কেইজনমান অসমীয়াৰ ব্যক্তিগত পৰ্য্যায়ৰ সাধাৰণ কথা এটাতে আৰম্ভ হোৱা কাজিয়া এখনে অসমীয়া সাহিত্যৰ জগতখনত তোলপাৰ লগালে৷ সমবয়সীয়া, সমভাৱাপন্ন এজাক তেজাল অসমীয়া ডেকাৰ সামান্য ধেমেলীয়া কথা এটাৰ পৰাই ভুল বুজাবুজি হৈ দুটা বেলেগ গোট গঠন হ’ল৷ আনকি সাহিত্য চৰ্চা কৰা বহুকেইজন লোকৰ মাজতো বিভাজন ঘটিল৷ পিছে অসমীয়া সাহিত্যৰ জগতখনলৈ এই ঘটনা প্ৰবাহেই আমুল পৰিবৰ্তন আনিলে৷ সাহিত্যৰ জগতখনৰ দুটা ফৈদৰ মাজত হোৱা থৈয়া-নথৈয়া ৰণখনে বহুতকে আমোদ যোগালে৷ এই ৰণত কোন পৰিল, কোন জিকিল, কাৰ লাভ হ’ল, কাৰ কি লোকচান হ’ল সেইবোৰৰ বিষয়ে খাটাংকৈ ক’ব নোৱাৰিলেও এটা কথাত পিছে সকলোৱে একমত যে এই ঘটনাপ্ৰবাহেই অসমীয়া সাহিত্যক এক নতুন দিশ প্ৰদান কৰিলে৷
 
(১)
 
অসমীয়া সাহিত্য জগতৰ ঐতিহাসিক ঘটনালানি সংঘটিত হোৱা আজি এশ বছৰৰো অধিক হ’ল৷ এই ঘটনালানিৰ গুৰিলৈ যাবলৈ হলে ১৮৮৮ খ্ৰীষ্টাব্দলৈ ঘুৰি যাব লাগিব৷ সেই সময়ত অনেক অসমীয়া ছাত্ৰই কলিকতা চহৰত শিক্ষাগ্ৰহণৰ উদ্দেশ্যি বাহৰ পাতি আছিল৷ ইতিমধ্যে বংগদেশত আৰম্ভ হোৱা বৌদ্ধিক চিন্তা-চৰ্চা, ভাষা-সাহিত্যৰ উচ্চস্তৰৰ চৰ্চা তথা সামাজিক জাগৰণে অসমীয়া ছাত্ৰসকলকো অসমীয়া ভাষা-সংস্কৃতিৰ উত্তৰণৰ বাবে উদ্বুদ্ধ কৰি তুলিলে৷ সেই সময়ত কলিকতাত থকা প্ৰায় পঞ্চাশজনমান অসমীয়া ছাত্ৰই একগোট হৈ ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ নামৰ এটি অনুষ্ঠানৰ জন্ম দিয়ে৷
 
ইয়াৰ আগতে ১৮৭২ চনত গঙ্গাগোবিন্দ ফুকনদেৱে কলিকতাত থকা অসমীয়া ছাত্ৰসকলক লৈ ‘অসমীয়া ছাতৰৰ সাহিত্য সভা’ নামৰ এটি সামাজিক অনুষ্ঠান গঢ়ি তুলিছিল৷ ১৮৮৫ চনলৈকে অসমৰ এগৰাকী সু-সন্তান দেৱীচৰণ বৰুৱাদেৱ অনুষ্ঠানটোৰ সম্পাদকৰ বাবত আছিল৷ এই অনুষ্ঠানৰ সদস্যসকলেই প্ৰতি শনি আৰু বুধবাৰে একোখনকৈ চাহ-মেল পাতি অসমৰ সমাজ-ব্যৱস্থা তথা অসমীয়া ভাষা বিষয়ক বিভিন্ন আলোচনা কৰিছিল৷ এনে চাহ-মেল এখনতেই ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ নামৰ অনুষ্ঠানটোৰ জন্ম হৈছিল৷
 
লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকুমাৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী, কনকলাল বৰুৱা, শিৱৰাম শৰ্ম্মা বৰদলৈ, ৰমাকান্ত বৰকাকতী, বেণুধৰ ৰাজখোৱা, পদ্মনাথ গোহাঞিবৰুৱা, আনন্দচন্দ্ৰ আগৰৱালা, দুৰ্গাপ্ৰসাদ মজিন্দাৰ বৰুৱা, সত্যনাথ বৰা, লম্বোদৰ বৰা, সোণাৰাম চৌধুৰী, চন্দ্ৰধৰ বৰুৱা, ৰাধানাথ ফুকন, ৰজনীকান্ত বৰদলৈ, দেবেশ্বৰ চলিহা, কমলচন্দ্ৰ শৰ্মা, আব্দুল মজিদ, ৰাধাকান্ত সন্দিকৈ, গুঞ্জানন বৰুৱা, কৃষ্ণপ্ৰসাদ গুপ্ত (আগৰৱালা), যোগেন্দ্ৰনাথ বৰুৱা, জগৎচন্দ্ৰ গোস্বামী প্ৰমুখ্যে বহুকেইজনে ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ কামত আত্মনিয়োগ কৰিছিল৷ এই অনুষ্ঠানটোৰ আটাইতকৈ উল্লেখনীয় আৰু অসমীয়া সাহিত্যৰ জগতলৈ এক নৱ্য-জাগৰণৰ উন্মেষ ঘটোৱা ঘটনাটো হ’ল – ‘জোনাকী’ৰ জন্ম৷
 
‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ সদস্যসকলে চাহ-মেলত প্ৰায়েই বহু উচ্চখাপৰ প্ৰবন্ধ আদি পাঠ কৰিছিল৷ এনে শনিবৰীয়া চাহমেল এখনতেই এদিন এই প্ৰবন্ধবোৰ সংকলন কৰি ছপোৱাৰ কথাও ওলাল৷ এইবিষয়ে আলোচনা বিলোচনা কৰি থাকোতেই এখন মাহেকীয়া কাকত প্ৰকাশ কৰিবলৈ ঠিৰাং কৰা হ’ল৷
 
