ই আলোচনী : সাহিত্যৰ নৱতম সংযোজন
~~~~~~~~~~~~~~~~~~~~~
সাহিত্যক সমাজৰ দাপোণ ৰূপে আখ্যা দিয়া হয়, য’ত এখন সমাজৰ আদৰ্শ, ধ্যান-ধাৰণা, আৱেগ অনুভূতি, বিদ্ৰোহ, আকাংক্ষা আদি স্পষ্ট ৰূপত প্ৰতিফলিত হয়। এটা ভাষা বা এটা জাতিক উন্নতিৰ পথত আগুৱাই নিয়াৰ ক্ষেত্ৰত সাহিত্যৰ ভূমিকা অপৰিসীম। সুখৰ কথাটো হ’ল, অসমীয়া সাহিত্যৰ এক গৌৰৱোজ্জ্বল ইতিহাস আছে। তাহানিৰ মৌখিক সাহিত্যৰপৰা আৰম্ভ কৰি আজিৰ ই সাহিত্যলৈকে, অসমীয়া সাহিত্যই এক দীঘলীয়া পৰিক্ৰমা অতিক্ৰম কৰিছে। অদূৰ ভৱিষ্যতলৈকে যে অসমীয়া সাহিত্যৰ এই জয়যাত্ৰা অব্যাহত থাকিব তাত সন্দেহৰ অৱকাশ নাই।
 
ভাষা সাহিত্যৰ উন্নতি আৰু প্ৰসাৰত আলোচনীসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। প্ৰথম অসমীয়া আলোচনী ‘অৰুনোদই’য়ে ভাষাটোলৈ আগবঢ়োৱা অৱদানৰ কথা সৰ্বজনবিদিত। অৰুনোদই’য়ে দেখুৱাই থৈ যোৱা বাটেৰে ভালেমান অসমীয়া আলোচনীয়ে বাট বুলিলে আৰু জাতিটোৰ ভাষা সাহিত্যক টনকিয়াল কৰি তুলিলে।
 
যুগ সলনি হৈছে। তথ্য আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিয়ে বিশ্বায়নৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছে। ইণ্টাৰনেটৰ জৰিয়তে সমগ্ৰ পৃথিৱীখন এখন গোলকীয় গাঁৱলৈ পৰিণত হৈছে। সাহিত্যৰ জগতখনো যুগৰ এই পৰিৱৰ্তনৰপৰা প্ৰভাৱমুক্ত হোৱা নাই। দৰাচলতে যুগৰ পৰিৱৰ্তনক আওকাণ কৰাটো সাহিত্যৰ পক্ষে অসম্ভৱ। ইণ্টাৰনেটৰ জৰিয়তে তথ্য গোলকীকৰণৰ যি বিপ্লৱৰ সূচনা হৈছে, তাৰে ফচল হ’ল ই আলোচনীসমূহ। অসমীয়া ভাষাতো বহুকেইখন ই আলোচনী প্ৰকাশ হৈ আছে। ইউনিকোড প্ৰণালীৰ জৰিয়তে ভাষাবোৰ বিশ্বজনীন হোৱাৰ প্ৰক্ৰিয়াত অসমীয়া ভাষাও অন্তৰ্ভূক্ত হোৱাটো নিঃসন্দেহে সুখবৰ।
 
আধুনিক সমাজ ব্যৱস্থাই আমাক প্ৰদান কৰা অন্যতম উপহাৰ (!) হ’ল ব্যস্ততা। আমি বৰ্তমান এখন সদাব্যস্ত পৃথিৱীৰ বাসিন্দা। আমাৰ গগনচুম্বী আশা আকাংক্ষাক সাৰ পানী দি জীপাল কৰিবলৈ আমি অহৰহ ব্যস্ত হৈ থাকো। আমাৰ হাতত অৱসৰৰ বাবে সময় কমি আহিছে। এনে অৱস্থা অব্যাহত থাকিলে এসময়ত কিতাপ পঢ়াৰ প্ৰতি আমাৰ আগ্ৰহ কমি যাব নেকি বুলি সময়ে সময়ে প্ৰশ্ন উত্থাপিত হৈ আহিছে। বহু সময়ত এই আশংকা অমূলকো নহয়। কিন্তু ই