হয়, কথা কোৱাটো এটা কলা৷ ভালদৰে, মনোগ্ৰাহীকৈ, শ্ৰোতাক আকৰ্ষিত কৰিব পৰাকৈ কথা ক’ব পৰাটো এটা ডাঙৰ কলা৷ সকলো মানুহৰে এই গুণটো নাথাকে৷ এচাম মানুহে কথা ক’বলৈ আৰম্ভ কৰিলে তেওঁ গোটেই পৰিৱেশটো নিয়ন্ত্ৰণ কৰি লয়, তেওঁৰ চাৰিওফালে মানুহ গোট খাবলৈ আৰম্ভ কৰে৷ তেওঁৰ কথাবোৰ ৰসাল, কথাত নাটকীয়তা থাকে, কথা কোৱাৰ এটা বিশেষ ভংগী থাকে, যাৰ বাবে কথাবোৰ মনোগ্ৰাহী হয়, শুনি ভাল লাগে, শুনি থাকিবৰ মন যায়৷ এই গুণটো কিছু পৰিমাণে স্বভাৱজাত আৰু কিছু পৰিমাণে আয়ত্ত কৰা৷ এনেদৰে কথা ক’ব জনাটো এটা ডাঙৰ কলা৷
আমাৰ অসমীয়াত এষাৰ কথা আছে– কথাত কটা যায়, কথাত বঁটা পায়৷ এইষাৰ কথাৰ পৰাই বুজিব পাৰি– স্থান, কাল, পাত্ৰ চাই কথা ক’বলৈ জনাটো এটা ডাঙৰ কলা৷
আজিকালি বেছিভাগ মানুহৰে হাতে হাতে দামী দামী মোবাইল৷ বেছিভাগ মানুহৰ মাজত দামী মোবাইলৰ প্ৰতিযোগিতা৷ কিন্তু ফোনত কেনেদৰে কথা ক’ব লাগে সেই কথাটোকেই বেছিভাগ লোকে নাজানে৷ ব্যক্তিগত অভিজ্ঞতাৰ পৰা কওঁ, দিনটোত বিভিন্ন কাৰণত মোলৈ অজস্ৰ ফোন আহে৷ চিনাকি অচিনাকি সকলো নম্বৰৰ ফোনেই মই ধৰোঁ৷ বিশেষ অসুবিধাত কেতিয়াবা কোনোবাটো ধৰিব নোৱৰাটো এটা ব্যতিক্ৰম৷ মোৰ অভিজ্ঞতাৰ পৰা দেখিছোঁ, বেছিভাগ মানুহেই ফোনত ভালদৰে কথা ক’ব নাজানে৷ ফোনটো ৰিছিভ কৰি হেল্ল’ বুলি কোৱাৰ লগে লগে এচামে সিটো মূৰৰ পৰা অনৰ্গল কথা ক’বলৈ আৰম্ভ কৰে৷ মাজত মাত মাতিবলৈ সুৰুঙাই নিদিয়ে৷ বহুতো ৰং নম্বৰৰ ফোন বহু সময় শুনাৰ পাছত ক’বলগীয়া হৈছে ৰং নম্বৰ বুলি৷ যিসকলে মোকেই বিচাৰিছে, সেই সকলেও নিশ্চিত হৈ ল’ব লাগে তেওঁ যাক বিচাৰিছে মই সেইজন মানুহেই কৈ আছোঁনে? মই বাৰু সেই সময়ত যথেষ্ট ব্যস্ত হৈ আছোঁ নেকি? কথা পাতিবলৈ মোৰ হাতত অলপ সময় আছেনে? কথা পাতিবৰ বাবে তেওঁৰ বাবে যিখিনি আটাইতকৈ ভাল সময়, মোৰ বাবে আটাইতকৈ বেয়া সময়ো হ’ব পাৰে৷ কিন্তু সেই ধৰণৰ কোনো কথা নোসোধাকৈ এচামে অনৰ্গল কথা ক’বলৈ আৰম্ভ কৰে৷ মোৰ লেখাৰ প্ৰশংসা কৰিবলৈ ফোন কৰা লোকজনে নিজৰ লেখাৰহে প্ৰশংসা কৰিবলৈ ধৰে, তেওঁ ক’ত ক’ত লিখে, কিমান ভাল লিখে, কিমান মানুহে ভাল পায় ইত্যাদি৷ কথা শেষ নহয়হে নহয়৷ কথা কোৱাৰ কলা নজনাৰ দোষতে ভাল ভাবেৰে ক’ব খুজিলেও তেনে লোকৰ কথাবোৰ আমনিদায়ক, বিৰক্তিকৰ হৈ পৰে৷