সেই সময়ত হৰিবিলাস আগৰৱালাৰ পুত্ৰ চন্দ্ৰকুমাৰ আগৰৱালাই (১৮৬৭-১৯৩৮) প্ৰেচিডেন্সি কলেজত এম.এ. দ্বিতীয় বাৰ্ষিকত পঢ়ি আছিল৷ সিদিনাৰ চাহমেলখনত হোৱা আলোচনামতেই চন্দ্ৰকুমাৰ আগৰৱালাদেৱে ‘জোনাকী’ৰ প্ৰকাশৰ খৰচ বহন কৰা তথা সম্পাদনাৰ দায়িত্বও দুটা চৰ্তসাপেক্ষে মুৰ পাতি ল’বলৈ মান্তি হ’ল৷ চৰ্তদুটা হ’ল – (১) ‘অ ভা উ সা’ৰ সভ্য মাত্ৰেই ‘জোনাকী’ৰ আলপৈচান ধৰিব লাগিব, আৰু (২) প্ৰত্যেকেই ‘জোনাকী’লৈ একোটা প্ৰবন্ধ লিখিব লাগিব৷ কোনো সভ্যই সেই নিয়ম ভংগ কৰিলে সেই সভ্যজনক পোন্ধৰ টকা জৰিমনা বিহা হ’ব৷ সেই নিয়মৰে আঁত ধৰি এসময়ত নানা নতুন-পুৰণি লেখকৰ উচ্চমানৰ লেখাৰে সমৃদ্ধ হৈ ‘জোনাকী’য়ে স্বমহিমাৰে উজ্জ্বল হৈ অসমীয়া সাহিত্যৰ পোহৰ বিলাবলৈ ধৰিলে৷ নতুন আংগিকৰ কবিতা, জাতীয় চেতনাবোধ জাগ্ৰত কৰিব পৰা প্ৰবন্ধ, সামাজিক ব্যংগ, দৰ্শন, শৰীৰ-তত্ব, জীৱনী, ভ্ৰমণ কাহিনী, গ্ৰন্থ-সমালোচনা, বুৰঞ্জী, সাঁথৰ, ৰম্য ৰচনা, চুটিগল্প, নাটক, উপন্যাস আদি অনেক লেখাৰ মেটমৰা সম্ভাৰ লৈ প্ৰকাশ হোৱা ‘জোনাকী’ৰ পাততেই লক্ষ্মীনাথ বেজবৰুৱাৰ অমৰ চৰিত্ৰ ‘কৃপাবৰ বৰবৰুৱা’ৰো আবিৰ্ভাৱ ঘটে৷ অসমীয়া সাহিত্যক নতুন ৰূপেৰে জাতিষ্কাৰ কৰাত ‘জোনাকী’ৰ অৱদান অপৰিসীম৷
 
পিছে এটা সামান্য কথাতেই ‘অসমীয়া ভাষা উন্নতি সাধিনী সভা’ৰ সদস্যসকলৰ মাজত বিভেদৰ সৃষ্টি হ’ল৷ বেণুধৰ শৰ্মা ৰচিত ‘অৰ্ঘ্যাৱলী’ত এই ঘটনাটোৰ বিষয়ে বিৱৰণ এটি পোৱা যায়৷
 
ঘটনাটোৰ সুত্ৰপাত হৈছিল এনেধৰণেৰে – কলিকতাৰ ১৪নং প্ৰতাপচন্দ্ৰ চাটাৰ্জ্জী লেনত থকা ‘অ.ভা.উ.সা.’ সভাৰ সদস্য বেণুধৰ ৰাজখোৱা আৰু পদ্মনাথ বৰুৱাই ‘ডেকা-গাভৰু’ নাম দি বিহু বিষয়ক ধেমেলীয়া নাটক এখন ছপা কৰি উলিয়ায়৷ ‘জোনাকী’ কাকতত এই বিষয়ক জাননী এটিও প্ৰকাশ হৈছিল৷ তাৰে কিছুদিন পিছত দ্বিতীয় বছৰ একাদশ সংখ্যাৰ ‘জোনাকী’ৰ পাতত জনৈক সমালোচকে লিখা এটা সমালোচনা প্ৰকাশ পাইছিল৷ তাৰে দুটামান বাক্য আছিল এনেধৰণৰ- “কলিকতাত থকা জনদিয়েক ‘শিক্ষিত’ অসমীয়াই এনে এটা অশ্লীল আৰু বিহুনামেৰে পৰিপুৰ্ণ কিতাপ অলপো সঙ্কোচ নকৰাকৈ প্ৰকাশ কৰিবলৈ সাহ কৰিলে! তেওঁবিলাকৰ পৰিমাৰ্জ্জিত ৰুচিৰ পাৱত আমাৰ সহস্ৰ প্ৰণাম!”
 
এই সমালোচনাটোৰ তলতেই ‘জোনাকী’ৰ সম্পাদকে এটি পাদটীকা দি লিখিছিল এইবুলি – “ভাত চৰুৰ এটা পিতিকি চোৱা আৰ্হি খটাই লেখকে যে কলিকতীয়া গোটেইবিলাক অসমীয়া ডেকাৰ সম্পৰ্কে এটা মোটামুটি মত গঢ়ি নলয়, এই আশা৷ ‘জোনাকী’ত জাননী ওলোৱা বাবে আমাৰে সৈতে কিবা সম্বন্ধ আছে বুলি যেন কোনেও নাভাবে৷”
 
এই সমালোচনা আৰু পাদটীকাটোৱে ‘ডেকা-গাভৰু’ৰ লেখক আৰু আন কেইজনমানৰ মনত ‘জোনাকী’ৰ প্ৰতি ক্ৰমে বিৰাগৰ ভাৱ আনিছিল৷ আনকি সমালোচনাটোৰ প্ৰতিক্ৰিয়া হিচাপে জোনাকীলৈ পঠিওৱা উত্তৰ প্ৰকাশ নকৰি সম্পাদকে এনেদৰেহে মন্তব্য কৰিছিল – “আমি আচৰিত মানিছো যে ‘ডেকা গাভৰু লেখাৰু দল’ নামে দল এটা হৈছে৷ বাস্তৱিক পক্ষে ‘ডেকা-গাভৰু’ৰ নিচিনা এখন তুচ্ছ কিতাপৰ বিষয়ে ‘জোনাকী’ত আমি ইমান ঠাই খৰচ কৰিব লগাত পৰিলোঁ, ই বৰ বেজাৰৰ কথা৷ …. শেহত কওঁ যে ‘ডেকা-গাভৰু’ৰ বিষয়ে আৰু আমি কাৰো লেখা নছপাওঁ৷ এনেবিলাক ল’ৰালি কথাৰ বাহিৰে ‘জোনাকী’ত ছপাবলগীয়া ভালেমান সাৰুৱা কথা আছে৷”
 
