অসমৰ অভিনয় জগতৰ এক অতি পৰিচিত আৰু জনপ্ৰিয় নাম, বৰ্তমান সময়ৰ জনপ্ৰিয় ধাৰাবাহিক “বৰলা কাই”ৰ মুখ্য চৰিত্ৰৰ অভিনেতা হিৰণ্য ডেকা৷ মঞ্চ তথা চলচ্চিত্ৰ জগতত বলিষ্ঠ হাস্য-ব্যংগ অভিনয়ৰ দ্বাৰা অসমৰ দৰ্শকৰ মনত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা হিৰণ্য ডেকা ডাঙৰীয়াই ১৯৯৩ চনত মুক্তিপ্ৰাপ্ত হলধৰ ছবিৰ জৰিয়তে চিনেমা জগতত ভৰি দিছিল৷ চলচ্চিত্ৰ জগতত অভিনয়ৰ ৰূপালী জয়ন্তী পাৰ কৰা ডেকা ডাঙৰীয়াৰ বিষয়ে পাঠকক কিছু কথা জনোৱাৰ উদ্দেশ্যৰে ই-আলোচনী “ফটাঢোলৰ” তৰফৰ পৰা এটা সাক্ষাৎকাৰ লোৱা হৈছিল৷ অত্যন্ত ব্যস্ততাৰ মাজতো আমাক কিছু মূল্যবান সময় দিয়াৰ বাবে তেখেতক কৃতজ্ঞতা জনালো৷ ফটাঢোল আলোচনীৰ হৈ সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল ৰামানুজ গোস্বামী, সিদ্ধাৰ্থ ভট্টাচাৰ্য্যৰ সৈতে এই সংখ্যাৰ সম্পাদক সঞ্জীৱ কুমাৰ ভট্টাচাৰ্যই৷

 

ফটা-ঢোলঃ “নমস্কাৰ দাদা, আমি ফেইচবুকৰ জনপ্ৰিয় হাস্য-ব্যংগ গোট ‘ফটা-ঢোল’ৰ তৰফৰ পৰা আপোনাক আন্তৰিক অভিনন্দন জনাইছো৷ আমাৰ এই ই-মেগাজিনৰ সপ্তম সংখ্যাটো অহা ৩১ ডিচেম্বৰৰ ৰাতি ১২টা বজাত প্ৰকাশ হ’ব, মানে নৱবৰ্ষৰ প্ৰথম সময়টোতে আমাৰ আলোচনীখন প্ৰকাশ পাব৷ আমাৰ এইখন সম্পূৰ্ণৰূপে ব্যংগ আলোচনী৷ আলোচনীখনৰ সহৃদয় পাঠকসকলৰ বাবে আজি আপোনাৰ জীৱনৰ কিছু ব্যক্তিগত তথা সাংস্কৃতিক দিশটোৰ বিষয়ে জানিবলৈ বিচাৰিছো৷ আমাৰ প্ৰথম প্ৰশ্ন হ’ল, আপুনি সাংস্কৃতিক জগতখনলৈ কিদৰে আহিল?

হিৰণ্য ডেকাঃ আচলতে মই সৰুৰে পৰাই নাটক কৰিছিলো৷ বৰ ভাল লাগিছিল৷ তেনেকৈ সৰুকালটো, হাইস্কুলীয়া দিনবোৰ নাটকেৰেই আৰম্ভ হৈছিল৷ ডাঙৰ হোৱাৰ পিছতো মই নাটকৰ বিভিন্ন প্ৰতিযোগিতাসমূহত যোগদান কৰাত মনোযোগ দিলো৷ অসমৰ বিভিন্ন ঠাইত নাটকৰ প্ৰতিযোগিতাসমূহত যোগদান কৰিলোঁ৷ তেনেকৈয়ে নাটকৰ মাজতে হয়তো কাৰোবাৰ চকুত পৰিলো৷ তেনেকৈয়ে চিনেমাৰ মাজলৈ আহিলোঁ৷ তাৰ পিছত নাটকো চলি থাকিল আৰু ছবিৰ লগতো জড়িত হ’লো৷

ফটাঢোলঃ আপোনাক অসমৰ মানুহে প্ৰথম চিনি পোৱা মানে ভালকৈ চিনি পোৱা হৈছিল ‘পাপু-নিকু সংবাদ’ নামৰ ধাৰাবাহিকখনৰ জৰিয়তে, নহয় জানো?

হিৰণ্য ডেকাঃ অ’, সেইখনেই জনপ্ৰিয়তা আনিছিল৷

ফটাঢোলঃ জয়ন্ত দাস আৰু আপোনাক মানুহে ভালকৈ চিনাকি ৰখাকৈ সেইখনেই প্ৰথম আপোনাক জনপ্ৰিয়তা দিছিল৷ নহয় জানো?

