হৰিহৰ মৌজাদাৰে নাতিয়েকৰ হাতত ধৰি শ্ৰেণীকোঠাৰ ভিতৰলৈ সোমাই অহাৰ লগে লগে আমাৰ হালৈ ছাৰ একে জাঁপে থিয় হৈছিল। আমি ছাৰ কোঠালৈ অহাৰ লগে লগে সদায় থিয় হৈছিলোঁ। ছাৰেও যে কাৰোবাক দেখি থিয় হ’ব পাৰে আমি ভাবিবও পৰা নাছিলোঁ। মৌজাদাৰৰ নাতিয়েকৰ ভৰিত জোতা আছিল। আঁঠুলৈকে ঢাক খাই ৰখা বগা মোজা আছিল। পিঠিত লৈ অহা বে’গটো ৰঙচঙীয়া আছিল। হাতত পানী খাবলৈ ফ্লাস্ক এটাও আনিছিল। আমি ৰ’ লাগি চাই ৰৈছিলোঁ।

হালৈ ছাৰে তেতিয়াই মোক কৈছিল, -‘তই পিচৰ বেঞ্চখনত বহগৈ যা। ফাৰ্ষ্ট বেঞ্চৰ এইটো ছিট আজিৰ পৰা ৰঞ্জয়ৰ দেই, বুজিছ নহয় আটায়ে?’

‘পিচৰ বেঞ্চত পাঁচজন আছেই। মই কেনেকৈ বহিম তাত, ছাৰ?’ – মই কৈছিলোঁ।

‘এহ, একো নহয় দে। তই খিন-মিন কুঁচিয়া সাপৰ দৰে ল’ৰাটোৱে পাঁচজনৰ লগত এডজাষ্ট কৰিব নোৱাৰিবি নে? যা, এডজাষ্ট কৰি ল’।

পঞ্চমমানত সেই প্ৰথমবাৰৰ বাবে শুনিছিলোঁ ‘এডজাষ্ট’ শব্দটো। সিদিনাই শিকিছিলোঁ, ‘এডজাষ্ট’ কেনেকৈ কৰিব লাগে। তাৰ পাছত, কিমানবাৰ জীৱনত এডজাষ্ট কৰি গ’লোঁ, সীমা-সংখ্যা নাই।

গুৱাহাটীত কোম্পানীৰ সৰু চাকৰি পাই এটা কোঠাৰ ভাৰাঘৰ ল’লোঁ। দুদিন পাছত অ’ফিচৰে আন এজন টালি-টোপোলা লৈ কোঠাত হাজিৰ হ’ল। মই বোলো, পাৰৰ বাঁহটোৰ দৰে সৰু কোঠাটোত এজনেই থাকিবলৈ দিগদাৰ, দুজন কেনেকৈ থাকিম। সি কাকূতি-মিনতি কৰিলে। আগৰ ভাৰাঘৰটোৰ ভাৰা বেছি, এই সৰু চাকৰিৰ দৰমহাৰে দিবলৈ অপাৰগ। এজনীয়া কোঠাৰ কম ভাৰাটো আধা-আধা কৰিলে, সমস্যা নাই। ‘এডজাষ্ট কৰি লোৱানা বন্ধু কিছুদিন’- সি কৈছিল। ময়ো কৰিছিলোঁ এডজাষ্ট।

এদিন অ’ফিচৰপৰা বাহিৰে বাহিৰে কাম এটা কৰি ৰাতি দহমান বজাত ভাৰাঘৰলৈ আহিছিলোঁ। আহিয়েই চকু কপালত উঠিল। ভাৰাঘৰৰ মোৰ বিচনাখনত যুৱতী এগৰাকী বহি আছে। মোক দেখি বন্ধুৰো চকু কপালৰ ওপৰেদি উঠি গৈ চুলি চুবলৈ বাকী।

‘কাইলৈ দেওবাৰ কাৰণে তুমি ঘৰলৈ গ’লা বুলি ভাবিলোঁ, বন্ধু’ – বন্ধুৰ মাতত টেনশ্যন।

‘ঘৰলৈ গ’লোঁ বুলিয়েই তুমি ছোৱালী আনিবা নেকি ৰুমত?’- মোৰ খঙো উঠিল অলপ।

‘না: না: তেনে ছোৱালী নহয় হে। প্ৰেয়সী মোৰ। তোমাক ক’ম বুলিও কোৱা হোৱা নাছিল। ইয়াতে হোষ্টেলত থাকি পঢ়ে। এতিয়া এই ৰাতিখন তাইক ক’ত লৈ যাওঁ বাৰু’ – বন্ধুৰ চিন্তা কমা নাছিল।

