ফটাঢোল

আঁৰৰ কথা – খনিন্দ্ৰ ভূষণ মহন্ত

বাতৰি কাকতখনৰ লগত অহা ‘বিহু সংখ্যা’ৰ আলোচনীখনত চকু ফুৰাই তাৰ খং উঠি গ’ল। তাৰ চকুৱে-মুখে যেন কোনোবাই জুই একুৰাহে জ্বলাই দিলে! হাতত লৈ থকা আলোচনীখন টেবুলতে থেকেচকৈ পেলাই মুখৰ ভিতৰতে ভোৰ-ভোৰাই ক’লে,

“কাম নাই এইবোৰৰ। সদায় কেৱল সেই একেবোৰ নাম দেখি দেখি আমনি লাগিছে। সেইটোও মানি ল’ব পাৰি, যদিহে লেখাটোৰ মান থাকে। সেইফালেও দেখোন বর্তাই ৰাখিব পৰা নাই। নতুন নাম এটাওনো থাকিব নালাগেনে! ইমাননো নতুনকৈ ভাল লিখা মানুহৰ অভাৱনে?”

বিপ্লৱ কৌশিক ফেচবুকৰ সাহিত্য জগতখনৰ তেনেই এক চিনাকি নাম। বয়স হিচাপে ৰূপালী জয়ন্তী অতিক্রম কৰা দুবছৰমান হৈছে। তথাপি বয়সতকৈ পৰিপক্কতা বহু বেছি। চিন্তা-ভাবনাবোৰ আন দহজনতকৈ পৃথক। এই কথাবোৰ তেওঁৰ লেখাবোৰৰ পৰা অতি সহজেই অনুমেয়। হয়তো সেইবাবেই তেওঁৰ লেখাবোৰে কাকত-আলোচনীৰ মুখ নেদেখাকৈয়ো জনপ্রিয়তা অর্জন কৰিছে। পিচে, ‘লিখক’ হিচাপে নিজক চিনাকি দিব পৰা হোৱাগৈ নাই। কিয়নো বিদ্বান সমাজখনে ইণ্টাৰনেটক মাধ্যম হিচাপে গণ্য কৰে ঠিকেই, পিচে লিখা-মেলাৰ ক্ষেত্রত কথাষাৰ মানি চলিবলৈ টান পায়। বিচিত্র মানুহৰ বিচিত্র মন!

তেওঁ আলোচনীখন আকৌ হাতত ল’লে। তেওঁ ভবাৰ দৰেই অভিজিত দাস আৰু আলফুল বৰুৱাৰ কবিতাই পৃষ্ঠা শুৱনি কৰি আছিল। আচৰিত লাগে তেওঁৰ। অভিজিত দাসৰ সৈতে তেওঁ প্রাথমিক বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়লৈকে একেলগে পঢ়িছিল। কিন্তু কোনো দিনে কলমৰে একো আঁক এটা মৰাও মনত নপৰে। তেনে এজনৰ লেখা বিগত ছমাহমানৰ পৰা নিৰন্তৰ বিভিন্ন কাকত-আলোচনীত দেখি বিপ্লৱৰ চকু কপালত উঠাটো স্বাভাৱিক। ইফালে আলফুল বৰুৱা। তেখেতক হাজাৰবাৰ ফেচবুকৰ ‘চার্চ বক্স’ত বিচাৰিছোঁ। নাই পোৱা। লেখাটোৰ লগত দিয়া ফোন নম্বৰটোত ফোন লগালেও ‘নট ৰিচ্ছেবল’! যি হয় দেখা যাওক বুলি বিপ্লৱে অভিজিত দাসলৈ ফোন লগালে। ৰিং কৰি কৰি ফোনটো কাট খাই গ’ল। “আলোচনীত দুটামান লেখা কি প্রকাশ পালে, ই ডাঙৰ মানুহ হৈ গ’ল! ফোনেই নুঠোৱা হ’ল।” উঠি থকা খঙটো তেতিয়া দুগুণে চৰিল। কোঠাৰ দুৱাৰখন ঘেমেহকৈ শব্দ কৰি বন্ধ কৰি তেওঁ বাহিৰলৈ ওলাই গ’ল।

