চাৰিওফালে নিশাৰ নিস্তব্ধতা বিৰাজ কৰিছে। জকাইচুকীয়া গাওঁখনৰ প্ৰায় সকলো মানুহ টোপনিৰ কোলাত। ভেকুলীৰ টোৰটোৰ, জিলীৰ জি-ই-ই আৰু ৰাস্তাৰ ভতুৱা কুকুৰৰ দুই এটা ভুকভুকনিৰ বাহিৰে বাহিৰত বেলেগ একো শব্দ নাই। ঈষৎ পোহৰৰ বাল্বটো জ্বলি আছে মোৰ কোঠাটোত। বাল্বটোৰ ঠিক তলতে বেৰত ওলমি থকা পুৰণি ডিজাইনৰ ‘অজন্তা’ কোম্পানীৰ ঘড়ীটোলৈ চাই পঠিয়ালো। টক্ টক্ শব্দ কৰি মোৰ লগতে সিয়ো সাৰে থকাৰ সাক্ষী বহন কৰিছে। নিশা ১১.৪৪ বাজিছে। বাৰ বাজিবলৈ আৰু বেছি সময় নাই। লাহে লাহে উপযুক্ত সময় আহি পৰিছে, কামটো সমাধা কৰাৰ। লক্ষ্য ঠিক বাৰ বজা। বাৰ মানে পূৰা বাৰ। এক ছেকেণ্ডৰ ইফাল-সিফাল হোৱাটোও মই কামনা নকৰো। যিদিনাখন ইনফৰমেচনটো পাইছিলো, সেইদিনাখনেই সৰ্বপ্ৰথম হিচাপে যিকোনো প্ৰকাৰে ক্ৰেডিটটো ল’বলৈ প্রতিজ্ঞাবদ্ধ হৈছিলো। জানিছিলো, মোৰ প্ৰতিদ্বন্দী বহুত ওলাব। কিন্তু খেলপথাৰত নামিছোঁ যেতিয়া নেখেলাকৈ উভতি অহাটো ভীৰুতাৰ লক্ষণ হ’ব বুলিয়ে ধৰি লৈছিলো আৰু খেলখনত জয়ী হোৱাৰ কৌশল হিচাপেই এদিন আওপকীয়াকৈ সুধি ম’বাইলৰ সময়টোও মোৰ ম’বাইলৰ সময়ৰ লগত মিলাই লৈছিলো যাতে আগলৈ সুবিধা হয়। সকলো দিশ খুটিনাতি মাৰি অধ্যয়ন কৰি মিছনটো হাতত লৈছোঁ মই। আজি তাক সফলভাৱে ৰূপায়িত কৰাৰ সময় সমাগত। বহুদিন আগতে কৰি থোৱা পৰিকল্পনাটো বিফল হোৱাৰ কোনো সুৰুঙা ৰাখিব বিচৰা নাই মই। এটা এটা সৰু চিৰি বগাই প্ৰেকটিচ কৰি কৰি আহি আজিৰ এই বৃহৎ চিৰিটোৰ বাবে নিজকে সাজু কৰিছোঁ। এইটোও সাৱধানে আৰু সফলতাৰে পাৰ কৰিব লাগিব। তাৰবাবে কনফিডেণ্ট অৱশ্যে পূৰামাত্ৰাই আছে। মোৰ বিশ্বাস, এই সৰু-সুৰা কিটিপবোৰ মানি আগবাঢ়ি গৈ থাকিলেই খেলখনত এদিন বিজয়ীৰ খিতাপ দখল কৰিবলৈ সক্ষম হ’ম মই।

