মানে কেচটো নগেন। নহয়, কেচটো নগেন নে কি নাজানো, কিন্তু কাহিনীৰ নায়কজনৰ নাম নগেন। জাতীয় চেতনাৰে জীৱন উৎসৰ্গা কৰিব বিচৰা আমাৰ নগেন। তেওঁ বহু বছৰৰ আগতে ‘অসম মুক্তি জনগণ পৰিষদ’ নামৰ ৰাজনৈতিক দলটোৰ কৰ্মী আছিল। পিছে কি হ’ব? এই দলটোৱে শাসন কালত কোনো উন্নয়নমূলক কাম কাজ নকৰিলেই। বিধায়ক মন্ত্ৰীসকলে চৰকাৰী ধনৰ শৰাধ পাতি কেৱল নিজৰ পৰিয়ালৰ বাবে সাত পুৰুষলৈ ধন সাঁচি ল’লে। পিছৰ নিৰ্বাচনত তেওঁলোক জিকক বা হাৰক তালৈ পৰোৱা নকৰে। বিদেশী বেংকত ধন। বিদেশত ল’ৰা-ছোৱালীক ৰাখিছে। নিজে বজাৰলৈ যোৱা ৰাষ্টাটো পকী কৰি লৈছে। অসুখ বিসুখ হ’লে চিধা বাহিৰৰ হস্পিতাললৈ উৰা মাৰিব। বেছি একো অসুবিধা নহয়। টকা খৰছহে হ’ব। সেইটোনো কি ডাঙৰ কথা! সাত পুৰুষে খাই শেষ কৰিব নোৱাৰাকৈ সাঁচি লৈছেই। বাহিৰৰ হস্পিতালত তেওঁলোকৰ টকা দেখিলে হস্পিতালৰ মালিকে ডাক্তৰ স্বৰ্গৰপৰাই নমাই আনিব লাগিলে। মালিকে চিন্তা কৰি কিয় চাব! সেইবোৰ ক’লা ধন নে বগা ধন!
কিন্তু নগেনৰ একোডাল নহ’ল। না চৰকাৰী চাকৰি পালে, না ক’লা ধন অৰ্জন কৰি জীৱনৰ বাটটো অলপ হ’লেও মসৃণ কৰিব পাৰিলে।
সেইবোৰ কথাকে ভাবি আছিল সি। তেনেতে কেৰেপাই কাইটিয়ে মাত লগালে, “ঐ নগেন হ’ল নে নাই? দোকান বন্ধ কৰো নহয়। দেৰি হ’লে আকৌ পুলিচক টকা বেছি দিবলগীয়া হয়। শান্তি নাই বুজিছ। লগাই দিয়া মানুহৰ অভাৱ নাই। পৃথিৱীৰ মানুহ সবেই হিংসাকুৰীয়া। যি দিলো তাকে শেষ কৰ আৰু ঘৰলৈ যা। মাৰে ঢাকোনৰ ভাত থৈ দিছে চাগৈ। ময়ো যাওঁ ল’ৰা ছোৱালীকেইটাৰ লগতে ভাতকেইটা খাওঁগৈ। দিনত স্কুলত থাকে যে একেলগে ভাত খোৱাই নহয়।”

এইবুলি কেৰেপাই কাইটিয়ে তিনিআলিৰ সুৰাৰ দোকানখন বন্ধ কৰাৰ সংকেত দিলে। কাঁচৰ গিলাছত থকা অৱশিষ্টকণ নগেনে একে শোহাতে শেষ কৰিলে। নিমখকণ বুট মাহত লগাই মোকোৰা মোকোৰে চোবাই থাকোতে সি ক’লে, “লিখি থ’বি দাইটি, একে লগে ধাৰ মাৰি দিম।”