(অসমৰ বাতৰি কাকত আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস,পৃষ্ঠা ২১৮, উপেন্দ্ৰ বৰকটকীৰ প্ৰবন্ধ)
 
ইয়াৰ কেইদিনমান পিছতেই বুধবৰীয়া চাহমেলৰ বৈঠকত আন এটি ঘটনা ঘটিছিল৷ অ.ভা.উ.সা. সভাৰ সদস্যসকলৰ শনিবৰীয়া চাহমেলখনত অসমীয়া ভাষাত কাব্য, প্ৰবন্ধ আদিৰ গুৰুগম্ভীৰ বিষয়ৰ চৰ্চা হৈছিল আৰু বুধবৰীয়া চাহমেলখনত সদস্যসকলে ইংৰাজী ভাষাত নানা ৰঙীয়াল কথাৰ মহলা মাৰিছিল৷ সেই বিশেষ বুধবৰীয়া চাহমেলখনত কিছুদিন আগতে কলিকতা-মেডিকেল কলেজৰ আগত পাণ বেচা পাণৱালী পোহাৰী এগৰাকীক কোনোবা দুৰ্বৃত্তই কৰা অসৎ আচৰণৰ প্ৰসংগ টানি আনি সিদিনাৰ চ’ৰাখনৰ সভাপতি ‘আসাম-বন্ধু’ কাকতৰ সম্পাদক ৰায়বাহাদুৰ গুণাভিৰাম বৰুৱাৰ সমুখত এটি ধেমেলীয়া গোচৰ তৰিলে৷ ইয়াৰ আগে পিছেও বুধবৰীয়া চাহমেলবোৰত ছাত্ৰসকলে বিভিন্ন বিষয়ত নিজেই গোচৰীয়া-পদকীয়াৰ ভাও লৈ আইনৰ বিভিন্ন যুক্তি, বাখ্যা আদিৰে বক্তৃতা দি ৰং-ৰহইচ কৰে৷ পিছে সিদিনা এই ‘পাণৱালী’ৰ গোচৰৰ আলম লৈ কিছুসংখ্যক ছাত্ৰৰ মাজত ইতিকিং ভৰা কথাৰ আদান প্ৰদান হ’ল৷ এইধৰণৰ যুক্তি-তৰ্কৰ মাজতেই প্ৰতাপ চাটাৰ্জ্জী লেনৰ মেছত থকা ছাত্ৰসকলে অপমানবোধ কৰি উচাট্ মাৰি সভাৰ মাজতেই ওলাই গ’ল৷
 
এই ঘটনাৰ পাছতেই ছাত্ৰসকলে ‘অ.ভা.উ.সা’ৰ পৰাও ওলাই গৈ নিজাকৈ ‘আছামিজ ষ্টুডেণ্টছ লিটাৰেৰি ক্লাব’ গঠন কৰে৷ এই ক্লাবৰ সদস্যসকলে আলচ কৰি ‘জোনাকী’ৰ সৈতে ফেৰ মাৰি ‘বিজুলী’ নামৰ আন এখন কাকত প্ৰকাশ কৰিবলৈ উদ্যম লয়৷ কৃষ্ণপ্ৰসাদ দুৱৰা, পদ্মনাথ গোহাঞিবৰুৱা আৰু বেণুধৰ ৰাজখোৱাই এই কাকতখনৰ গুৰি ধৰিছিল৷
 
‘জোনাকী’ৰ সমানেই ‘বিজুলী’য়েও অসমীয়া সাহিত্যলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গ’ল৷ ‘জোনাকী’ৰ দৰেই ‘বিজুলী’তো বহু উচ্চস্তৰৰ লেখা প্ৰকাশ হৈছিল৷ প্ৰথম অসমীয়া উপন্যাস পদ্মনাথ গোহাঞি বৰুৱাৰ ‘ভানুমতী’ বিজুলীৰ পাততেই প্ৰকাশ হৈছিল৷ ইয়াৰ উপৰিও ভিন্ন বিষয়ৰ প্ৰবন্ধ, জীৱনী, স্বাস্থ্য বিজ্ঞান, তামৰ ফলিৰ প্ৰতিলিপি, ভ্ৰমণ কাহিনী, ব্যংগ, গ্ৰন্থ সমালোচনা, কবিতা আদিৰে ‘বিজুলী’ৰ চমকনিতো অসমীয়া সাহিত্য জিলিকি উঠিছিল৷
 
ইয়াৰ উপৰিও মাজে মাজে ‘বিজুলী’ আৰু ‘জোনাকী’ৰ উখনা-উখনিয়েও পাঠকসকলক আমোদৰ খোৰাক যোগাইছিল৷
 
‘জোনাকী’ৰ চতুৰ্থ ভাগ দ্বিতীয় সংখ্যাটোৰ বিষয়ে ‘বিজুলী’ত সমালোচনা কৰা হৈছিল এইদৰে – “এই সংখ্যাৰ আজীৱন চৰিত প্ৰবন্ধটি পঢ়ি আমি বৰ সন্তোষ পাইছোঁ৷ ১ম সংখ্যাত ওলোৱা চুটিয়া প্ৰবন্ধটি আৰু আত্মজীৱন চৰিত এই দুটিত বাজে সাৰুৱা কথা একোকে নেপালো৷ সততে যিমান পিঠি (পৃষ্ঠা) থাকে তাতোকৈও পিঠি (পৃষ্ঠা) কম৷ মুঠতে ধৰিবলৈ গ’লে, ‘জোনাকী’ৰ ক্ৰমিক অধোগতিহে বুলিব লাগে৷”
 