মই কম্বল এখন লৈ বাৰান্দাৰ বেঞ্চখনতে আহি বহিলোঁ।

‘কিবাকৈ ৰাতিটো বাহিৰতে এডজাষ্ট কৰা আৰু। বেয়া নাপাবা’ – বন্ধুৱে কৈ দৰ্জা মাৰিলে। মই বেঞ্চখনতে দীঘল দি পৰিলোঁ।

চিলমিলকৈ টোপনি আহিবলৈ লওতেই মহৰ কামোৰত সাৰ পালোঁ। ভিতৰৰ কোঠাৰ পৰা উৰি উৰি বাহিৰলৈ অহা বন্ধু আৰু প্ৰেয়সীৰ ঘন ঘন উশাহ-নিশাহৰ শব্দই পৰিৱেশটো নিষিদ্ধ কৰি তুলিছিল। মই এডজাষ্ট কৰি শুবলৈ চেষ্টা কৰিলোঁ।

পিছদিনাৰ পৰা মোৰ জ্বৰ। কঁপনি।

ডাক্তৰে ক’লে- মেলেৰিয়া, দুদিনমানৰ কাৰণে এডমিট্ হ’ব লাগিব হ’স্পিটেলত। চিভিল হ’স্পিটেললৈ গ’লোঁ। এখনো বিচনা খালী নাই। সৰহসংখ্যক ৰোগীয়েই বিচনাৰ কাৰণে ‘ৱেইটিঙ’ত।

‘বেড নাপালেও এডজাষ্টটো কৰিবই লাগিব’ – বন্ধুৱেই তুলি-চাদৰ পাৰি মাটিতেই মোক ৰখাৰ ব্যৱস্থা কৰিলে।

ময়ো কৰিছিলোঁ।

হ’স্পিটেলৰ পৰা ভাল হৈ অহাৰ কিছুদিন পাছত অপৰাক এদিন হঠাতেই দেখিছিলোঁ। সিহঁতৰ ঘৰটো আমাৰ ভাৰাঘৰটোৰ পৰা এক ফাৰ্লংমান দূৰৈত। সদায় সন্ধিয়া তাই টিউচনৰ পৰা ওভোতাৰ পৰত মই অ’ফিচৰ পৰা ভাৰাঘৰ অভিমুখে আহোঁ। তেনেকৈ দেখি দেখি চিনাকি যেন হৈ পৰিল। এদিন মাত-বোল আৰম্ভ হ’ল। লাহে লাহে প্ৰায় আধা-এক ঘন্টা আমি তাইৰ ঘৰৰ সন্মুখত কথা পতা হ’লোঁ। প্ৰেম হয়তো ক’ব নোৱাৰাকৈয়েই হৈ যায়। প্ৰেমে সমীকৰন নামানে। প্ৰেমে নিউটন-এডিচনৰ সূত্ৰবোৰকো ভুল বুলি প্ৰমাণ কৰি দিব পাৰে। প্ৰেমে দুমহলীয়া ঘৰৰ জীয়াৰী এজনী এটা কোঠাৰ ভাৰাঘৰত থকা মাহে ছয়হাজাৰ টকা উপাৰ্জন কৰা এজনৰ লগতো ভৱিষ্যত গঢ়াৰ সপোন দেখুৱাব পাৰে। মই চিন্তাত পৰিছিলোঁ, তাই পাছত কেনেকৈ এডজাষ্ট কৰিব পাৰিব! প্ৰেম নামৰ অনুভৱটোক মই ক্ষন্তেকৰ বাবে অকণ আঁতৰলৈ পঠিয়াই সমীকৰন লিখি মন-মগজুক সমাধানৰ কামত ব্যস্ত কৰি তোলোঁ। হিন্দী চিনেমাত হোৱাৰ দৰে তাইৰ ঘৰত কথাবোৰ গম পাই গৈছিল। নিজৰ কোঠাত বন্দী কৰি ৰাখিছিল তাইক ককায়েকে। প্ৰতিটো সন্ধিয়া মোৰ মাত এষাৰ নুশুনিলে টোপনি নোযোৱা তাই এদিন বহুদিনৰ পাছত কলেজলৈ যাওঁতে লগ পাই মোক কৈছিল-‘প্ৰতি মুহূৰ্ততে তুমি মোৰ লগত থাকা। প্ৰথমতে সন্ধিয়া কথা পাতিব নোৱাৰিলে খাব-শুব নোৱাৰিছিলোঁ। দুৰ্বল হৈ পৰিছিলোঁ মই। পাছত লাহে লাহে নিজকে এডজাষ্ট কৰিলোঁ, তোমাৰ কথা মনলৈ নানিবলৈ। নহ’লে মই মৰি থাকিলোঁহেঁতেন। মই মৰি থকাটো বিচৰা তুমি?’