লেপৰ উমৰপৰা নিজকে বঞ্চিত কৰি জেকেট, হাতমোজা, বান্দৰ টুপী, জোতা-মোজা পিন্ধি সাজু হৈছোঁ। মিছন ছাকচেচফুল কৰাৰ সপোনত মাঘৰ ঠেঁটুৱৈ লগা ঠাণ্ডাকো নেওচা দিবলৈ ৰাজী মই। চাৰ্জিঙত লগাই থোৱা ম’বাইলটোৰ ওচৰত গৈ দেখিলো যে সেইটো ইতিমধ্যে ফুল চাৰ্জ হৈছে। মনটো ভাল লাগি গ’ল। শুভ লক্ষণ। আজি কাৰেণ্টটোৱেও মোক লগ দিছে, নহ’লে গাঁৱত যিহে কাৰেণ্টৰ লুকাভাকু খেল। ম’বাইলটো চাৰ্জাৰ পিনৰপৰা আঁতৰাই অন কৰি ছাইলেণ্ট মুডত ৰাখিলো। যিমান পাৰো সিমান সাৱধানতাৰে ৰুমৰ দুৱাৰৰ হুক্ খুলি বাহিৰ ওলালো। ‘খটক’কৈ শব্দ এটা হ’ল। নাই! গম নাপায় কোনেও। ঘৰৰ সকলো টোপনিত লালকাল। মা আৰু ভণ্টি চাগৈ ইমানপৰে সপোন ৰাজ্যত বিচৰণ কৰি আছে। দেউতাই নিশ্চয় নাক বজাবলৈ আৰম্ভ কৰিছে। আৰু মই! পঢ়ি আছোঁ, তেওঁলোকৰ মনত। কথাটো ভাবি হাঁহিও উঠিল, দুখো লাগিল। ঘৰৰ কোনো এটা প্ৰাণীয়ে ঘুণাক্ষৰেও গম নাপায় মোৰ মিছনৰ কথা। সহজ সৰল মানুহ। মনবোৰো সহজ সৰল। অলপমান চকু দিলেই হয়তো মোৰ আওভাও তেওঁলোকৰ চকুত পৰিলহেঁতেন। কাৰণ যোৱা কিছুদিনৰপৰা মোৰ মাজত হোৱা পৰিৱৰ্তন মই নিজেই অনুভৱ কৰিছোঁ।

লাহেকৈ দুৱাৰখন জপাই সন্তৰ্পণে আগুৱাই গ’লো নিৰ্দিষ্ট ঠাইটুকুৰালৈ। কেইবাদিনৰো পৰীক্ষা নিৰীক্ষাৰ অন্তত সেই বিশেষ ঠাইটুকুৰা বাছি উলিয়াইছোঁ মই। সেই ঠাইটুকুৰাৰ বাহিৰে কামটো সমাধা কৰিবলৈ সুবিধাজনক ঠাই আৰু বেলেগ এডোখৰ নাই। কাষতে থকা লিচু গছজোপাই এইক্ষেত্রত বহুত সহায় কৰিব। কোনেও দেখা নোপোৱাকৈ আঁৰ কৰিব ৰাখিবলৈ পূৰা সক্ষম ই। প্ৰয়োজন হ’লে ‘প্লেন বি’ও বনাই থৈছোঁ মই। যদিহে ‘প্লেন এ’ই কাম নকৰে, তেন্তে লগে লগে ‘প্লেন বি’ লৈ মুভ কৰিব লাগিব। সময় খৰছ কৰিলে মিছন ফেইল হোৱাৰ সম্ভাৱনাই অধিক। ‘প্লেন বি’টো অলপ বেছি কষ্টকৰ। আঘাতপ্ৰাপ্ত হোৱাৰ থল আছে। দিনত অলপ প্ৰেকটিছ কৰিবলৈ সুযোগ পােৱা হ’লে হয়তো ইমান ভয় নকৰিলোহেঁতেন। প্ৰেকটিছৰ চান্স নোপোৱাও নহয়। কিন্তু ট্ৰায়েল দিবলৈ যাওঁতে যিখনহে বাধাৰ প্ৰাচীৰ দেখিলো, আগুৱাবৰ সাধ্য নহ’ল। ভগৱানক চিন্তি ৰাতিলৈ যি হ’ব দেখা যাব বুলি প্ৰেকটিছৰ আশা তাতেই বাদ দিছিলো।

