ফটাঢোল

কৌতুক – মৃদুপৱন গোঁহাই

(১)

চেণ্ডেল লাঞ্চ

এগৰাকী মহিলা গ্ৰাহকক চেণ্ডেল দেখুৱাই দেখুৱাই অতিষ্ঠ হৈ দোকানীজনে ক’লে,-

“মই আপোনাক দোকানত থকা প্ৰতিযোৰ চেণ্ডেলেই উলিয়াই দেখুৱালো, এতিয়া আৰু একো নাই দেখুৱাবলৈ।“

দোকানীৰ কথাত কোনো গুৰুত্ব নিদি মহিলাই আকৌ সুধিলে,-

“সেই সন্মুখত থকা বাকচটোত কি আছে হে?”

দোকানীজনে হাতযোৰ কৰি কলে-

: বাইদেউ,মোক অলপ দয়া কৰক, সেইটোত মোৰ লাঞ্চ আছে….

 

(২)বতৰ পেক

দোকানীঃ- কি অসুবিধা বাইদেউ?

মহিলাঃ- মোৰ মোবাইলটোত নেটৱৰ্কেই নাই, চাই দিয়াচোন।

দোকানীঃ- (অলপ সময় লিৰিকি বিদাৰি) বাইদেউ, বতৰ বেয়া হৈছে কাৰণে আপুনি নেটৱৰ্ক পোৱা নাই।

মহিলাঃ (চিন্তাক্লিস্ট মুখায়বৰে)……এইয়া লোৱা ৫০০ টকা, নতুন বতৰ এটা ভৰাই দিয়াচোন।

দোকানীয়ে সেইদিন ধৰি দোকান খোলা নাই। কি হ’ল নাজানো পাই। কোনোবাই গম পালে কবচোন দৌ, মোৰ জিঅ’টোতো বতৰ ভৰাব লগা হৈছে।

(ছা লৈ)

☆★☆★☆

 

 

 

Leave a Reply

Your email address will not be published. Required fields are marked *