দুহেজাৰ চনৰ কথা৷ তেতিয়া মই দিল্লীত৷ ৱেষ্ট পেটেল নগৰৰ ভাড়ালৈ লোৱা এজনীয়া ৰূম এটাত কোনোমতে মুৰ গুজি আছিলো৷ দিল্লীত থকাৰ উদ্দেশ্য আছিল দুটা৷ কম্পিউটাৰ নেটৱৰ্কিঙৰ এডভান্সড ক’ৰ্চ এটা কৰা আৰু লগতে কিছু অভিজ্ঞতা গোটোৱা৷ কেইমাহমানৰ ভিতৰতে সৰুকৈ চাকৰি এটাও যোগাৰ কৰি ললো৷ দিল্লীৰ সীমামূৰীয়া ৰোহিনী অঞ্চলৰ চেক্টৰ-চিক্সত চাকৰি৷ পুৱা ছয়বজাতেই ৱেষ্ট পেটেল নগৰৰ বাছষ্টপৰ পৰা ৰোহিনীৰ চেক্টৰ-৬ লৈ ৫৭০ নম্বৰৰ ডি.টি.চি. বা ব্লু-লাইনৰ বাছ ধৰিব লগা হয়৷ পুৱা সাতবজাৰ পৰা তিনিবজালৈ চাকৰি৷ গধুলিকৈ ক্লাছ৷ দিনবোৰ বাৰুকৈয়ে চলি গৈছিল৷

তাত থাকোতে খোৱা-বোৱাৰ ক্ষেত্ৰত মোৰ বিশেষ অসুবিধা হোৱা নাছিল৷ পিছে সৰুৰে পৰাই ৰন্ধা-বঢ়াৰ কামত মই বৰ এলেহুৱা আছিলো৷ আচলতে মই ঘৰৰ ডাঙৰ ল’ৰা, তাতে যৌথ পৰিয়াল৷ মা, পেহী, ভণ্টি, আইতাহঁতে অনবৰতে পাগঘৰত খদমদমাই থাকে৷ গতিকেই ৰন্ধন-প্ৰকৰণত ব্যুৎপত্তি দেখুওৱাৰ মোৰ ভাগত কোনো সুযোগেই নিমিলিল৷ পিছে নাকটো মোহাৰিয়েই বুদ্ধি সাজিব পৰা মগজুকণ আছিল বাবেই অসুবিধা নোহোৱাকৈ চলি গৈছিল৷ দিল্লীত থকা সময়ছোৱাতো ভাগ্যক্ৰমে ৰন্ধা-বঢ়া কৰিব লগা নহল ৷

সেই সময়ত মোৰ ৰূমৰ কাষত উৰিয়া ল’ৰা এজন থাকে৷ ওমপ্ৰকাশ দাশ৷ উৰিষ্যাৰ কটক চহৰত ঘৰ৷ এজন নৈষ্ঠিক ব্ৰাহ্মণ যুৱক৷ পঢ়া-শুনাত বৰ চোকা৷ ওমপ্ৰকাশ দিল্লীত থকা বহুদিনেই হ’ল৷ কেইটামান টিউশ্যন কৰিয়েই আৰামত চলে৷ সেই কালতেই ওমপ্ৰকাশে এজন ছাত্ৰৰ পৰা টিউশ্যন ফিজৰ বাবদ পাঁচ-ছয় হেজাৰকৈ টকা লৈছিল৷ ওমপ্ৰকাশে পঢ়ুওৱা ল’ৰা-ছোৱালীয়ে পৰীক্ষাত ভাল নম্বৰ পোৱাৰ গেৰাণ্টী দিয়ে বাবেই তাৰ ফিজৰ হাৰো বেছি হেনো৷ বেছি ল’ৰা-ছোৱালীকো নপঢ়ায়৷ পিছে সি দিল্লীত একেবাৰে আড়ম্বৰহীন জীৱন যাপন কৰিছিল৷ উপাৰ্জনৰ বেছিভাগ টকাই ঘৰলৈ পঠিয়াইছিল৷ দিনটোৰ বেছিভাগ সময় ৰূমতে প্ৰাৰ্থনা কৰি, শ্লোক মাতি, শ্ৰীমদ্ভাগৱতগীতা আদি পঢ়িয়েই কটাইছিল৷ সেই বাবেই সেই পাৰাৰ সকলোৱে ওমপ্ৰকাশক ‘স্বামীজী’ বুলিয়েই মাতিছিল৷