সাহিত্যৰ বহুল প্ৰসাৰে এই আশংকা বহু পৰিমাণে লাঘৱ কৰিব বুলি আশা কৰিব পাৰি। বিশেষকৈ নৱ প্ৰজন্ম ই সাহিত্যৰ প্ৰতি অধিক আকৰ্ষিত হোৱাটো আশাব্যঞ্জক। ই সাহিত্যৰ যোগেদি এচাম অসমীয়াই ভাষা সাহিত্যৰ উন্নতিৰ বাবে যি আশাশুধীয়া প্ৰচেষ্টা হাতত লৈছে সেয়া নিঃসন্দেহে সমগ্ৰ জাতিটোৰ বাবেই সুখবৰ। তদুপৰি ই সাহিত্যই নৱ প্ৰজন্মক ইণ্টাৰনেটৰ অপব্যৱহাৰৰপৰা দৃষ্টি আঁতৰাই ৰাখি ইয়াৰ সঠিক ব্যৱহাৰৰ পথ মুকলি কৰি দিছে। অদূৰ ভৱিষ্যতে এদিন ই সাহিত্যই ছপা মাধ্যমকো চেৰ পেলাব, এনে সম্ভাৱনীয়তাকো নুই কৰিব নোৱাৰি। যিকোনো মুহূৰ্তত পৃথিৱীৰ যিকোনো স্থানত বহি কম্পিউটাৰ বা মোবাইলত এটা ক্লিক কৰিয়েই সাহিত্যৰ আমেজ ল’ব পৰাটো ই সাহিত্যৰ প্ৰধান বিশেষত্ব। এই বিশেষত্বৰ বাবেই ই সাহিত্যৰ জনপ্ৰিয়তা তড়িৎ গতিত বাঢ়িবলৈ ধৰিছে।
 
ই-আলোচনী তথা ই সাহিত্যৰ প্ৰচাৰ, প্ৰসাৰৰ ক্ষেত্ৰত ফেচবুকৰ ভূমিকা অপৰিসীম। এক কথাত ফেচবুকৰ ধনাত্মক দিশসমূহৰ ভিতৰত ইয়ো এটা। বহু লেখকৰ অন্তৰ্নিহিত প্ৰতিভা ফেচবুকৰ জৰিয়তে প্ৰকাশ পাবলৈ লৈছে। এই প্ৰক্ৰিয়াত সাৰ পানী যোগাইছে ই-আলোচনীসমূহে। ন ন লেখক লেখিকাই ই-আলোচনীসমূহৰ জৰিয়তে আত্মপ্ৰকাশ কৰাৰ সুযোগ লাভ কৰিছে। সীমিত কলেৱৰ তথা আন কিছুমান নীতি নিয়মৰ বাবে ছপা মাধ্যমত বহুতৰে লেখা প্ৰকাশ নোহোৱাকৈ থাকে। তদুপৰি সকলোৱে আলোচনী সহিতে আন ছপা মাধ্যমবোৰলৈ লেখা পঠিওৱাৰ ইচ্ছা প্ৰকাশ নকৰিবও পাৰে। এনে ন লেখকসকলৰ বাবে ফেচবুকেই সৰ্বোৎকৃষ্ট মাধ্যম হিচাপে পৰিগণিত হৈছে। এই সাহিত্যসমূহ উৎকৃষ্ট হয় নে নহয় তাৰ বিচাৰ সময়ে কৰিব। কিন্তু ভাল লেখা এটাই যিকোনো মাধ্যমতে হ’লেও ভাল হিচাপেই যে সময়ৰ বালিত চিন থৈ যাব সেয়া নিশ্চিত।
 
এইখিনিতে প্ৰসংগক্ৰমে আমাৰ “ফটাঢোল” আলোচনীখনৰ কথা উনুকিয়াব বিচাৰিছোঁ। স্বৰূপাৰ্থত অসমীয়া হাস্য ব্যংগাত্মক আলোচনীৰ ভেঁটিটো বহু বেছি পৰিমাণে টনকিয়াল নহয়। স্বতন্ত্ৰ ৰূপত প্ৰকাশ পোৱা হাস্য ব্যংগাত্মক আলোচনীৰ তালিকাখন চকুত লগাকৈ চুটি। বিহলঙনি, গিৰজনি, কাৰ্টুন, অবিকল, চিচিংফাক আদিকে ধৰি কেইখনমান আলোচনীয়েহে স্বতন্ত্ৰ হাস্য ব্যংগাত্মক আলোচনী ৰূপে ভুমুকি মাৰিছিল। অজ্ঞাত কাৰণবশতঃ এনে বহু আলোচনীৰ জীৱনকালো বৰ বেছি দীঘলীয়া হোৱা নাছিল। এনে এক সন্ধিক্ষণত ই মাধ্যমৰ যোগেদি “ফটাঢোল” আলোচনী প্ৰকাশ হৈ ওলোৱাৰ বাবে বহু হাস্য ব্যংগ লেখকে এই আলোচনীৰ জৰিয়তে আত্মপ্ৰকাশৰ সুযোগ লাভ কৰিছে। সাহিত্যজগতখনৰ বাবে নিঃসন্দেহে এয়া গুৰুত্বপূৰ্ণ কথা।
 