ম’বাইলৰ টৰ্চটো জ্বলাও বুলি ভাবিও নজ্বলালো। অকণমান অসাৱধান হ’লেই ধৰা পৰাৰ ভয় আছে। স্ক্ৰীণখনৰ ক্ষীণ পোহৰকে সাৰথি কৰি খেপিয়াই খেপিয়াই গৈ কোনোমতে লিচুগছজোপাৰ ওচৰ পাই ইফালে-সিফালে চাই আউজি থিয় হ’লো। চাৰিওফালে এন্ধাৰ। মনত অলপ অলপ ভয় নলগাও নহয়। ম’বাইলতে সময়টো চালো। বাৰ বাজিবলৈ তেতিয়াও তিনিমিনিট বাকী। কিন্তু ইকি! যিটো বস্তু বিচাৰি এই ঠাইডোখৰলৈ আহিছোঁ সেই বস্তুটোৱে নাই দেখোন। এসপ্তাহ আগৰ পৰীক্ষা নিৰীক্ষাই কি মোক ধৌখা দিবলৈ ওলাইছে নেকি? মূৰটো গৰম হৈ আহিছে মোৰ। ইফালে বাৰ বাজো বাজো। ইমিডিয়েট ‘প্লেন বি’ এপ্লাই কৰোঁ বুলি উঠি গ’লো গছৰ ডালত। ৰক্ষা! বিচৰা বস্তুটোৱে এডাল দুডালকৈ দেখা দিছে। আৰু অলপো সময় নষ্ট নকৰি নিৰ্দিষ্ট নম্বৰটো উলিয়াই ডায়েল বাটনটো টিপি দিলো। উত্তেজনাত উশাহ ঘন হৈ পৰিছে। এয়া যে মিছন কাৰ্যকৰী কৰাৰ ক্ষণ। মনৰ ভিতৰত আকৌ এবাৰ আওৰাই ল’লো ক’বলগা কথাখিনি।

“তোমাৰ বাবে বিশেষ দিনটো মোৰ কাৰণেও সদায় বিশেষ হৈ থাকিব, কাৰণ আজিৰ দিনটোৱে উপহাৰ হিচাপে তোমাক……….।”

কিন্তু এইমুহূৰ্তত দেহত কিবা এটা বেলেগ অনুভৱেহে ক্ৰিয়া কৰিবলৈ ধৰিছে দেখোন। চকু, মুখ, নাকত কিবা এটা পিৰপিৰণি। আনখন হাতেৰে পাৰ্যমানে চেষ্টা চলাইছোঁ পিৰপিৰণিটোক বাধা দিবলৈ। সফল হোৱা নাই। তেনেতে গালত কিহবাৰ মৰকামোৰ। লগে লগে মনত পৰি গ’ল দিনত দেখা বাধাৰ প্ৰাচীৰখন। প্ৰকাণ্ড আমৰলি বাহটো। “মৰিলো ঐ!” বুলি চিঞৰটো ওলাবলৈ খোজোতেই সিফালৰপৰা নাৰীকণ্ঠই ফোনত কৈ উঠিল,

“আপুনি কল কৰা নম্বৰটো এইমুহূৰ্তত হয়তো সংযোগ সীমাৰ বাহিৰত আছে অথবা বন্ধ আছে, অনুগ্ৰহ কৰি পিছত পুনৰ চেষ্টা কৰক।”

☆★☆★☆

Comments

    1. বেচেৰী নহয় দাদা বেচেৰা। প্ৰথম পুৰুষত লিখিছোঁ যদিও চৰিত্ৰটো পুৰুষৰহে।

  1. হাঃ হাঃ…. বঢ়িয়া লাগিল মণিষা বা

  2. সুন্দৰ !! ৰহস্য আৰু উৎকণ্ঠা বৰ্তি থাকিল লেখাৰ শেষলৈকে। উপস্থাপন জড়তাবিহীন। কিন্তু গল্পৰ শিৰোনামটো বেলেগ হ’ব লাগিছিল,তেতিয়া আৰু অধিক ছাছপেঞ্ছৰ সৃষ্টি হ’লহেঁতেন।

    1. ধন্যবাদ। হয়, কথাটো ময়ো অনুভৱ কৰিছোঁ। আগলৈ মনত ৰাখিম।

Leave a Reply

Your email address will not be published. Required fields are marked *