হিৰণ্য ডেকাঃ অভিনয়ৰ ক্ষেত্ৰখনত মোৰ চিনাকি আগতেও আছিল, পিছে সেইখনে জনপ্ৰিয়তা দিছিল, ধাৰাবাহিক হিচাবে৷ ছবিয়ে জনপ্ৰিয়তা দিছিল ‘হলধৰ’ত, ছবিৰ অভিনেতা হিচাপে৷

ফটাঢোলঃ আপোনাৰ শৈশৱৰ কথা অলপ ক’ব নেকি? এজন অভিনেতা হিচাপে আজি সমগ্ৰ অসমৰ ৰাইজে আপোনাক জানে৷ এই সফলতাৰ লাভৰ পথত আপোনাৰ পৰিয়াল তথা শুভাকাংখীসকলৰ পৰা কেনে ধৰণৰ সমৰ্থন পাইছিল তাৰ বিষয়ে অলপ জনাব নেকি?

হিৰণ্য ডেকাঃ মোৰ জন্ম গাঁওত৷ নলবাৰী জিলাৰ বাহজানী অঞ্চলৰ ভিতৰুৱা গাঁও এখনত মোৰ জন্ম৷ মই পিছে খুব সৰুৰপৰাই গুৱাহাটীৰ কুমাৰপাৰাতেই ডাঙৰ-দীঘল হ’লো৷ কুমাৰপাৰাত প্ৰথম শ্ৰেণীৰ পৰা পঢ়িলোঁ৷ তাৰ পিছত সোণাৰাম হাইস্কুল, প্ৰাগজ্যোতিষ কলেজ৷ মই সেই দুটা বস্তু, গাওঁ আৰু চহৰৰ অনুভৱটো সৰুৰপৰাই পাই আহিছিলোঁ৷ গাঁওৰ প্ৰতিশ্ৰুতিবিলাক গাঁওতেই থাকে, মানে গাঁও মানেনো কি বুজি পাইছিলোঁ৷ চহৰৰো বহু কথা দেখি শুনিয়েই শিকিছিলো, য’ত সৰুৰপৰাই ডাঙৰ হৈছিলোঁ৷ অভিনয়ৰ ক্ষেত্ৰত কুমাৰপাৰাৰ বন্ধু-বান্ধৱখিনিৰ পৰা উৎসাহ পাইছিলোঁ৷ মই আৰু বিশিষ্ট অভিনেতা তপন দাস একেলগে সোণাৰাম হাইস্কুলত পঢ়িছিলোঁ৷ আমি দুয়োজনে সৰুৰপৰাই নাটক কৰিছিলোঁ৷

ফটাঢোলঃ সেই সময়ৰ কথা অলপ কব নেকি? মানে নাটকৰ কথা৷

হিৰণ্য ডেকাঃ হয় হয়, তপন দাস আৰু মই দুয়োজনে নাটক কৰিছিলো৷ গ্ৰুপ বনাইছিলোঁ৷ তেতিয়া তপন দাসৰ ডায়ল’গ আৰু নাটকৰ নিৰ্দেশনা তপন দাসে নিজেই দিছিল৷ তেনেকৈ আহি আহি পিছলৈ বিভিন্ন ঠাইত নাটক কৰিলোঁ৷ নাটকৰ বহু প্ৰতিযোগিতাত ভাগ ললো৷ পিছ্লৈ আমাৰ ‘সূৰ্য নাট্যগোষ্ঠী’ৰ সৈতে জড়িত হ’লো৷ মোৰ অভিনেতা জীৱনত ‘সূৰ্য’ৰ বহুত অৰিহণা আছে৷ ‘সূৰ্য’ৰ নাটকেই আমাক অভিনেতা হোৱাত বহুতো সহায় কৰিছে৷ এইখিনি সময়তে বহু ভাল কাম হ’ল৷ তাৰ পিছতহে আমি চিনেমালৈ আহিলো৷”

ফটাঢোলঃ এতিয়া ধৰক, মানে নতুন অভিনেতা এজনক আপোনালোকে আগুৱাই অহাত সহায় কৰে, বা আপোনালোকক কোনোবাই আদৰ্শ হিচাপে লৈ আগবাঢ়িব পাৰে, আপুনি সেইটো সময়ত তেনেকুৱা কাৰোবাক পাইছিল নেকি? মানে এজন ব্যক্তিক আদৰ্শ হিচাপে লৈ আগবঢ়া বা কোনোবাই হাতত ধৰি শিকোৱা, তেনেকুৱা কোনোবা…..