একেদৰে ‘বিজুলী’ ওলোৱাৰ পিছত ‘জোনাকী’য়ে লিখিছিল- “আজি আমি ৰঙ্গত মজিছোঁ যে দুখুনী আসাম আইৰ সেৱা-শুশ্ৰুষা, প্ৰতিপাল কৰিবলৈ, আলপৈচান ধৰিবলৈ আমি আমাৰ লগৰীয়ানী এজনী পালোঁ৷” এইদৰে আৰম্ভ কৰি পিছত আকৌ লিখিছে “…আইটী, তোমাৰ গাৰ ঠায়ে ঠায়ে অলপ দোষ আছে৷ তাৰ মাজে মাজে গোটাচেৰেক দেখুৱাওঁ, সেইবোৰ শুধৰাই লোৱা৷ আখৰ-যোঁটনিত তুমি ৱ আৰু য় ব্যৱহাৰ কৰোতে ভুল কৰা৷ ‘সকলায়ে’, ‘বাপুয়ে’, ‘ছোয়ালী’ আদি নেলেখি ‘সকলোৱে’, ‘বাপুৱে’, ‘ছোৱালীয়ে’ লেখিলে হে শুদ্ধ হয়৷ কৰ্তাকাৰক অকাৰ বা অকাৰান্ত হলে তাৰ পাছত য় নহয়, ই হে হয়৷ সেই দেখি ‘পৰুৱাই পাই বাটৰুৱাই বাট হেৰুৱায়’— এইদৰে লেখিলেহে শুদ্ধ হ’ব৷ এনেবিলাক ভুল অহাবাৰৰ পৰা শুধৰাবা দেই আইটী!”৷ (জোনাকী, চতুৰ্থ ভাগ, পুথিৰ গুণাগুণ বিচাৰ৷)
 
আচলতে ‘অ.ভা.উ.সা’ আৰু ‘আছামিজ ষ্টুডেণ্টছ লিটাৰেৰি ক্লাব’ৰ লক্ষ্য, উদ্দেশ্য একেই আছিল৷ আনকি ‘জোনাকী’ আৰু ‘বিজুলী’ৰ অৰিয়াঅৰি থাকিলেও অসমীয়া ভাষা সাহিত্যৰ স্বাৰ্থ ৰক্ষাৰ ক্ষেত্ৰত একেলগে কাম কৰা দেখা গৈছিল৷ ‘বিজুলী’ৰ তৃতীয় বছৰ, চতুৰ্থ সংখ্যাত ‘অ.ভা.উ.সা.’ সভাৰ কাৰ্য্য বিৱৰণীও প্ৰকাশ পোৱা কথাইও বিশেষ তাৎপৰ্য্য বহন কৰে৷ এই প্ৰসংগত ৰমাকান্ত বৰকটকীয়ে ‘অ.ভা.উ.সা.’ সভাৰ তৃতীয় আৰু চতুৰ্থ বছৰৰ কাৰ্য্য বিৱৰণীত এইবুলি উল্লেখ কৰিছে – “‘জোনাকী’ আৰু ‘বিজুলী’ দুয়ো সভাৰ কামত ব্ৰতী৷ সভাৰ নিমিত্তে সদায় খাটিবলৈ আওহেলা কৰা নাই৷ আৰু দুই কাকতকে সভাই নিয়মমতে পাই আছে৷ সেই কাকতৰ সম্পাদক, প্ৰকাশক আৰু স্বত্বাধিকাৰীসকলৰ ওচৰত আমি চিৰকৃতজ্ঞ আছোঁ আৰু আগলৈকো থাকিম৷”
 
যিয়েই নহওক জোনাকী আৰু বিজুলী এই দুয়োখন কাকতে অসমীয়া সাহিত্যক এক অনন্য মাত্ৰা প্ৰদান কৰিবলৈ সক্ষম হৈছিল৷
 
(২)
 
জোনাকী-বিজুলী বিবাদৰ প্ৰায় এযুগ পাছত অসমীয়া সাহিত্যৰ পথাৰখনত আন এখন আমোদজনক খৰিয়াল প্ৰত্যক্ষ কৰা গৈছিল৷ এই বিবাদখনত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা জড়িত হৈ পৰা বাবেই এই ঘটনাক লৈ সেই সময়ৰ অসমীয়া সাহিত্যৰ জগতখনত তোলপাৰ লাগিছিল৷ কালক্ৰমত ‘জোনাকী’ আৰু ‘বিজুলী’ বন্ধ হৈ যোৱাৰ পাছতো অসমীয়া ভাষাত সাহিত্য চৰ্চা কৰিবলৈ আৰম্ভ কৰা লেখকসকলে চূৰ্চুৰীয়াকৈ হলেও সাহিত্য চৰ্চা অব্যাহত ৰাখিছিল৷ পিছে এইচাম লেখকে এসময়ৰ ‘জোনাকী’ আৰু ‘বিজুলী’ৰ দৰে অসমীয়া সাহিত্যৰ মঞ্চ এখনৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিছিল৷
 