‘নাই নাই..-তুমি নিজকে আৰু এডজাষ্ট কৰা, পৰিস্থিতিৰ লগত মিলাবলৈ। মনত ৰাখিবা মাত্ৰ, মই সদায় আছোঁ তোমাৰ কাৰণে’ – মই কৈছিলোঁ তাইক।

তাই হয়তো নিজকে বেছি এডজাষ্ট কৰিবলৈ শিকি গ’ল। এবছৰ পাছত বিয়াও হৈ গ’ল ইঞ্জিনিয়াৰ এজনৰ লগত!

ময়ো আন ভাল এটা চাকৰি পাই ডিব্ৰুগড়লৈ গুচি গ’লোঁ।

দুদিনমান আগৰ কথা। অ’ফিচৰ পৰা আহি দেখোঁ পত্নী অনিতাৰ মুখখন সামান্য ফুলিছে, মুখত টেনশ্যনৰ ৰেখা কেইডালো স্পষ্ট৷ সেমেনা-সেমেনিকৈ মোক ক’লে-

– মা-দেউতা…মানে তোমাৰ মা-দেউতা আহিব বোলে আমাৰ ইয়ালৈ কিছুদিন থকাকৈ৷ অহা মাহত।

– সেই কাৰণে মন বেয়া তোমাৰ? তোমাৰ ঘৰৰ মানুহ নাহে ইয়ালৈ?

– নহয় অ’, মই বেয়া পোৱা নাই৷ তোমাৰ মাহঁতৰ আগত মেখেলা-চাদৰ পিন্ধি নোলালে দেউতাই কিবা বেয়া পোৱা যেন লাগে৷ এতিয়া এই গৰমত গোটেই দিনটো মেখেলা-চাদৰ পিন্ধি থাকিব লগীয়া হ’লে মই পাগল হৈ যাম…৷

– আৰে, এমাহ হে…এডজাষ্ট কৰি ল’বা আৰু প্লিজ….৷

– আমাৰ মা-দেউতা আহিলেতো তুমি গেঞ্জীটো পিন্ধিয়েই ঘূৰি ফুৰা। তোমালোকে ক’ত নো বুজি পাবা!

অনিতাৰ খং উঠে। মই নুশুনাৰ ভাও জুৰি টিভিত বাতৰি চাওঁ।

পৰহি অনিতাৰ পৰিয়ালৰ লোক আহিছিল৷ ৰাতি ভাত-পানী খোৱাৰ পিছত তাই মোৰ কাষলৈ আহি ফুচফুচাই ক’লে-
– হেৰা, বাইদেউ আৰু ভাগিন কেইটাক আমাৰ বিচনাখনত থাকিব দিওঁ৷ মই, মা আৰু ভাইটি আনটো ৰুমত থাকো৷

– আৰু মই?
– তুমি দ্ৰয়িং ৰুমৰ চোফাখনতে…

– কি?? জানাই দেখো মোৰ বিচনা সলালে টোপনি নাহে..তাতে আকৌ চোফাত…!?

– দুদিনহে..এডজাষ্ট কৰানা প্লিজ…!

মই এডজাষ্ট নকৰিলে আন উপায় নাথাকে।

আজি ৰাতিপুৱাই তেওঁলোক গ’লগৈ। চোফাত ৰাতিটো শুব নালাগিব বুলি ভাবিয়েই সকাহ পালোঁ। তৃপ্তিৰ হাঁহি এটা বিৰিঙি উঠিল। দুপৰীয়া দুয়ো বজাৰ কৰিবলৈ ওলাই গ’লোঁ। খুলখালীৰ বিয়া৷ মই যোগ-বিয়োগ কৰি বাজেট এখন ভাবি থৈছিলোঁ মনতে- ত্ৰিশ হাজাৰ! ইয়াতকৈ এক পইচাও বেছি খৰছ হ’বলৈ দিব নোৱাৰি৷

শ্ব’পিং আৰম্ভ হ’ল…৷ জোৰোণৰ এযোৰ, বিয়াৰ দিনাৰ তিনি যোৰ, আঠমংগলাৰ বাবে এযোৰ..অনিতাই আজি আবেলি প্ৰায় তিনিঘন্টাৰ ভিতৰতে পাঁচযোৰ কাপোৰ ল’লেই৷ পোন্ধৰহাজাৰ গ’ল৷ বাকী থকা পোন্ধৰহাজাৰৰ ভিতৰত দৰা-কইনাৰ গিফ্ট আৰু মোৰ কাপোৰ কেনেকৈ হ’ব!

