ফটাঢোল

ভেলেন্টাইনচ ডে' কাৰ্ড – পৰী শ্যামলী ভূঞা

ভেলেণ্টাইনচ ডে’ কি চিনি পোৱাৰ আগতেই মোৰ হাতত আহি গ্ৰিটিংছ কাৰ্ড এখন পৰিলেহি। তাকো দুদিনৰ আগত। হায় ! মই আচৰিত হৈ পৰিলোঁ । কাৰ্ড খনৰ কাৰণে নহয় ডে’ টোৰ কাৰণেহে ৷ এইটো আকৌ কি ডে’ ? একো বুজি নাপাই কাৰ্ড খন নি লগৰ কেইজনীক দেখুৱালোগৈ। আটাইকেইজনীৰ মাজত দুজনীয়ে চিঞৰি উঠিল ..
” অ’ মাই গড ! তই ভেলেণ্টাইনচ ডে’ কাৰ্ড পালি । হাউ লাকি ইউ আৰ! ”
মই অবাক ” ইয়াত লাকি হ’বলৈনো কি আছে আৰু এইটোনো কি ডে’? ”
” ধেই আঁকৰীজনী ভেলেণ্টাইচ ডে’ বিদেশী প্ৰেমৰ দিন। সেই দিনটোত যে তোকো কোনোবাই কাৰ্ড দি মনত পেলাইছে , তই আৰু লাকি নহয় কি হ’বি? ইয়াৰ মানুহে এইবোৰ চিনিয়েই নাপায় । একদম নতুনকৈ ওলাইছে, ব্ৰেনডেদ ডে’ , তাতে তোলৈ কাৰ্ড আহিছে। আৰু তই এজনী আঁকৰী বেহেন জী হৈ বহি আছ । টিভিটো খুলি লৈ বহি লগৈ যা, দেখিবি এইকেইদিন গান আহি আছে will you be my ভেলেণ্টাইন ” চালেই গম পাবি ৷”

হয়, কথাতো নোহোৱা নহয়। এইকেইদিন কিবা গান এটা ঘূৰি ঘূৰি বাৰে বাৰে টি ভিত আহি আছে । গানটো আকৌ এবাৰ অধ্যয়ন কৰা যাওক, তাকে ভাবি ঘৰত আহি টিভিত গানটো অধ্যয়ন কৰি সঁচাকৈ গম পালোঁ হয়, এনে এটা দিন আছে, প্ৰেমৰ নামত উচৰ্গা কৰা হৈছে । প্ৰেমিক প্ৰেমিকাই গান গাইছে। সুধিছে, তুমি মোৰ ভেলেণ্টাইন হ’বানে? গিফ্ট দিছে। কথা বেলগচোন । এতিয়া মই কি কৰোঁ। পিচদিনা কলেজতে সিহঁতক সোধা যাওক । তাকে ঠিক কৰিলোঁ ৷

কলেজত মোক দেখিয়েই মোতকৈ বেছি সিহঁতৰহে পটপটনি আৰম্ভ হ’ল-

“ঐ ভেলেণ্টাইন দে বুজি পালিনে? ”
” অ পালোঁ পাই ৷ টিভিত গান কেইটা দেখিহে বুজিব পাৰিলোঁ ৷ ”
” পিছে এতিয়া তোৰ প্লান কি? ”
” প্লান একো নাই ৷”
” ধেৎ কি আঁকৰী, যা আকৌ কাৰ্ডৰ দোকানত গৈ তালৈও কাৰ্ড এখন কিনি আন ৷”
” কি ভেলেণ্টাইন কাৰ্ড আৰু মই ” ? মোৰ হুচ উৰি গ’ল। দোকানীজনক ভেলেণ্টাইন কাৰ্ড লাগে বুলিনো কেনেকৈ ক’মগৈ? “লাজ লাগে পাই সি কি ভাবিব?”
” ই হ’ল আৰু এইজনী ৷ তেতিয়া হ’লে শিৱ-পাৰ্বতী ভগৱানৰ পোষ্টাৰ এখনকে কিনি পঠাই দে ৷”
” তোৰ ইমান নলেজ আছে , কিনিবলৈ তয়ে মোৰ লগত গৈ সহায় কৰি নিদিয় কিয়?”
” আমাৰ দৰে এনেকৈ সাজু হৈ থকা প্ৰেমিকাৰহে প্ৰমিক নাই। আনৰ সুখতনো কেনেকৈ ভাগ নল’ম? যাম যাম নিশ্চয় যাম অ। তোৰ জহতে কাৰ্ড এখনকে কিনিলৈ চাবলৈ পাম । ক্লাচ শেষ হ’লে ওলাবি ।

