‘অসমৰ চাৰিভাগ মানুহৰ ভিতৰত তিনিভাগেই’ হাঁহিব নাজানে বুলি লক্ষ্মীনাথ বেজবৰুৱাই কৈ গৈছে। তেওঁৰ মতে, “ভাৰতৰ মানুহৰ হাড়ে হাড়ে সিৰে সিৰে এনে এটা ভাবে শিয়াই আছে যে হাঁহিলে মানুহ পাতল হয়। হঁহা মানুহ চেলেপু। …মুঠতে আমাৰ মানুহৰ বিশ্বব্ৰহ্মাণ্ডত আমাৰ মতে গোটেইখন serious, অৰ্থাৎ হাঁহিশূন্য। হাঁহি হৰিজন, তাক চুব নাপায়। তাৰ ছাঁতো ভৰি দিব নাপায়। …দেখি দুখ লাগে যে, অসমৰ চাৰিভাগ মানুহৰ ভিতৰত তিনিভাগে ইংৰাজীত যাক কয় wit and humour নুবুজে।”– বেজবৰুৱাৰ মতত হয়ভৰ দি এই কথা ক’ব পাৰি যে, অসমীয়া মানুহে সঁচায়ে হাঁহিবলৈ নিশিকিলে আৰু কোনোবা এদিন যে শিকিবগৈ, তাৰো কোনো ভৰষা নাই। কিন্তু সাহিত্যিক অভিলেখসমূহত চকু দিলে অসমীয়া সাহিত্যত হাস্য-ব্যংগৰ স্থান তেনেই নগন্য বুলি ক’ব নোৱাৰি। সেই সীমাৰেখাডাল আমি যদি চৰ্যাপদৰপৰাও আৰম্ভ কৰোঁ, তেন্তে দেখিম যে চৰ্যাপদসমূহত সহজযান বৌদ্ধধৰ্মৰ ধৰ্মীয় মতাদৰ্শ প্ৰচাৰ কৰিছিল যদিও সমসাময়িক পৰিস্থিতি বৰ্ণনাৰ সাপেক্ষে হাস্যৰস বা ব্যংগৰো চিটিকনি পৰিছিল। মদ বিক্ৰী কৰা শুঁড়ীৰ ঘৰত সোমাই বাটৰুৱাই বত্ৰিশ কলহ মদ খাই তহিলং কৰা, শৱৰ ডেকাই নিজৰ পত্নীকে চিনিব নোৱাৰি প্ৰেম নিবেদন কৰা, কামৰূপৰ বোৱাৰীয়ে দিনতে সোণ-ৰূপৰ অলংকাৰ পিন্ধি শুই থাকোঁতে চোৰে আহি চুৰ কৰা আৰু পিছত শহুৰেকে ভর্ৎসনা কৰা — এনে কিছুমান পৰিস্থিতি চিত্ৰণত হাস্য-বংগৰ অৱতাৰণা নোহোৱাকৈ থকা নাই। ইয়াৰ পাছতো প্ৰাকশংকৰী যুগৰ অসমীয়া সাহিত্যত, শংকৰী বা বৈষ্ণৱ যুগৰ অসমীয়া সাহিত্যত, অসমীয়া পাঁচালি সাহিত্যত হাস্য-ব্যংগই স্থান পাইছে। আধুনিক অসমীয়া সাহিত্যত অৰুনোদই আলোচনীৰ দুই-এক পদ্যত হাস্য-ব্যংগৰ ক্ষীণ সুঁতি এটা লক্ষ্য কৰা যায়। গুণাভিৰাম বৰুৱাৰ ‘কঠিন শব্দৰ ৰহস্য ব্যাখ্যা’ত হাস্যৰসৰ লগতে ক্ষণিক ব্যংগৰো অৱতাৰণা কৰিছে। অৱশ্যে মৌ আলোচনীত অসমীয়া হাস্য-ব্যংগৰ বিশেষ উত্থান লক্ষণীয় হৈ উঠিছে। ইয়াত ‘সদানন্দৰ কলাঘুমতি’, ‘অসমীয়া