সন্ধ্যালৈ অভিজিতে বিপ্লৱলৈ ‘কল বেক’ কৰিলে। দুই-এটা ভাত খোৱা, মাছ খোৱা কথা পাতি দুয়োৰে কথাবোৰ লিখা-মেলাত ৰ’লগৈ। প্রথমে অভিজিতে ক’লে,

“তই বৰ ভাল লিখি আছ। পঢ়িবলৈ পাই আছোঁ। লিখি থাক।”

বিপ্লৱে দীঘল হুমুনিয়াহ এটা এৰি ক’লে,

“আমাৰনো কি? ফেচবুকতে কিবা-কিবি লিখি থাকোঁ আৰু! যি কি নহওক, তোলৈ অভিনন্দন। কিছু দিনৰ ভিতৰতে কবি হৈ গ’লি। ভালেখিনি প্রকাশো হৈছে।”

“তই দেখোন যথেষ্ট ভাল লিখ! সেই স্কুলৰ দিনৰ পৰাই দেখি আহিছোঁ। কাকত আদিলৈ নিদিয় নেকি?”

“দিয়াত দিওঁ। কিন্তু মোৰ লেখাই সেই সম্পাদকসকলক আকর্ষিত কৰিবই নোৱাৰে।”

“চা, সকলো সময়ত চিধা বাটেৰে গ’লে গন্তব্য স্থান নাপাবও পাৰ। গতিকে চকু, কাণ চাৰিওফালে খুলি ৰাখিব লাগে। তোৰ পৰানো কি লুকুৱাম? মোৰ সম্বন্ধীয় মামা এজন ‘অমুক’ কাকতত আছে। এদিন কথাই কথাই তেৱেঁই মোক কথাখিনি ক’লে। কাকত-আলোচনীত লেখাবোৰ প্রকাশ পাবলৈ ভাল লিখিবই লাগিব বুলি কোনো কথা নাই। ভাল চিনাকি এটা থাকিলে যিয়ে নিলিখ কিয়, প্রকাশ পোৱাটো নিশ্চিত। নামত চলে বুজিছ, নামত। তাতে এই পূজা বা বিহু সংখ্যাত ইমানেই লেখা আহে যে সেইবোৰ চাই কোনে সময় নষ্ট কৰিব?”

“কিয়? সম্পাদকজন এনেই থাকে নেকি? তেওঁৰ দেখোন মূল কামটোৱেই হৈছে লেখা এটাৰ গুণা-গুণ লক্ষ্য কৰি প্রকাশৰ যোগ্যবোৰ ভাগ ভাগ কৰা।”

“চা, এইবোৰ মই নাজানো। মুঠতে মই এনেকৈয়ে দিওঁ, প্রকাশো হৈ আছে। এইটো কথাও জানো যে, মোৰ লেখাবোৰ ইমানো ভাল নহয়। আৰে, হৈছে কেইদিন মই লিখিবলৈ লোৱা! মামাৰ প্রায় সকলো কাকত-আলোচনীৰ লগত ‘লিংক’ আছে। সেয়ে তেওঁৰ কথা মতেই প্রকাশ কৰি দিয়ে। আৰু এটা বুদ্ধি আছে। ছোৱালী মানুহৰ নামত লেখাবোৰ দিলে প্রকাশ হোৱাত সহায় হয়।”

বন্ধুৰ কথা শুনি বিপ্লৱৰ মুখ মেল খাই গ’ল। যাবৰে কথা। ইমান দিনে ভাবি থকা কথাবোৰৰ সম্পূর্ণ বিপৰীত তথা নগ্ন ছবিখনে তেওঁক আমনি নকৰাকৈ কেনেকৈ থাকিব! তেওঁ সুধিলে,

“এইবোৰ বাৰু বুজিলোঁ। পিচে, এই ছোৱালীৰ নামটোহে…?”