আমি বিশ্বাস কৰো যে মাধ্যম যিয়েই নহওক, লেখকৰ উদ্দেশ্য হ’ল তেওঁৰ সৃষ্টিসমূহ পাঠকৰ চকুৰ সন্মুখত দাঙি ধৰা। লাগিলে সেই মাধ্যম ইণ্টাৰনেটেই নহওক কিয়। ই আলোচনীসমূহৰ যোগেদি মাতৃভাষাৰ চৰ্চা, ভাষা-সাহিত্যৰ বিকাশ আৰু দ্ৰুত প্ৰসাৰ ঘটাটো শুভ লক্ষণ। সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই কৈছিল, “স্বদেশ আৰু স্বজাতিৰ উন্নতিৰ মংগল মন্দিৰৰ সিংহদুৱাৰ হৈছে মাতৃভাষা।” ই আলোচনীসমূহৰ যোগেদি আমাৰ মাতৃভাষা, আমাৰ সাহিত্যক নতুন ৰূপত পাঠকৰ সন্মুখলৈ লৈ যোৱাৰ নিৰন্তৰ প্ৰয়াস চলাই থকা হৈছে। গতিকে অসমীয়া ভাষা সাহিত্যৰ উন্নতিৰ ক্ষেত্ৰত ই আলোচনীসমূহে অভূতপূৰ্ব অৰিহণা আগবঢ়াইছে বুলি সিদ্ধান্তত উপনীত হ’ব পাৰি।
 
ঋতুপৰ্ণা মহন্ত
সম্পাদক,
প্ৰথম বৰ্ষ, দশম সংখ্যা, এপ্ৰিল ২০১৮

Comments

  1. বৰ সুন্দৰ আৰু সময়োপযোগী বিষয়ৰ ওপৰত আলোচনাৰে সম্পাদকীয় সজালা। পঢ়ি ভাল লাগিল। অভিনন্দন জনালোঁ।

  2. ধুনীয়া সম্পাদকীয়।সাহিত্যৰ প্ৰসাৰ যে এদিন ইলেকট্ৰিক মাধ্যমতেই সম্পূৰ্ণ হব সেইটো ধুৰূপ।

  3. সম্পাদকীয় বৰ সুন্দৰ হৈছে ঋতু। পঢ়িবলৈ ৰৈ আছিলোঁ

  4. সুন্দৰ সময়োপযোগী সম্পাদকীয়।

    সৰ্বাংগসুন্দৰ সংখ্যা এটা উপহাৰ দিয়াৰ বাবে আন্তৰিক ধন্যবাদ

    1. আপোনালোকৰ সহায়ৰ বাবেই এয়া সম্ভৱ হৈ উঠিল। আন্তৰিক ধন্যবাদ

  5. সম্পাদকীয়ৰ বাবে বিবেচনা কৰা কথাটো (বিষয়টো )
    ভাল হৈছে।ই আলোচনীবোৰৰ ন লিখক সৃষ্টিত অশেষ অৰিহণা আছে আৰু থাকিব।

  6. সুন্দৰ হৈছে সম্পাদকীয়। সময়ৰ লগত খাপ খুৱাই এক অনন্য সম্পাদকীয়।
    এখন সুন্দৰ আলোচনী উপহাৰ দিয়া বাবে ধন্যবাদ জনালোঁ তোমাক।

  7. সুন্দৰ আৰু উত্কৃষ্ট মানদণ্ডৰ সম্পাদকীয়| ভাল লাগিল

  8. সুন্দৰ সম্পাদকীয়। এখন সর্বাংগ সুন্দৰ আলোচনী পাম বুলি আশা কৰিলোঁ

  9. সুন্দৰ উপস্থাপন। ভাল লাগিল কথাখিনি। ভাল হৈছে সংখ্যাটো। আপোনাৰ কষ্ট সাৰ্থক হৈছে। অভিনন্দন!