বাবু’, ‘ডাঙৰীয়া’ আদি ৰচনা আৰু কবিতাত হাস্য-ব্যংগৰ সফল সমাৰোহ দেখা পোৱা গৈছে। অৱশ্যে পৰৱৰ্তী জোনাকী বা বাঁহী আদি আলোচনীত এই হাস্য-ব্যংগৰ ধাৰাটোৱে ক্ৰমে সবল ৰূপ ধাৰণ কৰে। লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ বৰুৱাৰ কলমত হাস্য-ব্যংগ সাহিত্যই বিকাশ লাভ কৰে।
স্বতন্ত্ৰ ৰূপত হাস্য-ব্যংগ আলোচনীৰ সম্পাদনা আৰু প্ৰকাশনৰ ধাৰাটোৰ আত্মপ্ৰকাশ অসমীয়া সাহিত্যত বহু পলমকৈ আৰু দুৰ্বল ৰূপত ঘটিছে বুলিব পাৰি। ১৯৪৭ চনৰ ছয় চেপ্তেম্বৰত নগাঁৱৰ পৰা বিহলঙনি নামেৰে এখন আলোচনীৰ প্ৰকাশ হৈছিল। এইখনে পষেকীয়া বাৰ্তালোচনী হিচাপে আত্মপ্ৰকাশ কৰিছিল। শিক্ষাবিদ মহেশচন্দ্ৰ দেৱগোস্বামীয়ে ‘কুমাৰ শ্ৰীমধুসূদন’ ছদ্মনামেৰে বিহলঙনিৰ সম্পাদনা কৰিছিল। প্ৰকাশক আছিল হেম কলিতা। এই বাৰ্তালোচনীখন অনিয়মীয়াকৈ ১৯৪৯ চনত দ্বিতীয় বাৰ আৰু ১৯৮০ চনত তৃতীয় বাৰৰ বাবে কেইটামান সংখ্যা প্ৰকাশ হৈছিল। আলোচনীখনৰ প্ৰথম পৃষ্ঠাৰ শীৰ্ষকৰ তলতে ‘সত্যৰ সদায় জয়’ আৰু এই পদফাঁকি লিখা আছিল– “জাৰো ফুকোঁ চলাওঁ সৌকা, মোক বুলিবা মায়ঙীয়া ওজা। হৰ বিষ হৰ হৰ, চৌষষ্টি খেতৰ পলাই মাৰ লৰ। ওঁং হ্ৰীং ক্ৰীং ক্লিং ফট্।” এই বাৰ্তালোচনীখনে সেই সময়ছোৱাত নগাঁৱত বিশেষ আলোড়ন তোলাৰ কথা জনা যায়। একপ্ৰকাৰে উল্লিখিত পদফাঁকিয়েই আলোচনীখনৰ উদ্দেশ্য স্পষ্ট কৰিছে। হাস্য আৰু ব্যংগৰ চলেৰে তদানীন্তন প্ৰশাসনিক আৰু ৰাজনৈতিক দিশসমূহৰ পৰ্যালোচনা কৰিছিল। সেয়েহে ৰজাঘৰীয়া জগৰত পৰি প্ৰকাশক-সম্পাদক এবাৰ গ্ৰেপ্তাৰ হ’বলগীয়াও হৈছিল।
অসমীয়া হাস্য-ব্যংগ আলোচনীৰ ইতিহাসত আন এক সংযোজন আছিল ১৯৬৯ চনত প্ৰকাশিত দীৰ্ঘনাসা নগৰীয়াৰ ৰহিমলা নামৰ আলোচনীখন। এই আলোচনীখন গুৱাহাটীৰ পৰা ছমহীয়াকৈ প্ৰকাশিত হৈছিল। আনহাতে সংগম নামৰ আলোচনী এখনো হাস্য-ব্যংগৰ আলোচনী আছিল বুলি তথ্য পোৱা যায়। কিন্তু ১৯৬১ চনত ডিব্ৰুগড়ৰ পৰা তফজ্জুল আলিয়ে সম্পাদনা কৰা তিনিমহীয়া সংগম আলোচনীখন আৰু হাস্য-ব্যংগ সংগম আলোচনীখন একেখনেই হয় নে নহয়, তাক স্থিৰ কৰা টান হৈ পৰিছে। এই দুয়োখন আলোচনীৰ বিষয়ে বিশদ তথ্য আৰু পুৰণি সংখ্যাৰ অভাৱ।