নাই, এইটো দলত আৰু নহ’ব। এইবাৰ নিৰ্বাচনত জিকাৰ একেবাৰে আশা নাই। জিকিব লগা ‘আই জনমভূমি’ দলতে সি যোগদান কৰিব। কিন্তু আজি ‘অসম মুক্তি জনগণ পৰিষদৰ’ ৰাজহুৱা সভা আছে। তালৈ সি যাম বুলি কৈছিল। যাওঁ নাযাওঁ দোমোজাতে আছিল যদিও মনটো ধৰি ৰাখিব নোৱাৰি গৈ সভা পালেগৈ। এটা বক্তৃতা দিবলৈও আকস্মিকভাৱে সুবিধা পালে। বক্তৃতাৰ শেষত সি ‘অ’ মোৰ আপোনাৰ দেশ’ গাব বুলি ঠিক কৰি ল’লে। নগেনে গাবলৈ ধৰিলে – “স্বৰে অ’ মোৰ আপোনাৰ দেশ, স্বৰে অ’ মোৰ চিকুণি দেশ”। সভাত হুৱা দুৱা লাগিল। হাই হাই কি জাতীয় চেতনাৰ নায়ক এইজন! দুদিনমানৰ বাবে নগেনে সমালোচনাৰ শীৰ্ষস্থান দখল কৰিলে। নগেনক সেই ৰাজনৈতিক দলৰপৰা বহিস্কাৰ কৰা হ’ল। কাৰণ দলটোৱে জনসাধাৰণৰ আগত জাতীয় চেতনাৰ মহানতাৰ পৰিচয় দিব লাগে।

নগেনক গোৰ মাৰি গংগাতহে পেলালে তেওঁলোকে। জিকিব বুলি ভাবি থকা ‘আই জনমভূমি’ দলত নগেনে যোগদান কৰিলে। কিন্তু আগৰবাৰৰ দৰে সি পুনৰ ভুল নকৰাৰ সিদ্ধান্তও লৈ পেলালে। কিবা কৰি ঠিকা দুই এটা ল’বই লাগিব। এক গাড়ী শিলগুটি দহো জেগাত অলপ অলপকৈ পেলাব। ফটো মাৰি নি দহ গাড়ীৰ টকা আদায় কৰিব। দৰকাৰ হ’লে বেলেগকো দিব। মুঠতে নিজৰ জেপলৈ টকা আহিলেই হ’ল। বাকী জনসাধাৰণৰ দুখ কষ্টৰ কথা কোনে চিন্তা কৰে! সভাত ভাষণ দিবৰ বাবে তেজস্বী ভাষণ লিখা মানুহো বন্দোবস্ত কৰি ল’ব।

সিদ্ধান্ত অনুসৰি সি ‘আই জনমভূমি’ দলত যোগদান কৰি দলৰ উচ্চ পদস্থ লোকৰ সৈতে পোনেই চিনাকি হৈ চুক্তি কৰি ল’লে। ঠিকা দিবই লাগিব তাক।

