কিছুদিনৰ আগতে, দেওবাৰ এটাত বন্ধু এজনে ফোন কৰি সুধিছিল, বোলে বন্ধু আজি দেওবৰীয়া প্ৰগ্ৰেম কি? ঘৰতে নে কিবা ফেমিলি আউটিং আছে? মই উত্তৰ দিছিলো বোলো, নক’বা বন্ধু, আমাৰনো আৰু কি বন্ধডাল আছে? ডিউটি আছে হস্পিটেললৈ যাবই লাগিব। তেওঁ ওলোটাই ক’লে বোলে, এঃ, ইমাননো পইচাৰ পিছত দৌৰা নে? দেওবাৰেও ডিউটি মাৰি থাকা? ময়ো এইবুলি উত্তৰ দিলো যে, হয় দিয়া বন্ধু, ডাক্তৰকেইটাক খোচ মাৰি কথা ক’বলৈ বৰ সুবিধা। পিছে এবাৰ ভাবি চাবাচোন, ডাক্তৰখানা, পুলিচ থানা আৰু পায়খানা, এই তিনিবিধ বন্ধ হ’লে বিপদ কাৰ!

দেওবাৰ বা ৰবিবাৰ, বহুতৰে বাবে এটা বন্ধবাৰ। পিছে এটা আমোদজনক কথা জানেনে? আজিৰপৰা পাঁচ বছৰমানৰ আগতে জম্মুৰ ৰমন শৰ্মা নামৰ এজন লোকৰ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত কৰা এটা প্ৰশ্নৰ উত্তৰত ভাৰত চৰকাৰে জনাইছিল যে, চৰকাৰীভাৱে ৰবিবাৰ বন্ধ বুলি কেতিয়াও কোনো নিৰ্দেশ দিয়াই হোৱা নাই, ব্ৰিটিছ শাসনৰ দিনৰে পৰা যি চলি আহিছে, চলিয়ে আছে।

খ্ৰীষ্টানসকলে বিশ্বাস কৰে যে, ঈশ্বৰে পৃথিৱীৰ সৃষ্টি কৰোঁতে, ছয় দিনত বনাই, সপ্তম দিনা জিৰণি লৈছিল। এই দিনটোক তেওঁলোকে ছাবাথ দে (Sabbath) বুলি কয়, অৰ্থাৎ জিৰণি আৰু ভগৱানৰ উপাসনাৰ দিন। সেয়ে ৰবিবাৰৰ দিনটোত তেওঁলোকে কাম নকৰি গীৰ্জালৈ গৈ ঈশ্বৰৰ উপাসনা কৰে। সেইবাবেই খ্ৰীষ্টান সংখ্যাগৰিষ্ঠ দেশ আৰু এসময়ত ব্ৰিটিছৰ শাসনত থকা প্ৰায়বোৰ দেশতেই ৰবিবাৰ বন্ধবাৰ। মুছলমানসকলৰ বাবে পবিত্ৰ দিন শুক্ৰবাৰ, সেয়ে মুছলিম ৰাষ্ট্ৰসমূহৰ বন্ধবাৰ শুক্ৰবাৰ।

ইংৰাজে হেনো প্ৰথমে ভাৰতীয় কৰ্মচাৰী/বনুৱাক কোনো বন্ধই দিয়া নাছিল। কিছু বুৰঞ্জীবিদৰ মতে মহাৰাষ্ট্ৰৰ একাংশ শ্ৰমিকৰ হেঁচাত তেওঁলোকে, এটা দিন বন্ধ দিয়াৰ কথা আলোচনা কৰি, ৰবিবাৰৰ দিনটোকেই সকলোৰে কাৰণে ১৮৪০ চন মানৰপৰা বন্ধ ঘোষণা কৰে।

বাৰু যি কি নহওক, ডাক্তৰসকলে আচলতে দায়িত্ব এৰাব নোৱাৰাৰ বাবেহে বহুক্ষেত্ৰত দেওবাৰৰ কথা বাদেই দিয়ক, বিহু, পূজা, ফাকুৱা বা দেৱালী আদিতো কৰ্তব্য কৰি যাব লাগে। আমিও মাজে মাজে ডিউটি মিলাই লওঁ। ধৰক যদি ভোগালীত মই ক’ৰবালৈ ফুৰিবলৈ গ’লো, মোৰ কামখিনি মোৰ বন্ধু এজনে (ডাক্তৰ) চলাই দিয়ে। গতিকে ৰঙালীত আকৌ মই তেওঁক সুবিধাটো দিব লাগিব। কাৰণ মানুহৰ বেমাৰ/দুৰ্ঘটনা আদিতো আৰু বিহু, পূজা বুলি নোহোৱাকৈ নাথাকে। নহয় জানো? এনেকুৱা দিনত কিবা বিপদত ডাক্তৰ নাপালে, পইচাৰ পিছত দৌৰি আছা বুলি কোৱাসকলেই আকৌ গালিটো বেছিকৈ দিয়ে!

এনেবোৰ দিনত যি কেইজনে ডিউটি কৰে, তেওঁলোকৰ ব্যস্ততা বহুত বাঢ়ে, কাৰণ ষ্টাফ কম থাকে। এবাৰ দেৱালীত এজন ডাক্তৰে ব্যস্ততাৰে কৰ্তব্য কৰি আছিল। সিফালে মোবাইলত ৰাতিপুৱাৰপৰা দেৱালীৰ মেছেজ আহি আছিল। গতিকে তেওঁ মেছেজবিলাক বিশেষ নোচোৱাকৈয়ে ৰেডিমেড উত্তৰ এটা সকলোলৈকে পঠাই গৈছিল। তেনেতে এটা মেছেজ আহিল, ‘ছাৰ, মোৰ ল’ৰাটোৰ ৰাতিপুৱাৰপৰা এতিয়ালৈকে দহ/বাৰ বাৰমান পাতলা পায়খানা হৈ আছে, কিবা উপদেশ এটা দিয়ক।’ ডাক্তৰে মেছেজটো নোচোৱাকৈয়ে ৰেডিমেড উত্তৰ পঠিয়ালে, “ধন্যবাদ, আপোনাৰ পৰিয়ালৰ সকলোলৈকে একেই শুভকামনা থাকিল। এনজয়। কিন্তু লগতে বায়ু আৰু শব্দ প্ৰদূষণ যাতে কমকৈ হয়, তাৰ যত্ন কৰিব।”

☆★☆★☆

Comments

  1. হাঃ হাঃ! হাহিঁ ৰখাব পৰা নাই!

  2. হাঁহি উঠাকৈ লিখিলেও ডাক্তৰ সকলৰ মনোকষ্টবোৰ ফুটি উঠিছে। ভাল লাগিল পঢ়ি।

  3. এইজন ডাক্তৰে দেখিছো হহুৱাই পেট ফালি আকৌ নিজেই চিলাম বুলি ভাবিলে

Leave a Reply

Your email address will not be published. Required fields are marked *