হিৰণ্য ডেকাঃ আমাক কোনেও হাতত ধৰি শিকোৱা নাছিল৷ আমি সকলোৱে নিজে নিজে আগবাঢ়িছিলো৷ তপন দাস আৰু মই সেই সময়ত তেনেকৈয়ে আগবাঢ়িছিলো৷ এই অঞ্চলৰ কিছু ব্যক্তি নাটকৰ সৈতে জড়িত আছিল৷ তেওঁলোকে সৰুতে আমাক নাটক কৰাইছিল৷ তেখেতসকলৰ অনুপ্ৰেৰণা নোপোৱা নহয়, পাইছিলোঁ, আমি সৰুতে তেখেতসকলৰ নাটকো চাইছিলোঁ৷ গতিকে অনুপ্ৰাণিত নোহোৱা নহয়৷ পিছে নামবিলাক ঠিক মনলৈ অহা নাই, কিন্তু ভৰলুমুখ অঞ্চলত তেতিয়া বহু বিশিষ্ট ব্যক্তি আছিল৷ সৰুকালত তেওঁলোকৰ পৰাই অনুপ্ৰাণিত হৈছিলোঁ৷ পিছলৈ বাৰু তেখেতসকলৰো বয়স হ’ল, আমিও আৰু ব্যস্ত হ’লো যদিও সেইসকল ব্যক্তিক কিন্তু পাহৰিব নোৱাৰোঁ৷ এতিয়াও মনত আছে৷

ফটাঢোলঃ আপুনি চিনেমা এখনত ওলালেই মানুহে হাঁহিব খোজে৷ আপোনাক দেখিলেই হাঁহে৷ ধৰক, কিবা এটা মনত বেলেগ ভাব আহে যে এখেতে এতিয়া কিবা এটা কৰিব৷ আমি যিটো সৰুৰে পৰা দেখিছো যে আপুনি ওলোৱাৰ লগে লগে সেই মুহুৰ্তটো অলপ বেলেগ হৈ যায়, এতিয়া কিবা এটা হ’ব৷ কিবা এটা উৎসুকতা থাকে৷ সেই সময়খিনিৰ বাবে আপুনি নিজকে প্ৰস্তুত কৰি লয় নে এইটো আপোনাৰ স্বভাৱসিদ্ধ?

হিৰণ্য ডেকাঃ নহয়… মানে এইটো স্বতঃস্ফূৰ্তভাৱে হৈ যায়৷ হৈয়েই, এইটো অভিনয় মানে…ৰসৰ অভিনয়ৰ বিষয়ে সৰুতে মই একো নাজানিয়েই এনে চৰিত্ৰত অভিনয় কৰিছিলো৷ পিছলৈ যেতিয়া বুজি পোৱা হলো তেতিয়া দেখিলো যে মোৰ শাৰীৰিক অবয়ব বা মোৰ শাৰীৰিক গঠনেৰে মই নায়ক বা ভিলেইন হবলৈ গ’লে নিমিলিব৷ এনেদৰে কিছু চৰিত্ৰ ৰূপায়ণ কৰি গ’ম পালো যে এইধৰণৰ চৰিত্ৰহে কিজানি মোৰ সৈতে মিলিছে৷ যিধৰণৰ চৰিত্ৰৰ বাবে মানুহে মোক সহাঁৰি দিয়ে, সেই বিষয়টো লৈ মই অলপ চিন্তা চৰ্চা আৰম্ভ কৰি দিলো৷ তাৰ পিছলৈ আৰু বেলেগ চিন্তা কৰা নাই৷ তেনেকৈয়ে ৰসৰ উদ্বেগ হব পৰা চৰিত্ৰত অভিনয় কৰাৰ চিন্তা চৰ্চা মনলৈ আহিল৷ এতিয়া অৱশ্যে সময়ৰ লগে লগে অলপ অলপকৈ বেছি গভীৰলৈ গৈ আছো৷

ফটাঢোলঃ নলবৰীয়া কথিত যি ভাষা, আপুনি সেই ভাষাটো সুন্দৰকৈ কয় বা যিটো আমাৰ প্ৰচলিত ভাষা সেইটোও সুন্দৰকৈ কয়৷ দুয়োটা ভাষাতেই মানে আপুনি দুটা বেলেগ গেটআপ, দুটা ভাষাত কথা কলে মানুহে ধৰিবই নোৱাৰে যে আপুনি একেজনেই মানুহ৷ এইবিষয়ে আপুনি কি কব?