আগেয়ে কিছুমান সভা সমিতিলৈ গৈছিলোঁ৷ কিছুমানলৈ বক্তা হিচাপে, কিছুমানলৈ শ্ৰোতা হিচাপে৷ এই কথা স্বীকাৰ কৰিবলৈ মই বিশেষ লাজ নাপাওঁ যে বক্তা হিচাপে মই বৰ ভাল বক্তা নহওঁ৷ তথাপি যিবোৰা সভা সমিতিলৈ বক্তা হিচাপে যাবলগীয়া হয় সেইবোৰত মোৰ বক্তব্যখিনি যথাসম্ভৱ স্পষ্টভাৱে, বিশেষ আমনি নলগাকৈ যিমান পাৰি ৰসাল কৰি, বেছি দীঘলীয়া নকৰাকৈ, মূল বিষয়ৰ লগত সংগতি ৰাখি, কাকো ঠাট্টা-মস্কৰা, উপহাস, উপলুঙা নকৰাকৈ, কাকো ব্যক্তিভাৱে আক্ৰমণ নকৰাকৈ উপস্থাপন কৰিবলৈ চেষ্টা কৰোঁ৷ তথাপি মই যিহেতু এই কথা উপলব্ধি কৰোঁ যে বক্তা হিচাপে মই বৰ ভাল বক্তা নহওঁ, সেইবাবে সভা সমিতিলৈ বক্তা হিচাপে যোৱাটোক মই পাৰ্যমানে এৰাই চলো৷
কিন্তু আজিকালি শ্ৰোতা হিচাপেও বেছিভাগ সভা সমিতিলৈ নাযাওঁ৷ নোযোৱাৰ মূল কাৰণবোৰৰ ভিতৰত এটা উল্লেখযোগ্য কাৰণ হ’ল– এচাম বক্তাৰ আমনিদায়ক বক্তৃতা৷ তেওঁলোকৰ বক্তৃতাবোৰ ইমানেই আমনিদায়ক যে সেইবোৰ শুনি সভাগৃহত বহি থকাটো সময়ৰ অপচয় মাত্ৰ৷ বিভিন্ন ধৰণৰ সভা-সমিতিলৈ গৈ দেখিছোঁ, এচাম লোকক সভাপতি, বিশিষ্ট অতিথি, মুখ্য অতিথি, নিৰ্দিষ্ট বক্তা আদি হিচাপে নিমন্ত্ৰণ কৰা হয়৷ তাৰ ভিতৰত এনে এচাম লোক আছে, যিসকল এনেদৰে সভা-সমিতি কৰি, নিৰ্দিষ্ট বক্তা বা বিশিষ্ট অতিথি হৈ বক্তৃতা দিয়েই জীৱনটো পাৰ কৰিলে৷ অথচ তেওঁলোকে এই সামান্য কথাটোকেই বুজিব নোৱাৰিলে– সভা-সমিতিত কেনেদৰে কথা ক’ব লাগে, কেনেদৰে শ্ৰোতাক আকৰ্ষিত কৰিব লাগে, বক্তৃতা এটা কিমান দীঘলীয়া কৰিব লাগে, তেওঁৰ বক্তৃতা শুনি শ্ৰোতাই ভাল পাইছে নে আমনি পাইছে, শ্ৰোতাই তেওঁৰ কথা শুনি আছে নে এচাম শ্ৰোতাই হামিয়াই হিকটিয়াই থকাৰ বিপৰীতে সন্মুখতে বহা দুই-চাৰিজন শ্ৰোতাই শুই আছে৷ তেওঁ এই কথা আজিলৈকে বুজিব নোৱাৰিলে যে সভাখনত একমাত্ৰ তেৱেঁই বক্তা নহয়, তেওঁৰ পাছতো আৰু দুই-চাৰিজন বক্তা আছে কথা ক’বলৈ৷ শ্ৰোতাসকলে উচ-পিচ কৰি থকা, হাই-উৰুমি কৰি থকা দেখিও বা সভাপতিয়ে সৰু কাগজৰ শ্লিপ এখন আগবঢ়াই দি ভাষণ চমুৱাবলৈ কোৱাৰ পাছতো তেওঁ বুজিব নোৱাৰিলে– তেওঁ সামৰিবৰ হ’ল৷ মূল কথাৰ পৰা ফালৰি কাটি গৈ, অলাগতিয়াল, অনাৱশ্যক, ব্যক্তিগত কথা কিছুমান কৈ ভাষণটো যিমানেই দীঘল কৰিব পাৰি মানুহে সিমানেই ভাল পাব বুলি তেওঁ ধৰি লয়৷
এনেকুৱা বক্তা এজন-দুজনতো নহয়৷ বহুত আছে৷ তেওঁলোকে কথাহে ক’ব জানে৷ আনে ভাল পাইছে নে বেয়া পাইছে সেই কথা বুজি নাপায় আৰু বুজিবলৈ চেষ্টাও নকৰে৷  এনেকুৱা আমনিদায়ক, বিৰক্তিকৰ, সময়ৰ অপচয় কৰা বক্তৃতা শুনিবলৈ সভা সমিতিলৈ যাব লাগে কিয়?