মোৰ সৈতে ওমপ্ৰকাশৰ বন্ধুত্ব গঢ়ি উঠিবলৈ বেছি দিন নালাগিল৷ পিছে সৰুৰে পৰাই মই ধৰ্ম-কৰ্মৰ পৰা শত-যোজন আঁতৰত আছিলো৷ ইশ্বৰবিশ্বাসীও নাছিলো৷ সৰুতেই ককাৰ মুখত শুনা ভাগৱতৰ বাখ্যা, দুই এখন কিতাপ পত্ৰ, ককা-আইতাৰ মুখত শুনা ধৰ্মীয় আখ্যানবোৰ আৰু সাধুকথাবোৰৰ পৰাই ধৰ্ম সম্পৰ্কে কিঞ্চিত জ্ঞান লাভ হৈছিল৷ সেইখিনিকে লৈ মাজে মাজে ‘স্বামীজী’ৰ সৈতে এঘড়ী ‘বিজ্ঞান বনাম ধৰ্ম’ নামৰ বিতৰ্কত ভাগ লৈছিলো৷ তেতিয়ালৈ মই কাষৰে সৰু হোটেল এখনতে খোৱাৰ বন্দৱস্ত কৰি লৈছিলো৷ সেই সময়ত মোৰ পাগঘৰৰ সামগ্ৰীৰ হিচাপত নিজাকৈ গিলাচ এটাও নাছিল৷ এদিন হঠাতে ‘স্বামীজী’য়ে ক’লে, “তই এনেকৈ হোটেলত খাই থাকিলে মৰি থাকিবি৷ যিহে লেতেৰা পানী, বাচন, চাউল-আটা ব্যৱহাৰ কৰে নহয়, তাতকৈ মোৰ তাতেই খা৷”

মই হাততে সৰগ ঢুকি পালো৷ মই ৰান্ধিব নাজানো বুলি কবলৈহে পালো, সি একেবাৰে জকজকাই উঠিল, ‘তোৰ হাতেৰে মই নাখালেহে পাৰিছো৷ তহঁতৰ অসমত হেনো বহু ব্ৰাহ্মণেও মাছ-মাংসকে আদি কৰি বহু বস্তু খায়৷ মই তোৰ হাতেৰে নাখাওঁ! মোৰ অকলে খাবলৈ ভাল নালাগে বাবেহে তোক লগত লৈছো৷ তাতে তয়ো ভাত খোৱা ৰাজ্যৰ মানুহ, ময়ো ভতুৱা!’

মোৰনো কি? মই ভালেই পালো৷ চুক্তি হ’ল যে হিচাপ পত্ৰ মই ৰাখিম, বজাৰ মই কৰিম, পাচলি কটা-কুটা আদি মোৰ কাম, স্বামীজীৰ কাম হ’ল কেৱল ৰন্ধা-বঢ়া কৰা৷ বাচন-বৰ্তন ধুবলৈ পাৰ্ট-টাইম হিচাপে কামকৰা তিৰোতা এগৰাকী আছিলেই৷ গতিকেই মোৰ আৰামেই আৰাম হ’ল৷ কেতিয়াবা নিজে একাপ চাহ বনাই খোৱাৰ বাহিৰে আন কাম একো নাছিল৷ কেৱল কণী-মাছ-মাংস, পিয়াজ-নহৰু আদি বৰ্জনীয় বস্তু আছিল৷ শুদ্ধ নিৰামিষ হলেও ‘স্বামীজী’য়ে ৰন্ধা খাদ্যৰ সোৱাদ অপূৰ্ব আছিল৷ কেতিয়াবা আমিষ খাবলৈ মন গলে কোনোবা বঙালী হোটেলত মাছে-মঙহে উদৰ পুৰাই আহিছিলো৷