হিৰণ্য ডেকাঃ সেইটোত আচলতে খুউব সৰুৰ পৰাই মোৰ কৌতূহল আছিল৷ অসমখনত আমাৰ নামনি, উজনি…উজনিৰো বহুত ভাগ আছে, ঠাই বিশেষে বেলেগ বেলেগ কথনশৈলী, শব্দক্ষেপন আৰু নামনি অসমতো দহ-পোন্ধৰ কিলোমিটাৰৰ মূৰে মূৰে ভাষাৰ ব্যৱধান, শব্দৰ প্ৰয়োগ মানে কথনশৈলী সেইবোৰৰ প্ৰতি সৰুৰে পৰা কব নোৱাৰাকৈ অলপ আকৃষ্ট হৈছিলো৷ কোনে, কেনেকৈ কি ধৰণে কথা পাতে, সেইটো লৈ মোৰ সৰুৰে পৰা অলপ কৌতুহল আছিল, তেনেকৈ চিন্তা চৰ্চাও আছিল৷ চিন্তা-চৰ্চা অৱশ্যে পাছৰ বয়সতহে কৰিছো৷ সেই কৌতুহল থকাৰ কাৰণেই কিজানি মোৰ এই বিষয়ত কিছুমান সুবিধাও হৈছে৷

ফটাঢোলঃ আপুনি দুয়োটা ভাষাই ভালকৈয়ে কব পাৰে৷

হিৰণ্য ডেকাঃ চৰিত্ৰ এটা পোৱাৰ পাছত চিন্তা কৰিব পৰা হলো৷ পাছলৈ যে ‘এইটো ষ্টাইলত কৰিব পাৰি নেকি’ বা ‘এইটো কথনশৈলী ব্যৱহাৰ কৰিব পৰা যায় নেকি’ এনেকুৱা ধৰণৰ ভাববোৰ মনলৈ আহিল, সেই কাৰণেই হয়তো এইটো পৰ্যায়লৈ আহিব পাৰিছো৷ কোনে, কেনেকৈ কি ধৰণে কথা পাতে, এই কৌতুহলটো মোৰ সৰুৰে পৰা আছিল৷

ফটাঢোলঃ এইটো আপুনি নিজেই নিজৰ ভিতৰতে আয়ত্ব কৰিছিল নেকি?

হিৰণ্য ডেকাঃ অঁ…সেইটো মোটামুটি এটা নিজস্ব tuning হয়৷ বস্তুটোত কৌতূহলতা আহিয়ে গৈছিল৷ যেতিয়া কৰা যায় এজন ডাইৰেক্টৰ থাকেই, এখন নাটকতেই হওক বা ছবিতেই হওক, তেওঁলোকেও তেনেকৈয়েই লবলগীয়া হয়৷ তেওঁলোকে যিটো নিৰ্দেশ দিয়ে, সেইমতেই কৰোঁ৷ হলেও মানে এইধৰণৰ tuning এটা মনতে এবাৰ ভাবি লওঁ, তেনেকৈয়ে এবাৰ কৰি চাওঁ, তেনেকৈয়ে কৰি আছো৷

ফটাঢোলঃ ব্যংগ বিষয়টোত, মানে আপোনাক এই বিষয়টোত অসমৰ বাটকটীয়া বুলি কব পাৰি৷ এই বিষয়টোৱে আমাৰ যান্ত্ৰিক জীৱনত কেনেধৰণৰ সহায় কৰিব আপুনি ভাবে? কাৰণ আমাৰ আলোচনীখনো হৈছে ব্যংগধৰ্মী আলোচনী৷ ব্যংগ মানে উপলুঙা বা তেনেধৰণৰ কথা নহয়, আমাৰ মাজত মানুহৰ গাৰ ৰঙ লৈ, বা মানুহৰ আকৃতিক লৈ কোনেও ঠাট্টা কৰিব নোৱাৰে৷

ব্যংগৰ যোগেৰে সামাজিক মেছেজ এটা যাব লাগে, আমাৰ পৰিকল্পনা আচলতে তেনেকুৱাহে৷ এতিয়ালৈকে আমি সেইটোৱেই মানি চলিছো৷ ব্যংগ সাহিত্যত আপুনি যদি চায় ভাৰতৰ ভিতৰত অসমখন এতিয়াও বহুত দুৰ্বল বুলি আমাৰ অনুভৱ হৈছে৷ ব্যংগ বিষয়টোত আমি এতিয়াও বহু আগুৱাবলৈ বাকী আছো? আপুনি এই বিষয়ে কি কয়?