এনে সময়তে পদ্মনাথ গোহাঞি বৰুৱাই এখন আলোচনী প্ৰকাশ কৰিবলৈ মন বান্ধে৷ ইতিমধ্যে পদ্মনাথ গোহাঞি বৰুৱাই কলিকতাৰ পৰা প্ৰকাশ হোৱা কাকত ‘বিজুলী’ৰ দ্বিতীয়জন সম্পাদকৰূপে কাৰ্য্যনিৰ্বাহ কৰিছিল৷ ইয়াৰ পাছত পদ্মনাথ গোহাঞি বৰুৱাই অসমলৈ ঘুৰি আহে৷ ১৯০১ চনৰ পৰা তেজপুৰৰ পৰা প্ৰকাশ হোৱা ‘আসাম বন্তি’ (পাছলৈ ‘অসম বন্তি’ আৰু ‘বন্তি) নামৰ ইংৰাজী-অসমীয়া কাকতখনৰ প্ৰথম সম্পাদক আছিল মথুৰা মোহন বৰুৱা। মথুৰা মোহন বৰুৱাৰ পাছত এই কাকতখনৰ অসমীয়া অংশৰ সম্পাদনাৰ দায়িত্ব পদ্মনাথ গোহাঞি বৰুৱাদেৱেও পালন কৰিছিল৷ ১৯০৬ চনত গোহাঞি বৰুৱাদেৱক ইংৰাজ চৰকাৰে সাহিত্যিক পেঞ্চন আগবঢ়ায়। বৃটিছ পাৰ্লিয়ামেণ্টৰ পৰা সেই সময়ত মাহে একুৰি পাঁচটকাকৈ সাহিত্যিক পেঞ্চন পোৱা পদ্মনাথ গোহাঞি বৰুৱা হ’ল প্ৰথম অসমীয়া৷ ইয়াৰ পিছত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি তেখেতে একানপতীয়াকৈ সাহিত্য চৰ্চাত মনোনিৱেশ কৰে৷ তেখেতে এনেকৈয়ে কিছুদিন অতিবাহিত কৰাৰ পাছত সম্পুৰ্ণ নিজা উদ্যোগেৰে ১৯০৭ চনৰ এপ্ৰিল মাহত ‘ঊষা’ নামৰ আলোচনী এখন অসমৰ পাঠকলৈ আগবঢ়াই দিয়ে৷ কাৰ্য্যক্ষেত্ৰত ‘জোনাকী’ আৰু ‘বিজুলী’ৰ অভাৱ ‘ঊষা’ই পুৰণ কৰিবলৈ গাত ল’লে৷ ‘ঊষা’ৰ প্ৰথম কিৰণ পায়েই ইমানদিনে স্থবিৰ হৈ ৰোৱা অসমীয়া সাহিত্যৰ জগতখনে পুনৰ গতি ল’লে৷ ‘ঊষা’ৰ দুৱাৰ নবীন প্ৰবীণ সকলোৰে বাবে খোলা আছিল৷ লক্ষ্মীনাথ বেজবৰুৱা, হেমচন্দ্ৰ গোস্বামী, বেণুধৰ ৰাজখোৱা, ৰজনীকান্ত বৰদলৈ, আনন্দচন্দ্ৰ আগৰৱালা (গুপ্ত), দেবানন্দ ভঁৰালী, শৰৎচন্দ্ৰ গোস্বামী, সত্যনাথ বৰা, দুৰ্গেশ্বৰ শৰ্মা আদিকে ধৰি সেই সময়ৰ প্ৰবীণ লেখকসকলৰ বাহিৰেও সম্পাদক গোহাঞি বৰুৱাই নিজা উদ্যমেৰে উৎসাহ-উদ্দীপনা যোগাই অসমীয়া সাহিত্যৰ জগতখনত এদল নতুন লেখক সৃষ্টি কৰিবলৈ সক্ষম হ’ল৷ এইসকল লেখকৰ প্ৰতিজনেই পৰৱৰ্তী সময়ত স্বনামধন্য তথা প্ৰতিষ্ঠিত লেখকত পৰিণত হোৱা পৰিলক্ষিত হৈছিল৷ সূৰ্যকুমাৰ ভূঞা, দণ্ডীনাথ কলিতা, পদ্মধৰ চলিহা, মহীচন্দ্ৰ বৰা, ৰত্নকান্ত বৰকাকতী, ইন্দ্ৰেশ্বৰ বৰঠাকুৰ, সৰ্বেশ্বৰ বৰুৱাৰ দৰে যশস্বী অসমীয়া সাহিত্যিকৰ জীৱনৰ ছাত্ৰাৱস্থাৰ সময়ত ‘ঊষা’য়েই আছিল তেখেতসৱৰ সাহিত্য চৰ্চাৰ প্ৰথম সোপান৷ ইয়াৰ উপৰিও ৰাধানাথ ফুকন, অম্বিকানাথ বৰা, গৌৰীদত্ত মিশ্ৰ বিদ্যাভূষণ, শৰৎচন্দ্ৰ গোস্বামী, ৰমাকান্ত চৌধুৰী, নীলমণি ফুকন, হৰিনাৰায়ণ দত্তবৰুৱা আদিকে ধৰি বহুকেইজনক ‘ঊষা’ই প্ৰতিষ্ঠিত কৰিছিল৷ প্ৰণিধানযোগ্য যে লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম ‘কৃপাবৰ বৰুৱা’ চৰিত্ৰটোৱেও ‘ঊষা’ৰ পাততেই পূৰ্ণতা পাইছিল আৰু বেজবৰুৱাৰ লেখাসমূহে সেই সময়ৰ অসমীয়া পাঠকসকলৰ মাজত বেচ জনপ্ৰিয়তা আৰ্জিবলৈ সক্ষম হৈছিল৷
 
পিছে এনে সময়তে এটা অনাকাংক্ষিত ঘটনাই ‘ঊষা’ৰ পোহৰ মলিন কৰি অসমীয়া সাহিত্যৰ জগতখনত এটা নতুন সুৰৰ ঝংকাৰ তুলিবলৈ সক্ষম হৈছিল৷ এই বিশেষ ঘটনাটো ঘটিছিল এনেদৰে –
 
‘ঊষা’ৰ সম্পাদক পদ্মনাথ গোহাঞি বৰুৱা আছিল সেই সময়ৰ বৃটিছ প্ৰশাসনৰ প্ৰতি গভীৰ আনুগত্য থকা লোক৷ তেখেতে বৃটিছ প্ৰশাসনে প্ৰদান কৰা সাহিত্যিক পেঞ্চন, চাকৰি আনকি অনাৰেৰী মেজিষ্ট্ৰেটৰ দৰে সন্মানো লাভ কৰিছিল৷ সেই সময়ৰ ‘ঊষা’ৰ লেখকবৃন্দৰ মাজত ভোটাতৰাসদৃশ এজন লেখক আছিল লক্ষ্মীনাথ বেজবৰুৱা৷ পিছে বেজবৰুৱাদেৱ গোহাঞি বৰুৱাদেৱৰ দৰে বৃটিছ শাসকসকলৰ অন্ধভক্ত নাছিল৷ বেজবৰুৱাদেৱে সেই সময়ৰ ভাৰতত বৃটিছ সাম্ৰাজ্যবাদী প্ৰশাসনৰ বহু দোষ তথা দুৰ্বলতাবোৰ চিনাক্ত কৰি কৃপাবৰ বৰুৱাৰ নামত তীৰ্যক প্ৰকাশভংগীৰে ব্যংগ লেখা লিখিছিল৷ লক্ষ্মীনাথ বেজবৰুৱাৰ ‘এংলো ইণ্ডিয়ান’ নামৰ এই ধৰণৰ প্ৰবন্ধ এটা ‘ঊষা’ৰ তৃতীয় ভাগ (বছৰ) দ্বিতীয় সংখ্যাত ‘কৃপাবৰ বৰুৱাৰ নতুন টোপোলা’ শীৰ্ষক নিয়মীয়া শিতানটোত প্ৰকাশ হৈছিল৷ এই প্ৰবন্ধটোত বেজবৰুৱা ডাঙৰীয়াই ভাৰতৰ বৃটিছ শাসকৰ মুৰব্বী ভাইচৰয়ৰ পৰা আৰম্ভ কৰি সাধাৰণ বৃটিছ ৰণুৱালৈকে সামৰি সকলোৰে সাম্ৰাজ্যবাদী দৃষ্টিভংগীসমূহ ব্যংগৰ মাধ্যমেৰে উদঙাই দেখুৱাইছিল৷ এই লেখাটোত বেজবৰুৱাদেৱে ভাৰতত বৃটিছ সাম্ৰাজ্যৰ স্থায়িত্ব কামনাৰে ভাৰতত চাকৰি বা ব্যৱসায় কৰি থকা বৃটিছসকলক জাতিদ্বেষ পৰিহাৰ কৰি চলিবলৈ উপদেশ দিছিল৷ ব্যংগাত্মক ৰূপত প্ৰকাশ পোৱা এই প্ৰবন্ধটোৰ শেহৰফালে বেজবৰুৱাই লিখিছিল – “ইংৰাজে ভাৰতৰ অনেক উপকাৰ কৰিছে আৰু ভাৰতবৰ্ষ ইংৰাজৰ অনেক প্ৰকাৰে ধৰুৱা৷ ইংৰাজ ভাৰতৰ গৰাকী হৈ থাকে এনে আশা ভাৰতে সদায় কৰে৷ বৰবৰুৱাৰ বেজাৰ লাগে এইবাবে যে, ইংৰাজ যেনেকৈ আমাৰ উপকাৰী বন্ধু, আমিও তেনেকৈ তেওঁলোকৰ হিতাকাঙ্খী কুটুম; তেওঁলোকৰ অৰ্থাৎ আমাৰ বান্ধ কুটুমৰ অধোগতিত আৰু অমঙ্গলত আমি বৰ বেজাই পাওঁ৷”
 