সেই সময়তে এতিয়াৰ ‘আমাৰ এওঁ’ মানে বৰ্তমানৰ সহধৰ্মিনীৰ সৈতে মোৰ হিয়া-দিয়া-নিয়া চলি আছিল৷ আজিৰ দৰে ম’বাইল-ইণ্টাৰনেট সহজলভ্য নাছিল বাবে প্ৰেমালাপৰ বাবে ফোন আৰু চিঠিয়েই গতি আছিল৷ দিল্লীৰ পৰা গুৱাহাটীলৈ এছ.টি.ডি.ৰ কলৰ দৰ বহুত৷ অৱশ্যে নিশা এঘাৰ বজাৰ পাছত এছ.টি.ডি.ৰ ফোনকলৰ দৰ এক-তৃতীয়াংশ হৈ যায়৷ সপ্তাহত দুই এদিন ঘৰলৈ ফোন কৰো৷ ভাত পানী খাই দহ বাজি পঞ্চল্লিছ মিনিটত পি.চি.অ’ৰ ভিতৰৰ বেন্সখনত পৰ দিও৷ ইতিমধ্যে পিচিঅ’ত মোৰ দৰে দুজনমান ৰৈয়েই থাকে৷ পিচিঅ’ৰ মালিকেও জানে যে এইকেইটাই এঘাৰ বজাৰ আগে আগে ফোনত হাত নিদিয়ে৷ আমি আটাইকেইটা কলমটিয়াই কলমটিয়াই এঘাৰ বজালৈ ৰৈ থাকো৷ এঘাৰ বজাৰ পাছতহে ঘৰৰ নম্বৰ ডায়েল কৰো৷ দীঘলীয়াকৈ ৰিং এটা হয়৷ ঘৰৰ সকলোৱে অলপ অলপকৈ কথা পাতে৷ খা-খবৰ লওঁ৷ পিছে প্ৰেমিকালৈ নিশা এঘাৰ বজাৰ পাছত ফোন কৰাটো কল্পনাৰো অগোচৰ৷ তাতে সেই সময়ত আমাৰ এওঁৰ ঘৰত ফোন নাছিল৷ পি.পি. নম্বৰ এটাহে আছিল৷ মানে কাষৰে এঘৰৰ ফোন নম্বৰ৷ সেই ঘৰলৈ ফোন কৰি অমুকক মাতি দিয়ক বুলি কব লাগে, তাৰ পাছৰ ফোনটো থৈ আন্দাজ কৰি পাঁচ-দহ মিনিটমান পাছত আকৌ ফোন কৰিব লাগে৷ যদি সেই সময়চোৱাত আকাংক্ষিত মানুহজন ঘৰত থাকে তেনেহলে ফোনত পোৱা যায়৷ নহলে আকৌ অন্য এদিনৰ বাবে অপেক্ষা কৰিব লগা হয়৷ সেই ব্যৱস্থাটোত অৱশ্যে ফোন থকা মানুহঘৰেও বৰকৈ সহায় কৰিছিল৷ ‘অমুকক মাতি দিয়কচোন’ বুলি কলেই ফোন ধৰোতাজনে চাৰি-পাঁচ ঘৰ পাৰ হৈ ‘অমুক’ৰ ঘৰলৈ গৈ ফোন ধৰিবলৈ মাতি আনিছিল৷ ময়ো মোৰ হবলগীয়া ‘মানুহজনীৰ’ মাতটো শুনিবলৈকে বুকুত সাহ লৈ মাহেকে পষেকে দিল্লীৰ পিচিঅ’ৰ পৰা সুদূৰ শিৱসাগৰলৈ ফোন কৰিছিলো৷ অৱশ্যে দিনৰ পোহৰতেই ফোন কৰিছিলো৷ এছ.টি.ডি. কল, তাতে দিনৰ ভাগত৷ সেয়ে ফোনৰ মিটাৰো একেবাৰে দোকোলটকা বানৰ দৰেই হো-হোৱাই বাঢ়িছিল৷ কাজেই আমাৰ কথাবোৰো সংক্ষিপ্ত আছিল৷ ‘নাইতকৈ কণাই ভাল!’ সেই পাঁচ দহ মিনিটৰ প্ৰেমালাপেই আছিল আমাৰ দুয়োৰে জীৱনৰ বাবে সঞ্জীৱনী সুধাস্বৰূপ৷

পিছে হিয়া উবুৰিয়াই মনৰ কথাবোৰ ব্যক্ত কৰিবলৈ চিঠিয়েই আছিল একমাত্ৰ সাৰথি৷ মোলৈ প্ৰায় প্ৰতি সপ্তাহতে গোট গোট ধুনীয়া আখৰেৰে লিখা এখনকৈ চিঠি আহিছিল৷ ময়ো আকাশী নীলা ধুনীয়া ৰাইটিং পেড এটাত সেউজীয়া চিঞাহীৰ পাইলট পেন এটাৰে ঘঁহাই ঘঁহাই মোৰ কাউৰী ঠেঙীয়া আখৰকেইটাৰে অন্তৰৰ কথাবোৰ লিখি গৈছিলো৷ পিছে মোৰ এলাহ আৰু আখৰবোৰ ভাল কৰাৰ নামত এখন চিঠিকেই বহুবাৰ লিখিব লগা হৈছিল৷