যোৱা বেচ কিছুদিন ধৰি মই গধূলি টিভিত বাতৰি চোৱা নাই৷ বাতৰি শেষ হোৱাৰ পাছত আঠ বজাৰ পৰা দিয়া আলোচনাসমূহ চোৱা নাই৷ আৰু মই অনুভৱ কৰিছোঁ– এতিয়া মই সঁচাকৈয়ে বৰ শান্তিত আছোঁ৷ টিভি নোচোৱাৰ বাবে মোৰ মানসিক শান্তি বাঢ়িছে, ব্যক্তিগত আৰু ঘৰুৱা কামবোৰ কৰিবলৈ সময় পাইছোঁ আৰু মোৰ অনুভৱ ৰাতি মোৰ টোপনি ভাল হৈছে৷
সন্ধিয়া সাত বজাৰ বাতৰিটো চোৱা মোৰ অভ্যাস আছিল৷ টিভিটোৰ সন্মুখত হাতত ৰিম’ট লৈ বহি লোৱাৰ পাছত মই ছেনেল সলাই সলাই প্ৰায় প্ৰতিটো ছেনেলৰ বাতৰিবোৰ চাইছিলোঁ৷ বাতৰি শেষ হোৱাৰ পাছতে অনুভৱ কৰোঁ, মই মানুহজন সলনি হৈছোঁ৷ মনটোত কিবা দুখ, কিছু খং, কিছু ক্ষোভ, …..৷ মই মানুহজন যেন বিৰক্ত হওঁ, কিছু পৰিমাণে উত্তেজিত হওঁ৷ এজন চিকিৎসক হিচাপে মই জানো, এইবোৰৰ ফলত মোৰ ৰক্তচাপ বাঢ়ে৷ আৰু সেইবোৰৰ দ্বাৰা মই কিছু আয়ুসো ক্ষয় কৰিলোঁ নিশ্চয়৷ কাৰণ? এই যে আমাৰ বহু কেইটা অসমীয়া টিভি ছেনেল আছে, সেইবোৰত যিবোৰ বাতৰি পৰিৱেশন কৰে, সেইবোৰৰ মান কি? বাতৰি এটা দৰ্শকৰ মাজত পৰিৱেশন কৰাটোকো মই কথা কোৱাৰ কলা বুলিয়েই ধৰি লৈছোঁ৷ টিভি ছেনেলবোৰৰ বেছিভাগ বাতৰিয়েই অদৰকাৰী, সমাজৰ কামত নহা, আমনিদায়ক, সময় নষ্ট কৰা আৰু খং উঠা ধৰণৰ৷ একেবাৰে নিম্নমানৰ বাতৰি কিছুমান এবাৰ দুবাৰতো নহয়, আঠ-দহবাৰ সেই একেটা দৃশ্যকেই উৰাই-ঘূৰাই দেখুওৱাৰ কি প্ৰয়োজন? এবাৰ ক’লেই বুজি পাওঁ৷ সেই দৃশ্যটো দেখুৱাই থাকোঁতে বাতৰি পঢ়োঁতাৰ বা বৰ্ণনা কৰাজনৰ মুখৰ যি ভাষা, যি বৰ্ণনা– তেনেদৰে কোৱাৰ দৰকাৰ কি? বেকগ্ৰাউণ্ডত বিশেষ সংগীত দি ৰহস্য সাহিত্যৰ বৰ্ণনাৰ দৰে বৰ্ণনা কৰাৰ প্ৰয়োজন কি? শুনিবলৈ বেয়া হ’লেও এই কথা সঁচা যে বছৰ বছৰ ধৰি সাংবাদিকতা কৰাৰ পাছতো আমাৰ টিভি ছেনেলসমূহৰ বেছিভাগ সাংবাদিক, বাতৰি পঢ়োঁতা, বাতৰি যুগুতাওঁতা বা তাতোকৈ ওপৰত বাতৰি সম্পাদকজনৰ এইকণ জ্ঞান নহ’ল– বাতৰি এটা আচলতে কেনেদৰে পৰিৱেশন কৰিব লাগে বা শ্ৰোতা-দৰ্শকক ক’ব লাগে৷ বাতৰিৰ সময়ত আমাক বাতৰিহে লাগে, ভৌতিক বা ৰহস্য সাহিত্য নালাগে৷