নিৰ্বাচনত তাৰ দলে জয় লাভ কৰাৰ পাছত সি দেখিলে, বাঃ! ”গাখীৰতে ম’হৰ খূটি সান্দহতে দৈ।” নগেনে ভবাতকৈও সহজ এই দলত থাকি টকা ঘটিবলৈ। সকলো ঠিক কৰি থোৱাই আছে। মুঠতে দিনত জনসাধাৰণক উদ্দেশ্যি ভাষণ দিব লাগে আৰু ৰাতিলৈ বিলাসী হোটেল এখনত বহি ৰঙীন পানীয়ৰ গিলাছটো মুখৰ আগত ৰাখি চিগাৰেটৰ ধোঁৱাৰে কুণ্ডলী পকাই পকাই টকাৰ হিচাপ কৰিব লাগে। অতিকৈ মজাৰ কথা যে কেতিয়াবা ৰমণীৰো অাবিৰ্ভাৱ হয়। সঁচাই এইটো কৰ্পোৰেট দল। টকা অকলে নাখায়। লগত থকাসকলেও ভাগ পায়। এই ধৰক ৰাষ্টা এটা বনালে। টকা আহিছিল এক লাখ। কাম কৰিলে পাঁচ হাজাৰ টকাৰ। পঞ্চাচ হাজাৰ টকা মন্ত্ৰী, বিধায়ক, চৰকাৰী বিষয়া আদিয়ে ওপৰতে ৰাখিলে। বাকী থাকিল পঞ্চলিছ হাজাৰ। পঞ্চলিছ হাজাৰ পঞ্চায়তৰ কৰ্মীৰপৰা দলৰ বাকীসকল কৰ্মীয়েও ভাগ পায়। কেতিয়াবা খঙো উঠে তাৰ। দিনত সি দলৰ হিতৰ বাবে ভাষণ দিয়ে গতিকে ৰাতিলৈ টকাৰ ভাগ এটা চুবলৈ পায়। কিন্তু দিনত দলটোক গালি দিয়া দুজনমান জাতীয়তাবাদী লোকে কেনেকৈ ৰাতি টকাৰ ভাগ পায়!
সেই উত্তৰটোৰ বাবে বেছি দিন ৰ’ব লগা নহ’ল। অপেক্ষাৰ অন্ত পৰিল। কিছু দিনৰ মূৰত নগেনেও এটা ঠিকা পালে। কিন্তু ৰাষ্টাৰ নহয়। পুখুৰী খান্দিবৰ বাবে পালে ঠিকা। তাৰ জন্মভূমি গাওঁখনতে পুখুৰী এটা খন্দাৰ ঠিকা পালে। কিন্তু সকলোৰে ঘৰত পুখুৰী থাকোতে ৰাজহুৱা বৰপুখুৰী এটা খান্দিবৰ বাবে কেনেকৈ অনুমতি পাব। আচলতে চৰকাৰী ধন জনসাধাৰণৰ অভাৱ পূৰণ কৰিবলৈকে অনুমোদিত নহয়, অনুমোদিত হয় যাতে চৰকাৰী উচ্চপদস্থ বিষয়াসকলৰ লগতে দলীয় কৰ্মীসকলৰ জেপলৈও আই লক্ষ্মীৰ আগমন হয়। নহ’লেনো তাৰ ঘৰৰ আগৰ পথটোৰ অৱস্থা ইমান দুখ লগা হয়নে! গতিকে পুখুৰীটো খন্দাৰ অনুমতি আহিল। সেই দলৰে নগেনৰ লগত ৰঙাপানী খোৱা এজন ‘চি এম’ মানে মুখ্যমন্ত্ৰীৰ সোঁহাত স্বৰূপ। আৱেদন নি পোনেই মুখ্যমন্ত্ৰীক দিবগৈ পাৰে। নগেনৰ গাঁৱত বৰপুখুৰী এটাৰ অতি আৱশ্যক বুলি মুখ্যমন্ত্ৰীলৈ এখন আৱেদন লিখিলে। তলত কেইবাটাও জাতীয়তাবাদী সংগঠনৰ নাম আৰু চিল মোহৰ দি সংগঠনকেইটাৰ উচ্চ পদস্থ বিষয়ববীয়াসকলে চহী কৰোৱাই দিলে। আৱেদনখন দেখিলে লাগে যেন পুখুৰী এটাৰ অভাৱত ৰাইজে জীয়াতু ভূগিছে। সংগঠনবোৰৰ চিল, মোহৰ, চহী দেখি লাগে যেন নিদিবলৈ হ’লে এটা জংগী আন্দোলন হ’ব। অৱশেষত মুখ্যমন্ত্ৰীয়ে চাৰি লাখ টকা পুখুৰী খান্দিবলৈ আৰু এক লাখ টকাৰে পাৰ বান্ধি বেৰা দিবলৈ, মুঠ পাঁচ লাখ টকাৰ অনুদান দি দিলে। মুখ্যমন্ত্ৰীয়ে কথাবোৰ নজনা নহয়। তেওঁও সেই একে কাম কৰিহে মুখ্যমন্ত্ৰী হৈছে। স্বৰ্গৰপৰা জখলা লৈ নামি অহা নাই নহয়। সেইবাবেইতো আমাৰ ককাসকলে কৈ গৈছে “লংকা পালেগৈ সকলো ৰাৱণ।” পাঁচ লাখ টকাৰ ঠাইত কিন্তু নগেনৰ হাতত আহি পৰিল দুই লাখ টকা। মানে তিনি লাখ টকা বৰমূৰীয়াসকলৰ জেপতে সোমাল। এতিয়া দুইলাখ টকাৰে পুখুৰী খান্দিলে তালৈ থাকিব কি ? কেৰেপাই দোকানৰ বাকী এতিয়া নাই বাৰু। সেই পুখুৰীৰ টকাৰে নিজৰ বুলি বিশ্বকৰ্মাৰ সম্পদ এভাগ গোটাম বুলিহে সি ভাবি আছিল। এতিয়া কিডাল হ’ব! কথাবোৰ হোটেলৰ কোঠাত বহি ভাবি থাকোতেই হুৰ মূৰকৈ চহী কৰা জাতীয়তাবাদী নেতাকেইজনৰ সৈতে পঞ্চায়তৰ আৰু দলটোৰ কৰ্মীসকল সোমাই আহিল। বেলেগ কথা নাই, দুই লাখ টকাৰ ভাগ লাগে সকলোকে। নগেনৰ প্ৰশ্ন, “কিন্তু পুখুৰী খন্দাই নাই আগতে টকা ভাগ কেনেকৈ কৰোঁ‌?” মুখ্যমন্ত্ৰীৰ সোঁহাত স্বৰূপজনে ক’লে, “হা হা ভয় কৰিছ নেকি? চিন্তা নাই মেনেজ কৰি দিম। পুখুৰী খান্দিবই নালাগে। মাত্ৰ সাংবাদিককেইজনে খবৰটো পালে। গতিকে ভাগটো তেওঁলোককো দিব লাগিব।” টকাৰ ভাগ বতৰা হৈ গ’ল। চৰকাৰী নথিত সেই অঞ্চলত এটা বৰপুখুৰী আছে।