দোকান পালোহি । দোকানত সোমাই দোকানৰ পৰিৱেশ দেখি মোৰ তালু ফুটি যেন জীউ উৰি গ’ল। চাৰিওফালে দম দম কাৰ্ড। ভাগ ভাগকৈ লিখা থকা ভেলেণ্টাইন ডে’ কাৰ্ড, বাৰ্থডে’ কাৰ্ড, এনিভাৰচেৰি কাৰ্ড , আৰু কিবা কিবি কাৰ্ড, মুঠতে এগালমান কাৰ্ড। ইফালে সিফালে ভালদৰে চাব নাপালোৱেই, দোকানীৰ নিমন্ত্ৰণ আৰম্ভ হ’ল – ” আহা আহা ভনীহঁত, আহা ভেলেণ্টাইন কাৰ্ড নতুন লেটেষ্ট ডিজাইনৰ আহিছে, চোৱাহি ।” হায় মোৰ চকু কপালত উঠিল । লগৰজনীক ফুচফুচাই সুধিলোঁ
” সি কেনেকৈ গম পালে? ”
” হেই আঁকৰীজনী ৷ সি একো গম পোৱা নাই অ’ ৷ তাৰ বিজিনেছ এয়া ৷” তাই গেঙেৰি মাৰি ক’লে। এনেতে দোকানীজন মোৰ ওচৰলৈকে আগবাঢ়ি আহিল –
” ভনী, কি কাৰ্ড লাগে? ” হায়! শুনিয়েই মোৰ মুখৰ মাত হৰিল ৷
” ভে .. ভে … পিছৰখিনি নোলোৱা হ’ল।
” কি ভে.. ভে ..কৰি আছ হে ! দাদা ভেলেণ্টাইন কাৰ্ড লাগে । এইজনীয়ে মোৰ হাততে চিকুট মাৰি দি ক’লেহি।
” চাই লোৱা চাই লোৱা ৷ গোটেই দোকানখনতেই ভেলেণ্টাইন কাৰ্ড আছে ৷ ” দোকানীয়ে এইবাৰ আমাক সাদৰেৰে আগবঢ়াই দিলেহি।
” এইখন ল , এইখন চা ” । এইজনীৰ আটাইবোৰ কাৰ্ডেই পচন্দ হোৱা হ’ল ৷
” মনে মনে থাক অ’ ৷ দোকানীয়ে গমেই পাব, মোকেই যে লাগে ” । আমাৰ ফুচফুচনি আৰম্ভ হ’ল। ইফালে দোকানীৰ চকু থিয় । এনেহেন নতুন উৎসৱৰ নতুন দোকান খুলিছে ৷ লোকচানত যাব দিব নেকি? দোকানী আহি আমাৰ ওচৰ পালেহি। মোক উদ্দেশ্য কৰি কাৰ্ড এখন লৈ আগবাঢ়ি আহিল-
” এইখন চোৱা ভনী । এইখন কাৰ্ডৰ ভিতৰত আইনাৰ দিল আছে ।”
” কি , আইনাৰ দিল? ”
এনেতে তেওঁ কাৰ্ডখন দুফাল কৰি মেলি ধৰিলত সঁচাকৈ ভিতৰৰ আইনাৰ দিলটো ফটফটীয়া কৈ ওলাই আহিল। হায় ভগৱান কোন দুৰ্দান্ত প্ৰমিকৰনো এনে অদ্ভুত সৃষ্টি ! মই থৰ লাগি চাবহে পাৰিলোঁ ।
” কাৰ্ডখনৰ ওচৰলৈ আহা ভনী । দিলটোত চকু দিয়া ৷”
ওচৰলৈ গ’লোঁ । দিলটোত চকু দিলোঁ । চক খাই উঠিলোঁ , এয়া কি ! দিলৰ আইনাখনত মই জিলিকি আছোঁ ।
” কাক দেখিলা ভনী? ”
” নিজকে ৷ ”
” এতিয়া বুজি পালা? ”
” কি ?”
” যেতিয়া এই কাৰ্ডখন তেওঁ , মানে তোমাৰ প্ৰেমিকজনে খুলি চাব, দিলটোত তেওঁৰ নিজৰ চেহেৰাটো দেখিব । তেতিয়া তেওঁৰ এনে লাগিব তোমাৰ দিলত তেওঁ আছে। আইনাখন তোমাৰ দিল আৰু দিলত তেওঁৰ চেহেৰা। চোৱা লিখাও আছে mirror mirror in the card … who is the person in my heart…
মোৰ হুচ এইবাৰ সঁচাকৈয়ে উৰিল। নিজকে চুকৰ ভেকুলী যেন লাগিল ? থৰ লাগি ৰ’লোঁ ।
” আও গ্ৰেট ! কি ভাবিছ । লৈ ল। পঠাই দে তালৈ। পেক কৰি দিয়ক দাদা ” ইফালে ইজনীৰহে ধৰফৰনি আৰম্ভ হল ৷
” ভনী একো নক’লা ?” দামটো বেছি দিব নালাগে দিয়া । ষ্টুডেণ্ট ছোৱালী, কম কৰি ল’ম। তোমাৰ লগৰ আৰু বান্ধৱীবোৰকো আমাৰ কাৰ্ডটো দেখুৱাবা। এড্ৰেচটোও দিবা ৷”