তথাপিও চাইছিলোঁ৷ কাৰণ নিচা৷
নিচাৰ বাবেই বাতৰিটো শেষ হোৱাৰ পাছতেই আঠ বজাৰ পৰা আৰম্ভ হোৱা আলোচনাবোৰ চাইছিলোঁ৷ বিভিন্ন ছেনেলত, ছেনেল সলাই সলাই৷ আকৌ এঘণ্টা৷
আঠ বজাৰ আলোচনাবোৰৰ বিশেষজ্ঞ আলোচকসকল, ভাবি আচৰিত লাগে, এই ভব্য-গব্য বিশিষ্ট আলোচকসকলে কথা কেনেকৈ ক’ব লাগে সেই কথা শিকিব কেতিয়া? সকলোৰে ক্ষেত্ৰত এই কথা প্ৰযোজ্য নহয় যদিও নবৈব শতাংশ আলোচকৰ ক্ষেত্ৰতেই কিন্তু এই কথা প্ৰযোজ্য৷ আমি সৰুতেই শিকিছিলোঁ– এজনে কথা কৈ থাকিলে কথাৰ ওপৰতে কথা ক’ব নালাগে৷ কথাৰ ওপৰত কথা কোৱাটো অভদ্ৰামি৷ অথচ এইসকল আলোচকৰ দেখোন ইজনৰ কথাৰ ওপৰত সিজনে কোৱাটোৱেই নিয়মৰ দৰে৷ আলোচনা এটা আলোচনাৰ দৰে হ’ব লাগে৷ কিন্তু এইবোৰ আলোচনাত চিঞৰ-বাখৰ, তৰ্কা-তৰ্কি, আঙুলি জোকাৰি জোকাৰি কথা কোৱা, ঠাট্টা-মস্কৰা– মুঠতে কোনেও কাৰো কথা নুশুনা এটা অৱস্থা৷ ভদ্ৰলোকে এনেদৰে আলোচনা কৰে নেকি? এনেদৰে কথা কয় নেকি? অথচ সেইসকলেইতো বছৰ বছৰ ধৰি টিভিৰ আলোচনাত ভাগ লৈ আহিছে৷ সেইবোৰ যেকোনো ক্লাবৰ আড্ডা নহয়, টিভিৰ ষ্টুডিঅ’ত, কেমেৰাৰ সন্মুখত হোৱা আলোচনা যি হাজাৰ হাজাৰ লোকে চাই আছে– সেই কথা তেওঁলোকে বুজিব কেতিয়া? কথা ক’বলৈ শিকিব কেতিয়া?
এনেদৰেই গধূলি সাত বজাৰ পৰা ৰাতি ন বজালৈ দুঘণ্টা মূল্যবান সময় নষ্ট কৰিছিলোঁ অবাবত৷ কেৱল সময় নষ্ট হোৱাই নহয়, নষ্ট কৰিছিলোঁ মন, মগজু৷ হ্ৰাস কৰিছিলোঁ আয়ুস৷