বজাৰ কৰি থাকোতেই অনিতাই ক’লে – ‘গিফ্ট কিন্তু ৱাছিং মেচিন লাগিবই দেই৷ বাৰহাজাৰ মান পৰিব৷ আমাৰ ঘৰৰ প্ৰথম বিয়া, ভাল কিবা এটা নিদিলে মানুহে কি ক’ব? এইবাৰলৈ তুমি তোমাৰ চ্যুট আৰু শ্বেৰৱানীযোৰ অলপ এডজাষ্ট কৰি ল’বা আৰু…’৷

মই এডজাষ্ট কৰিলো। ব্লেকৱেৰীৰ ৰেডিমেড চ্যুটৰ সলনি ঘৰৰ ওচৰৰে দৰ্জীয়ে চিলোৱা চ্যুট এযোৰ কিনাৰ সিদ্ধান্ত ল’লোঁ৷ শ্বেৰৱানীৰ সলনি সাধাৰণ কুৰ্তা এটা লৈয়ে সন্তুষ্ট হ’ব লাগিব৷

এই সৰু-সুৰা এডজাষ্টমেন্টবোৰে সংসাৰৰ নাওঁখন জীৱনৰ নদীত সুকলমে আগবাঢ়ি গৈ থাকিবলৈ সহায় কৰে৷ নহ’লে নাৱে কৰিব টুলুং-ভুটুং…গধুলিতে গধুলিতে ডবা…..নহয়, নহয় পুৱা, দুপৰীয়া, গধুলি, নিশা, যেতিয়াই তেতিয়াই ডবাৰ শব্দতকৈও ডাঙৰকৈ ওলাব সংসাৰৰ কৰ্কশ শব্দবোৰ আৰু প্ৰদূষিত কৰিব জীৱন নদীখন…!

☆★☆★☆

 

Comments

  1. এৰা-!! জীৱনটোৱেই “এজাষ্টমেন্ট”।
    তোমাৰ লেখাতহে এনে সৰু অথচ গভীৰ কথাবোৰ পুনৰ এবাৰলৈ হ’লেও মনলৈ আহে। অনন্য।

  2. এডজাষ্ট কৰোতেই জিন্দেগী গ’ল৷ মজ্জা লাগিল দিগন্ত!

  3. সঁ‌চাকৈয়ে, সেই এল পি স্কুলৰ দিনতে আৰম্ভ কৰি আজিলৈ আমি সকলোৱে কোনোবা নহয় কোনোবা কথত এডজাষ্টমেণ্ট কৰিয়েই আছো।

    খুব ভাল লাগিল দিগন্ত

  4. এক কথাত কবলৈ গলে জীৱনৰ আন এটা নামেই “এডজাষ্টমেন্ট”৷ধুনীয়া লাগিল৷

  5. সঁচাকৈ দৈনন্দিন জীৱনত আমি কত কিমান যে এডযাষ্ট কৰিবলগীয়া নহয়, খুবেই ভাল লাগিল

  6. তাকে আজিলৈ কৰি আহিছো এডজাষ্ট সকলোবোৰতে।
    আৰু বা কিমান কৰিব আছে। দিগন্ত দা তামাম

  7. সকলোৰেে ক’ৰবাত নহয় ক’ৰবাত এডজাষ্ট কৰিব লগা হয় ছাগে ৷ যি কি নহওঁক বহুত ভাল লাগিল পঢ়ি ৷

  8. এৰা-ধৰাৰ ওপৰত এনে সুন্দৰ, নিটোল প্ৰকাশ কেৱল এজনেইহে কৰিব পাৰে বুলি বিশ্বাস। সদায়েই পঢ়ি ভাল লগা গল্প এইটো। অশেষ ধন্যবাদ

  9. জীৱণটো দেখোন এডযাষ্ট কৰোতেই যাও যাও৷
    বাকী ৰৱ জানে৷

  10. জীৱনটোত সদায় এডজাষ্ট কৰিবই লাগে।পঢ়ি ভাল লাগিল।

  11. মজা। এডজাষ্ট কৰোতে কৰোতে নিজৰ বুলিবলে একোৱেই নাইকীয়া হৈছেগৈ।

  12. খুব ভাল লাগিল।এডজাষ্ট্ কৰিয়েই চলি আছো জীৱনত।

Leave a Reply

Your email address will not be published. Required fields are marked *