এইবাৰ মোৰ খংহে উঠিব ধৰিলে। ইয়াৰ ব্যৱসায়ত এতিয়া মোকো ভাগিদাৰ কৰিব নেকি ই ।
এনে প্ৰমিক-প্ৰমিকা এতিয়া মই ক’ত পাওঁ, এই দোকানখনৰ কথা কৈ ভেলেণ্টাইনচ ডে’ প্ৰচাৰ কৰিবলৈ। সোনকালে কাৰ্ড লৈ ইয়াৰ পৰা ওলোৱাৰহে কথা। লগে লগেই টকা কেইটা উলিয়াই দিব লওঁতেই এইজনীৰ আকৌ প্ৰেমৰ পাগলপণ আৰম্ভ হ’ল ।
“দাদা, দাম কম কৰি নল’ব। প্ৰেমৰ আগত কিহৰ দৰ দাম ? ”
” নাই নাই ডিচকাউণ্টটো আমি দিমেই। ভনীৰ প্ৰেমটো আগুৱাই যাওক ৷”
” ঠিক আছে । পেক কৰি দিয়ক ।”
” এয়া চোৱা কাৰ্ডটোৰ ওপৰত আমি এটা প্লাষ্টিকৰ গোলাপ ফুলো ফ্ৰিকৈ লগাই দিছো ৷”

ইহঁত দুটাৰ প্ৰেমলীলাৰ এই আয়োজন খনত মোৰ আৰু তত হেৰাবহে ধৰিলে । কাৰ্ড লৈ চিধাই দোকানৰ বাহিৰ পালোহি। পিছে পিছে প্ৰেমৰ নামতেই পাগল হৈ উঠাজনীৰ চিঞৰ ভাহি আহিল ” ঐ ল ল তোৰ বাকিকেইটা টকা , ব’ল আমাক পানী পুৰি, চাট খুৱাবি ৷ আফটাৰ অল এক পাৰ্টিটৌ বনতা হে ।” আমিবোৰ পানীপুৰি খাবলৈ আগুৱাই গ’লোঁ ।

ইমান দিনে সাঁচি থোৱা কাৰ্ডখন আজি উলিয়াই আকৌ এবাৰ চালো। এওঁকো দেখুৱালো ” হেহ ল’ৰাই দেখিব হে লুকুৱাই থোৱা ৷ ” এওঁৰ কথাত ল’ৰাই নেদেখাকৈ অলপ সময় চাই আকৌ সাঁচি থ’লো অহা বছৰলৈ।

☆★☆★☆

 

4 Comments

  • ভাল লাগিল

    Reply
  • তামাম ৰে৷ ইমান ধুনীয়াকৈ বৰ্ননা কৰিলা, গোটেই ঘটনাটো যেন চকুৰ আগতে ঘটি গ’ল আৰু দোকানত লাজত ৰঙা চিঙা পৰা পৰী জনী যেন দেখি গলো৷ মজ্জা লাগিল৷

    Reply
  • ৰূপাঞ্জলী

    বৰ ভাল লাগিল

    Reply
  • SOMESWAR BORAH

    অহা বছৰলৈ সাঁচিথব নেলাগে নতুনকৈ বা ক
    ট্ৰেণ্ড আহে কি ঠিক।।
    ভাল পালো পঢ়ি।

    Reply

Leave a Reply

Your email address will not be published. Required fields are marked *