অসমীয়া বানান পদ্ধতি যিহেতু সংস্কৃত মূলীয়, এতেকে সংস্কৃতৰ ণত্ব আৰু ষত্ববিধিৰ নিয়মসমূহ মানি চলিবলগীয়া হয়৷ ফটা-ঢোলৰ সদস্যসকলৰ ভাষা ফুটি-ফাটি যোৱাকৈ শুদ্ধ হ’বলৈ বুলি আজি অসমীয়া ভাষাৰ ণত্ববিধিৰ কেইটামান নিয়ম তলত উল্লেখ কৰা হ’ল৷

ণত্ববিধিঃ

(১) (ঋ/ৰ/ষ)+ন—ণ৷

অৰ্থাৎ ঋ, ৰ, ষ বৰ্ণৰ পিছত একেটা পদত ‘ন’ থাকিলে সি ‘ণ’ হয়, যেনে- অৰুণ, আকৰ্ষণ, উষ্ণ, উত্তীৰ্ণ, ঋণ, কৰ্ষণ, কৰ্ণ, কৰ্ণিকা, কৰণি, ঘৃণা, ঘৰ্ষণ, তৃণ, ত্ৰাণ, পূৰ্ণ, বৰণ, বৰুণ, বৰষুণ, বিবৰ্ণ, বৰ্ষণ, বিস্তীৰ্ণ, ভৰুণ, দূৰণি ইত্যাদি৷

(২)(ট-বৰ্গ=ট/ঠ/ড/ঢ/ণ)+ণ৷

অৰ্থাৎ, ট, ঠ, ড, ঢ, ণ-ৰ লগত সদায় ‘ণ’ যোগ হয়, যেনে- কণ্টক, কণ্ঠ, ঘণ্টা, চণ্ড, খণ্ড, দণ্ড, বণ্টন, ভাণ্ড, মুণ্ড, সণ্ঢালনি ইত্যাদি৷

(৩) (ঋ/ৰ/ষ+স্বৰ)+ন- ণ

ঋ, ৰ, ষ-ৰ পিছত স্বৰধ্বনি থাকিলে তাৰ পিছত থকা ‘ন’ ‘ণ’ হয়, যেনে- অনুসৰণ, অপহৰণ, অগ্ৰণী, আহৰণ, কৰণ, পৰিণয়, পাহৰণি, প্ৰণয়, প্ৰণীত, প্ৰণাম, প্ৰণিপাত, বিৱৰণ, বিষণ্ণ, লক্ষণ, হৰণ, হৰিণ ইত্যাদি৷

(৪) (ঋ/ৰ/ষ+ক বৰ্গ/য়, ৱ, হ, ং, ঃ)+ন-ণ, যেনে-ৰাগিণী, কৃপণ, অৰ্পণ, দৰ্পণ, দূৰ্বীণ, সাণ্মাসিক, প্ৰয়াণ, প্ৰৱীণ, শ্ৰৱণ, নিৰ্ৱাণ, প্ৰৱহমাণ, পৰিৱহণ, গ্ৰহণ ইত্যাদি৷

(৫) প্ৰ, পৰা, পৰি আৰু নিৰ উপসৰ্গৰ পিছত নদ্, নম্, নী, নু, অন্, হন্ আদি ধাতু থাকিলে সেই ধাতুৰ ‘ন’ ‘ণ’, যেনে- প্ৰণাম, পৰিণাম, পৰিণতি, প্ৰণতি, প্ৰণৱ, প্ৰাণ, পৰিহণন, প্ৰণীত, প্ৰণয় ইত্যাদি৷

(৬) প্ৰ, পূৰ্ব, পৰ আৰু অপৰ শব্দৰ পিছত থকা অহ্ন শব্দৰ ‘ন’ ‘ণ’ হয়, যেনে-প্ৰাহ্ণ, অপৰাহ্ণ, পূৰ্বাহ্ন ৷

(৭) সংজ্ঞা অৰ্থত ‘শূৰ্প’ শব্দৰ পিছত থকা ‘নখ’ শব্দৰ ‘ন’ ‘ণ’ হয়, যেনে- শূৰ্পণখা৷

(৮) উত্তৰ, চান্দ্ৰ, পাৰ, নাৰ, নাৰা আৰু ৰাম শব্দৰ পিছত বহা ‘অয়ন’ শব্দৰ ‘ন’ ‘ণ’ হয়, যেনে- উত্তৰায়ণ, পৰায়ণ, পাৰায়ণ, চান্দ্ৰায়ণ, ৰামায়ণ৷

