অসমীয়া সাহিত্য আৰু সংস্কৃতিৰ এক চিৰপৰিচিত আৰু চিৰস্মৰণীয় নাম হ’ল ড° লীলা গগৈ৷ অসমৰ কৃষিজীৱী, বুদ্ধিজীৱী, ছাত্ৰ-ছাত্ৰী তথা শিক্ষাবিদলৈকে সকলোৰে মাজত এটি জনপ্ৰিয় নাম হ’ল ড° লীলা গগৈ৷ ৬০ সংখ্যক অসম সাহিত্য সভাৰ মৰিগাঁও অধিৱেশনৰ তেওঁ সভাপতি আছিল৷ শিৱসাগৰৰ দিখৌপাৰৰ চেৰেকাপাৰ নামৰ ঠাইৰ লেবাং হাতীমূৰীয়া বংশত ১৯৩০ চনৰ ২৫ নবেম্বৰত তেওঁৰ জন্ম৷ তেওঁৰ পিতৃৰ নাম ৺ধনীৰাম গগৈ আৰু মাতৃৰ নাম ৺কমলা গগৈ৷

ড° লীলা গগৈয়ে তেওঁৰ শিক্ষাজীৱন আৰম্ভ কৰে ১৯৩৫ চনৰ চেৰেকাপাৰৰ প্ৰাথমিক বিদ্যালয়ৰপৰা৷ ১৯৫০ চনত শিৱসাগৰ চৰকাৰী হাইস্কুলৰপৰা প্ৰৱেশিকা পৰীক্ষাত উৰ্ত্তীণ হৈ ১৯৫৩ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা আই.এ. আৰু ১৯৫৮ চনত বি.এ. পৰীক্ষাত উৰ্ত্তীণ হয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰাই তেওঁ ১৯৬২ চনত এম.এ. পাছ কৰে৷ ১৯৮২ চনত বুৰঞ্জী সাহিত্যৰ সমালোচনাত্মক অধ্যয়ন বিষয়ৰ গৱেষণা কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰপৰা পি.এইচ.ডি. উপাধি লাভ কৰে৷

১৯৫৬ চনত ড° লীলা গগৈয়ে ‘নতুন অসমীয়া’ কাকতৰ উপ-সম্পাদক নিযুক্ত হয়৷ ইয়াৰ পিছত তেওঁ ১৯৬৩ চনত গড়গাওঁ কলেজ আৰু ১৯৬৪ চনত শিৱসাগৰ কলেজৰ অধ্যাপক হয়৷ ১৯৬৮ চনৰ পৰা ১৯৯০ চনলৈকে তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক, সহকাৰী প্ৰাধ্যাপক আৰু প্ৰাধ্যাপক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ উক্ত বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপকৰ পদ পোৱাৰ পাছত বছেৰেকমান শিক্ষাদান কৰি অৱসৰ লয়৷ ড° লীলা গগৈ ১৯৮৬ চনৰপৰা ১৯৯৩ চনলৈকে অসম চৰকাৰৰ বুৰঞ্জী আৰু পুৰাতত্ব বিভাগৰ সঞ্চালকৰ দায়িত্বতো আছিল৷

