সময়ৰ পৰিৱৰ্তনৰ লগে লগে আধুনিক প্ৰযুক্তিৰ উন্নতিৰ ফলত মানুহৰ জীৱন-ধাৰণৰ পদ্ধতি সলনি হ’ল। ল’ৰা-ছোৱালীবোৰে পথাৰৰ খেল-ধেমালিবোৰো মোবাইলত খেলিব পৰা হ’ল। লগৰীয়া নোহোৱাকৈয়ো অকলশৰে আপ্লুত হ’ব পৰা হ’ল।

আদিম যুগত জীৱ-জন্তু চিকাৰ কৰি খোৱাৰ সময়তো আমোদ-প্ৰমোদৰ বাবে নানা ধৰণৰ নৃত্য-গীতৰ লগতে মানুহে খেল-ধেমালিৰ যোগেদি আনন্দ উপভোগ কৰিছিল। কিছুমান খেল অসমৰ প্ৰায়বোৰ গাঁৱতে প্ৰচলিত আছিল। খেলৰ নীতি-নিয়মৰ কোনো লিখিত ৰূপ নাছিল। নীতি-নিয়মবোৰ কেৱল মৌখিক আছিল। এই খেলসমূহ যিকোনো ঠাইতে খেলিব পৰা গৈছিল আৰু খেলোতে নিৰ্দিষ্ট সময় সীমা নাছিল। আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ ফলত এই খেলবোৰ বৰ্তমান বিলুপ্তিৰ পথলৈ গৈছে। গ্ৰাম্য জীৱনত এই খেল-ধেমালিসমূহৰ প্ৰভাৱ আছিল অপৰিসীম। এই খেলবোৰে খেলুৱৈসকলৰ মাজত ভাতৃত্বৰ এনাজৰী গভীৰ কৰি তুলিছিল। তেনে কেইবিধমান খেল হ’ল-

১) গুটি লুকুওৱা খেল:

এই খেল দুজনৰ মাজত খেলা হয়। এজনে হাত দুখন পিছলৈ নি এখন হাতত এটা গুটি লুকুৱাই সিজনে নেদেখাকৈ মুঠি মাৰে। আনখন হাতো মুঠি মাৰে। তাৰপিছত দুয়োখন হাত আগলৈ আনে। আনজনে মুঠি দুটা চুই চুই গাই যায়,-

“অলৌ গুটি টলৌ গুটি

কচু গুটি লাই

যি হাতে গুটি আছে

সেই হাতে পায়।”

যি হাতত গোৱাখিনি শেষ হয় সেই হাতত গুটি থাকিলে মুঠি মৰাজনে বাজি খায়।

২) কুট কুট খেল:

এই খেলটো মাটিত আয়তক্ষেত্ৰৰ দৰে আঁকি দুটা ভাগ কৰি পিচত চাৰি-পাঁচটা ভাগ কৰা হয়। এই খেলটো এটা গুটি লৈ এখন ভৰিৰে গুটিটো ভৰিৰে পিছলাই নি মুখেৰে কুট কুট বুলি গাই গাই খেলা হয়। গাই যাওঁতে উশাহ সলালে খেলুৱৈটোক মৰা বুলি কোৱা হয়। পিছত আন এজনে খেলটো খেলে। এই খেলটো সৰু সৰু ল’ৰা-ছোৱালীবোৰে খেলিছিল।

৩) ৰজাৰ গছ কটা খেল:

এই খেলত বহু ল’ৰা-ছোৱালীয়ে বুঢ়া আঙুলিটো ওপৰলৈ তুলি মুঠি মাৰি লয়। মুঠিবোৰ ইজনে-সিজনৰ ওপৰত দি দিয়ে। এনেকৈ এডাল দীঘল গছৰ দৰে হয়। তাৰে এজনে সুৰ লগাই গাই যায়। আনবোৰে উত্তৰ দিয়ে এনেদৰে,-

– এই ডাল কাৰ গছ?

– ৰজাৰ গছ।

– কাটিমনে নেকাটিম?

– নেকাটিবি।

– ক’লা ধেকুৰা মাতিম নে

নেমাতিম?

– নেমাতিবি।

– ক’লা ঔচ, বগা ঔচ।

– ঘেচেং ঘেচেং।

সোধাজনে গছডাল ভাঙি দিয়ে।

৪) হাত লুকুওৱা খেল:

এইবিধ খেলত সৰু সৰু ল’ৰা-ছোৱালীবোৰে ঘূৰণীয়াকৈ বহি হাতবোৰ পিছফালে লুকুৱাই থয়। এজনে থিয় হৈ সুৰ লগাই সুধি যায়। বাকীবোৰে উত্তৰ দিয়ে–

– এইটো কিহৰ ফোঁট?

– চূণৰ ফোঁট।

– মুচি পেলা।

– হাত নাই।

– কোনে নিলে?

– চিলনীয়ে।

– চিলনী অ’ হাতখন কিহে

নিলে?

– চিলাই নিলে।

– চিলাই নি ক’ত পেলালে?

– হাবিত পেলালে।

– সেই হাবি কি হ’ল?

– পুৰি গ’ল

– ছাঁইখিনি কিহে নিলে?

– ধোবাই নিলে।

– ধোবাই নি কি কৰিলে?

– কাপোৰ ধুলে।

– সেই কাপোৰ কোনে

পিন্ধিলে?

– ৰজাই পিন্ধিলে।

– ৰজাই পিন্ধি ক’লৈ গ’ল?

– পহু মাৰিবলৈ গ’ল।

– সেই পহু কি হ’ল?

– নদী পাৰ হ’ল।

– নদীৰ পানী কি হ’ল?

– শুকাই গ’ল।

– মাছবোৰ কিহে খালে?

– বগলীয়ে খালে।

– সেই বগলী ক’লৈ গ’ল?

– ডালত পৰিল।

এনেকৈ কোৱা শেষ হ’লে লগে লগে হাতবোৰ আগলৈ আনি “হাঃ হাঃ হাঃ আমাৰ হাতবোৰ ওলাই পৰিল” বুলি কৈ আটায়ে আনন্দ কৰে।

(ছাঁ লৈ)

☆★☆★☆

 

Comments

  1. কালৰ সোঁতত হেৰাই যোৱা খেলবোৰৰ বিষয়ে পুনৰ পঢ়িবলৈ পাই ভাল লাগিল।

  2. পুৰণি দিনলৈ উভতি গ’লো। সুন্দৰ প্ৰবন্ধ। আমি আৰু কেইটামান খেলিছিলো—- অলং দলং, গোল্লা, ৰুমাল লুকুওৱা, পিঠ্ঠু– আদি

Leave a Reply

Your email address will not be published. Required fields are marked *