ব্যংগ-কাৰ্টুনকো উপজীব্য হিচাপে লৈ প্ৰকাশ পোৱা কাৰ্টুন নামৰ আলোচনীখনতো হাস্য-ব্যংগৰ সচিত্ৰ প্ৰকাশ লক্ষ্য কৰা যায়। এই আলোচনীখন ১৯৬৬ চনত গুৱাহাটীৰ পৰা প্ৰকাশ পাইছিল। সম্পাদক আছিল পুলক গগৈ। আলোচনীখনত ব্যংগ কবিতা, লঘু কাহিনী, গল্প কাৰ্টুনৰ সৈতে প্ৰকাশিত হৈছিল।
১৯৯৩ চনৰ পৰা ১৯৯৯ চনলৈকে ধেমাজিৰ পৰা প্ৰকাশ পাইছিল ভাকুটকুট নামৰ এখন ব্যংগ আলোচনী। আলোচনীখনৰ সম্পাদক আছিল বিমল ৰাজখোৱা। প্ৰচলিত সমাজ-ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা, প্ৰশাসনিক গাঁঠনিৰ অসোৱাঁহ, দুৰ্নীতি, অনুন্নত যাতায়াত ব্যৱস্থাই দিয়া দুৰ্ভোগৰ পৰা আৰম্ভ কৰি কিছুমান জাতীয় সমস্যাকো ভাকুটকুটে ব্যংগাত্মকভাবে উপস্থাপন কৰি পঢ়ুৱৈৰ মন জয় কৰিছিল। চেঙাতেল, খজুৱতি, চেং চেং ভক্ ভক্–এনেধৰণৰ শীৰ্ষকেৰে আলোচনীখনে এটা ইতিবাচক হাস্য-ব্যংগৰ ধাৰা ধৰি ৰাখিবলৈ সক্ষম হৈছিল। এটা দশকৰ ধেমাজি তথা অসমৰ সামাজিক, ৰাজনৈতিক, প্ৰশাসনিক তথা জাতীয় দায়িত্বহীনতাৰ স্বৰূপ আলোচনীখনে ধৰি ৰখাটো তাৎপৰ্যপূৰ্ণ বিষয়।
হাস্য-ব্যংগৰ আলোচনীৰ ইতিহাসক সমৃদ্ধি প্ৰদান কৰা আন এখন আলোচনী অনুপমা বৰুৱা সম্পাদিত গিৰজনি। আলোচনীখন ১৯৭৮ চনৰ পৰা প্ৰকাশিত হৈছিল। হাস্য-ব্যংগক মূল হিচাপে লৈ প্ৰকাশিত অবিকল নামৰ আলোচনীখনো এইক্ষেত্ৰত প্ৰণিধানযোগ্য। আনহাতে চিচিংফাঁক নামেৰেও এখন হাস্য-ব্যংগ আলোচনী প্ৰকাশ হৈ আছিল।
অসমীয়া হাস্য-ব্যংগ আলোচনীৰ ইতিহাস ইমানতে সীমাবদ্ধ। যিকেইখন আলোচনীৰ প্ৰকাশ হৈছিল বা যি দুই-এখন এতিয়াও প্ৰকাশ হৈ আছে, সেইসমূহৰো উচিত মূল্যায়ন, সংৰক্ষণ বা আলোচনাৰ অভাৱ। অসমীয়া সাহিত্যৰ বুৰঞ্জী বা অসমীয়া আলোচনীৰ ইতিহাসো এনেবোৰ ক্ষেত্ৰত নীৰৱ। এই হাস্য-ব্যংগৰ আলোচনীসমূহত তদানীন্তন সময় আৰু সমাজখনৰ বহুবোৰ কেৰোণপূৰ্ণ দিশ মুক্তভাৱে