পিছে বেজবৰুৱাৰ তীৰৰ দৰে তীক্ষ্ণ ব্যংগ লেখাটোৰ প্ৰকোপত বৃটিছ চৰকাৰে বেজবৰুৱাৰ প্ৰবন্ধটোৰ মূল উদ্দেশ্য গমি চাবলৈ মুঠেও প্ৰয়োজন বোধ নকৰিলে৷ সেই সময়ৰ বৃটিছ চৰকাৰে প্ৰচলিত আইনৰ আধাৰত পদ্মনাথ গোহাঞি বৰুৱা সম্পাদিত ‘ঊষা’ৰ বিৰুদ্ধে আদালতত গোচৰ ৰুজু কৰি তৎকালীনভাৱে ‘ঊষা’ৰ প্ৰকাশ আৰু প্ৰচলন বন্ধ কৰালে৷ এই গোচৰৰ মীমাংসা হৈ নুঠালৈকে প্ৰায় ন-মাহ ‘ঊষা’ প্ৰকাশ বন্ধ আছিল৷ এই ঘটনাৰ পিছত ‘ঊষা’ৰ তৃতীয় ভাগ : অষ্টম সংখ্যাত সম্পাদক গোহাঞি বৰুৱাই ‘কৃপাবৰ বৰুৱাৰ লগত অমত’ বুলি এটা প্ৰবন্ধ লিখি ‘ঊষা’ৰ পৰা সেই প্ৰবন্ধটো উঠাই লোৱা বুলি পাঠকসকলক উদ্দেশ্যি এইবুলি লিখিছিল –
 
“সেই প্ৰবন্ধ সেই নামৰ আগৰ ৰহস্যমূলক প্ৰবন্ধৰ অংশ বুলি ভাবিহে তাক ভ্ৰমবশতঃ ঊষাত ঠাই দিয়া হৈছিল৷ এই প্ৰবন্ধৰ মত আৰু কথাৰ লগত আমাৰ মত আৰু কথা একেবাৰে নিমিলে আৰু আমাৰ দৃঢ়বিশ্বাস হৈছে যে সেই প্ৰবন্ধই ৰাজভক্ত অসমীয়া প্ৰজাৰ মনত নিশ্চয় অত্যন্ত বিৰক্তি জন্মাইছে৷ ভ্ৰমবশতঃ প্ৰবন্ধটো ছপোৱাৰ আগেয়ে তাক ভালকৈ পৰীক্ষা কৰি চাবলৈ নহ’ল কাৰণে এতিয়া আমাৰ মনত সেইবাবে ঘোৰ অনুতাপ হৈছে৷ সেইবাবে আশাকৰো যেন আমাৰ ৰজা ৰাইজে অনুগ্ৰহ কৰি আমাৰ সেই ত্ৰুটি মাৰ্জনা কৰিব৷ ইয়াৰ লগতে আমি সকলোকে জনাও যে এতিয়াৰপৰা এনে বিধৰ প্ৰবন্ধই উষাত কেতিয়াও ঠাই নাপাব৷ লগতে আমি ইয়াকো জনাও যে ইয়াৰ দ্বাৰাই আমি ‘কৃপাবৰ বৰুৱাৰ প্ৰত্যাগমন’ (পদ্মনাথ গোহাঞি বৰুৱাদেৱে যদিও নিজৰ লেখাত ‘কৃপাবৰ বৰুৱাৰ প্ৰত্যাগমন’ বুলি উদ্ধৃত কৰিছিল কিন্তু সেই লেখাটো ‘কৃপাবৰ বৰুৱাৰ নতুন টোপোলা’ শিতানতহে প্ৰকাশ হৈছিল৷ ন মাহ ‘ঊষা’ৰ প্ৰকাশ বন্ধ হৈ থকা বাবে এয়া তেখেতৰ অনিচ্ছাকৃত ভুল বুলি গণ্য কৰিব পাৰি৷) প্ৰবন্ধ ‘উষাৰ পৰা উঠাই লৈছো আৰু গ্ৰাহক পাঠক সকলেও যেন সেই প্ৰবন্ধ বাদ দি ‘ঊষা’ পঢ়িব আৰু সেই প্ৰবন্ধৰ লগত ঊষাৰ সম্বন্ধ নাই বুলি জানিব৷”
 
এই ঘটনাটোৱেই লক্ষ্মীনাথ বেজবৰুৱা আৰু তেখেতৰ অনুগামীসকলক বিতুষ্ট কৰিলে৷ ফলস্বৰূপে ‘ঊষা’ৰ লেখকবৃন্দ দুটা শিবিৰত ভাগ হৈ গ’ল৷ যেন আকৌ ইতিহাসৰ পুনৰাবৃত্তি হ’ল৷ ১৮৯০ চনত বেণুধৰ ৰাজখোৱা, কৃষ্ণপ্ৰসাদ দুৱৰা আৰু খোদ পদ্মনাথ গোহাঞিবৰুৱাই ‘জোনাকী’ৰ পৰা আঁতৰি “বিজুলী’ উলিয়াইছিল, আৰু ১৯০৯ চনৰ ডিচেম্বৰ মাহত গোহাঞিবৰুৱাৰ ‘ঊষা’ৰ পৰা আঁতৰি বেজবৰুৱাই এখন নতুন অসমীয়া আলোচনী ‘বাঁহী’ৰ জন্ম দিলে৷
এই ঘটনাৰ বিষয়ে বেণুধৰ শৰ্মাৰ ‘অৰ্ঘাৱলী’ত বৰ্ণিত এফাঁকি বাক্য ইয়াতে তুলি দিছো –
 