(৯) অক্ষ শব্দত লগ লগা ওহিনী শব্দৰ ‘ন’ ‘ণ’ হয়, যেনে- অক্ষৌহিণী৷

উল্লেখনীয় যে পান (পি খোৱা), পাণ (তামোলৰ লগত খোৱা বিধ) কাণ (শ্ৰৱণেন্দ্ৰিয়), কান (কান্ধ), কোণ (বস্তুৰ চুক), কোন (অনিশ্চিত ব্যক্তি), বাণ (শৰ), বান (পানীৰ ঢল) আদি শব্দত অৰ্থভেদ ঘটোৱা ‘ন’ আৰু ‘ণ’-ৰ ব্যৱহাৰৰ পাৰ্থক্য সততে মনত ৰখা প্ৰয়োজন; যেনে-প্ৰাহ্ণ, অপৰাহ্ণ, পূৰ্বাহ্ন৷

(১০) নিত্য ‘ণ’ হোৱা শব্দঃ

বাণিজ্য, বণিক, বেণু, বাণী, বীণা, বাণ,

কঙ্কণ, কণিকা, পাণি, নিপুণ, কল্যাণ,

লৱণ, মাণিক্য, মণি, অণু, কোণ, গুণ,

চিক্কণ, শোণিত, পুণ্য, বেণী, গণ, তূণ,

লাৱণী, লাৱণ্য, কণা, পাণ, গৌণ, পণ,

বিপণি, অকণ, ফণা, ঘুণ, ক্ষণ, শণ ৷৷

ণত্ব নিষেধঃ

(১) দুৰ (দুঃ) উপসৰ্গত ৰ থাকিলেও একেটা পদৰ যি কোনো স্থানত থকা ‘ন’-ৰ পৰিৱৰ্তন নহয়, যেনে- দুৰ্নাম, দুৰ্নিবাৰ, দুৰ্নীতি, দুৰ্বিনীত ইত্যাদি৷

(২) ত-বৰ্গৰ ব্যঞ্জনৰ আগত থকা ‘ন’ অপৰিৱৰ্তিত থাকে, যেনে- গ্ৰন্থ, বৃন্দ, ৰন্ধ্ৰ, শ্ৰান্ত ইত্যাদি৷

(৩) কৃদন্ত পদৰ ক-বৰ্গৰ সৈতে যুক্ত ‘ন’-ৰ পৰিৱৰ্তন নহয়, যেনে- মগ্ন, ভগ্ন, ৰুগ্ন, বিঘ্ন আদি।

(৪) গগন, ফাল্গুন (ফাগুন), ফেন শব্দত ন হয়৷

(৫) ঋ আৰু ৰ-ৰ সৈতে চ-বৰ্গৰ ব্যঞ্জন যোগ হ’লে তাৰ পিছৰ ন-ৰ পৰিৱৰ্তন নহয়, যেনে- অৰ্চনা, অৰ্জন, অঞ্জন, ৰঞ্জন, বিসৰ্জন, ৰচনা, উপাৰ্জন ইত্যাদি৷

(৬) ঋ আৰু ৰ-ৰ লগত ট-বৰ্গৰ ব্যঞ্জন যুক্ত হ’লে তাৰ পিছত থকা ন অপৰিৱৰ্তিত থাকে, যেনে- অনুৰণন, দুৰ্ঘটনা, বৰ্ণনা, ৰটনা ইত্যাদি৷

(৭) ঋ, ৰ-ৰ পিছত ত-বৰ্গৰ ব্যঞ্জন যুক্ত হ’লে তাৰ পিছত থকা ন একেই থাকে, যেনে- কৰ্তন, বৰ্তন, পৰিৱৰ্তন, বিৱৰ্তন, প্ৰাৰ্থনা, সমৰ্থন, মৰ্দন আদি৷

(৮) ঋ, ৰ-ৰ পিছত শ, স থাকিলে তাৰ পিছত বহা ন-ৰ পৰিৱৰ্তন নহয়, যেনে- প্ৰকাশন, প্ৰশাসন, দৰ্শন, সুদৰ্শন, প্ৰসন্ন, ভৰ্ৎসনা আদি৷