  10. অকনমানি ছোৱালীজনীয়ে ইমান ভাৱগধুৰ তথ্যসমৃদ্ধ লেখা লিখিছে । অপুৰ্ব ।

  11. সম্পাদকীয় প্ৰতিবেদনতে ধৰিব পাৰিছো অালোচনীখনৰ মানদণ্ড।ধন্যবাদ ঋতু অালোচনীখন সৰ্বাংসুন্দৰ কৰি অামাৰ হাতত তুলি দিয়া বাবে।

  12. যদিও এয়া প্ৰথম সম্পাদকীয়, ই একেবাৰে পুৰঠ ৰূপত ফুটি উঠিছে বুলি মোৰ সীমিত জ্ঞানে কয় ৷

  13. নতুন ৰস —– নতুন চিন্তা বহুত ভাল লাগিছে”””’:

  14. নিশ্চয় এ বৰ উপযুক্ত লিখনি । বৰ ভাল পালো ।

  15. এখন সুন্দৰ আলোচনীৰ উপহাৰ দিয়াৰ লগতে সম্পাদকীয় ও খুওব সময়োপযোগী হৈছে।শলাগিছো আপোনাৰ কৰ্মস্পৃহাক।

  16. আপোনাৰ লিখনি সময় উপযোগী , ৰুচিসম্পন্ন , ঐতিহাসিক হৈছে । মোৰেই সোভাগ্য যে এনেকুৱা এটি সুন্দৰ সম্পদকীয় লিখনি পঢ়িবলৈ পালো । ইতিহাস যে জাতিৰ দাপোন সেয়া লিখনিত সুন্দৰকৈ পৰিলক্ষিত হৈছে যিটো বাস্তৱ সত্য । কিন্তু বৰ্তমান সমাজত লিখনিৰ ঐতিহাসিক ও পৌৰানীক সমল সমূহত কিছুমান ভূল ব্যাখ্যা সচেনত লোক সকলোৰ দৃষ্টিগোচৰ হৈছে । যিবোৰে আমাৰ সমাজ খনক গতানুগতিক পথৰ পৰা বিচলিত কৰি কিছুমান কাল্পনিক ও মনে সজা ইতিহাসৰ মাজলৈ আমাক ধাবমান ঘটাইছে আৰু নবপ্ৰজন্ম ব্যাধিত হৈছে কিছু ভূল তথ্য সমলৰ পাক চক্ৰত । এই ক্ষেত্ৰত আমাৰ কৰণিয় কেনেকুৱা হোৱা উচিত সেই বিষয়ে আমি বিষদ আলোচনা কৰিলে আমাৰ নবপ্ৰজন্মই পূৰ্বৰ নিভাঁজ , নিখুত ও শুদ্ধ ইতিহাস ও সাহিত্য পাঢ়িব পাব বুলি মই ধাৰণা কৰোঁ ।
    মতামতলৈ অপেক্ষা কৰিলোঁ ।

  17. য়াহু! এইবোৰক হে সম্পাদকীয় বুলি কয়! বৰ ভাল টপিক চিলেক্ট কৰিছা৷ এখন সৰ্বাংগ সুন্দৰ আলোচনী আমাক উপহাৰ দিয়া বাবে ধন্যবাদ!

  18. অতি সুন্দৰ, সময় উপযোগী আৰু সাৰুৱা সম্পাদকীয়,
    অভিনন্দন জনালো.

Leave a Reply

Your email address will not be published. Required fields are marked *