“ ’জোনাকী’ ‘বিজুলী’ৰ দিনত যেনেকৈ অভিনৱ যুগ এটাৰ সৃষ্টি হ’ল, ‘ঊষা আৰু ‘বাঁহী’ৰ দিনতো তেনেকৈ নতুন যুগৰ অধ্যায় এটি উদয় হল৷ দুয়ো গৰাকী দ্যুতি পুৰন্দৰে (বেজবৰুৱা আৰু গোহাঞি বৰুৱা) ‘ঊষা’-‘বাহী’ৰ পাতত যি ধনুৰ্বাণ জুৰিছিল তাত কুৰু পাণ্ডৱৰ যুদ্ধৰ দৰে আমাৰ সাহিত্যিক ধনুৰ্দ্ধৰ সকলেও দুফৈদ হৈ পক্ষাপক্ষ অৱলম্বন কৰিছিল৷” (অৰ্ঘাৱলী, বেণুধৰ শৰ্মা, পৃষ্ঠা-৪৬)
 
ব্যংগাত্মক কবিতা, প্ৰবন্ধ, ব্যক্তিমুখী প্ৰবন্ধ, মনোবিশ্লেষণাত্মক গল্প, দেশপ্ৰেমমূলক ৰচনা, অসমীয়া সংস্কৃতি আৰু সাহিত্য সম্পৰ্কে চেতনাযুক্ত মনোভাৱৰ প্ৰকাশ আৰু সংৰক্ষণ,সংস্কাৰকামী ৰচনা, অতীতৰ গৌৰৱময় ইতিহাসৰ মূল্যায়ন, অনুবাদ সাহিত্য, প্ৰকৃতি, প্ৰেম, জাতীয় গৌৰৱময় ইতিহাসৰ মুল্যায়ন, অনুবাদ সাহিত্য, প্ৰকৃতি, প্ৰেম, জাতীয় জাগৰণ, অতীতপ্ৰীতি, ভাষা সম্পৰ্কীয় আলোচনা আদি লেখাৰে বাঁহীয়ে পাঠকসমাজৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হ’ল৷ ইয়াৰ লগতে সেই সময়ৰ কলিকতাস্থিত কিছুসংখ্যক বেজবৰুৱাপন্থীয়ে লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশ হোৱা ‘বাঁহী’ৰ প্ৰতি আনুগত্য স্বীকাৰ কৰিলে৷ নবীন-প্ৰবীণ সকলো লেখকৰ বাবেই ‘বাঁহী’ৰ দুৱাৰ সদায় মুকলি আছিল৷ বিশেষকৈ নতুন লেখকসকলক ‘বাঁহীৰ পাতত আত্মপ্ৰকাশৰ সুবিধা দি অসমীয়া সাহিত্যৰ ভবিষ্যতৰ কাণ্ডাৰীস্বৰূপ এচাম পৈণত আৰু আত্মপ্ৰত্যয়শীল লেখক সৃষ্টি কৰিছিল৷
 
পিছে এই মতানৈক্যই অসমীয়া সাহিত্যৰ দুটা পক্ষৰ মাজত আকৌ এবাৰ বৌদ্ধিক বৈৰিতাৰ সৃষ্টি কৰিলে৷ ইয়াৰ লগে লগে ‘বাঁহী’-‘উষা’ৰ বিবাদ আৰম্ভ হ’ল৷ ‘ঊষা’ৰ বিৰুদ্ধে ‘বাঁহী’ৰ পাতত প্ৰকাশ হোৱা লক্ষ্মীনাথ বেজবৰুৱাৰ তীব্ৰ আৰু বিদ্ৰূপাত্মক সমালোচনাই এই বিবাদক নতুন মোৰ দিলে৷ উদাহৰণস্বৰূপে বেজবৰুৱাই ‘বাঁহী’ৰ পাতত পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ প্ৰহসনমূলক নাটক ‘টেটোন তামুলী’খনক তীব্ৰ সমালোচনাৰে থকা-সৰকা কৰিছিল৷ দুয়ো ফৈদৰে এনেধৰণৰ বহু তীৰ্যক লেখাই ‘বাঁহী’ আৰু ‘ঊষা’ৰ কন্দল বঢ়াই তুলিছিল৷ উল্লেখযোগ্য যে লক্ষ্মীনাথ বেজবৰুৱা আৰু পদ্মনাথ গোহাঞি বৰুৱাদেৱৰ মতানৈক্যৰ সাঁচ ইমান দ-লৈকে বহিছিল যে ১৯২৪ চনৰ ডিচেম্বৰ মাহত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ অধিবেশনৰ বিষয় বাছনি সভাৰ সময়তহে গোহাঞিবৰুৱাই প্ৰথমে বেজবৰুৱাৰ হাতত ধৰি হাত জোকাৰি অতীতৰ তিক্ত স্মৃতি জোকাৰি পেলাইছিল৷
 