মই থকা অঞ্চলৰ আশে-পাশে মোৰ চিনাকী কোনো অসমীয়া লোক বা ল’ৰা-ছোৱালী নাছিল৷ কলেজত একেলগে পঢ়া দুজনমান বন্ধুৱে অৱশ্যে কেইকিল’মিটাৰমান দূৰৰ অঞ্চল এটাত একেলগে মেছ কৰি আছিল৷ মোকো সিহঁতে একেলগে মেছত থাকিবলৈ মাতিছিল৷ পিছে দুদিনমান এনেয়ে খবৰ লবলৈ গৈয়েই গম পালো যে সিহঁতে ঘৰৰ পৰা পইছা নি দিল্লীত মৌজ কৰাৰ বাহিৰে আন একো কৰা নাই! আন কেইজনমান ভাল, মনেমিলা আৰু কষ্ট কৰি পঢ়াশুনা কৰি থকা অসমীয়া ল’ৰাও পাইছিলো অৱশ্যে, পিছে সিহঁত থকা ঠাইখন মোৰ ইনষ্টিটিউটৰ পৰা বহু দূৰৈত৷ তাতে আন এটা কথাও আছিল যে মেছ কৰি থাকিলে মই ভাত ৰান্ধিব লাগিব! কাজেই মোৰ ইতিমধ্যে যোগাৰ হোৱা ব্যৱস্থাটোৰ দৰে ভাল ব্যৱস্থা আন একোৱেই নাছিল৷

ইতিমধ্যে মোৰ কাষৰ ৰূমলৈ দুজন নতুন ছাত্ৰ আহিল৷ এজন মধ্যপ্ৰদেশৰ, আনজন বিহাৰৰ৷ দুয়ো দিল্লীৰ ক’চিং চেণ্টাৰ এটাত এডমিশ্যন লৈছে৷ দুয়ো দিনে নিশাই মনপুতি পঢ়ি থাকে৷ অত্যন্ত অমায়িক আৰু নিৰ্জু ল’ৰা৷ দুয়ো হোটেলত খোৱাৰ বন্দৱস্ত কৰা কথাটো গম পাই ‘স্বামীজী’য়ে এদিন মোৰ সতে আলোচনা কৰি দুয়োকে আমাৰ সৈতে একেলগে খোৱাবোৱা কৰিবলৈ ক’লে৷ দুয়ো ভালেই পালে৷ মোৰো কাম কম হ’ল৷ মানে এতিয়াৰ পৰা ইহঁত দুয়ো বজাৰ কৰে, হিচাপ ৰাখে, পাচলি কুটা-বছা কৰে৷ ‘স্বামীজী’য়ে ৰান্ধে৷ মইহে আৰামত খাওঁ!

ইফালে মোৰ প্ৰেমপত্ৰ লিখা কাৰবাৰটো পূৰ্ণগতিত চলি থাকিল৷ তেতিয়ালৈ বিল্ডিঙৰ ওপৰ মহলাত থকা আমাৰ ৰূমকেইটাৰ পৰা তলা-চাবিৰ কাৰবাৰটো উঠি গৈছিল৷ যেতিয়াই তেতিয়াই ইটো সিটো ৰূমলৈ আমাৰ আটাইকেইজনৰে অবাধ গতি আছিল৷ আচলতে বিশ্বাসেই আচল কথা৷ অসম-বিহাৰ-উৰিষ্যা-মধ্যপ্ৰদেশৰ পৰা অহা চাৰিজন ল’ৰাৰ এক অদ্ভুত জীৱন পৰিক্ৰমা৷ মোৰ প্ৰেমৰ কথাও সকলোৰে জনাজাত হ’ল৷ মই সিহঁতক মোৰ হবলগীয়া মানুহজনীৰ ফটো দেখুৱাও, আনকি চিঠিবোৰো দেখুৱাও৷ ফটো চাই আটাইকেইটাই একেমুখে কয়, ‘বাঃ! ভাবীজী বহুত খুবচুৰত হ্যে!’ পিছে চিঠিবোৰত থকা অসমীয়া আখৰ কেইটাৰ পাঠোদ্ধাৰ কৰিব নোৱাৰাত সিহঁতৰ দুখ লাগে৷ ময়ো চিঠিবোৰ মুকলিকেই থৈ দিওঁ, এই ভাৱত – ‘যা, পাৰ যদি পঢ়!’