হিৰণ্য ডেকাঃ বাকী আছে, বাকী আছে৷ আমি সৰুৰে পৰা লক্ষ্মীনাথ বেজবৰুৱাৰ ‘বুঢ়ী আইৰ সাধু’ পঢ়িছিলো৷ তাৰ উপৰিও সেই সময়তে আমাৰ সমাজৰ বাবে তেওঁ লিখি থৈ যোৱা ব্যংগ লেখাখিনি বহুত ওপৰখাপৰ৷ সেইখিনিত বহুত গভীৰতা আছে৷ পিছে সেইখিনি আমি কিমানদূৰ বুজি পাইছো সেইখিনিহে কব নোৱাৰিম৷ আমি পঢ়া শুনা আৰম্ভ কৰিয়ে বুঢ়ী আইৰ সাধু পঢ়িছো, তাৰ পিছতো ব্যংগ হৈছে কিন্তু সেই ধাৰাটো বজাই ৰাখিবলৈ সক্ষম হোৱা নাই৷ সৰু কথা, হাঁহি উঠা কথা কিছুমানতে সমাজৰ বাবে বহু বাৰ্তা সোমাই থাকে৷ পিছে সেই বাৰ্তাখিনি সঠিকভাৱে আমি মনলৈ আনিব পৰা নাই আৰু বহুত বাকী আছে৷ আমাৰ সমাজক লৈ, আমাৰ সমাজৰ কাম-কাজ, কৰ্ম, আমাৰ সংস্কৃতিক লৈ, আমাৰ বিভিন্ন সংস্কৃতিক লৈয়ো বহু ব্যংগ আছে৷ আমাৰ খাদ্য সংস্কৃতিক লৈয়ো হব পাৰে, পিন্ধন উৰণক লৈয়ো হব পাৰে, ভাষাক লৈয়ো ব্যংগৰ সৃষ্টি হ’ব পাৰে৷ এতিয়া এইধৰণৰ ব্যংগৰ সৃষ্টি হৈছে, মই নাই হোৱা বুলি নকওঁ, কিন্তু আৰু যেন হব লাগিছিল মোৰ তেনে অনুভৱ হয়…৷

ফটাঢোলঃ আপোনাৰ দৃষ্টিত আজিৰ তাৰিখত অসমৰ শ্ৰেষ্ঠ ব্যংগ অভিনেতা বা কৌতুক অভিনেতা কোন বুলি ভাবে? আমি জয়ন্ত দাসৰ সাক্ষাৎকাৰ লোৱাৰ সময়ত তেখেতে পোনপটীয়া উত্তৰত কৈছিলে যে হিৰণ্য ডেকাৰ ওপৰত কোনো শ্ৰেষ্ঠ কৌতুক অভিনেতা অসমত হ’ব নোৱাৰে৷ তেখেতৰ হিচাপত আপুনিয়েই শ্ৰেষ্ঠ কৌতুক অভিনেতা৷

হিৰণ্য ডেকাঃ সেইটো সখি৷ সখিৰ কথা৷ জয়ন্ত দাস সখিৰ সৈতে খুউৱ সৰুৰে পৰা একেলগে বহুত অভিনয় কৰিছোঁ, নাটক কৰিছোঁ৷ সেই হাইস্কুলীয়া দিনৰে পৰা লগ পোৱা৷ যদিও সি বেলেগ স্কুলত পঢ়িছিল, কলেজ উইকত আমি লগ লাগিছিলো৷ একাঙ্কিকা নাটকৰ পিছত৷ সখিয়ে যথেষ্ট সন্মান কৰে, ভালো পায় আৰু মোৰো সখিৰ প্ৰতি যথেষ্ট সন্মান আছে৷ সখিক মই ট’টেল অভিনেতাৰ স্থানত স্থান দিও যিটো মই নহয়৷ মই অভিনয়ৰ এটা দিশহে কৰোঁ৷ এটা বিশেষ বা বিশেষ বুলিও নকও৷ এটা দিশত মই কৰোঁ, চিন্তা চৰ্চাও কৰোঁ৷ সখি এজন ট’টেল এক্টৰ হয়৷ সখিয়ে আচলতে ভিলেইনৰ পৰা কমেডিলৈ সকলোবোৰেই কৰিছিল৷ গোটেইকেইটা ৰস সখিয়ে কৰিব পাৰে৷ যিটো মই কৰিব নোৱাৰো৷ সেয়ে হয়তো সেই দিশৰ পৰা চাই সখিয়ে কৈছে৷ (হাঁহি) সেইটোও মই নকওঁ, মইয়ে শ্ৰেষ্ঠ! সেইটো কোৱা অলপ টান৷ কিন্তু সখিক সন্মান সহকাৰে মই কওঁ, তেওঁ কিন্তু ট’টেল এক্টৰ৷ যিটো মই নহওঁ৷

ফটাঢোলঃ আপুনি সখি বুলি তেওঁক সম্বোধন কৰে নেকি?

হিৰণ্য ডেকাঃ আমি এতিয়াও সখি বুলিয়ে মাতো৷

ফটাঢোলঃ তই-তই, মই-মই নে ফৰ্মেল বাৰ্তালাপ?

হিৰণ্য ডেকাঃ আমি এহ…আগতে তই-তইয়ে আছিল কিন্তু এটা বয়সত আমি তুমি হ’লো৷ যিদৰে তপন দাসৰ লগতো আগতে তই-তই আছিল৷ আমি মেট্ৰিক পাছ কৰি কলেজত পঢ়াৰ পিছত কিবা তুমি-তুমি কোৱা আৰম্ভ কৰিলোঁ৷ সেইটো কিবা মৰমেই হ’লনে কি বা হ’ল নাজানো৷ তেখেতেওঁ মোক তুমি বোলা হ’ল, ময়ো তেওঁক তুমি বোলা হ’লো৷ এতিয়া তুমিতে চলি আছো আৰু৷ সখিও তুমিত চলি আছে৷

ফটাঢোলঃ ভ্ৰাম্যমাণ থিয়েটাৰ সম্পৰ্কে আপুনি কিবা ক’ব নেকি?