(৯) সন্ধি আৰু সমাসজাত কেতবোৰ শব্দত ণত্ববিধিৰ নিয়ম প্ৰযোজ্য নহয়, যেনে- হীৰেন্দ্ৰ-হীৰেন, নৰেন্দ্ৰ-নৰেন, বীৰেন্দ্ৰ-বীৰেন, মৃগনাভি, ত্ৰিনয়ন, পুনৰ্নবা, ৰঘুনন্দন, হৰিনাম আদি৷

(১০) পদান্তত ৰ থাকিলেও তেনে পদৰ সৈতে যোগ হোৱা প্ৰত্যয়ৰ ন অপৰিৱৰ্তিত থাকে, যেনে-নৰানি, তৰানি, জাৰনি, ভৰনি, বৰুৱানী, বৰানী ইত্যাদি৷

(১১) মূল্যায়ন, মূল্যাংকন, অধ্যয়ন আদিত সদায় ন হয়৷

(১২) অসমীয়াত ব্যৱহৃত আৰ্যভিন্ন উৎসৰ পৰা অহা দেশী-বিদেশী শব্দত ণত্ব বিধিৰ নিয়ম প্ৰযোজ্য নহয় ৷ এই ক্ষেত্ৰত ইতিপূৰ্বে গৃহীত ৰূপবোৰকে ব্যৱহাৰ কৰা বিধেয়, যেনে- ইৰান, তেহৰান, ফ্ৰান্স, এণ্টিবায়টিক, ইণ্টাৰনেট, কেণ্টিন, কম্পিউটাৰ ইত্যাদি৷

ষত্ববিধিঃ

ষত্ববিধিৰ অৰ্থ হ’ল ষ হোৱা নিয়ম৷ বানান প্ৰকৰণত ক’ত আৰু কিয় ষ লিখিব লাগে তাৰ বিধি-ব্যৱস্থাৰ নামেই ষত্ববিধি৷ ণত্ববিধিৰ দৰে ষত্ববিধিৰ নিয়মো মূলতঃ তৎসম, অৰ্ধতৎসম আৰু তদ্ভৱ শব্দৰ ক্ষেত্ৰত প্ৰযোজ্য৷ অসমীয়া বানান-ৰীতিয়ে সংস্কৃত ভাষাক অনুসৰণ কৰা হেতুকে সেই ভাষাৰ ণত্ববিধি-ষত্ববিধি মানি চলিব লাগে৷ তলত ষত্ববিধিৰ কেতবোৰ নিয়ম উল্লেখ কৰা হ’ল:

(১) অ/আ ভিন্ন অন্য স্বৰ, ক্/ৰ্—এই বৰ্ণবোৰৰ পিছত থকা প্ৰত্যয়ৰ দন্ত্য স মূৰ্ধন্য ষ হয়; যেনে—শ্ৰীচৰণ+সু=শ্ৰীচৰণেষু, মুমূৰ্ষু আদি৷

(২) ঋ, ৰ, ক-ৰ পিছত থকা দন্ত্য স মূৰ্ধন্য ষ হয়; যেনে—

(ক) ঋ+স : ঋষি, ঋষভ, বৃষ, বৃষ্টি, তৃষ্ণা, কৃষক, হৃষ্ট;

(খ) ৰ্+স : আকৰ্ষণ, ঘৰ্ষণ, ধৰ্ষণ, বৰ্ষ, বৰ্ষণ, বৰিষণ, মৰ্ষণ, মৰিষণ;

(গ) ক্+স : (ক্ষ=ক+ষ) ক্ষেত্ৰ, কক্ষ, বুভুক্ষা, দক্ষিণ, মুমুক্ষু ইত্যাদি৷

(৩) জ্, শ্, ষ্-ৰ লগত ত যোগ হ’লে জ্, শ্, ষ্-ৰ ঠাইত ষ আৰু ত-ৰ ঠাইত ট হয়; যেনে—

(ক) জ্+ত : সৃষ্ট (সৃজ্+ত), ইষ্ট;

(খ) শ্+ত : স্পৃষ্ট (স্পৃশ্+ত), স্পষ্ট, নষ্ট, ভ্ৰষ্ট, ক্লিষ্ট, দৃষ্ট;