ড° লীলা গগৈয়ে বহুতো উল্লেখযোগ্য গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যক জাকত জিলিকা কৰি থৈ গ’ল৷ তেওঁৰ বুৰঞ্জী বিষয়ক গ্ৰন্থসমূহ হ’ল- বুৰঞ্জীয়ে পৰশা নগৰ, হেৰুৱা দিনৰ কথা, শৰাইঘাটৰ যুদ্ধৰ কথা, বেলি মাৰ গ’ল, বুৰঞ্জীয়ে কথা কয়, বুৰঞ্জী সাহিত্য, বুৰঞ্জীৰ ৰূপৰেখা শিৱসাগৰ৷ তেওঁৰ সংস্কৃতি বিষয়ক গ্ৰন্থসমূহ হ’ল – টাই সংস্কৃতিৰ ৰূপৰেখা, আহোম জাতি আৰু অসমীয়া সংস্কৃতি, অসমৰ সংস্কৃতি, সাহিত্য-সংস্কৃতি-বুৰঞ্জী, বিহু : এটি সমীক্ষা৷ তেওঁৰ লোক-সাহিত্য বিষয়ক গ্ৰন্থসমূহ হ’ল – অসমীয়া লোক-সাহিত্যৰ ৰূপৰেখা, মণিৰাম দেৱানৰ গীত, অসমীয়া লোকগীত, বিহুগীত আৰু বনঘোষা, জোনবাই এ এটি তৰা দিয়া৷ তেওঁৰ লঘু ৰচনাসমূহ হ’ল- কপলিং ছিগা ৰেল, বৃকোদৰ বৰুৱাৰ বিয়া (প্ৰথম খণ্ড), বৃকোদৰ বৰুৱাৰ বিয়া (দ্বিতীয় খণ্ড), বিশেষ কি লিখিম, বিয়েৰিং চিঠি, ঘেৰঘেৰী বাছ, মুকলি চিঠি৷ তেওঁৰ শিশু সাহিত্যসমূহ হ’ল- জয়মতী কুঁৱৰী আৰু মূলাগাভৰু, লাচিত বৰফুকন, ৰংমনৰ কথা, সোণতৰা, খৰা শিয়ালৰ বিয়া, পোনাকণৰ সপোন, অনুপম কোঁৱৰৰ সাধু, ভাৰতৰ কথা৷ তেওঁৰ গীত আৰু গীতি কবিতাসমূহ হ’ল- গীতি-মালঞ্চ, জোনাকৰ গীত, সোণালী৷ তেওঁৰ দ্বাৰা সম্পাদিত গ্ৰন্থসমূহ হ’ল- আধুনিক অসমীয়া সাহিত্যৰ পৰিচয়, যতীন্দ্ৰনাথ দুৱৰা : কবি আৰু কবিৰ প্ৰতিভা, অসমীয়া সংস্কৃতি (যুটীয়া সম্পাদনা), অসমীয়া গ্ৰন্থপঞ্জী (যুটীয়া সম্পাদনা)৷ তেওঁৰ উপন্যাসিকা আৰু উপন্যাসসমূহ হ’ল – নৈ বৈ যায়, সৰগৰ মুকুতা, নীলা খামৰ চিঠি, ডকাইত কোন৷ তেওঁৰ অনুবাদ গ্ৰন্থ হ’ল- বংগৰ লোক-সংস্কৃতি৷ তেওঁ কিছুমান পুৰণি পুথিও সম্পাদনা কৰিছিল৷ সেইবোৰ হ’ল- কুমাৰ হৰণ, কালিয় দমন, চোৰধৰা৷ ড° লীলা গগৈৰ ৰচনা সংকলনসমূহ হ’ল- সাহিত্য-সংস্কৃতিৰ বুৰঞ্জী, সাহিত্য: দুটিমান আলোচনা, চিন্তাৰ স্বাক্ষৰ৷ তেওঁৰ ইংৰাজী গ্ৰন্থসমূহ হ’ল- The Tai Khamtis of North-East India, The Buranji Historical Literature of Assam,The History of the System of Ahom Administration. তেওঁৰ বিবিধ ৰচনা হ’ল- সীমান্তৰ মাটি আৰু মানুহ৷ এইজনা মহান পুৰুষৰ অসম সাহিত্য সভাৰ সভাপতিৰ আসন অলংকৃত কৰি থকাৰ কাৰ্য্যকালতে ১৯৯৪ চনৰ ২৩ জুলাই তাৰিখে দেহাৱসান ঘটে৷