হিৰণ্য ডেকাঃ মই ভ্ৰাম্যমাণত আছিলো৷ ভ্ৰাম্যমাণত একেবাৰে বহুত আগতেই যোৱা৷ মই বহুত আগতেই যোৱা আৰু মাজতে মই ২০০৬-০৭ চনতো মই কহিনুৰত থাকি আহিছো৷ ভ্ৰাম্যমাণ থিয়েটাৰতো ভালেই৷ আগৰ বিলাকতো বেচ ভাল আছিল৷ এতিয়া মানুহে কয় গান-নাচ ভৰপূৰ হয় বুলি৷ কাহিনী ……মানে কাহিনীটো বৰ এটা ……খামখেয়ালী হয়৷ এইটো নোহোৱা নহয়, হৈছে৷ নাটক বুলি ক’লে সৰুতে আমি ভাৱৰীয়াহে চাইছিলোঁ৷ মুক্তি বৰ্মনৰ নাটকৰ দৰে বলিষ্ঠ নাটক এতিয়া নাই৷

ফটাঢোলঃ আগৰ নাটকৰ লগত নিমিলে বুলি ভাবে নেকি আপুনি?
হিৰণ্য ডেকাঃ অলপ কমিছে৷ কিন্তু কিছুমান বস্তু ভাল হৈছে৷ নাটকৰ সাজসজ্জ্বা, মঞ্চসজ্জ্বা, লাইটৰ পোহৰৰ মানে কাৰচাজি, শব্দ এইবিলাক ভাল হৈছে৷

ফটাঢোলঃ পেছাদাৰী ভাৱধাৰা এটাও আহিছে নিশ্চয়৷

হিৰণ্য ডেকাঃ অঁ, পেছাদাৰী ভাবধাৰা এটা নিশ্চিতভাবে আহিছে৷

ফটাঢোলঃ আহিছে৷ যিটো আগতে নাছিল হয়তো৷

হিৰণ্য ডেকাঃ আগতেও আছিল৷ কিন্তু ইমান গুৰুত্ব দিয়া নাছিল৷ এইবিলাক দিশত অলপমান দুৰ্বল আছিল৷ এইবিলাক দিশ এতিয়া বহুত ষ্ট্ৰং হৈছে৷ বাকী নাটকৰ ওপৰততো কিবা কিবি হৈয়ে থাকে৷ প্ৰতি বছৰে কিছুমান নাটক খুবেই ভাল বুলি ওলায়৷ কিছুমান নাটক অকল ‘হেৰি’ বুলিহে ওলায়৷ আচলতে এনেকুৱা হ’লেও ভ্ৰাম্যমাণক লৈ আমি আশাবাদী৷ কাৰণ, ভ্ৰাম্যমাণৰ দৰকাৰ আছে৷ পৃথিৱীৰ ক’তোৱে নথকা সাংস্কৃতিক আন্দোলন এটা৷ ভ্ৰাম্যমাণ থিয়েটাৰ চলি থকাতোৱেই আমি বিচাৰো৷ আৰু হয়তো পিছলৈ আৰু ভাল হ’ব৷ আমি আশাবাদী৷

ফটাঢোলঃ মানুহৰ সংস্থাপনৰো কথা আছে৷ ইয়াত বহুতো মানুহ সংস্থাপিত হৈ আছে৷

হিৰণ্য ডেকাঃ বহুকেইজন শিল্পী সংস্থাপিত হৈ আছে৷ তাৰ বাহিৰে ক’বলৈ গ’লে শিল্পীসকলক সংস্থাপন দিব পৰা আমাৰ বেলেগ মাধ্যম নায়েই৷ গতিকে ভ্ৰাম্যমাণত যথেষ্ট শিল্পী সংস্থাপিত হৈছে৷ ভালকৈ পৰিয়াল পোহ-পাল দিব পাৰিছে৷ আগতে দিগদাৰি আছিল৷ এতিয়া বহুত ভাল হৈ গৈছে৷

ফটাঢোলঃ আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি? আপুনি মানে অভিনয়েই কৰি যাব নে বেলেগ কিবা কৰিব?

হিৰণ্য ডেকাঃ ভৱিষ্যত মানে ভৱিষ্যতৰ কথা একো বিশেষ মই ভবা নাই৷ মই অভিনয় কৰি থাকিব পাৰিলেই ভাল পাম৷ আৰু যি কৰি আছো…যি কৰি আছো তাতকৈ কিজানি তাতকৈ অলপ আৰু অসমৰ মানুহৰ অন্তৰত সাঁচ বহুৱাব পৰা কিবা কৰিব পাৰিলে, তাকে ভাবি থাকো৷ জানো কি হয়!