(গ) ষ্+ত : পিষ্ট (পিশ্+ত), শিষ্ট৷

(৪) সংযুক্ত ৰূপত ট, ঠ, ণ-ৰ লগত সদায়ে ষ যোগ হয়; যেনে—কষ্ট, পৃষ্ঠ, কৃষ্ণ৷

(৫) ‘চতুষ্টয়’ শব্দত ‘হ্ৰস্বাৎ তাদৌ তদ্ধিতে’ সূত্ৰ অনুসাৰে স—ষ হয়৷

(৬) ই-কাৰান্ত আৰু উ-কাৰান্ত উপসৰ্গৰ (নি, নিৰ, অধি, বি, অপি, অতি, দুৰ) পিছত থকা সু, সিধ্, নম্, আৰু স্থা ধাতুৰ স—ষ হয়; যেনে—আৱিষ্কাৰ [আৱিস্ (আৱিঃ)+কাৰ], বহিষ্কাৰ [বহিস্ (বহিঃ)+কাৰ], বিষণ্ন, বিষাদ, নিষ্কৃত, দুষ্কৃত, নিষ্পলক, নিষ্প্ৰয়োজন, নিষ্কলঙ্ক, পৰিষদ, পৰিষ্কাৰ, অধিষ্ঠান, অনুষ্ঠান, প্ৰতিষ্ঠান, নিষ্ণাত, নিষেধ, প্ৰতিষেধ, অভিষেক, নিষিদ্ধ (নিঃ+সিদ্ধ) ইত্যাদি।

(৭) পৰি উপসৰ্গ যুক্ত কৃ ধাতুত সুট্ আগম হ’লে সুট্-ৰ স—ষ হয়; যেনে—পৰিষ্কাৰ (পৰি+কৃ+সুট্)৷

(৮) সু, বি, নিৰ আৰু দুৰ উপসৰ্গৰ পিছত যোগ হোৱা স্বপ্ ধাতুৰ পৰা উৎপন্ন হোৱা সুপ্-ৰ স—ষ হয়; যেনে—সুষুপ্ত, সুষুপ্তি৷

(৯) সু, বি, নিৰ আৰু দুৰ উপসৰ্গৰ পিছত বহা সম আৰু সূতি শব্দৰ স—ষ হয়; যেনে—সুষম, বিষম।

(১০) শাস্ ধাতুৰ ঠাইত শিস্ আৰু বস্ ধাতুৰ সলনি উস্ হ’লে স—ষ হয়; যেনে—শিষ্ট, শিষ্য৷

(১১) অনু উপসৰ্গৰ পিছত বহা সঙ্গ শব্দৰ স—ষ হয়; যেনে—অনুষঙ্গ৷

(১২) ভূমি, গো, অঙ্গু, যুধি আদি কেতবোৰ শব্দৰ পিছত বহা স্থ-ৰ স—ষ হয়; যেনে—ভূমিষ্ঠ, গোষ্ঠ, অঙ্গুষ্ঠ, যুধিষ্ঠিৰ আদি৷

(১৩) কেতবোৰ শব্দত সদায়ে ‘ষ’ হয়; যেনে—

আষাঢ়, কলুষ, তোষ, বিষয়, পোষণ,

পাষাণ, পুৰুষ, বিষ, বিশেষ, ভূষণ,

তুষাৰ, ষোড়শ, ৰোষ, মুষিক, ভীষণ,

প্ৰত্যুষ, প্ৰদোষ, কোষ, মহিষ, ঘৰ্ষণ,

বৰ্ষা, ভাষা, পুষ্প, গণ্ডুষ, নিঃশেষ,

হৰ্ষ, ঈৰ্ষা, ষাঁড়, ষড়ঙ্গ, গ্ৰীষ্ম, মেষ ৷৷

ষত্ব নিষেধঃ

কিছুমান শব্দত ষত্ববিধিৰ নিয়ম প্ৰযোজ্য নহয় ৷ তলত তেনে কেতবোৰ শব্দৰ গঠন-প্ৰণালী উল্লেখ কৰা হ’ল:

(১) স-ৰ লগত অঘোষ স্পৰ্শ ব্যঞ্জন যুক্ত হ’লে তেনে ক্ষেত্ৰত ষত্ববিধি প্ৰযোজ্য নহয়; যেনে— স্কন্ধ, স্খলন, স্তন, স্তম্ভ, অস্ত, ব্যস্ত, পদস্থ, স্তিমিত, স্থিৰ, স্তুতি, স্তূপ, স্ত্ৰী, স্থগিত, স্থায়ী, স্থিত, স্পন্দন, স্পষ্ট, স্পৰ্শ, স্পন্দন, বনস্পতি, স্বাস্থ্য আদি৷

(২) স, শ-ৰ সৈতে ৰ যুক্ত হ’লে স, শ অপৰিৱৰ্তিত থাকে; যেনে—স্ৰাৱ, শ্ৰম, পৰিশ্ৰম, শ্ৰমণ, বিশ্ৰী, কুশ্ৰী, শ্ৰাৱশ, অশ্ৰু, বিশ্ৰাম আদি ৷

(৩) অ, আ, ই-ৰ পিছত স থাকিলে সেই স-ৰ পৰিৱৰ্তন নহয়; যেনে—পুৰস্কাৰ, নমস্কাৰ, তিৰস্কাৰ, আস্বাদ, বিস্বাদ, বিস্মৃতি আদি৷

(৪) স্, অৰ্থাৎ ঃ-ৰ পিছত স থাকিলে সেই স অপৰিৱৰ্তিত থাকে; যেনে— ছন্দঃস্পন্দ [ছন্দস্ (ছন্দঃ)+স্পন্দ], নিস্তব্ধ [নিস্ (নিঃ)+স্তব্ধ] আদি৷

(৫) অ, আ ভিন্ন অন্য স্বৰ আৰু ক, ৰ-ৰ পিছত থকা সাৎ প্ৰত্যয়ৰ স অবিকৃত থাকে; যেনে— ধূলিসাৎ, অগ্নিসাৎ, ভূমিসাৎ আদি৷

(৬) ঋ-ৰ পিছত থাকিলেও কৃশ আৰু দৃশ্য শব্দৰ শ অপৰিৱৰ্তিত থাকে।

(৭) ই বা উ-কাৰৰ পিছত থাকিলেও কিছুমান শব্দৰ স-ৰ পৰিৱৰ্তন নহয়; যেনে—অনুসন্ধান, অনুস্বাৰ, বিসৰ্গ, বিস্বাদ, বিস্ময়, বিস্মৰণ, বিস্ফোৰণ, বিস্ফোটক, নিস্তব্ধ, নিস্পন্দ, সুস্থ ইত্যাদি৷

(৮) বৃক্ষ আৰু আসন নুবুজালে বি-পূৰ্বক স্ত ধাতুৰ স-ৰ পৰিৱৰ্তন নহয়; যেনে— বিস্তৰ, বিস্তাৰ, বিস্তৃত৷

(৯) পাৰ্গত অৰ্থ বুজালে নি আৰু নদী শব্দৰ পৰৱৰ্তী স্নান শব্দৰ স—ষ হয়, যেনে—নিষ্ণাত (expert) ৷ কিন্তু অকল স্নান বুজালে স অপৰিৱৰ্তিত থাকে; যেনে—নিস্নাত (well bathed) নদীস্নাত (bathed in the river) ইত্যাদি৷

(১০) বিদেশী আৰু আৰ্যভিন্ন অন্য ভাষাৰ পৰা আহৰিত শব্দৰ ক্ষেত্ৰত ণত্ববিধিৰ দৰে ষত্ববিধিও প্ৰযোজ্য নহয়৷ এই ক্ষেত্ৰত ইতিপূৰ্বে গৃহীত বানানকে অনুসৰণ কৰা বিধেয়৷ তেনে কেতবোৰ শব্দ হ’ল—খ্ৰীষ্ট, খ্ৰীষ্টান, ৰেষ্টোৰাঁ, কষ্টিক চ’ডা, গেষ্ট্ৰাইটিছ ইত্যাদি৷

☆★☆★☆

 

 

Comments

  1. ইমান সুন্দৰ প্ৰবন্ধ পঢ়াৰ সুযোগ পোৱাৰ বাবে

  2. অতিকৈ উপযোগী লেখি ৷ উপকৃত হ’লো ৷ অশেষ ধন্যবাদ ছাৰ ৷

Leave a Reply

Your email address will not be published. Required fields are marked *