অভিজিতে অট্টহাস্য কৰি ক’লে,

“সেইটোৱেইটো কথা। আলফুল বৰুৱা নামেৰে মই নিজেই কিমান লেখা দি প্রকাশ কৰি আছোঁ। মই তোক বন্ধু বুলি বিশ্বাসত কথাখিনি কৈছোঁ। তই এইবোৰ কাৰো আগতেই ব্যক্ত নকৰিবি। প্রয়োজন হ’লে তোৰ লেখাও মই প্রকাশৰ ব্যৱস্থা কৰাই দিম।”

ফোনটো কাটি বিপ্লৱ কিছু সময় মুক হৈ ৰ’ল। “এনেকৈ চলি আছে আমাৰ সাহিত্য! এনেকৈ চলি আছে আমাৰ বৌদ্ধিক সমাজ! ফেচবুকতেই ভাল৷ অন্ততঃ ভাল-বেয়াৰ কিছু আভাষ সহজেই পোৱা যায়!”- তেওঁ ভাবিলে৷ তেওঁৰ এই ব্যৱস্থাটোলৈ ঘৃণা উপজিল। নামি কাকত-আলোচনীৰ ফোঁপোলা স্বৰূপৰ গেলা গোন্ধই তাৰ নাকত লাগি আমনি কৰিছিল। ঠিক সেই সময়তে তাৰ মোবাইলৰ ৰিং-টনটো বাজি উঠিল, “আমি অসমীয়া নহওঁ দুখীয়া……” ফোনটো উঠাবলৈ মন নগ’ল তাৰ। বাহিৰত তেতিয়া ঘোৰ অন্ধকাৰ…

☆★☆★☆

19 Comments

  • Chinmoy

    কি ক’ম ভাবিছো তাকে???

    Reply
    • খনিন্দ্ৰ

      বুজি থোৱা কথাখিনি

      Reply
  • চাও খুন শিৱ

    সুন্দৰ অনুভূতিৰে নিষ্ঠুৰ সত্য প্ৰকাশ

    Reply
  • দেৱব্ৰত নাথ

    সুন্দৰ।ভাল লাগিল।

    Reply
    • খনিন্দ্ৰ

      আন্তৰিক ধন্যবাদ জনালোঁ

      Reply
  • ধৰিত্ৰী শৰণীয়া

    বিপ্লৱক চিনিলোঁ।ধুনীয়া লিখে তেখেতে

    Reply
    • খনিন্দ্ৰ

      মোৰ ভাল বন্ধু এজনৰ নাম| অৱশ্যে ইয়াত কেৱল নাম হিচাপেহে দিছোঁ|

      Reply
  • Rashna borah

    আঁৰৰ কথাখিনি জানি সচাই মুখ মেল খাই গল ।ভাল লাগিল খনিন্দ্ৰ

    Reply
    • খনিন্দ্ৰ

      কথাবোৰ কিজানি এনেকুৱাই বাইদেউ

      Reply
  • ৰূপাঞ্জলী

    ভাল লাগিল খনিন্দ্ৰ।

    Reply
  • Anonymous

    বহুত ভাল লাগিল পঢ়ি

    Reply
  • Mridula

    ভাল লাগিল

    Reply
  • জুমণী পাঠট

    ভাল লাগিল

    Reply
  • সদানন্দ ভূঞা

    আৰ’ৰ কথাবোৰৰ ৰহস্য জানিব পাৰি আচৰিত হলো । সুন্দৰকৈ লিখিলে ।

    Reply
  • Suntu

    চুপাৰ্ব

    Reply
  • SankarJyoti Bora

    অভিজিত দাসৰ ফোন নম্বৰটো পামনেকি খনীন্দ্ৰ৷ কিজানিবা পুজা সংখ্যাৰ আলোচনীত নিজা নামটো উঠাব পাৰোঁৱেই৷

    Reply
    • খনিন্দ্ৰ

      পলমেই হ’ল ককাইদেউ| বিহু সংখ্যালৈ চেষ্টা এটা দি চাবচোন

      Reply

Leave a Reply

Your email address will not be published. Required fields are marked *