ড° লীলা গগৈৰ ৰম্য ৰচনা ‘বিয়েৰিং চিঠি’ বিভিন্ন বিষয়সম্বলিত বহুতো ৰচনাৰ সমষ্টি৷ তেখেতৰ ‘বিয়েৰিং চিঠি’য়ে যিদৰে হাঁহিৰ ৰহঘৰা বিয়পাব পাৰে, তাৰ বিপৰীতে চিন্তাধৰ্মী ৰচনাৰাজিয়ে চিন্তাশীল পাঠককো চিন্তাৰ খোৰাক যোগাব পাৰে৷ তেওঁৰ লিখনিসমূহ বোঁৱতী নদীৰ দৰে৷ পুৰণি যদিও তেওঁৰ প্ৰতিটো লেখাতে নতুনত্ব বিৰাজমান৷ নিজে নাহাঁহি আনক হঁহুৱাব পৰা এক অতুলনীয় গুণৰ অধিকাৰী আছিল ড° লীলা গগৈ৷ ‘বিয়েৰিং চিঠি’ৰ ৰচনাবোৰৰ বিষয়বোৰ ভিন্নস্বাদযুক্ত৷ প্ৰায়বোৰ ৰচনাই ব্যক্তিগত অনুভৱেৰে ভৰা অতীত স্মৃতি ৰোমন্থন কৰি ৰচনা কৰা৷ এইবোৰত তেওঁ কিছুমান চাকৰী জীৱনৰ ৰসাল অভিজ্ঞতা, একালত বাগিছাৰ চাহাব বুলিলে কেৰাণী-মহৰীয়ে বা বাগিছাৰ অন্যান্য লোকসকলে চাহাবৰ নামতে কিদৰে চালাম কৰিছিল তাৰে কিছুমান খুহুতীয়া অভিজ্ঞতা, স্কুলীয়া জীৱনৰ ৰসাল কাহিনী আদি উল্লেখ কৰিছে৷ উদাহৰণ স্বৰূপে- “তেওঁবিলাকৰ ঘৰতে বিয়া৷ বিয়া উলিয়াই দিয়া৷ দৰা আগবঢ়াই ৰভাতলীত বহুৱাই সম্প্ৰদানৰ কাম আৰম্ভ হ’ল৷ আনদিনা হাফ্‌পেণ্ট পিন্ধা আমাৰ সম্পৰ্কীয়ই ধূতি-পাঞ্জাবী পিন্ধি, গাত চেলেং কাপোৰ লৈ সম্প্ৰদানত বহিল৷ পুৰোহিতে মন্ত্ৰ আওঁৰাবলৈ ধৰিলে৷ এনেতে এজন মানুহে আহি কন্যাৰ দেউতাকৰ কাণত ফুচ্‌ফুচ্‌কৈ ক’লে- ‘চাহাব আহিছে৷’ শব্দ দুটা শুনিবলৈহে পালে, কন্যাৰ দেউতাকে পুৰোহিতক ক’লে- ‘ৰ’বচোন ৰ’ব৷ চাহাব আহিছে৷’ পুৰোহিতে কিবা এটা ক’বলৈ পোৱাৰ আগতেই দেউতাকে হোমৰ বেদী এৰি ঢাপলি মেলিলে৷ দৃশ্যটো মোৰ আজিও মনত পৰে৷”