ফটাঢোলঃ আজিৰ যুগত মানুহৰ মানসিক চাপ অলপমান বেছি৷ আপুনি ভাবেনে যে আপোনালোকে, আপুনি যিটো অভিনয় কৰে বা জয়ন্ত দাসে যিটো অভিনয় কৰে বা বাকী কৌতুক অভিনেতাবিলাকে যিটো অভিনয় কৰে, এই অভিনয়ৰ দ্বাৰা মানুহৰ মানসিক চাপ কিছু পৰিমাণে হ’লেও আপোনালোকে লাঘৱ কৰিব পাৰিছে?

হিৰণ্য ডেকাঃ লাঘৱ কিমান দূৰ কৰিব পাৰিছো সেইটো মই নকওঁ৷ কিন্তু চাপ-তাপ বিলাক ৰসৰ মাধ্যমেৰে কমি থাকে৷ চাপক নিয়ন্ত্ৰণ কৰিব পৰা বস্তুটো হৈছে হাস্যৰস৷ আৰু হাস্যৰস যদিহে উপভোগ্য হয়, সেই হাস্যৰসে যদি হাঁহিৰ উদ্ৰেক ঘটাব পাৰে; মানে যি ৰস দিছে সেই ৰসৰ কথাখিনিৰ কৰ্মকাণ্ডত যদি কোনোবা অচিনাকি ব্যক্তিয়েও ৰস পাইছে সেইটোতকৈ ডাঙৰ কথা নাই৷ গতিকে, তেতিয়া নিশ্চয় চাপমুক্ত হ’বই৷ গতিকে সেইটো হয়৷

ফটাঢোলঃ হিন্দী চিনেমাত আঢ়ৈঘণ্টা পূৰ্ণদৈৰ্ঘ্যৰ কমেডী চিনেমা এখন আমি পাওঁ৷ কেইবাখনো এনেধৰণৰ ছবি আছেই৷ কিন্তু পূৰ্ণদৈৰ্ঘ্যৰ কমেডী অসমীয়া চিনেমা বেছি নাই৷ তেনেধৰণৰ চিনেমাৰ অভাৱ আপুনি অনুভৱ কৰে নে?

হিৰণ্য ডেকাঃ অ’…এখন চিনেমাৰ কথা কওঁ৷ মই চোৱা নাই, আচলতে মই চাব নাপালো৷ সৰুকালত, সৰুতো আছিলোৱে, জন্ম হোৱাৰ আগতেই হ’ল চাগে, কিমান চন মোৰ মনত নাই ’ইটো সিটো বহুতো’ বুলি এখন বৰ হাস্যৰসিক চিনেমা আছিল৷ সেইখনৰ বিষয়ে অগ্ৰজ সকলৰ মুখত শুনি থাকো৷ তেতিয়া খুব ভাল চলিছিল বুলি কৈছিল৷ সময়ো সলনি হল, মানুহৰ ৰুচিবোৰো সলনি হৈছে৷ এতিয়া তেনে এখন ছবিয়ে আঢ়ৈঘণ্টা, তিনিঘণ্টা অকল হাস্যৰসৰ ওপৰতে চলিবই বুলি একেষাৰতে কব নোৱাৰি৷ যিহেতু আমাৰ অসমীয়া চিনেমাৰ অৱস্থাটোৰ বিষয়েও আপোনালোকে জানে৷ হললৈ মানুহ যোৱাৰ অভ্যাসটোৱেই হোৱা নাই৷ ৯৯ চনৰ পৰা সোণালী দিন আহিছিল, তাৰ পিছত কিন্তু সোণালী দিন আকৌ নোহোৱা হ’ল৷ কিন্তু এটা ভাল বিষয়বস্তু লৈ ভাল ধৰণে ট্ৰিটমেণ্ট কৰিলে, পৰিচালক এজনে ভালকৈ ট্ৰিটমেণ্ট কৰিলে নিশ্চয় চলিব বুলি ভাবো কাৰণ ‘হলধৰ’ ছবিখনো এখন সৰস ছবি আছিল৷ ময়ো অভিনয় কৰিছিলো৷ ইমান নচলিল যদিও ছবিখন চালে যিকোনো মানুহৰ চিন্তাক উদ্ৰেক কৰিব পৰা বিধৰ আছিল৷ সহজ সৰল, সৰস ছবি বুলি কব পাৰি, সেইখন ছবিটো বিশেষ একো সাংঘাতিক নাছিল৷ এটা সৰু বস্তু লৈ কৰিছিল, তেনেকুৱা উদাহৰণ বহুতো আছিল, গতিকে মই ভাবো নচলা কথা নাই, বিষয়বস্তু ভাল হব লাগিব গ্ৰহণযোগ্যতা থাকিব লাগিব৷ দক্ষ পৰিচালক, পৰিচালনা, আটাইকেইটা বস্তু মিলিলে নচলাৰ কথা নাই৷

ফটাঢোলঃ আপোনাৰ দৃষ্টিত অসমৰ শ্ৰেষ্ঠ অভিনেতা, অভিনেত্ৰী, পৰিচালক কোন?