আমাৰ বেছিভাগ জনপ্ৰতিনিধিয়েই সভা-সমিতিয়ে নক’বলগীয়া কথা বেছিকৈ কয়৷ নক’বলগীয়া কথা কোৱাৰ দ্বাৰা বাতৰিৰ শিৰোনামত থাকিব পাৰি ঠিকেই, কিন্তু একে সময়তে এচাম সভ্য, সচেতন লোকৰ দৃষ্টিত তেওঁলোকৰ ভাৱমূৰ্তি নিম্নগামী হয়৷ আচলতে বেছিকৈ কথা ক’লেই বিপদ৷ জিভাৰ ওপৰত লেকাম থকাটো দৰকাৰী৷ যিসকলৰ জিভাৰ ওপৰত নিয়ন্ত্ৰণ নাথাকে, সেইসকলে বেছিকৈ মুখ মেলাতকৈ মুখ বন্ধ কৰি ৰখাই মংগলজনক৷
শেহতীয়াভাৱে মন কৰিছোঁ, আমাৰ অসমীয়া বাতৰি কাকত কেইখনমানত কেইগৰাকীমান বুদ্ধিজীৱীয়ে নিয়মিতভাৱে লেখা মেলা কৰি আছে৷ কিন্তু ভাবিলে দুখ লাগে, মাত্ৰ দুগৰাকীমানক বাদ দি বেছিভাগ এনেকুৱা লেখক, বুদ্ধিজীৱীৰ লেখাৰ ভাষা এনে পৰ্যায়ৰ কিয়? তেওঁলোকে কোৱা (অৰ্থাৎ লিখা) কথাবোৰ মাৰ্জিত নহয় কিয়? তেওঁলোকে যে কথাবোৰ জানে, যথেষ্ট জ্ঞান আছে, অধ্যয়ন কৰে– তাত সন্দেহ নাই৷ কিন্তু সিমানৰ পাছতো তেওঁলোকৰ ভাষাবোৰ যেন কিছু পৰিমাণে অমাৰ্জিত, অশোভনীয়৷ কথাবোৰ ব্যক্তিগতভাৱে আক্ৰমণ কৰা ধৰণৰ৷ কথাবোৰত সোমাই থাকে ঠাট্টা, বিদ্ৰূপ, ইতিকিঙৰ ভাব৷ এগৰাকী বুদ্ধিজীৱীৰ আন এগৰাকী বুদ্ধিজীৱীৰ প্ৰতি যেন সন্মান বা শ্ৰদ্ধাৰ অভাৱ৷ এগৰাকী লেখক বা বুদ্ধিজীৱীৰ মতৰ লগত আন এগৰাকীৰ মতৰ পাৰ্থক্য থাকিব পাৰে৷ সেয়া নিতান্তই স্বাভাৱিক৷ প্ৰতিবাদ বা সমালোচনা কৰাটোও ভাল কথা৷ কিন্তু সেই সমালোচনা হ’ব লাগে গঠনমূলক৷ কিন্তু আমাৰ বেছিভাগ বুদ্ধিজীৱীৰ প্ৰতিবাদ বা সমালোচনা হয়গৈ ব্যক্তিগত পৰ্যায়ৰ আক্ৰমণ, বোকা ছটিওৱা, চৰিত্ৰ হনন বা ঠাট্টা, বিদ্ৰূপ, ইতিকিং কৰা পৰ্যায়ৰ৷ বেছিভাগ আলোচনা-বিলোচনা হয়গৈ একপ্ৰকাৰৰ পোহাৰী-চুপতি৷
অসমীয়াত পোহাৰী-চুপতি বুলি কথা এষাৰ আছে৷ মই ব্যক্তিগতভাৱে এই শব্দ দুটা ব্যৱহাৰ কৰি বৰ ভাল নাপাওঁ৷ কাৰণ এই শব্দ দুটাৰ দ্বাৰা সমাজৰ একাংশ মহিলাৰ কথা-বতৰাক তুচ্ছ-তাচ্ছিল্য কৰা যেন বোধ হয়৷ পোহাৰী মানে মাছ বেছিবলৈ অহা তিৰোতা৷ মাছ বেছিবলৈ অহা তিৰোতাসকলে নিজৰ মাজতে কথা-বতৰা