পুথিখনৰ কিছুমান ৰচনাত ড° লীলা গগৈয়ে কবি হোৱাৰ প্ৰবল ইচ্ছাৰ কথা প্ৰকাশ কৰিছে৷ তেওঁ কবি হোৱাৰ আঁৰত থকা কিছুমান অতীত স্মৃতি ৰসালভাৱে পাঠকলৈ আগবঢ়াইছে৷ পুথিখনত থকা ‘অসমীয়া মানুহৰ নাম’ ৰচনাখনি পঢ়িলে আমাৰ অসমীয়া সমাজত প্ৰচলিত তেনেই চিনাকি মানুবোৰৰ নামৰ এখন ফটফটীয়া ছবি চকুৰ আগত ভাঁহি উঠে৷ প্ৰেমৰ বিষয়ে যিখন ৰচনা লিখিছে তাত খুহুটীয়া শব্দৰে গভীৰ অৰ্থ প্ৰকাশ কৰিবলৈ গগৈদেৱ সক্ষম হৈছে৷ তেওঁৰ চিন্তা দূৰ দিগন্তৰ৷ পুথিখনৰ লিখনিবোৰৰ মাজেৰে তেওঁ যে এজন জাতি-ভেদ বিচাৰ নকৰা বিৰাট প্ৰতিভাৱান লোক সেই কথা সুন্দৰভাৱে প্ৰকাশ পাইছে৷ অসমীয়া জাতি আৰু সংস্কৃতিৰ প্ৰতি গভীৰ চিন্তাশীল ব্যক্তি ড° লীলা গগৈৰ ৰচনাৰ পাতে পাতে জাতীয়তাবাদী ভাৱধাৰা প্ৰকাশ পাইছে৷ আমি অসমীয়া হৈয়ো নিজৰ ভাষা আৰু সংস্কৃতি উন্নতি সাধনৰ ক্ষেত্ৰত বিশেষ ভূমিকা নোলোৱাৰ বাবে তেওঁ ‘বিয়েৰিং চিঠি’ৰ কিছুমান ৰচনাত স্পষ্টভাৱে খেদ প্ৰকাশ কৰিছে৷ এই প্ৰকাশ এফালে খুহুটীয়া হ’লেও আনফালে অসমীয়াৰ পিঠিত চাবুকৰ কোব পৰাৰ দৰে৷ উদাহৰণ স্বৰূপে- “অচমিঞাসকলে কয়, অসমীয়া ভাষাত তিনিটা শব্দ আছে যাৰ সমাৰ্থক শব্দ পৃথিৱীৰ অন্যান্য ভাষাত পোৱা নাযায়৷ এই বিখ্যাত শব্দ তিনিটা হ’ল- ধোদ, ধদুৱা আৰু ভতুৱা৷ অসমীয়া জাতিটোৱেই ধোদৰ বংশধৰ৷ গদাধৰ সিংহৰ ছকুৰি মাইল দীঘল ধোদৰ আলি বন্ধা ধোদৰ বংশধৰসকলৰ বাহিৰে যিবোৰ লাচিত বৰফুকনৰ দিনৰ বীৰৰ বংশধৰ আছিল, সেইবোৰে মৰাণৰ বিদ্ৰোহ আৰু মানৰ আক্ৰমণৰ সময়ত খঁৰাকলি দা জোকাৰি ৰণ কৰোঁতে শেষ হ’ল৷” অসমীয়া সমাজৰ মানুহে ভোগা নানা সমস্যাক লৈ লিখা অসংখ্য ৰচনাৰ সমাহাৰ বুলি ক’লে পুথিখনৰ বিষয়ে বঢ়াই কোৱা নহ’ব৷ অসমীয়া সমাজত প্ৰচলিত এটা অন্ধবিশ্বাস হ’ল ভূত-প্ৰেত আদিত বিশ্বাস৷ আৰু এই বিশ্বাসৰ গইনা লৈয়ে যে এচাম লোকে বেজ হিচাপে জীৱিকা নিৰ্বাহ কৰি আছে সেই বিষয়ে লেখকে অসমৰ ৰাইজক তেওঁৰ লিখনীৰ যোগেদি সতৰ্ক কৰিব খুজিছে৷ চৰকাৰী বাছবোৰৰ দুৰৱস্থাৰ কথাও তেওঁ ৰসাল ভাষাৰে পাঠকলৈ আগবঢ়াইছে৷ আমাৰ সমাজত প্ৰচলিত উচ্চ-নীচ ভাৱটোৱে যে মানুহৰ মাজত ব্যৱধান বৃদ্ধি কৰিছে তাক ব্যংগ কৰি লিখা কেইবাখনো ৰচনা পুথিখনত আছে৷ উদাহৰণস্বৰূপে- “আমাৰ এইখন দেশ বৰমানুহৰ দেশ৷ অসমীয়া জাতি বৰমানুহৰ জাতি৷ ইয়াত সৰু বুলিবলৈ সৰু টেঙেচি, সৰু মানিমুনি, সৰু লাই নামেৰে কেইবিধমান উদ্ভিদ, বৰমানুহৰ বৰচৰা শুৱাই থকা সৰুদৈয়া জাপি, ভাওনাৰ সৰু ধেমালি আছে৷ তাৰ উপৰি বৰমানুহে বৰপানী চোৱাৰ লগতে সৰুপানী চুৱে৷ ইয়াৰ বাহিৰে আমাৰ দেশত সৰু সুৰা কথাত সৰু হৈ থকাৰ নিয়ম নাই৷ চৰু ফুটি জোল গ’লেও বৰচৰু, বহোঁতে কাটি হৈ পৰিলেও বৰ-পীৰা আৰু গোৱে-পোৱে তলযোৱা কথা হৈ গেলি-পচি উৱলি গ’লেও বৰমানুহক বৰখুটাত বৰভাগ লাগিবই৷ আমাৰ বৰমানুহৰ নাতি-পুতিহঁতেও নাও বুৰি তলি পালেও টিঙৰপৰা নেনামে৷”