হিৰণ্য ডেকাঃ তেনেকৈ কবলৈ গলে বৰ দিগদাৰ৷ ভালপোৱা ব্যক্তি বহুকেইজন আছে৷ মুনীন বৰুৱা, মই তেখেতৰ বহুকেইখন ছবিত অভিনয় কৰিছো, তেখেত মোৰ প্ৰিয় মানুহ৷ সঞ্জীৱ হাজৰিকা মোৰ প্ৰিয় মানুহ৷ আজি আমাৰ মাজত নাই…বিদ্যুৎ চক্ৰৱৰ্ত্তী, তেওঁৰ সকলো ছবিত মই অভিনয় কৰা নাই যদিও তেওঁৰ আটাইকেইখন ছবিয়েই ভাল আছিল৷ সঁচাকৈ তেওঁ খুব ভাল ছবি নিৰ্মাতা আছিল, উচ্চখাপৰ ছবি নিৰ্মাতা আছিল আৰু তেনে বহুতো আছিল যিসকলৰ নাম হঠাৎ এতিয়া মোৰ মনত অহা নাই৷ ঠিক তেনেদৰে অভিনেতা যতীন বৰাৰ লগতো মই বহু কাম কৰিছো৷ যতীনৰ সৈতে বহু স্বাচ্ছন্দ্য অনুভৱ কৰা হয়, খুব ভাল অভিনেতা৷ ৰবি শৰ্মাৰ লগতো কাম কৰিছো, ৰবিকো খুব ভাল লাগে৷ তপন দাস মোৰ সৰুকালৰ বন্ধু, তেওঁৰতো মই ভক্তই গতিকে তেওঁক ভাল লাগে৷ জয়ন্ত সখিৰ কথা মই ক’লোৱেই৷ গতিকে এনেকুৱা বহু কেইজন আছে যিসকলৰ নাম মই এতিয়া মনত পেলাব পৰা নাই৷

ফটাঢোলঃ এটা বিশেষ নাম আপোনাৰ মনত পৰা নাই চাগে……চেতনা বাইদেউ?

হিৰণ্য ডেকাঃ অ’…অ’… চেতনা বাইদেউ! চেতনা বাইদেউ বিশাল ব্যক্তিত্বৰ মানুহ, বিশালতা বহুত, বাইদেউক হাস্যৰসৰ সম্ৰাজ্ঞী বুলি কব পাৰি৷ বাইদেউৰ কথা কব পাহৰিছিলোৱেই৷

ফটাঢোলঃ আমাৰ আলোচনীখনৰ আলোচনীখনৰ এইটো সপ্তম সংখ্যা৷ দেশে-বিদেশে থকা অসমীয়া লোকসকলৰ প্ৰায়ভাগেই পঢ়ে৷ এই সংখ্যাটোলৈ চবেই উৎসুক, বিশেষকৈ আপোনাৰ সাক্ষাৎকাৰটোক লৈয়ো বহু মানুহ উৎসুক৷ আমাৰ পঢ়ুৱৈসকলৰ বাবে কিবা বাৰ্তা দিব নেকি?

হিৰণ্য ডেকাঃ ফটাঢোলৰ পঢ়ুৱৈসকলে ফটাঢোল আলোচনীখন আদৰি লওঁক৷ সকলোৱে পঢ়ক, ব্যংগ সাহিত্যত সকলোৱে উৎসাহ দিয়ক আৰু শেষত এইটোৱে কব বিচাৰিম যে হহুৱাই থাকক হাঁহি থাকক…

ফটাঢোলঃ আপোনালৈ আমাৰ সকলোৰে তৰফৰ পৰা নতুন বছৰৰ শুভেচ্ছা জনালো৷

হিৰণ্য ডেকাঃ মোৰো শুভেচ্ছা থাকিল৷ সকলোকে আন্তৰিক ধন্যবাদ জনালো৷

■■

 

Comments

  1. ইমান ব্যস্ততাৰ মাজতো আমাক সময় দিয়া বাবে হিৰণ্য দালৈ ধন্যবাদ জনাইছো।

  2. ভাল লাগিল সাক্ষাতকাৰটি।হিৰণ্য দালৈবহুত শুভকামনা থাকিল।

  3. ভাল লাগিছিল সাক্ষাৎকাৰটো লৈ, মোৰেই সৌভাগ্য আছিল..

Leave a Reply

Your email address will not be published. Required fields are marked *