জনালো৷

    1. ধন্যবাদ দাদা,আপোনালোকৰ সহায় সহযোগতহে সম্ভৱ হ’ল।

  6. এটা আপুৰুগীয়া সম্পাদকীয় পঢ়াৰ সুযোগ দিয়া বাবে সম্পাদকলৈ অশেষ ধন্যবাদ যাচিলোঁ ৷ সঁচাকৈয়ে ভোগবাদী সমাজ-ব্যৱস্থাৰ ধামখুমীয়াত পৰি আমি হাঁহিবলৈ পাহৰি গ’লোঁ ৷ গাঁৱৰ মানুহ তেতিয়া দুখীয়া আছিল হয়, কিন্তু মুখত আছিল অনাবিল হাঁহি ৷ অকল গাঁৱৰ নামেৰে পৰিচিত শালমেন্নী, ব’দেনী, ৰাধাকুছেনী, বেজৰেনী নখুন্দেনীহঁতক জোকাই কি যে আনন্দ পাইছিলোঁ ৷ এতিয়া সেই ৰামো নাই, অযোধ্যাও নাই ৷ সকলো গাই গোটা, পেটে ভঁড়াল ৷ তাৰ মাজত ফটাঢোলৰ এই পদক্ষেপ নিঃসন্দেহে আদৰণীয় ৷

    1. বহুত ধন্যবাদ ছাৰ,আপোনাৰ মন্তব্যত বহুত উৎসাহিত হ’লো।

Leave a Reply

Your email address will not be published. Required fields are marked *