আটাইকেইটাই চিঠিকেইখন ঘুৰাই পকাই পঢ়িবলৈ যত্ন কৰে৷ উৰিয়া ল’ৰাজন মানে স্বামীজীয়ে কেতিয়াবা দুই এটা আখৰ ধৰা পেলায় – ‘ইয়ে ‘ব’ হ্যে৷ ইয়ে ‘ক’ হ্যে!’ মুঠতে চিঠিখনৰ পাঠোদ্ধাৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰে৷ কেতিয়াবা মই চিঠি লিখিবলৈ বহিলেই আটাইকেইটাই জুমুৰি দি ধৰে, “ক’চোন কি লিখিছ’? আমাকো শুনা৷” মই লাহেকৈ আধালেখা চিঠিখন আগুৱাই দিও – ‘নিজে পঢ়ি ল’ বোপাই৷ অপেন চেলেঞ্জ!’

মুঠতে মোৰ চিঠিকেইখনক লৈয়েই আটাইকেইজনৰে টেনশ্যন৷ মুকলিকৈ ইমান গাল গাল প্ৰেমপত্ৰ৷ অথচ এখনৰো ৰসাস্বাদন কৰিবলৈ অসমৰ্থ৷ ৰহস্যময় গ্ৰীক চৰিত্ৰ টেন্টেলাছৰ দৰে! টেন্টেলাছৰ তৃষ্ণাৰ্ত ওঁঠৰ কাষতেই পানী, অথচ পান কৰিবলৈ অসমৰ্থ! ময়ো সেই পৰিস্থিতিটো বাৰুকৈয়ে উপভোগ কৰিছিলো৷

এটা দেওবাৰৰ কথা৷ পুৱাই সৰু মেজ এখন বাৰাণ্ডালৈ উলিয়াই নিলো৷ মেজখনত সেউজীয়া চিঞাহীৰ পাইলট পেন এটা আৰু আকাশী নীলা ৰাইটিং পেড এখন৷ ইতিমধ্যে সকলোৱে গম পাইছেই যে মই প্ৰেমপত্ৰ লিখিবলৈ বহিছো৷ স্বামীজীয়ে মাজতে চাহ একাপ দি গ’ল৷ আনকালে চাহকাপ নিজে লৈ আনিব লাগে৷ পিছে মোৰ এই মহৎ (!) কামটোত যতি নপৰক বুলিয়েই হয়তো চাহকাপ মোৰ কাষতেই নিজেই দি গ’ল৷ ময়ো আৰামেৰে চাহৰ কাপত চুমুক দি প্ৰেমপ্ৰত্ৰত হৃদয়ৰ বিগলিত টুকুৰাবোৰৰ এটি দুটি কথা কাউৰীৰ ঠেঙেৰে লিখি গ’লো৷

এনেতে স্বামীজী আহি ক’লে যে দুপৰীয়াৰ সাজৰ বাবে নিমখ অকণো নাই৷ ইহঁত দুয়ো পঢ়ি আছে৷ সাউতকৈ আমাৰ কলনীৰ কাষতে থকা চৰ্দাৰজীৰ দোকানৰ পৰা নিমখৰ পেকেট এটা লৈ আনিব লাগে৷ লগতে আন দুই এটা দৰকাৰী বস্তুৰো ফৰমাইচ দিলে৷ ময়ো আধালিখা প্ৰেমপত্ৰখন টেবুলখনতে তেনেকৈয়ে এৰি থৈ বস্তুকেইটা আনিবলৈ বুলি খৰধৰকৈ বিল্ডিঙৰ তললৈ নামি আহিলো৷ সেউজীয়া চিঞাহীৰ কলমটো মোৰ লগতে গুচি আহিল৷