পাতি থাকোঁতে যিবোৰ শব্দ বা ভাষা ব্যৱহাৰ কৰে সেইবোৰ সভ্য মানুহে (?) অশালীন, অশ¡ীল, অসংস্কৃত, নিম্নমানৰ বুলি জ্ঞান কৰে৷ পোহাৰীসকলে চিঞৰ-বাখৰ কৰি কৰা এনেবোৰ কথা-বতৰা যেন সভ্য মানুহৰ বাবে কাণত সোপা দিবলগীয়া৷ সেই কাৰণে সামান্য কথাৰ বাবে অযথা তৰ্ক-বিতৰ্ক কৰা বা চিঞৰ-বাখৰ কৰি নিম্নমানৰ ভাষা প্ৰয়োগ কৰি কৰা তৰ্ক-বিতৰ্কক বুজাবলৈ পোহাৰী-চুপতি বুলি কোৱা হয়৷
এতিয়া আগৰ সেই পোহাৰী নাই৷ এতিয়া যিসকল পোহাৰী আছে, সেইসকলো শিক্ষিত হ’ল, ভদ্ৰ হ’ল, কথা ক’ব জনা হ’ল৷
আমাৰ এচাম তথাকথিত শিক্ষিত, ডাঙৰ মানুহৰ মুখৰ ভাষা; ডাঙৰ ডাঙৰ মন্ত্ৰী, ৰাজনীতিবিদ, বক্তাৰ সভা-সমিতিয়ে কোৱা কথাৰ ভাষা আৰু ষ্টাইল; টিভিৰ আলোচনাত ভাগ লোৱা বিশেষজ্ঞ সকলৰ চিঞৰ-বাখৰ, তৰ্কা-তৰ্কি, গালি-গালাজ আদি; বিধান সভা বা সংসদৰ ভিতৰত আমাৰ প্ৰতিনিধি সকলৰ কাউৰী বাহত জুই লগাৰ লেখীয়া চিঞৰ-বাখৰ, কাগজ, মাইক্ৰফোন, চকী আদি দলিওৱা বা মৰা-মৰি, হতা-হতি আদি কাৰ্য; বাতৰি কাকতত প্ৰায়েই প্ৰবন্ধ পাতি লিখি থকা বিশিষ্ট সাহিত্যিক সকলৰ লেখাৰ ভাষা আৰু ষ্টাইল, ইজনে-সিজনক কৰা ইতিকিং, ঠাট্টা-মস্কৰা; বুদ্ধিজীৱীসকলৰ ইজনে-সিজনক কৰা উপলুঙা, বোকা ছটিওৱা, উচটনিমূলক মন্তব্য দিয়া আৰু শেহতীয়াভাবে একেবাৰে সহজলভ্য হৈ পৰা আমাৰ ছ’চিয়েল মিডিয়াবোৰত একাংশ অংশগ্ৰহণকাৰীৰ নিম্নমানৰ, কুৰুচিপূৰ্ণ আৰু ব্যক্তিগত আক্ৰমণমূলক মন্তব্যবোৰ– সেইবোৰ দেখাৰ পাছত কেতিয়াবা ভাব হয়– পোহাৰী সকলৰ মুখৰ ভাষা, তেওঁলোকৰ সামান্য চিঞৰ-বাখৰ, সৰল হাস্যৰস আৰু ব্যংগৰসেৰে ভৰা নিম্নমানৰ যেন লগা কথাবোৰ আমাৰ তথাকথিত শিক্ষিত, ভদ্ৰ, সন্মানীয় ব্যক্তিসকলৰ, ডাঙৰ ডাঙৰ মন্ত্ৰী বিষয়া ৰাজনীতিবিদসকলৰ, বিশিষ্ট সাহিত্যিক, সাংবাদিক, বুদ্ধিজীৱীসকলৰ কথা-বতৰাতকৈ দেখোন বহুত ওপৰত৷