বিধান সভাৰ নিৰ্বাচনলৈ দিন আছে। লোক সভা নিৰ্বাচনৰ দিন আহি আছে। এতিয়া ভোট বিচাৰি ৰাজনৈতিক দলৰ নেতাসকল গাওঁবোৰলৈ আহিব। নিৰ্বাচনী সভাত যদি পুখুৰীটোৰ কথা কৈ দিয়ে! তেতিয়াহ’লে সকলো দেখোন নিগমে মৰিব! পুনৰ এটা বুদ্ধি পাঙিলে নগেনবাহিনীয়ে। এই পুখুৰীটো থকাৰ বাবে জনসাধাৰণৰ বহুত অসুবিধা হৈছে, ইয়াত মহে কণী পাৰি মেলেৰিয়া, ডেংগু আদি মহামাৰী ৰোগৰ সৃষ্টি কৰিছে, এইবুলি আৱেদন এখন লিখি আগৰ দৰে চিল, মোহৰ চহী কৰি মুখ্যমন্ত্ৰীৰ হাতত দিলে। অতি সোনকালে পুখুৰীটো পোতাৰ ব্যৱস্থা নল’লে জংগী আন্দোলনৰ হুংকাৰ দিলে একাধিক জাতীয়তাবাদী দলে। পুনৰ আৰ্থিক অনুদানেৰে পুখুৰীটো পোতা হ’ল।

সেই অঞ্চলত পুখুৰী না আছিল, না থাকিল। তেনেকৈয়ে এটা পুখুৰী জন্ম নোহোৱাকৈ শ্বহীদো হ’ল। কোনে জানে তেনেদৰে কিমান পুখুৰী শ্বহীদ হৈছে আৰু জনসাধৰণৰ কিমান টকা সেই পুখুৰীবোৰত পোত গৈছে!

☆★☆★☆

Comments

  1. আমাৰ সমাজৰ সদায় দেখি থকা ছবিৰ নিখুত অংকন। বৰ ভাল লাগিল পঢ়ি বিকাশ।

  2. আপোনাৰ কাহিনী পঢ়ি কাৰোবাৰ চেকচেকনি ভকভকনি আহি যাব।

  3. অপ্ৰিয় সত্য কথাবোৰ কৈ দিলা গল্পটোৰ জৰিয়তে।

  4. বহুত ভাল লাগিল।ব্যঙ্গৰ চলেৰে সমাজৰ ৰূপ দেখুৱালে

Leave a Reply

Your email address will not be published. Required fields are marked *