চৰ্দাৰজীৰ দোকানত নিমখহে পালো, আন বস্তুকেইটা নাপালো৷ সেয়ে দুই ফাৰ্লংমান দূৰলৈ গৈ আটাইকেইপদ বস্তু যোগাৰ কৰিলো৷ মুৰত তেতিয়াও চিঠিখনৰ কথা৷ ‘প্ৰিয়তমা, চুমা এটা……’ এই লাইনটো লিখিম নে নিলিখোঁ ভাবি ভাবি আহি আছো৷ এসময়ত ভাবিলো – ‘এই যাঃ! যি হয় হ’ব লিখিয়েই দিও!’ এইবুলি ভাবিয়েই মোনাখন লৈ খৰখেদাকৈ আমাৰ বিল্ডিঙৰ তল পালো৷ তাৰ পাছৰ শব্দকেইটা কি হ’ব তাকে ভাবি ভাবি দ্বিতীয় মহলালৈ চিৰিকেইটাৰে লাহে লাহে হেঁপাই ফোঁপাই উঠি আছো৷

এনেতে চিনাকী শব্দ কেইটামান শুনা পালো – ‘তোমাৰ কথা ভাবি ভাবিয়েই মোৰ টোপনি দূৰতে বিদুৰ হয়৷ তুমি মোৰ প্ৰাণৰো প্ৰাণৰ….. ইচকা মতলব হ্যে ইচকো চালা ৰাতকো নিন্দ নেহি আতা হ্যে! অউৰ য়্যে লড়কী ইচকা প্ৰাণ কা….’

এই শব্দকেইটাই মই এইমাত্ৰ প্ৰেমপত্ৰখনত লিখি আহিছিলো! মই একে দৌৰে আমাৰ মহলাৰ বাৰাণ্ডা পাই দেখিলো যে মোৰ হাইস্কুলীয়া বন্ধু নৃপেনৰ হাতত মোৰ আধালেখা প্ৰেমপত্ৰখন! কাষত মাটিতে লেপেটা কাঢ়ি বহি স্বামীজী আৰু সেই ল’ৰাদুজন! তিনিওটাই একান্তমনে মোৰ প্ৰেমপত্ৰৰ পাঠ শুনি আছে! নৃপেনে চিঠিখনৰ পৰা এটা এটা বাক্য পঢ়ি ভাঙনি কৰি আটাইকে ডাঙৰ ডাঙৰকৈ শুনাই আছে৷

এনেতে মোৰ উপস্থিতিৰ কথা গম পাই নৃপেনে হাঁহি এটা মাৰি ক’লে – “…(অশ্লীল).. কি বে! পুৰা পুৰি অপেন লিখি আছ’ দেখোন! কোন বে? ময়েই নাজানো দেখোন? বাৰু এইবোৰ বাদ দে৷ বুইছ’, সিদিনা দেউতাৰক বজাৰত পাই তোৰ ঠিকনাটো ললো৷ দিল্লীলৈ কাম এটাত আহিছিলো, ভাবিলো তোৰ তাতো এপাক মৰিয়েই যাওঁ৷ মই অহা বাবে বেয়া পাইছ’ নেকি বে?”

তাৰ হাতৰ পৰা চিঠিখন থপিয়াই লৈ জেপত ভৰালো৷ প্ৰেমপত্ৰ যে লুকাই চুৰকৈ লিখা বস্তুহে সেয়া সিদিনাৰ পৰাহে বুজি পালো!

■■

 

সংযোজন : সিদিনা হঠাতে মোৰ ৰূমলৈ অহা স্কুলীয়া বন্ধুৰ সৈতে বহুদিনৰ মুৰত হেঁপাহ পলুৱাই অসমীয়াতে শ্লীল-অশ্লীল মিহলাই বহু কথা পাতিলো৷ ওমপ্ৰকাশ মানে ‘স্বামীজী’য়ে কাষতে ৰৈ আমাৰ দুয়োৰে কথাবোৰ শুনি আছিল৷ ওমপ্ৰকাশে অলপ পাছত লাহেকৈ মাত দিলে –

: “আপ জ্যোতি কা দোস্ত ত’ হমাৰা ভী দোস্ত৷ আজ খানা খাকে হী জানা পৰেগা৷ মে অভী বাজাৰ চে কেলা ভী মংগৱাতা হুঁ৷ আপলোগ আচাম কে লোগো কো কেলা বহুত পচন্দ হ্যে না?”

■■■■

Comments

  1. যা তা আৰু দেই৷ শেষৰ কন বৰ আৰ্ট ফিল্ম ষ্টাইলত দিলা৷ মজ্জা

Leave a Reply

Your email address will not be published. Required fields are marked *