☆★☆★☆

Comments

  1. ধন্যবাদ চাৰ এটা সুন্দৰ লিখনী পঢ়িবলৈ পোৱাৰ বাবে৷

  2. প্ৰিয় লেখকজনৰ লেখা ই-আলোচনীখনত পঢ়িবলৈ পাই নথৈ সুখী হ’লো।

    অশেষ ধন্যবাদ চাৰ, এটা সুন্দৰ লিখনী ই-আলোচনীখনৰ জৰিয়তে আমালৈ উপহাৰ দিয়াৰ বাবে।

    ভবিষ্যতেও আপোনাৰ লেখা এই ই-আলোচনীত পঢ়িবলৈ পাম বুলি আশা ৰাখিলো

  3. খুউব ভাল লাগিল। এনেয়েও আপোনাৰ লিখাৰ কলাত সদায় আকৃষ্ট হওঁ।

  4. আপোনাৰ সকলোবোৰ লেখাই বৰ ভাল পাওঁ। ফটাঢোলত আপোনাৰ লেখাটোৱে অনন্য ৰূপ দিলে।
    সঁচাকৈ কথা ক’বলৈও শিকিব লাগে আমি।
    আজিকালি আনক সম্বোধন কৰিবও নাজানে — সিহঁত, তাই, সি আদি শব্দবোৰ টিভি ত প্ৰচাৰিত অনুষ্ঠানবোৰত শুনিলে বৰ অস্বস্তি লাগে।

  5. বৰ ভাল লাগিল।হয় কথা কোৱাৰো এটা আৰ্ট লাগে।কিছুমান লোকে কথা ক’লে শুনিয়েই থাকিবলৈ মন যায়।এটা কথা মনত পৰি গ’ল..আগতে দুজনমান শিক্ষাগুৰু পাইছিলোঁ যে তেওঁলোকৰ পিৰিয়দত ঘণ্টাটো সোনকালে বজা যেন লাগিছিল। সভা-সমিতিৰ ক্ষেত্ৰতো একেই হয়।

  6. সদায় ভাল লগাৰ দৰে আজিও ভাল লাগিল আপোনাৰ লিখনি।লগতে কথা এটা মনলৈ আহিল-টি ভিৰ বাতৰি আৰু আলোচনাবোৰত বাতৰি পঢ়োতা আৰু আলোচকৰ কথা কোৱাৰ কলাত আমিবোৰ সঁচাই কলা হৈ গৈছো।

  7. সদায়ৰ দৰেই পঢ়ি আপ্লুত হোৱা লিখনি। বহুত ধন্যবাদ চাৰ।

  8. বৰ ভাল লাগিল ছাৰ৷ কথা কোৱাৰ কলা যে কেতিয়া শিকিব এই নেতা, বুদ্ধিজীৱি আৰু বাতৰি পৰিৱেশক সকলে৷

  9. আপোনাৰ আৰু বিকাশ বৰুৱা ছাৰৰ লেখা প্ৰান্তিকখন লৈয়ে সদায় প্ৰথম পঢ়ি আহিছো৷ ফটাঢোলতো ইয়াৰ ব্যতিক্ৰম হোৱা নাই৷সুন্দৰ লেখা ছাৰ৷

  10. বহুত শিকিব লগা কথা পঢ়িলো, ভাল লাগিল পঢ়ি ছাৰ।

  11. বৰ দৰকাৰী বিষয় এটা। আচলতে এই ভালকৈ কথা কব নজনা আৰু বক্তব্যৰ উদ্দেশ্য বিধেয় নথকা মানুহবোৰৰ বাবেই মই আজিকালি যিকোনো বিষয়ৰ সকলো মীটিং কেৱল সময়ৰ অপচয় বুলি ভাবো।
    আজিকালি বক্তৃতা দিয়াৰ কলাটোৰ বিষয়ে বহু তথ্য সমল ইণ্টাৰনেটতে পোৱা যায়, এই প্ৰফেচনেল বক্তা সকলে সেইবোৰ অলপ খুচৰি চালেই আমাৰ আমনি অলপ কমিব।
    ‘ফটাঢোল’ ৰ ওপৰত এনেকৈয়ে আশীৰ্বাদৰ হাতখন ৰাখিব ।

Leave a Reply

Your email address will not be published. Required fields are marked *