প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছে। হাস্যৰসৰ প্ৰলেপেৰে তেনেবোৰ অপ্ৰিয় সামাজিক বা ৰাজনৈতিক সত্যক প্ৰকাশ কৰিছে; কিন্তু শাণিত ব্যংগৰ চেকাও তেনে ৰচনাসমূহত নথকা নহয়। দেশৰ ৰাজনৈতিক ভণ্ডামি, দুৰ্নীতি, প্ৰশাসনিক মেৰপেচ, ৰাজনৈতিক নেতাৰ আদৱ-কায়দা–এনেবোৰ দিশে অসমীয়া হাস্য-ব্যংগ আলোচনীসমূহত ঠাই পাইছে। কিন্তু ব্যংগৰ চলেৰে হাস্যৰস সৃষ্টি কৰিবলৈ যাওঁতে কেৱল ৰাজনীতিৰ বিষয়টো নিৰ্বাচন কৰি লোৱাৰ বাবেই সম্ভৱতঃ জনসমাজত এনে আলোচনীসমূহৰ কদৰ কমাটো অস্বাভাৱিক নহয়। নতুবা অসমীয়া ৰসিক পাঠকৰ মন মুহি নিব পৰাকৈ সেই ব্যংগ ৰচনাসমূহো পাগত উঠা নহ’ব পাৰে। গতিকে কোনটো কাৰকৰ ওপৰত নিৰ্ভৰ কৰি অসমীয়া ব্যংগ আলোচনীৰ বজাৰখন ইমান মন্দ হৈ আছে, তাক একে আষাৰে কৈ দিয়াটো টান।
সাম্প্ৰতিক সময়ত অসমীয়া ব্যংগ ৰচনাৰ ক্ষেত্ৰখনত লীলা গগৈ, ভদ্ৰ বৰাৰ পিছতে বিকাশ বৰুৱা, ভৃংগেশ্বৰ শৰ্মাৰ স্থান। তেওঁলোকে বিশেষকৈ প্ৰান্তিক আলোচনীৰ মাধ্যমেৰে অসমীয়া হাস্য-ব্যংগ সাহিত্যক এটা নতুন আয়তন দিবলৈ চেষ্টা কৰি আহিছে। কিন্তু অসমীয়া হাস্য-ব্যংগ আলোচনীকেইখনে এনে কিছু স্মাৰক ব্যংগ লেখকক যে উলিয়াই আনিব পৰা নাই, তাত হয়তো কাৰো দ্বিমত নাই। অসমীয়া ব্যংগ আলোচনীসমূহৰ ৰাজনীতি আৰু নিৰ্বাচনকেন্দ্ৰিক বিষয় কিছুমানৰ পৰা আঁতৰি আহি বৰুৱা আৰু শৰ্মাই অসমীয়া মধ্যবিত্তীয় চেতনাৰ বহুতো দোষ-দুৰ্বলতা, দৈনন্দিন জীৱনৰ বিভিন্ন স্বাদপূৰ্ণ অভিজ্ঞতা তেওঁলোকৰ হাস্য-ব্যংগ ৰচনাৰ সমল হিচাপে ব্যৱহাৰ কৰিছে। ৰসিকতা, সময়-চেতনা, ব্যংগ আৰু উপস্থাপনৰ ক্ষেত্ৰত এই দুয়োগৰাকী লেখকৰে নৈপুণ্য লক্ষ্য কৰা যায়। অসমীয়া হাস্য-ব্যংগ আলোচনীয়েও এই চাৰিটা দিশত গুৰুত্ব দিলে আলোচনীকেইখনৰ মৰ্যাদা অধিক বাঢ়িব বুলি বিশ্বাস।

☆★☆★☆

Comments

  1. সাৱলীল উপস্থাপনৰে এটা তথ্যসমৃদ্ধ লেখা। উপকৃত হ’লোঁ‌ ।

Leave a Reply

Your email address will not be published. Required fields are marked *