আমাৰ বাবে জীৱন হ’ল যুদ্ধ, কিতাপ, নাটক ইত্যাদি৷ জীৱনক এনে প্ৰতীকেৰেই বুজোৱা হয়৷ পিছে তেওঁৰ মতে জীৱন হ’ল ফুলনি৷ চাইকেলখন লৈ কামলৈ আহে৷ বাট চোৱাতকৈ আপোন মুখ চায়৷ বিভিন্ন সম্বন্ধৰ শব্দ ভূষণেৰে তৰণী সংঘৰ জ্যেষ্ঠ মহৰীজন আহি থাকে৷ পুৱাই খেতি পথাৰত লগ পোৱা বন্ধুসম মানুহবোৰৰ পৰা কাছাৰীৰ কামত অহা চৰিত্ৰবোৰ বুকুৰ মাজত সাঁচি থয়৷ তাৰে কবিতা গুঁঠি যায়৷

পৰিৱেশ, ৰাজনীতি নামৰ ছন্দ কাকনো এৰে –

☆☆

“বিহঙ্গমে গীত গায়

ফুলে ফলে মধু পায়

বাৰিষাৰ বৰষুণে জগত যায় ভৰি ——–“

বা

☆☆

“ৰাজধানীৰ কালিকাৰ সময়

গুৱাহাটী চহৰ ব’ম-বাৰুদৰ ধোঁৱাৰে তুমৰলি,

আকাশ কৰিলে ধুঁৱলী কুৱঁলী

তেজেৰে তিতিলে আলি”

বা

☆☆

“স্থানীয় সমবায়ৰ অসম নীতি

চেনি দিয়ে তিনি কেজি,

কেজিত একৈশ টকা

আটা নেপাই কোনো লোকে

সমবায়তে ধোকা

কেৰাচিনৰ ষোল্ল টকা

ৰাইজে ভৰে একৈশ

এইদৰে থগন দিয়ে,

সিহঁতৰ লাগে অশৌচ”

কেতিয়াবা নিজৰ কৰ্ম থলীৰ নানা লোকৰ কথাৰে –

☆☆

“লক্ষীমপুৰৰ অধিবক্তাসকলৰ

স্মৃতিত নামবোৰ লিখি

বিৰানব্বৈ চনত লিখিলো কবিতা

ওকালতনামাখন দেখি৷

খেতিয়কৰ জীৱনৰ পৰা

☆☆

লক্ষীমপুৰ জিলা শস্য শ্যামলা,

প্ৰতি বছৰতে বান৷

খেতিৰে ভৰষা কৰিব নোৱাৰি

পৰিয়াল পোষণত টান”

আজিৰ সময় হয়তো অতি তীব্ৰ৷ এই সময়তো অতি শান্তভাৱে নিজৰ কলম, চাকৰি, খেতি, দায়িত্ব আদিৰে সুন্দৰকৈ চলায় তেওঁ যেন স্থিতপ্ৰজ্ঞ৷ তেওঁৰ সাহিত্যৰ বিচাৰ তেওঁৰ স্থিতিৰ ওচৰলৈ আহি কৰিব লাগিব৷ তাতেই তেওঁৰ ফুলনিৰ দৰে জীৱনৰ পাপৰিবোৰ বোটলে সৰল এটি শিশুসুলভ মনেৰে৷

শ্ৰী পোনাৰাম গন্ধীয়া দেৱৰ জন্ম ১৯৩৬চনৰ ২৭ আগষ্ট তাৰিখে লক্ষীমপুৰ জিলাৰ খেৰাজখাট মৌজাৰ ২নং তাঁতিবাহাৰ নগঞা গাঁৱত৷ পিতৃ- স্বৰ্গীয় মাণিক গন্ধীয়া, মাতৃ স্বৰ্গীয়া আইতা গন্ধীয়া৷

তেখেতৰ বৰ্তমানলৈ প্ৰকাশিত গ্ৰন্থৰাজিঃ

বোটলা পাপৰি – ১ম খণ্ড

বোটলা পাপৰি – ২য় খণ্ড

বোটলা পাপৰি – ৩য় খণ্ড

বোটলা পাপৰি – ৪ৰ্থ  খণ্ড

বোটলা পাপৰি – ৫ম খণ্ড

বোটলা পাপৰি – ৬ষ্ঠ খণ্ড

শ্ৰীপোনাৰাম গন্ধীয়াদেৱৰ এটি কবিতা

জীৱনৰ বাটত পাপৰি বুটলি যোৱা এই সহজ সৰল মানুহজন৷ বোটলা পাপৰিৰ কবি শ্ৰীপোনাৰাম গন্ধীয়াদেৱ৷ তেখেতে সমাজৰ বহু সমস্যা আৰু দিশক ৰসাল ছন্দোবদ্ধ ৰূপেৰে ডাঙি ধৰি আহিছে৷ লক্ষীমপুৰকে ধৰি আন ঠাইৰ বহু ঠাইৰ বহু লোকে চিনি পোৱা এই লোকজনক নতুন সকলৰ মাজত চিনাকি কৰাৰ আমাৰ এয়া এক প্ৰচেষ্টা৷ তেওঁ ইতিমধ্যে তেওঁৰ সৃষ্টিৰে বোটলা পাপৰি নামেৰে ছয়টা খণ্ড প্ৰকাশ কৰিছে৷ তেখেতৰ ৰচনাৰাজিৰ দুই এটা কবিতা ইয়াতে প্ৰকাশ কৰিছো৷

সোণত সুৱগা চৰে যেতিয়া এই পুৰণা ছন্দোবদ্ধ কবিতা লিখা সৰল গাঁৱলীয়া লোক এজনে লগৰ বন্ধু শ্ৰী দীপুৰাম হাজৰিকাৰ লগত একেলগে নিজৰ শৰীৰ দান কৰি যায়৷ কি এক সুন্দৰ জীৱনবোধ! বাৰীঢাপৰ খাৰ আৰু সাগৰৰ নিমখৰ সঁচাই একে সোৱাদ, জীৱনৰ কৃচ্ছ্ৰসাধনাৰ ঘামৰ দৰে৷ ফটাঢোলৰ ফালৰ পৰা এইজনা সুস্থ ৰসবোধৰে জীপাল হোৱা লিখকলৈ সশ্ৰদ্ধ প্ৰণিপাত জনালো৷

■■

Comments

  1. ধন্যবাদ ধনজিৎ,এনেকুৱা এজন লোকক আমাৰ সৈতে চিনাকী কৰি দিয়াৰ বাবে।

Leave a Reply

Your email address will not be published. Required fields are marked *