পুথিখনত আদিম অসমীয়া সংস্কৃতি আৰু অসমৰ বিভিন্ন ঠাইসমূহৰ বুৰঞ্জীক লৈ লিখা অসংখ্য ৰচনা আছে৷ প্ৰকৃতিৰ বিষয়ে লিখা ৰচনাবোৰৰ ভাষাবোৰ অত্যন্ত সাৱলীল৷ অসমীয়া আঘোণ মাহক বৰ্ণনা কৰি ড° লীলা গগৈয়ে “বিয়েৰিং চিঠি”ত যিখন ৰচনা লিখিছে সেয়া সঁচাই অতুলনীয়৷ অসমীয়াৰ চিৰপৰিচিত ভোগালী বিহুটি তেওঁৰ ৰচনাত যেন এক নতুন ৰূপত জিলিকি উঠিছে৷ পুথিখনত “বৰদৈচিলাৰ চিঠি” শিৰোনামৰ ৰচনাখনিত তেওঁ সমগ্ৰ অসমীয়া জাতিটোকে তুলি ধৰিছে আৰু সেই ৰচনাখনিৰ উত্তৰ হিচাপে “ভোগাইৰ চিঠি” নামেৰে যিখন ৰচনা লিখিছে তাত ভোগালী বিহুৰ এক সুন্দৰ বৰ্ণনা দিছে৷ অসমীয়া ফকৰা-যোজনা কিছুমানৰো বৰ্ণনা ৰসাল ভাষাৰে পুথিখনত আছে৷ তদুপৰি পুথিখনত কিছুমান নীতিমূলক আৰু জ্ঞানমূলক কথাও আছে৷ উদাহৰণ স্বৰূপে- “আমি অসমীয়া৷ আমাৰ দেশ অসম৷ আচাৰে-বিচাৰে, আহাৰে-বিহাৰেও আমি অসম৷ পিছে পুৰণি পৃথিৱীখন লাহে লাহে নতুন হৈছে৷ ন ন ধৰণ-কৰণ ওলাইছে, মানুহে লৈছে, উন্নতিৰ বাটত আগুৱাই গৈছে৷ আৰু আমি ‘বোপাককাৰ ৰীতিটোনো এৰিম বা কিয়’ বুলি সেই এলান্ধুকলীয়া আচাৰ-বিচাৰ কেতবোৰৰ মাজতেই লুতুৰি-পুতুৰি হৈ হাত সাৱটি বহি আছোঁ৷ তাৰ উপৰি আমাৰ এনে কিছুমান অভ্যাস আছে যে যিবোৰ সভ্য আৰু উন্নত সমাজত নিতান্তই ‘অমাৰ্জিত’৷ অকল অসমীয়া বুলি নকওঁ ভাৰতীয়ৰ মাজতো তেনে লেতেৰা কুন্ধচ দস্তুৰ কিছুমান আছে৷” তেওঁৰ বৰ্ণনাশৈলী অতি শক্তিশালী৷ শব্দপ্ৰয়োগৰ ক্ষেত্ৰতো তেওঁ অত্যন্ত সচেতন৷ ৰচনাবোৰৰ কোনো কোনোখনত এই শৈলী কেতিয়াবা অতি গভীৰ আৰু কেতিয়াবা অতি কোমল হৈ পৰা দেখা যায়৷ বাক্য প্ৰয়োগ ইমান প্ৰাঞ্জল আৰু স্পষ্ট যে সেইবোৰ ৰচনা পাঠকৰ চকুত ছবিৰ দৰে জিলিকি উঠে৷ ড° লীলা গগৈ যে এজন সাহিত্য সংস্কৃতিৰ প্ৰতি আগ্ৰহ থকা লোক আছিল সেই কথা এই পুথিখন পঢ়িলে বুজা যায়৷ প্ৰতিটো বস্তুৱেই তেওঁ বিশ্লেষণাত্মকভাৱে আৰু সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিল৷ পুথিখনৰ ৰচনাসমূহৰ বৰ্ণনা তেওঁ অতি দক্ষতাৰে কৰিছে৷ বিয়েৰিং চিঠি পঢ়িলে ড° লীলা গগৈৰ অধ্যয়নপ্ৰিয় মনৰ পৰিচয় পোৱা যায়৷

☆★☆★☆

Comments

  1. বৰ তথ্যপূৰ্ণ প্ৰৱন্ধ। ড° লীলা গগৈদেৱৰ “বেলি মাৰ গ’ল”, অসমীয়া সংস্কৃতিৰ গ্ৰন্থকেইখন, বিহুগীত, বনগীতৰ গ্ৰন্থ আদি পঢ়িছো তথা বিভিন্ন সময়ত সহায়ো লৈছো। তেখেতৰ জীৱনৰ বিষয়ে বিস্তাৰিতভাৱে জনাৰ সুবিধা হ’ল এই প্ৰৱন্ধটো পঢ়ি। অভিনন্দন চাবিনা।

    1. ধন্যবাদ বা৷ আৰু অনেক জানিব লগা কথা আছে এইজনা ব্যক্তিৰ বিষয়ে৷

Leave a Reply

Your email address will not be published. Required fields are marked *