পিছে পদ্মনাথ গোহাঞিবৰুৱা ডাঙৰীয়াই নিজে ‘ঊষা’ৰ ৫ম বৰ্ষলৈকে সম্পাদনা কৰি আৰু আগবাঢ়িব নোৱাৰিলে৷ তাৰ পাছত সেই সময়ৰ ‘সাহিত্যৰথী’ৰ ভতিজাক কৰ্মযোগী মাধৱ বেজবৰুৱাদেৱে এটি মহান দায়িত্ব লবলৈ আগবাঢ়ি আহিল৷ সাহিত্যৰথী বেজবৰুৱাৰ প্ৰয়াণৰ পাচত নিমাত হোৱা ‘বাঁহী’ত ন-ৰূপত ফুঁ দি মাধৱ বেজবৰুৱা বেজবৰুৱাই ১৯৩৯ চনত ‘বাঁহী’ৰ পুনৰ প্ৰকাশ আৰম্ভ কৰে৷ এইবাৰ মাধৱচন্দ্ৰ বেজবৰুৱাদেৱে নিজেই পদ্মনাথ গোহাঞিবৰুৱাদেৱৰ ওচৰলৈ যায়৷ মাধৱচন্দ্ৰ বেজবৰুৱাক গোহাঞিবৰুৱাদেৱে খুব আদৰ সাদৰ কৰি আশীৰ্বাদেৰে বুৰাই পেলাই৷ এইবাৰ মাধৱচন্দ্ৰ বেজবৰুৱাই ‘বাঁহী’ৰ লগতে ‘ঊষা’কো একেলগে পুনৰ প্ৰকাশৰ কৰিবলৈ মন মেলে৷ গোহাঞিবৰুৱাদেৱৰ আশীষ ধন্য হৈ মাধৱচন্দ্ৰই ‘বাঁহী’ৰে এটা অংশ ‘ঊষা’ৰ নামকৰণ কৰি গোহাঞিবৰুৱাক প্ৰতিষ্ঠাপক হিচাপে সন্মান দিছিল৷ ১৯৪১ চনৰ এপ্ৰিল মাহত ‘বাঁহী’ৰ ২৭ তম বৰ্ষৰ ‘ঊষাৰ নৱ-প্ৰকাশ’ হিচাপে মেৰী হামিদা খাটুন আৰু ঊষাদেৱী বেজবৰুৱাক যুটীয়া সম্পাদক হিচাপে লৈ ষষ্ঠ বছৰ ৰঙালী বিহু সংখ্যা এটি প্ৰকাশ কৰে৷ ইয়াৰ পাছত ‘বাঁহী’ৰ অংশ হিচাপে ‘ঊষা’ ষষ্ঠ বছৰৰ ষষ্ঠ সংখ্যালৈকে প্ৰকাশ হৈছিল৷
 
এইদৰেই ১৯০৯ চনত আৰম্ভ হোৱা বেজবৰুৱা আৰু গোহাঞিবৰুৱাৰ ‘বাঁহী-ঊষা’ বিবাদৰ মধুৰ পৰিসমাপ্তি ঘটে৷ ‘বাঁহী-উষা’ৰ পুনৰ মিলনে অসমীয়া সাহিত্যৰ জগতত এক নতুন যুগৰ সূচনা কৰে৷
 
■■
 
বৰ্তমানৰ অসমীয়া সাহিত্যৰ জগতখনতো ব্যক্তিগত মনোমালিন্য, বাদ-বিবাদৰ পৰা সৃষ্টি হোৱা এনেধৰণৰ ঘটনাপ্ৰবাহ প্ৰত্যক্ষ কৰা হয়৷ ব্যক্তিকেন্দ্ৰিক তথা সংকীৰ্ণ মনোভাৱ জলাঞ্জলি দি সমসাময়িক জগতখনৰ গতিৰ সৈতে ফেৰ মাৰিব পাৰিলেহে অসম তথা অসমীয়া সাহিত্য, কৃষ্টি-সংস্কৃতিৰ উন্নতি হোৱা নিশ্চিত৷ কথাতেই কয় – ‘মাউখে উটিলে গুৰি পৰুৱাৰো মৰণ নাই!’
 
☆★☆
 
~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~~
 
প্ৰসংগ পঞ্জী:
 
১/ অসমৰ বাতৰি কাকত আলোচনীৰ ডেৰশ বছৰীয়া ইতিহাস, মুখ্য সম্পাদক – চন্দ্ৰপ্ৰসাদ শইকীয়া, পৃষ্ঠা ২১৮, উপেন্দ্ৰ বৰকটকীৰ প্ৰবন্ধ
২/ অৰ্ঘ্যাৱলী, বেণুধৰ শৰ্মা, দ্বিতীয় সংস্কৰণ, ১৯৬৭, পৃষ্ঠা-৩২, পৃষ্ঠা-৪২
৩/ ‘বাঁহী’ – একত্ৰ সংকলন, প্ৰকাশক- অসম সাহিত্য সভা
৪/ ‘ঊষা’, ১৮২৮ – ১৮৬২ শক, একত্ৰ সংকলন, প্ৰকাশক- অসম প্ৰকাশন পৰিষদ

Comments

  1. জোনাকী আৰু বিজুলী, বাঁ‌হী আৰু ঊষাৰ কন্দলৰ ইমান ভিতৰুৱা কথাবোৰ জানি বৰ ৰস পালোঁ‌।

  2. জ্যোতি দা ওপৰোৱাকৈ পঢ়ি থৈ দিছো৷আৰামত পঢ়িম৷সকলোবোৰ একেই আছে৷

  3. নাজানিছিলো এইবোৰ কথা। বৰ ভাল লাগিল পঢ়ি।

  4. তথ্যপূৰ্ণ হোৱাৰ লগতে ভৱিষ্যতৰ পথ দেখুৱা প্ৰৱন্ধ।

  5. পঢ়িলো৷বহু নজনা কথা জানিলো৷এনেকুৱা এটা তথ্যসমৃদ্ধ লেখা সকলোৱে পঢ়া উচিত৷ধন্যবাদ জ্যোতিদা৷

  6. আৰম্ভণিটো পঢ়ি ভয়েই খাই গৈছিলো।

    নজনা কথা কিছুমান জানিলো, বহুত দিনৰ পিছত অলপ বেলেগ ষ্টাইলৰ প্ৰবন্ধ এটা পঢ়িলো। ভাল লাগিল দাদা

  7. বহুত নজনা কথা জানিলো,ধন্যবাদ দাদা।

  8. বহুকথাই নাজানিছিলোঁ। এনে এটা লেখা পঢ়িবলৈ সুযোগ দিয়াৰ বাবে ধন্যবাদ জ্যোতিদা

  9. ধন্যবাদ দাদা। এনেধৰণৰ তথ্য সম্বলিত প্ৰবন্ধ পঢ়িবলৈ সুযোগ দিয়া বাবে।

  10. এনে তত্বগধুৰ কথা জানিবলৈ পায় ,নিজকে ধ ন্য মানিছোঁ, লিখক সঁচাকৈ ধন্যবাদৰ পাত্ৰ আগলৈ বহুত আশা কৰিছোঁ । জয় #ফটাঢোল

  11. এই বিষয়ত বহুত বছৰৰ আগতে পঢ়িছিলো। কথাবোৰ বিস্তাৰিতভাৱে জানিব পাৰি ভাল লাগিল। তথ্য পূৰ্ণ প্ৰৱন্ধ।

Leave a Reply

Your email address will not be published. Required fields are marked *